Whatsapp ব্যৱহাৰকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ ৷ Whstsappয়ে ভাৰতত আৰম্ভ কৰিব UPI payment

 

Whatsapp Pay কি ? 


  Whatsapp pay হৈছে  UPI(Unified Payments Interface)  প্লেটফৰ্মৰ ওপৰত প্ৰতিষ্ঠিত এক Payment ব্যৱস্থা ৷  যিদৰে Google Pay , PhonePay,Paytm আদি চলে সেই একেই চিষ্টেমৰ ই পৰিচালিত ৷ পৃথিৱীৰ বহুকেইখন দেশত এই পেমেন্ট আৰম্ভ কৰিছে ৷

    ইতিমধ্যে  Whatsappয়ে ভাৰতত UPI পেমেন্ট আৰম্ভ  কৰাৰ বাবে NPCI পৰা সেউজ সংকেত লাভ কৰিছে ৷   NPCI অৰ্থাৎ National Payments Corporation of India হৈছে ভাৰত চৰকাৰ দ্বাৰা পৰিচালিত এক পেমেন্ট সম্পৰ্কীয় সংস্থা   ৷ যিকোনো ধৰণৰ Payment সম্পৰ্কীয় সেৱা  আৰম্ভ কৰিবৰ বাবে NPCI পৰা অনুমতি লোৱা হয় ৷ এই অনুমতি লাভ কৰাৰ পাছত Whatsapp ভাৰতত UPI সেৱা আৰম্ভ বাবে আগবাঢ়িছে ৷ ইয়াৰ ফলত Whatsappৰ ব্যৱহাৰকাৰী সকলে Whatsappৰ সহায়ত সহজেই ধৰণৰ লেনদেন কৰিব পাৰিব ৷  উল্লেখযোগ্য যে ২০১৮ চনত Whatsappয়ে  ভাৰতত পৰীক্ষামূলক ভাৱে UPI আৰম্ভ কৰিছিল ৷ এই সুবিধা বিটা ভাৰ্চনত উপলব্ধ হোৱা বাবে মাত্ৰ কিছুলোকেহে এই সুবিধা লাভ কৰিছিল ৷ ইয়াৰ পাছত ইয়াৰ চিকিউৰিটি চিষ্টেমকলৈ বহুতে প্ৰশ্ন কৰিছিল ৷ ইয়াৰ কোনো পাচৱৰ্ড নাছিল যেতিয়া Whatsapp অপেন কৰা হয় ইয়াত কোনা চিকিউৰিটিৰ ব্যৱস্থা নাছিল ফলত বলেগে সহজতে ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল ৷ ইয়াৰ প্ৰধান সমস্যা আছিল ডাটা ষ্টৰেজ ৷ কাৰণ ইয়াৰ কোনা চাৰ্ভাৰ ভাৰতত নাছিল ৷ Whatsappৰ পেৰেন্ট কোম্পানী Facebookকে ইয়াৰ তথ্যসমুহ আমেৰিকাৰত থকা চাৰ্ভাৰত ষ্টৰেজ কৰিব বিছাৰিছিল ৷ অৰ্থাৎ আপোনাৰ পেমন্ট সম্পৰ্কীয় যিবিলাক তথ্য থাকিব সেইবিলাক আমেৰিকাৰ ষ্টৰেজ কৰাৰ কথা আছিল ৷ চৰকাৰে ইয়াক ভাৰততে ষ্টৰেজ কৰাব বিছাৰিছিল ৷ চৰকাৰ মতে ইয়াৰ তথ্য সমুহ ভাৰতে ৰাখিব লাগিব ৷ ভাৰতত থকা চাৰ্ভাৰত ৰাখিব লাগিব ৷ Whatsapp এই Whatapp pay আৰম্ভ কৰিবলৈ লৈও স্থগিত কৰিব লগীয়া হয়৷ বৰ্তমান Whatsapp তথ্য ভাৰততে ৰখাৰ বাবেে সন্মতি হয় আৰু NPCI পৰাও অনুমতি লাভ কৰে ৷ ইয়াৰ পাছত Whatsapp ভাৰতত অতি সোনকালে এই Whatsapp Pay বাবে আগবাঢ়িছে ৷ 

1 Comments

  1. সুন্দৰ তথ্য, ভাল হব WhatsApp য়ে Upi Payment System ব্যৱহাৰ কৰিলে।

    ReplyDelete
Previous Post Next Post