ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞিৰ এক বিৰল ব্যক্তিত্ব


ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঞিৰ এক  বিৰল ব্যক্তিত্ব

দীপজ্যোতি বৰগোহাঁই





       জয়মতী কুঁৱৰীৰ পিতৃ ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঁই মাদুৰিয়াল ফৈদৰ  ৷মাদুৰিত তেওঁৰ বাৰীৰ চিন চাব  আৰু মৈডাম আজিও অক্ষত অৱস্থাত আছে ৷মৈডামটোৰ উচ্চতা আৰু মাটি কালি চৰাইদেউৰ স্বৰ্গদেউসকলৰ মৈদামৰ প্ৰায় সমানেই ৷মাদুৰিৰ জয়া চাহ বাগিচাৰ ভিতৰত আৰু ইয়াৰ আশে পাশে বহুতো মৈদাম আছে ৷স্বৰ্গীয় বুৰঞ্জীবিদ মাণিক বৰ গোহাঁইৰ মতে এই বিলাকৰ সৰহ ভাগেই লাইথেপেনা বৰ গোহাঁঞিৰ পত্নী আৰু পুত্ৰ সকলৰ মৈদাম ৷তেওঁৰ বাৰ গৰাকী পত্নী আৰু ছৌবিশ জন পুত্ৰ আৰু তেৰ  গৰাকী জীয়েক আছিল সেই কথা বুৰঞ্জীয়ে কয় ;প্ৰায় বিলাক মৈদাম কালৰ কুটীল আছুৰ আৰু দুষ্ট লোকৰ হাতৰ পৰশত ধব্ৱংস হৈ কালৰ বুকুত জহি খহি গ'ল ৷তাৰে দুটা মান মৈদাম আজিও  অক্ষত অৱস্থাত আছে তাৰে সুউচ্চ মৈডামটো লাইথেপেনা বৰ গোহাঞিৰ আৰু দ্বিতীয়টো তেওঁৰ বৰ পুত্ৰ কমলাকান্তৰ বুলি জনাযায় ৷স্বৰ্গদেউ ছ্যুকাফাৰ লগত অহা বৰ গোহাঁই জনৰ নাম আছিল থাওমুং -কান- ঙ্গন ছ্যুকাফা স্বৰ্গদেউৱে সৌমাৰ জয় কৰিবৰ বাবে আগুৱাই আহি পাটকাই পৰ্বতত কিছুদিন বাহৰ কৰি হৈছিল ৷স্বৰ্গদেৱে চ্যুকাফাই সৌমাৰত উপস্থিত হৈ "নিজৰ চুকাফা নগৰ পতাৰ উপৰিও ৰাজ্যৰ কামবোৰ সুচাৰুৰুপে পৰিচালনা কৰিবলৈ ৰাজমন্ত্ৰী  বুঢ়াগোহাঁই  আৰু বৰগোহাঁই  ডাঙৰীয়া সকলৰ সুবিধাৰ্থে দেশত দুটা পৃথক অঞ্চল পাতে ৷সেইমতে দিখৌক কেন্দ্ৰ কৰি উত্তৰ পাৰে বুঢ়াগোহাঁই আৰু দক্ষিণ পাৰে বৰ ঁগোহাঁইক ভগাই দিছিল ৷তদুপৰি সিবিলাকৰ কাৰ্যালয়  ।আৰু থকা মেলাৰ বাবে দুখন ডাঙৰ ৰজা বাৰীও নিৰ্মাণ কৰি দিছিল ৷তাৰে এখন দিলিহিত আৰু আনখন মাদুৰিত স্হাপন হৈছিল ৷ৰাজ্যত এই দুখনেই অতি পুৰণি চহৰ বুলিজনা যায় ৷দিলিহিত বুঢ়াগোহাঁই আৰু মাদুৰিত বৰগোহাঞিয়ে ঘৰ -বাৰী কৰি ৰাজকাৰ্য পৰিচালনা কৰিছিল ৷প্ৰয়াত মাণিক বৰ গোহাঁঞিৰ মতে আকৌ "ছ্যুজিন লাংখুনক ওৰফে লাওমুংঙক মাদুৰিত পাতিলে ৷তেতিয়াৰে পৰা এওঁৰ বংশক মাদুৰিয়াল ফৈদ বোলে ৷এইজন লাংখুনৰে তিনিজন পুত্ৰৰ নাম আছিল লাংলুৰু ;লাং লাও আৰু খামপেত ৷খামপেত চুচেনফা স্বৰ্গদেওৰ দিনত ৰাজমন্ত্ৰী আছিল ৷বৰপুতেক লাংলুৰুৰ নাতিয়েক লেচাইদাঙে চুচেনফা স্বৰ্গদেৱৰ ৰাজত্ব কালতে সৃষ্টি কৰা সলাল গোহাঞিৰ বিষয়বাব পায়৷এই লেচাইদাঙৰে তৃতীয় পুত্ৰ লালুক ফুকনৰ বৰপুতেক জয়মতীৰ দেউতাক লাইথেপেনা বৰগোহাঞি ৷এওঁৰ দুজন ভায়েক লাংকু আৰু পেনন ;লাংকু ৰাজখোৱা হৈছিল ৷পেননে কি  বিষয় বাব পাইছিল বংশাৱলীত নাই ৷(জয়মতী কুঁৱৰী পৃ:১৫৬ )মাদুৰিয়াল ফৈদৰ লাংখুন থাও - মুংকানঙ্গন  ৰ পৰা নৱম পুৰুষ বুলি জনা যায় ৷

    লাইথেপেনা বৰগোহাই  শিশু কাল আৰু শিক্ষা দীক্ষাৰ বিষয়ে জনা নাযায় ৷সেই দিনত আজিকালিৰ দৰে এক নিদ্ধাৰিত শিক্ষা -পদ্ধতি প্ৰচলিত নাছিল ৷ৰাজ- পৰিয়ালত ডা- ডা্ঙৰীয়া আৰু গোহাঁই ব্ৰাহ্মণ শ্ৰেণীৰ কাৰণে টোল বা ঘৰুৱা শিক্ষাৰ ব্যৱস্হা নাছিল ৷ৰাজ পৰিয়ালত  ডা-ডাঙৰীয়া আৰু ৰাআ পৰিয়ালৰ কাৰণে ৰাজনীতি ;বুৰঞ্জী ;ধৰ্মশাস্ত্ৰ আৰু সামাজিক শিক্ষা অপৰিহাৰ্য আছিল ৷গতিকে বৰগোহাই পৰিয়ালৰ সন্তান হিচাপে সেই যুগৰ উপযোগী আৰু কাৰ্যকৰী শিক্ষা লাভৰ পৰা লাইথেপেনা নিশ্বয় বঞ্চিত  হোৱা নাছিল ৷নহ'লে তেওঁ সলাল গোহাঁই ৰ পৰা ৰাজমন্ত্ৰীলৈ উধাব নোৱাৰিলেহেতেন ৷ স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত (১৬৭০ -১৬৭৩ খৃ;ত)লাইথেপেনা সলাল গোহাঁই হয় ৷অনান্য ডা-ডাঙৰীয়া আৰু বিষয়াৰ লগতে তেৱোঁ এইজনা স্বৰ্গদেউৰ দিনতে মহাপ্ৰতাপী হৈ উঠা পৰমানন্দ সন্যাসীৰ শিষ্য হৈছিল ৷পিছলৈ এই সন্যাসী জনৰ অতপালি বাঢ়ি যোৱাত ডা-ডাঙৰীয়া আৰু বৈষ্ণৱ মহন্তৰ সমৰ্থনত ডেবেৰা হাজৰিকা আৰু সৰু গোহাঁই (ৰামধ্বজ সিংহ সন্ন্যাসী আৰু স্বৰ্গদেউ উভয়কে হত্যা কৰে ৷লাইথেপেনা বৰ গোহাঁইয়ে সলাল গোহাঁইৰ ক্ষমতাৰে নিশ্বয় শৰাইঘাটৰ যুদ্ধত  কোনোবা এটা খণ্ডত সেনাপতি হিচাপে নেতৃত্ব দিছিল ৷এই কথা প্ৰমাণ কৰিবৰ কাৰণে আমাৰ হাতত আহিলা পাতিৰ অভাব ৷ শৰাইঘাটৰ যুদ্ধত স্বৰ্জদেউ উদয়াদিত্যৰ দিনত ১৬৭১ খৃষ্টব্দৰ মাৰ্চ মাহত সামৰণি পৰিছিল ৷গতিকে অনুমান কৰিব পাৰি যে এটা খণ্ডৰ ৰাজ্যপাল হিচাপে তেওঁ যুদ্ধত নেতৃত্ব দিছিল বুলি অনুমান কৰিব পাৰি ৷তেওঁৰ দ্বিতীয় পুত্ৰ কমলাকান্তই  মুখিয়াল সেনাপতি হিচাবে শৰাইঘাটৰ যুদ্ধত সহযোগ কৰিছিল ৷শৰাইঘাটৰ যুদ্ধত পৰিজিত হৈ ৰামসিংহই ঘুৰি নগৈ পুনৰ অসম আক্ৰমণৰ উদ্দেশ্যে ৰঙামাটিত থানা কৰি আছিল ৷গতিকে আতন বুঢ়াগোহাঁই আৰু লালুকসোলা বৰফুকনৰ নেতৃত্বত বিচক্ষণ বিষয়াসকলে মোগলৰ পুনৰ আক্ৰমণৰ আকাংক্ষাত গুৱাহাটীত সাজু আছিল ৷ইফালে ডেবেৰা বৰ বৰুৱা বৰ বৰুৱা পদত অধিস্হিত হৈ নিজৰ ইছ্ছামতে ৰজা ভঙা পতা কৰি গড়গাৱঁত ভয়াবহ পৰিস্হিতিৰ সৃষ্টি কৰিছিল ৷আতন বুঢ়া গোহাঁইৰ নেতৃত্বত শৰাইঘটীয়া সেনাপতি সকলে গড়গাৱঁলৈ গৈ ডেবেৰাক বধ?কৰি ডেবেৰাই আৰম্ভ কৰা ভয়াবহ শাসনৰ সমাপ্তি ঘটায় ৷আৰু তেওঁলোকৰ মনোনীত কোঁৱৰ দিহিঙ্গীয়া ফৈদৰ ছ্যুজিনফাক সিংহাসনত বহুৱায়৷এই অভিযানত বুঢ়াগোহাঁইয়ে লাইথেপেনা সলাল গোহাঁইক নিজৰ সেনাবাহিনী তেওঁৰ লগত লৈ গড়গাৱঁলৈ যাবৰ বাবে আদেশ প্ৰেৰণ কৰিছিল ৷ডেবেৰাই আত্ম ৰক্ষাৰ উপায় হিচাপে গুৱাহাটীৰ  ফুকন আৰু ৰাজখোৱাসকলৰ পুত্ৰ -ভতিজাৰ লগতে বৰপুত্ৰ (কংখান )বন্দী কৰি ৰাখিছিল আৰু যুদ্ধত হাৰিলে তেওঁলোকৰ শিৰশ্ছেদ কৰি অ্ঙ্গ -প্ৰত্যঙ্গ সমুহ পিতৃ মাতৃৰ হাতত তুলি দিয়াৰ ভাবুকি দিছিল ৷



   বুৰঞ্জীত পোৱা যায় লাও বৰ চেতিয়াৰ চক্ৰান্তত স্বৰ্গদেউ ছ্যুজিনফা আৰু আতন বুঢ়া গোহাঁইৰ মাজত ৰাজকাৰেংতে সংঘৰ্ষ সুত্ৰপাত হৈছিল ৷এই সংঘৰ্ষৰ আঁৰৰ কাৰণ ' বুঢ়াগোহাঁই ক্ৰমাগত বৃদ্ধি পোৱা ক্ষমতা আৰু প্ৰতিপত্তিৰ প্ৰতি৷গড়গাওঁত থকা কিছু বিষয়াৰ সন্দেহ ;ভয় ঈষা ৷সেইবাবে লাও বৰ চেতিয়াৰ মণ্ত্ৰণাত স্বৰ্গদেউৱে বশঢ়াগোহাঁইক ধৰিবলৈ আঁচনি কৰিছিল গোপনে ৷তেতিয়া বুঢ়াগোহাঁইয়ে কেইজনমান ফুকন -বিষয়াৰ অনুৰোধত ৰজাৰ আঁচনি মষিমুৰ কৰিবলৈ গোপনে ৰাজকাৰেংত প্ৰবেশ কৰিবলৈ যাঁওতে বুঢ়াগোহাঁইয়ে লাইথেপেনাক বৰচেতিয়াৰ সৈতে বৰচৰাৰ মশখত লগ পাইছিল ৷সংঘৰ্ষত ৰজাই বুঢ়াগোহাঁইক হত্যা কৰিবলৈ উদ্যত হৈছিল ৷কিন্ত বুঢ়াগোহাঁইয়ে ততালিকে সেই স্হানৰপৰা অলক্ষিতে আঁতৰি যায় আৰু শেষত ডেৰগাঁৱত বাহৰ পাতে ৷এই সংঘৰ্ষত স্বৰ্গদেউ খংত উত্তেজিত হৈ ইমান অস্থিৰ হৈ পৰিছিল যে বিষয়াসকলে তেওঁক বঢ়াই- বুজাই শান্ত কৰিব পৰা নাছিল ৷তেতিয়া সলাল গোহাঁইয়ে স্বৰ্গদেউক উদ্দেশ্যি কৈছিল বোলে স্বৰ্গদেউদেৱে সাধাৰণ গণ্ডগোল এটাতে অধৰ্য হৈ পৰে তেতিয়া প্ৰজা সাধাৰণৰ দুখ -দুৰ্দশাৰ অগ্নি পৰীক্ষাত শান্ত -সুস্হিৰ হৈ থাকিব বুলি তেওঁ কেনেকৈ আশা কৰিব,৷তাৰ পাছতে তেখেতে স্বৰ্গদেউক শান্ত্বনা দিবলৈ চেষ্টা কৰিছিল ৷পাছত স্বৰ্গদেউৱে এই বিবাদৰ সু মীমাংসাৰ বাবে বুঢ়াগোহাঁইক ডেৰগাঁৱৰ পৰা গড়গাৱলৈ আনিবলৈ ৰামচন্দ্ৰ বৰপাত্ৰগোহাঁই ;গুইমেলা লালুক বৰ গোহাঁই ;লাইথেপেনা সলাল বৰ গোহাঞি আৰু লাও বৰ চেতিয়াক পঠায়ছিল ৷বিষয়াসকল অৱশ্যে এইকাৰ্যত কৃতকাৰ্য নহল ৷বুঢ়াগোহাঁই গড়গাৱলৈ লগে লগে ঘুৰি নাহিল ৷তাৰ পৰিবৰ্তে তেওঁ ডেৰগাৱৰ পৰাই বৰ গোহাঁই সলাল গোহাই আৰু বৰপাত্ৰগোহাঁইক চামধৰা আৰু কলিয়াবৰৰ দুৰ্গৰ তত্বাবধান লবৰ বাবে পাচিলে আৰু লাও বৰচেতিয়াক নিজৰ জিম্মাত ৰাখিলে ৷তাৰ পাছতহে তেওঁ লালুক বৰফুকন আৰু গুৱাহাটীৰ অনান্য বিষয়া সকলক লৈ ৰজাৰ বিৰুদ্ধে গড়গাৱলৈ যাত্ৰা কৰে ৷ তেওঁলোকে স্বৰ্গদেউ চুজিনফাক বধ কৰি ছ্যুদৈফা পৰ্বতীয়া ৰজাক সিংহাসনত বহুৱাই ৷এই বিবাদত লাইথেপেনা সলাল গোহাঁই স্বৰ্গদেউৰ সপক্ষে আছিল যেন অনুমান কৰিব পাৰি ৷স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনৰে পৰা সেই সময়ৰ সাত জন স্বৰ্গদেউ বৰ দুৰ্বল আছিল ৷তথাপি লাইথেপেনা বৰ গোহাঁইৰ ব্যক্তিত্ব আৰু চৰিত্ৰ সেই সময়ৰ ৰাজনৈতিক সময়ৰ আহোম ৰাজ্য পাছলৈ (অসমৰ)পটভুমিত বিচাৰ কৰিলে দেখা পাওঁ যে স্বৰ্গদেউ সকল যদিও ৰাজ সিংহাসনত অধিষ্ঠিত আছিল তেওঁলোকৰ ক্ষমতা নাছিল বুলিব পাৰি ৷সেই সময়ছোৱাত ডা-ডাঙৰীয়া সকলে ক্ষমতা নিজৰ হাতৰ মুঠিত ৰাখিবৰ বাবে নিজৰ নিজৰ মনোনীত ৰাজকোঁৱৰসকলক ৰজা পাতিছিল যাতে তেওঁলোকৰ নিজৰ স্বাৰ্থ আৰু ক্ষমতা হাত থাকে স্বৰ্গদেউসকল একোজন ক্ষমতাশালী ডাঙৰীয়াৰ হাতৰ পুতলা আছিল ৷কোনোজন ডাঙৰীয়াই নিজৰ উচ্চ অভিলাষ পুৰণৰ বাবে ৰাজক্ষমতা প্ৰয়োগ কৰিছিল আৰু কোনোজনে নিজে ৰজা হোৱাৰ সপোন দেখিছিল ৷ডাঙৰীয়াসকলৰ এনে অৰিয়াঅৰিত লাইথেপেনা বৰগোহাঞিৰো নিশ্বয় এটা স্হিতি আছিল

   জয়মতী কুঁৱৰীৰ পিতৃ তথা গদাপাণিৰ শহুৰ ৰাজমন্ত্ৰী লাইথেপেনা বৰ গোহাঞি ৷লাই থেপেনা বৰ? গোহাঁঞি ডাঙৰীয়াই প্ৰথমে সলাল গোহাঁই ক্ষমতাৰে নিশ্বয় শৰাইঘাটৰ যুদ্ধত কোনোবা এটা খণ্ডত সেনাপতি হিচাবে নেতৃত্ব দিছিল ৷যদিও সেই কথা প্ৰমাণৰ কোনো তথ্য আমাৰ হাতত নাই ?শৰাইঘাটৰ যুদ্ধ স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত সামৰণি পৰিছিল ১৬৭১ গতিকে এটা খণ্ডৰ ৰাজ্যপাল হিচাবে তেখেতে সেই যুদ্ধত নেতৃত্ব দিছিল বুলি অনুমান কৰাৰ থল আছে ৷তেওঁৰ দ্বিতীয় পুত্ৰ কমলাকান্তই মুখিয়াল সেনাপতি হৈ শৰাইঘাটৰ যুদ্ধত সহযোগ কৰিছিল ৷শৰাইঘাটৰ যুদ্ধত পৰিজিত হৈ ৰামসিংহই উভতি নগৈ পুনৰ আহোম ৰাজ্য আক্ৰমণৰ উদ্দেশ্যি ৰঙামাটিত থান কৰি শিবিৰ পাতিছিল ৷সেইয়ে আতন বুঢ়াগোহাই আৰু লালুসোলা বৰফুকনৰ নেতৃত্বত সাজু হৈ আছিল ৷ইফালে ডেবেৰা বৰুৱাই বৰ বৰুৱা পদত অধিস্হিত হৈ নিজৰ ইছ্ছা মতে ৰজা আৰুবিষয়া ভঙাপতা কৰি গড়গাৱত ভয়াবহ পৰিস্হিতিৰ সৃষ্টি কৰিছিল ৷আতন বুঢ়া গোহাইৰ নেতৃত্বত শৰাইঘটীয়া সেনাপতি সকলে গড়গাঁও লৈ গৈ ডেবেৰাক বধ কৰি ডেবেৰাই আৰম্ভ কৰা ভয়াবহ শাসনৰ অন্ত পেলায় ৷আৰু তেওঁলোকৰ মনৰ পচন্দৰ কো্ৱৰ দিহিঙীয়া ফৈদৰ ছ্যুজিনফাক সিংহাসনত বহুৱাইছিল ৷এই অভিযানত বুঢ়া গোহাইয়ে লাইথেপেনা সলাল বৰ গোহাঞিক নিজৰ সেনা বাহিনী লৈ গড়গাঁওলৈ যাবৰ বাবে বাৰ্তা প্ৰেৰণ কৰাৰ আদেশ দিয়াৰ কথা ইতিহাসে কয় ৷ডেবেৰাই আত্মৰক্ষাৰ উপায় হিচাবে গুৱাহাটীৰ ফুকন আৰু ৰাজখোৱা সকলৰ পুত্ৰ ভতিজাসকলৰ লগতে লাই থেপেনা বৰ গোহাঞি ডাঙৰীয়াৰ বৰ পুত্ৰ কংখাম বা হৰিনাথকো পণ বন্দী কৰিছিল লগতে যুদ্ধত হাৰিলে তেওঁলোকক শিৰশ্চেদ কৰি অংগ পতঙ্গ সমুহ তেওলোকৰ পিতৃ মাতৃৰ হাতত তুলি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৷কাৰণ এই সৰু সৰু অথচ ভয়ংকৰ ষড়যন্ত্ৰবোৰ বাবে সকলোৰে মনত থকা ইপ্সিত ক্ষমতাৰ লালসা ৷সেইবাবে লাও বৰচেতিয়াৰ মণ্ত্ৰণা মতে স্বৰ্গদেৱে বুঢ়াগোহাইক ধৰাৰ যি অভসন্ধি তেতিয়া বুঢ়াগোহাইয়ে লাইথেপেনা বৰ গোহাইক বৰ চেতিয়াৰ সৈতে আৰু কেইজন মান ফুকন বাবৰ বিষয়াৰ সৈতে বাটচৰাত লগপাইছিল ৷স্বৰ্গদেৱে বুঢ়াগোহাইক হত্যা কৰিবলৈ উদ্যত হৈচিলেই কিন্ত বুঢ়া গোহাই ততালিকে সেই স্হানৰপৰা আঁতৰি গৈ ডেৰ গাৱত বাহৰ পাতে ৷সই সময়ত স্বৰ্গদেউ ইমানেই অস্হিৰ হৈ পৰিছিল যে বিষয়াসকলে তেওঁক কোনেও বুজাই বঢ়াই শান্ত কৰিব নোৱাৰিছিল ৷যদিও তেতিয়া সলাল গোহাঞি লাইথেপেনা বৰ গোহাঞি য়ে স্বৰ্গদেউক কৈছিল যে স্বৰ্গদেউৱে ইমান এটা সৰু সাধাৰণ গণ্ডগোলতে ইমান অধৈৰ্য হৈ পৰে তেনেহলে সাধাৰণ প্ৰজাৰ দুখ -দুদৰ্শাৰ অগ্নি পৰীক্ষাত শান্ত সুস্হিৰ থকাৰ কথা তেখেতে কেনেকৈ আশা কৰিব " ? ৷কলিয়া বৰত গড়গঞা আৰুগুৱাহাটী ডা ডাঙৰীয়া বিষয়া সকলোৱে৷আলচি গোপনে 'ৰা ৰজাক আঁতৰাই গদাপাণিক ৰজা পাতিলে ১৬৮১ চনৰ আগষ্ট মাহত গদাধৰ সিংহ নামেৰে তাৰপাছতো সকলোৱ আলচি যাতে কিবা কাৰণত বন্দৰ বৰফুকন :;চম্পা পানীফুকন ;দীঘলা বুঢ়া গোহাই আৰু কেইজনমান গুৱাহাটীয়া ফুকনে ষড়যন্ত্ৰ কৰি গদাপাণিক ৰজা ভঙাৰ ষড়যন্ত্ৰ আছিল যদিও লাইথেপেনা টৰ গোহাঞি নাছিল ৷দুৰ দৃষ্টি সম্পন্ন লাইথেপেনা বৰ গোহাঞিয়ে জানিছিল বুজিছিল যে ?গদাধৰ কোঁৱৰৰ দৰে বাহুবলী সাহসী আৰু অভিজ্ঞতা সম্পন্ন ৰাজকোঁৱৰেহে ৰাজ্যলৈ সুস্হিৰতা ;শান্তিৰ বাতাবৰণ ঘুৰাই আনিবলৈ সক্ষম হব ৷গদাধৰ সিংহৰ ৰাজত্ব কালতে ১৬৮১ তেখেতে ৰাজমন্ত্ৰী পদত অধিস্হিত হৈছিল ৷ল'ৰা ৰজাৰ দিনতে "জবঙক (জপং শেন বৰ গোহাই )ভাঙি লাইথেপেনা সলাল বৰ গোহাই ( ১৬৮০খৃষ্টাব্দত) বিষয় বাব দিছিল যদিও তেওঁ তেখেতৰ বৰ পুত্ৰ কংখানক সলাল গোহাই বিষয় বাব দিয়াইছিল ৷এই কথাই ইয়াকেই প্ৰমাণ কৰে যে লাইথেপেনা বৰ গোহাই ক্ষমতালোভী আৰু স্বাৰ্থপৰ নাছিল ৷তেওঁ ৰাজনীতিত থকা মুল্যবোধক সন্মান কৰা আৰু আইন- কানুন মানি চলা আত্মসন্মানবোধ থকা লোক আছিল ৷তেওঁ ডা-ডাঙৰীয়া আৰু বিষয়া সকলৰ আস্থাভাজন আছিল ;সকলোৰে পৰা মান সন্মান আদায় কৰিবপৰা শক্তিশালী ব্যক্তিত্ব সম্পন্ন বিষয়া আছিল ৷এনে গুণ নথকা হলে বিষয়া সকলে এক মন একে বাক্যে তেওঁক বৰ গোহাঞি পদত অধিস্হিত নকৰিলেহেলেন 

     ১৬৭১ চনত লালুকে ৰজা হোৱাৰ সপোন দেখি বিনা যুদ্ধে গুৱাহাটী মোগলক এৰি দি কলিয়াবৰলৈ উজাই যায়৷সেই সময়ত স্বৰ্গদেউ ছ্যুদৈফাই মোগলক বাধা দিবৰ বাবে আৰু লগতে লালুকৰ ষড়যন্ত্ৰ খৰ্ব কৰিবলৈ আতন বুঢ়া গোহাঁইক সেনাপতি পাতি অনান্য গোহাঁই সকল আৰু ফুকন সকলৰ লগতে সলাল গোহাঁই লাইথেপেনা বৰ গোহাঞিকো প্ৰেৰণ কৰিছিল ৷তেওঁলোক বিশ্বনাথত ৰৈ গৈ ৷তাৰে তিনিজনক লালুকে বিশ্বাসঘাটক কৰি হত্যা কৰে ৷ইয়াৰ পাছত দুই মুনি শিলাত বুঢ়াগোহাই আৰু বৰফুকনৰ মাজত যুদ্ধ হয় ৷যুদ্ধত বুঢ়াগোহাঁই পৰাস্ত হয় ৷তেতিয়া বৰ ফুকনে পলাবলৈ চেষ্টা কৰোতে বৰফুকনে বাটতে আগুচি ধৰি বন্দী কৰে ৷বাকী কেইজন গোহাঁইয়ে কলিয়া বৰলৈ আহি বৰফুকনৰ শিবিৰত যোগ দিয়ে ৷বৰফুকনে লাইথেপেনা সলাল গোহাঁইক কেলে ব্যৱহাৰ কৰিছিল সেইকথাত ইতিহাস নিমাত ৷হয়টো তেওঁৰ কাৰণে সলাল গোহাঁই হিচাবে লাইথেপেনা কোনো ভয়ৰ কাৰণ নাছিল ৷যিকি নহওক ছ্যুদৈফা ৰজাৰ লগত বুজাবুজি লৈ আহি তেওঁকে সিংহাসনত বাহাল ৰাখে ৷বৰফুকনৰ কু অভিপ্ৰায় বুজিবলৈ ৰজাৰ বেছি পৰ নালাগিল ৷তেওঁ লালুক বৰফুকনক বন্দী কৰি বৰ বাবে সিদ্ধান্ত কৰিছিল৷
বৰফুকনে কথাটো গম পায় ৰজাৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ গড়গাঁওলৈ যাত্ৰা কৰে ৷তেওঁৰ লগত আহিছিল লাইথেপেনা সলাল বৰগোহাঞি ;কেইজন মান ফুকন ;আৰু ৰাজখোৱা ৷বৰফুকনে গড়গাঁওলৈ আহি ছ্যুদৈফা ৰজিক বধ কৰি ল’ৰাৰজাক সিংহাসনত বহুৱাই ৷এতিয়া বৰফুকনে নিজে ৰাজমন্ত্ৰী হৈ দেশৰ সৰ্বেসৰ্বা হৈ পৰে ৷লগতে ভায়েক ভাতধৰাক বৰফুকন পাতি কলিয়াবৰত ৰাখে ;আন এজন ভায়েক মৰঙীক বৰবৰুৱা পাতে ৷ৰাজমন্ত্ৰী হৈ লালুক বৰফুকনে ৰজা হোৱাৰ পথ মুকলি কৰিবৰ কাৰণে প্ৰতিদ্বন্দ্বী কোঁৱৰ সকলৰ কিছুমানক হত্যা কৰিলে ৷ কিছুমানক অঙ্গক্ষত কৰিলে ;নিজৰ ইছ্ছা মতে তেওঁ বিষয়া পাতিছিল ৷আতন বুঢ়া গোহাঁইক সবংশে মাৰিলে ৷"" লদইথেপেনা বৰ গোহাঞিৰ জীয়েক জয়মতী কুঁৱৰীক স্বামীৰ সম্ভেদ নিদিয়াৰ বাবেই নানা শাস্তি দি জেৰেঙা পথাৰত হত্যা কৰিছিল ৷অৱশেষত লালুকৰ অত্যাচাৰত অতীষ্ঠ হৈ ভোটাই ডেকা ;মাধৱ তামুলী ;আৰু আঘোণা কছাৰীয়ে লালুকক হত্যা কৰে ৷লালুকৰ হত্যাৰ পাছত ভায়েক ভাতধৰা বৰফুকন আৰশ পুতেক মাধব কলিয়াবৰৰ পৰা পলায়ণ কৰে ৷এওঁলোক পলোৱা খবৰটো লাইথেপেনা বৰ গোহাঞিয়ে বাঁবৰীয়া কটকীৰ হতুৱাই স্বৰ্গদেউলৈ পঠাইছিল ৷গতিকে জয়মতী :ৰুঁৱৰী; বুঢ়াগোহাই আৰু লালুকৰ হত্যাৰ সময়ত লাইথেপেনা সলাল পাতত অৰ্থাৎ বিশ্বনাথ অঞ্চলত আছিল ৷ল’ৰজাৰ বৰকুঁৱৰী আছিল লালুকৰ জীয়াৰী ৷লালুকৰ কৰ্মফল সাঁচ যাতে নাথাকে ;তেও"ৰ কৰ্মৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে লালুকৰ জীয়েকক আঁতৰাই লাইথেপেনাৰ জীয়েক এগৰকীক ল"ৰাৰজালৈ বিয়া দি বৰকুঁৱৰী কৰি ৷লবলৈ কলীয়াবৰৰ বিষয়া আৰশ ডা -ডাঙৰীয়া সকলে পৰামৰ্শ দিছিল ৷ৰজাঘৰীয়া বুৰঞীত এনে ধৰণৰ কথা এষাৰ আছে লাইথেপেনা বৰ গোহাঁইৰ জী বৰকুঁৱৰী (পৃষ্ঠা ৩২ )ল’ৰা ৰজাৰ দিনতে জবঙক (জপং শেন বৰ গোহাঁই)ক ভাঙি লাইথেপেনা গোহাঞিক সলালৰ পৰা বৰ গোহাঁই বাব দিয়া হ’ল ৷প্ৰথমে বন্দৰ বৰ ফুকনে বিষয়াবৰ্গৰ লগত আলোচনা কৰি বৰগোহাঁই হ’বৰ বাবে৷প্ৰস্তাৱ আগবঢ়াইছিল ৷লাইথেপেনাই অৱেশ্য গই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল ৷কাৰণ বৰ গোহাঁই পদত নিযুক্তি দিবপা ক্ষমতা বৰফুকনৰ নাছিল ৷অৱেশ্য এই প্ৰস্তাৱ স্বৰ্গৰ্দেউৰ ফালৰ পৰা আহে লাইথেপেনাৰ বৰগোহাঁইৰ বিষয় বাব লোৱাৰ ইছ্ছা প্ৰকাশ কৰিছিল ৷আৰু বৰপুত্ৰ ক যদি সলাল গোহাঁই পদত নিযুক্তি দিয়ে অবশ্যে বৰ গোহাইৰ বিষয় বাব লোৱাৰ চৰ্ত আৰোপ কৰিছিল ৷আৰু বৰফুকনৰ প্ৰস্তাৱ আৰু পৰামৰ্শ মতেই ল’ৰাৰজাই শেন বৰ গোহাঁইক বৰ্খাস্ত কৰি ১৬৮০ খৃষ্টাব্দত বৰ গোহাঁই আৰু বৰ পুত্ৰ কংখামক সলাল গোহাঁই পদত নিযুক্তি দিছিল ৷এই?কথাই ইয়াকেই প্ৰমাণ কৰে যে লাইথেপেনা ক্ষমতালোভী নাছিল ৷তেওঁ ৰাজনীতিত থকা নৈতিক প্ৰমুল্য বোধক সন্মান কৰা আৰু আইন -কানুন মানি চলা আত্মসন্মানবোধ থকা ব্যক্তি আছিল ৷তেওঁ সেয়ে ডা =ডাঙৰীয়া আৰু বিষয়া সকলৰ আস্হাভাজন আছিল ;সকলোৰে পৰা মান সন্মান আদায় কৰিব পৰা শক্তিশালী ব্যক্তিত্ব সম্পন্ন ব্যক্তি আছিল ৷


(আগলৈ সহায় লৈ খ্বাম্ ৰাপ  স্মৃতি গ্ৰন্হ বৰ গোহাঁই  ৱংশাৱলী ২০০৪ বৰ্ষ )



1 Comments

Previous Post Next Post