ডিমেট একাউণ্ট কি ? ইয়াক কেনেকৈ খুলিব পাৰি।




ডিমেট একাউণ্ট কি ? ইয়াক কেনেকৈ খুলিব পাৰি।


  প্ৰথমবাৰৰ বাবে যেতিয়া আপোনাৰ মনলৈ শ্বেয়াৰ বজাৰ বা ইয়াত বিনিয়োগ বাবে তেতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহে শ্বেয়াৰ কত কিনিব পাৰি । শ্বেয়াৰ বজাৰত অংশগ্ৰহণ বাবে আপোনাক প্ৰয়োজন হব এটা ডিমেট একাউণ্টৰ ৷


ডিমেট একাউণ্ট কি ?

  Demat account হৈছে এনে এক একাউন্ট যাৰ সহায়ত শ্বেয়াৰ কিনাবেচা বা শ্বেয়াৰ ক্ৰয় কৰি ৰাখিব  পাৰে । যিদৰে আপুনি  নিজৰ ধন বেংক একাউণ্টত ৰাখে, ঠিক তেনেদৰে আপোনাৰ  শ্বেয়াৰ ডিমেট একাউণ্টত ৰখা হয় । আগৰ সময়ত শ্বেয়াৰ ক্ৰয় কৰাত বহুত কাগজ-পত্ৰৰ কাম কৰা হৈছিল। কিন্তু এতিয়া এই গোটেই প্ৰক্ৰিয়াটো ইলেক্ট্ৰনিক হৈ পৰিছে, গতিকে যেতিয়া আপুনি শ্বেয়াৰ কিনে তেতিয়া সেইবোৰ আপোনাৰ ডিমেট একাউণ্টলৈ ট্ৰেন্সফাৰ হৈ ইলেক্ট্ৰনিক ৰূপত সংৰক্ষণ কৰা হয়। ই বিনিয়োগকাৰীৰ সুৰক্ষা আৰু আত্মবিশ্বাস দীৰ্ঘ সময়ৰ বাবে নিশ্চিত কৰে ৷


Demat accountৰ  full form হৈছে dematerialized account। যাৰ অৰ্থ হৈছে কাগজী তথ্য ডিজিটেল ৰুপত সংৰক্ষণ কৰা ৷


ডিমেট একাউণ্ট পৰিচালনা কৰে দুটা চৰকাৰী সংস্থাই 

(1) Central Depository Services Limited(CDSL)

(2) National Securities Depository Limited(NSDL)  ৷

 আপুনি ডিমেট একাউণ্ট খুলিলে আপোনাৰ তথ্য ইয়াৰে যিকোনো এটা নথিভুক্ত হব ৷ কিন্তু আপুনি ইয়াত ডাইৰেক্ট একাউণ্ট খুলিব নোৱাৰে ৷ তাৰ বাবে সহায় লব লাগিব ব্ৰকাৰছ ৷ 



Brokers কি ?

  Brokers হৈছে সাধাৰণতে, কোনো ব্যক্তি আৰু কোনো সামগ্ৰী বা সেৱাৰ মাজত হোৱা লেনদেনৰ সৈতে জড়িত এক মধ্যস্থতাকাৰী। তেওঁলোকে ইয়াৰ লগত জড়িত সকলো  সেৱা গ্ৰাহকক প্ৰদান কৰে  আৰু তাৰ বিনিময়ত এক মাছুল সংগ্ৰহ কৰে ।


Brokers প্ৰধানকৈ দুই ধৰণৰ পোৱা যায়।
(1) Full-service Brokers:
(2) Discount Brokers:


Full-service Brokers:

  Full service Brokerক পৰম্পৰাগত ব্ৰকাৰছ বুলিওঁ কোৱা হয় । শ্বেয়াৰ লগত জড়িত সকলো ধৰণৰ সেৱা গ্ৰাহকক আগবঢ়াই । Full service Brokersৰে ষ্টক এক্সচেঞ্জত ট্ৰেডিঙৰ উপৰি বিভিন্ন পৰিসৰৰ সেৱা আগবঢ়াই   । ইয়াৰ ভিতৰত আছে Offline or branch, Advisor, Research, and Stock Tips, Relationship Manager, Training sessions for the clients,24X7 Support to customers,Tax tips . আদি ৷

কিছু উল্লেখযোগ্য Full service Brokers হৈছে : 

(1) ICICIdirect
(2) Angel One
(3) Sharekhan
(4) IIFL / India Infoline
(5) SBI Securities
(6) Kotak Securities
(7) Motilal Oswal
(8) HDFC Securities


Discount Brokers:


   বৰ্তমান সময়ত জনপ্ৰিয় ব্ৰকাৰছ হৈছে Discount Brokers ৷ এনেধৰণৰ ব্ৰকাৰছে Full service Brokers দৰে সকলো সেৱা দিয়া নহয়  । সেইবাবে এনেধৰণৰ এনেধৰণৰ ব্ৰকাৰছে অতি কম মূল্যত শ্বেয়াৰ  ট্ৰেডিঙৰ সুবিধা আগবঢ়াই  ৷ সেইবাবে বৰ্তমান সময়ত ইয়াক অধিক হাৰত ব্যৱহাৰ কৰা হয় । নতুন সকলৰ বাবেও ই সুবিধাজনক ।

কিছু জনপ্ৰিয়  Discount Brokers হৈছে ।
(1) Zerodha
(2) Upstox
(3) 5paisa
(4) Paytm Money
(5) Groww


ডিমেট একাউণ্ট অপেনিংৰ বাবে প্ৰয়োজনীয় নথি : 

(1) বেংক একাউণ্ট৷

(২) পেনকাৰ্ড ৷

(3) আধাৰ কাৰ্ড।


কিছু জনপ্ৰিয়  Brokers  ডিমেট একাউণ্টৰ অপেনিঙৰ লিংক দিয়া হৈছে। 

(1) Zerodha
(2) Upstox
(4) Paytm Money
(5) Groww



1 Comments

  1. Demat account is not associated with buying and selling of shares. It is trading account through which we buy and sell shars. Demat account is used for storing equity shares.

    ReplyDelete
Previous Post Next Post