সাঁথৰ
সাঁথৰ সমুহ হৈছে অসমীয়া জনজীৱন তথা অসমীয়া সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ ৷ এইবিলাক পুৰণি কালৰ পৰা মানুহৰ মুখে মুখে চলি চলি আহি বৰ্তমান সময় পাইছেহি ৷ কিন্তু বৰ্তমান সমত যেন সাঁথৰ সমুহৰ জনপ্ৰিয়তা হেৰাইৰ যোৱাৰ উপক্ৰম ঘটিছে ৷ সাঁথৰ সমুহ অসমীয়া সংস্কৃতিৰ অমূল্য সম্পদ গতিকে এইবিলাক সংৰক্ষণৰ প্ৰয়োজনীয় আছে ৷ গতিকে কৰি এই ৱেবছাইট ইয়াক সংগ্ৰহ কৰাৰ চেষ্টা কৰা হৈছে ৷ যদি কিবা আসোঁৱাহ আছে কমেণ্ট বক্সত উল্লেখ কৰে যেন।
(১) মাকে বৰশী বায়, পুতেকে সৰগ/আকাশলৈ চায় ?
উত্তৰ: - বাঁহ গছ আৰু বাঁহ গাজ ৷
(২) বগা বগা চাহাবে ক’লা-কলা/ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে ?
উত্তৰ: - জুইশলা ৷
(৩) হাবিত কাঁহে ওলাই নাহে ?
(৪) এডাল খেৰে ঘৰটো বেৰে ?
উত্তৰ: - চাকি নাইবা মমবাতি ৷
(৫) আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ ?
উত্তৰ: - কুহিঁয়াৰ ৷
(৬) ৰজাৰ লাঠি , ঘন ঘন গাঠি ?
উত্তৰ: - কুহিয়াঁৰ ৷
(৭) এজনী কলী গাই , ঘাটে ঘাটে পানী খায় ?
উত্তৰ: - বৰশী ৷
(৮) খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰ'ল ?
উত্তৰ: - নাৰিকল ৷
(৯) এঠেঙীয়া বগলী,নিতৌ নাচে গধুলি ?
উত্তৰ: - বিচনী ৷
(১০) চিত পখিলা, চিত পখিলা ,তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা ?
উত্তৰ: - হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু ৷
(১১) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা ?
উত্তৰ: - জলকীয়া গছ মাক, আৰু জলকীয়া পুতেক ৷
(১২) মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই ?
উত্তৰ: - ৰেডিঅ' ৷
(১৩) পেট আছে পেটু নাই, মুখ আছে জিভা নাই ?
উত্তৰ: - কলহ ৷
(১৪) দেশ আছে মানুহ নাই, নদী আছে পানী নাই ?
উত্তৰ: - মানচিত্ৰ ৷
(১৫) জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ ?
(১৬) ওপজিয়েই বুঢ়া হয় কোন ?
উত্তৰ: - বুঢ়া আঙুলি ৷
(১৭) উপি উপি বাটত আছে চুপি ?
উত্তৰ: - জোক ৷
(১৮) ঘৰৰ তলত/উপৰত ঘৰ, তাতে পৰি মৰ ?
উত্তৰ: - আঁঠুৱা ৷
(১৯) ওপৰৰ পৰা পৰিল টেকেলী, টেকেলীৰ পেটত/ভিতৰত এশ ভেকুলী ?
উত্তৰ: - কঁঠাল ৷
(২০) গছৰ ওপৰত গুটি,গুটিৰ ওপৰত গছ, ইনো কি নিলাজৰ সঁচ ?
উত্তৰ: - মাটিকঠাল ৷
(২১) মাটিৰ তলৰ বগা বুঢ়ী,সাজ পিন্ধে কুৰি কুৰি ?
উত্তৰ: - নহৰু ৷
(২২) নমতাকৈ বিয়া ঘৰৰ ৰভাতল ভৰিল,
বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল ?
উত্তৰ: - পূজাৰ প্ৰতিমা ৷
(২৩) কাণত ধৰি নাকত বহে ?
উত্তৰ : - চশমা ৷
(২৪) পৰ্বতৰ টিঙত ক’লী গাই চৰে, দুই পৰ্বতে হেঁচা মাৰি ধৰে ?
উত্তৰ: - দুই নখেৰে মৰে ওকনী ৷
(২৫) আলিয়ে আলিয়ে যায়, মূৰ দাঙি চায় ?
(২৬) ওপৰেদি উৰি যায়, নহয় শৰালি, থাপ মাৰি মাছ খায়, নহয় বৰালি ?
উত্তৰ : জাল ৷
(২৭) টুপ টুপ টুপলি পানী পালে মুকলি ?
উত্তৰ: - জাল ৷
(২৮) ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা ?
উত্তৰ: - ভূমিকম্প ৷
(২৯) এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা ?
উত্তৰ: - নাও ৷
(৩০) ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি ?
উত্তৰ : - জিভা ৷
(৩১) তিনি আখৰে মোৰ নাম সকলোৱে খায়, এটা আখৰ এৰি দিলে ফাটেকলৈ যায় ?
উত্তৰ: - মচুৰ ৷
(৩২) টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ?
(৩৩) ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ'ল গাভিনী ?
উত্তৰ : - আঠুৱা
(৩৪) এডাল মাৰলি দুখন চাল ?
উত্তৰ : - কলপাত ৷
(৩৫) গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয় ?
উত্তৰ: - যঁতৰ ৷
(৩৬) ৰজাৰ আলিবাট মেলিব পাৰি, জপাব নোঁৱাৰি ?
উত্তৰ: - চোতাল ৷
(৩৭) পাত আছে ডাল নাই, কথা আছে মাত নাই ?
উত্তৰ : - কিতাপ ৷
(৩৮) ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ ?
উত্তৰ: - আমৰলি পৰুৱা ৷
(৩৯) এনু এনু এনু, ধৰিবলৈ নাই ঠেনু ?
উত্তৰ: - কণী ৷
(৪০) লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত ?
উত্তৰ : - তামোল গছ ৷
(৪১) ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই , একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কোৱাচোন ভাই ?
উত্তৰ: - চকুযোৰ ৷
(৪২) দিনত ভৰি পৰে লৰা ছোৱালী , ৰাতি নাথাকে কোনো প্ৰাণী ?
উত্তৰ: - পঢ়াশালি ।
(৪২) কমাৰ ঘৰৰ ভাটি, বতাহ খাই উজান
ভাটি ?
উত্তৰ: - নাক ।
(৪৩) শদিয়ালৈ নাজাবা, সতফুল নখাবা, কেচাঁপাতত নাবান্ধিবা লোণ, উপজিয়ে লৰমাৰে কোন ?
উত্তৰ: - জেঠী ৷
লগতে চাওঁক : --
Tags
সাহিত্য আৰু সংস্কৃতি
বাঘ নহয় মানুহ খায় পক্ষী নহয় উৰী যায় জন্তু নহয় ঠেং আছে
ReplyDeleteমহ
Deleteটিটিটিঞা ককালটো চিঞা বগাই বগাই মানুহ খেদি যায় উত্তর উত্তৰটো টিটিটিঞা ককালটো চিঞা বগাই বগাই মানুহ খেদি যায় ত্উত্তৰটো কোৱাচোন বোপাই।
ReplyDeleteসনতানে চাই আকাশ লৈ মাকে চাই মাটি লৈ
ReplyDeleteউত্তৰ লাগে
Deleteবাঁহ
Deleteচাৰিফালে চাৰিজন মাজতে মহাজন বিচনীয়ে বিচি যায় ধোৰাসাপে খেদি যায়।
ReplyDeleteElephent
Deleteবৃক্ষ নহওঁ মই বৃক্ষৰ সন্তান, মানুহক সেৱা কৰোঁ নাই অভিমানঅভিমানপ
ReplyDelete