শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ

 শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ



✍ পদ্ম বৰগোহাঁই, মাদুৰি 


চৰাইদেউ : শিৱসাগৰ নগৰৰ পৰা ২৮ কিলোমিটাৰ দূৰত আৰু ধোদৰ আলিৰ পৰা এক কিলোমিটাৰ পূবে চৰাইদেউ অৱস্থিত। চৰাইদেউ আহোম স্বৰ্গদেউ সকলৰ সমাধিস্থান। চাওলুং চুকাফাই ১২২৮ খ্রীষ্টাব্দত অসমৰ সৌমাৰ খণ্ড জয় কৰি চৰাইদেউৰ নামনিত ১২৫৩ খ্রীষ্টাব্দত স্থায়ী ৰাজধানী প্রতিষ্ঠা কৰিছিল। চৰাইদেউত ৩৬জন আহোম ৰজাৰ মৈদাম (সমাধিস্থান) আছে। এই মৈদামবিলাক ইজিপ্তৰ ফাৰাওসকলৰ পিৰামিদৰ লগত তুলনা কৰিব পাৰি। মৈদামসমুহৰ নিৰ্ম্মাণ কাল প্রায় ১২৬৮ খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ হয়। মৈদামসমূহ প্রথমে আঠকোণীয়াকৈ পকী কৰি তাৰ ওপৰত মাটি দি পাহাৰ সদৃশ কৰা হৈছিল। কেইবাটাও মৈদামৰ ওপৰ ভাগো পকীকৈ নিৰ্ম্মাণ কৰা। বৰ্তমান এই মৈদামসমূহ অসম ৰাজ্যিক প্ৰত্নতত্ব বিভাগ আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত।

লাংকুৰি দ'ল বা দেওশাল : চৰাইদেউৰ পৰা ১৩কিঃমিঃ নামনিত লাংকুৰি বা দেওশাল আছিল। বর্তমান ইয়াৰ ভগ্নাৱশেষহে আছে। স্বৰ্গদেউ চুকাফাই লাংকুৰি দেৱতাৰ পূজা-সেৱাৰ কাৰণে এই দ’ল বা দেওশাল নিৰ্ম্মাণ কৰাইছিল।

ৰঙাগড়া দেওশাল : আহোম ৰাজত্ব কালৰ শেষৰ ফালে চৰাইদেউ পৰ্বতৰ পৰা লাংকুৰি দেওশাল স্থানান্তৰ কৰি আমলখি গুৰিৰ ৰঙাগড়াত প্ৰতিষ্ঠা কৰিছিল। লাকুৱা ৰেল ষ্টেচনৰ পৰা ৰঙাগড়া দেওশাললৈ ৫ কি.মি. দূৰ। আহোমসকলে এতিয়াও ১২ বছৰৰ মূৰে মূৰে এই দেওশালত পৰম্পৰা অনুসৰি উম্ফা পূজা কৰে।

ৰাণীসকলৰ মৈদাম : চৰাইদেউৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰত অৱস্থিত দ’লবাগান চাহবাগিচাৰ কাষত আহোম ৰজাসকলৰ ৰাণীসকলৰ মৈদামসমূহ লানি পাতি আছে। বিভাগীয় কৰ্তৃপক্ষৰ সংৰক্ষণৰ তালিকাভূক্ত নোহোৱাৰ বাবে এই মৈদামসমূহ হাবিয়নী হৈ আছে।

নাফুক দ'ল : চৰাইদেউৰ পূবে ১৩ কিঃমিঃ দূৰত নাফুক নৈৰ পাৰত নাফুক দ'লৰ ভগ্নাৱশেষ পোৱা যায়। এই দ'লটো স্বৰ্গদেউ গৌৰীনাথ সিংহই মাহী মাকৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্ম্মাণ কৰাইছিল।

মাইবেলা দ’ল : চৰাইদেউৰ পৰা ৫ কিঃমিঃ দূৰত ধোদৰ আলিৰ কাষত অৱস্থিত মথুৰাপুৰ চাহ বাগিচাৰ মাজত মাইবেলা দ'লৰ ভগ্নাৱশেষ আছে। এই দ'লটো স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্ম্মাণ কৰাইছিল।

অভয়াপুৰ দ'ল : চৰাইদেউ মহকুমাৰ সোণাৰী নগৰৰ পূবে প্ৰায় ১২ কিঃমিঃ দূৰত তাওকাকৰ অভয়াপুৰ বনাঞ্চলত অভয়াপুৰ দ'ল নামে এটা দ'ল আছিল।

বান্টুং দেৱালয় : লাংকুৰি দ'লৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত বাচিকলা দুৱৰা গাঁৱত বাংণ্টুং দেৱালয় নামেৰে চাল পীৰাৰ আৰ্হিৰ এখন দেৱালয় আছে। এই দেৱালয়খন প্ৰাক আহোম যুগৰ বুলি থাৱৰ কৰাৰ স্থল আছে।

গড়গাঁও : নাজিৰা নগৰৰ পৰা প্ৰায় ২ কি.মি. উত্তৰে ধোদৰ আলিৰ কাযত আহোম ৰাজত্ব কালৰ ৰাজধানী গড়গাঁও অৱস্থিত। স্বৰ্গদেউ চুক্লেংমুঙে থাওৰাৰ চৰগুৱাৰ পৰা ১৪৬১ শকত (১৫৩৯ চনত) ৰাজধানী তুলি আনি হেমেনাবাৰীত প্ৰতিষ্ঠা কৰে আৰু ৰাজধানীৰ নাম দিয়ে গড়গাঁও। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মাটিৰ তলত তিনিমহলা আৰু ওপৰত চাৰিমহলা কৰি পকীকৈ ৰাজকাৰেঙটো নিৰ্ম্মাণ কৰে। কাৰেঙটোৰ গাত খচিত আপুৰুগীয়া ভাস্কৰ্য্যসমুহ সংৰক্ষণৰ অভাৱত জহি-খহি গৈ কোনোবা একোঠাইত চিন মাত্র দেখিবলৈ পোৱা যায়। নগৰ খনৰ সুৰক্ষাৰ কাৰণে ইয়াৰ চাৰিফালে খাৱৈ খান্দি গড় মৰাইছিল আৰু নগৰৰ ভিতৰতো ইটাৰ পকী গড় আছিল। নগৰৰ মাটি কালি ১২০ পুৰা। অতীতত নগৰলৈ প্ৰৱেশৰ তিনিখন দুৱাৰ আছিল, উত্তৰে সিংহ দুৱাৰ, দক্ষিণে বৰদুৱাৰ আৰু পূবে পানী দুৱাৰ। গড়গাঁৱৰ কীৰ্তিচিহ্নসমুহ ভাৰতীয় পুৰাতত্ব বিভাগৰ দ্বাৰা সংৰক্ষিত। কাৰেং ঘৰৰ কাষতে গোলাঘৰ অৱস্থিত। এই গোলাঘৰতে আহোম ৰাজত্ব কালত টকাৰ মোহৰ মাৰিছিল বুলি জনা যায়।

গৰখীয়া দ'ল : গড়গাঁও নগৰৰ বিপৰীতে দিখৌ নৈৰ পাৰত গৰখীয়া দ'ল অৱস্থিত। এই দ'ল স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্ম্মাণ কৰাইছিল। এই দ'লটোক মহেশ্বৰ দ'ল বা মাই দ'ল বুলিও কোৱা হয়।

জয়সাগৰ পুখুৰী আৰু দ'ল : ভাৰতৰ সৰ্ববৃহৎ পুখুৰী হ'ল জয়সাগৰ পুখুৰী। জেৰেঙা পথাৰৰ যি ডোখৰ ঠাইত ল'ৰা ৰজাই স্বামীৰ বাতৰি নোকোৱাৰ কাৰণে জয়মতী কুৱঁৰীক শাস্তি দি মৰোৱালে সেই ঠাইতে জয়মতী কুৱঁৰীৰ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহই মাতৃৰ স্মৃতি ৰক্ষাৰ্থে ১৬১৯ শকত সাগৰ সদৃশ পুখুৰী এটা খন্দাই জয়সাগৰ নাম দিয়ে আৰু তাৰ পাৰত শ্রীবিষ্ণু কেশৱৰায় দ’ল, শ্রীশিৱ বৈদ্যনাথ দ’ল, শ্রীগণেশ মন্দিৰ, শ্রীসূর্য মন্দিৰ আৰু দেৱীঘৰ নিৰ্ম্মাণ কৰায় । শ্রীবিষ্ণু দ’লক জয়দলৈ আৰু কেশৱৰাই বুলিও কোৱা হয়। চাংৰুং ফুকনৰ বুৰঞ্জী মতে পুখুৰীৰ মাটি কালি ২১০ পুৰা।

ঘনশ্যাম দ'ল : জয়সাগৰ পুখুৰীৰ পশ্চিম কোণৰ খাৱৈলৈ ঘনশ্যাম দ’ল বা নাতিগোঁসাই দ'ল অৱস্থিত। এই দ'লটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ঘনশ্যাম খনিকৰৰ কামত সন্তুষ্ট হৈ তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে নিৰ্ম্মাণ কৰাইছিল।

ৰংনাথ-শিৱ দ'ল : ৰংনাথ শিৱ দ'ল তলাতল ঘৰলৈ সোমোৱা বৰ দুৱাৰৰ সন্মুখত জয়সাগৰৰ পৰা অহা পথৰ কাষত আছে। স্বৰ্গদেউ ৰুদ্ৰসিংহই শিৱ পূজা কৰিবৰ কাৰণে ১৭০৩ খ্রীষ্টাব্দত এই দল নিৰ্ম্মাণ কৰিছিল। এই দ'লত বর্তমানো পূজা-সেৱা চলি আছে।

জয়মতী মৈদাম বা ফাকুৱা দ'ল : স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৭০৩ ০৪ খ্ৰীষ্টাব্দত মাতৃ জয়মতী কুৱঁৰীৰ এটি সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি জয়মতী মৈদাম নিৰ্ম্মাণ কৰাইছিল। এই মৈদামক ফাকুৱা দ'ল বুলিও কোৱা হয়। হৰগৌৰী দ'ল : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই হৰগৌৰী দ'ল নিৰ্ম্মাণ কৰাইছিল। পূৰ্বে ইয়াত চামুণ্ডা মূৰ্তি আছিল বুলি জনা যায়, বর্তমান কিন্তু ইয়াত কোনো মূর্তি নাই। হৰগৌৰী দ’ল হোৱাৰ পাছৰ পৰা ৰাজকীয় বিবাহ কার্য এই দ’লতে হৈছিল।

মাদুৰী : নাজিৰা নগৰৰ পশ্চিম দিশত মাদুৰী অৱস্থিত। মাদুৰী মহাসতী জয়মতীৰ জন্মস্থান । জয়মতীৰ পিতৃ ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ মৈদাম, বাৰীৰ ঢাপ, পুখুৰী আদি মাদুৰীত এতিয়াও আছে। মৈদামটোৰ আকাৰ চৰাইদেউৰ ৰজাসকলৰ মৈদামৰ সমান। ইয়াৰ ওপৰিও লাইথেপেনা বৰগোহাঁইৰ ২৪ জন পুতেকৰ মৈদামো মাদুৰীতে আছে। সংৰক্ষণৰ অভাৱত এইবিলাক জহি খহি নিঃশেষ হোৱাৰ পথত বুলি কব পাৰি।

পিয়লি ফুকনৰ দ'ল আৰু পুখুৰী : পিয়লিফুকনৰ দ'ল আৰু পুখুৰী গেলেকীত অৱস্থিত। নাজিৰাৰ পৰা গেলেকীলৈ দূৰত্ব ১২ কিঃমিঃ। ৰঙাচিলা দুৱৰা বংশৰ ফুকনৰ বিষয় খোৱা পিয়লি ফুকনে এই দ'ল আৰু পুখুৰী নিৰ্ম্মাণ কৰিছিল। দ’লত শিলৰ বিষ্ণু মূৰ্তি প্ৰতিষ্ঠা কৰা আছে।

বৰশিল : নাজিৰা নগৰৰ দক্ষিণে দিখৌ নৈৰ আগাৰিত বৰশিল অৱস্থিত। এই বৰশিলত মানুহৰ ভৰিৰ খোজৰ দৰে এটা চিহ্ন আছে। এইটো গদাধৰ সিংহই বৰশী বাওঁতে হোৱা খোজৰ চিন বুলি প্ৰবাদ আছে।

নামতি দ’ল বা পুখুৰী : শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৬ কিঃমিঃ দক্ষিণে নামতি দ’ল-পুখুৰী অৱস্থিত। আদাবৰীয়া সন্দিকৈ ফৈদৰ বৰুৱা বিষয় খোৱা ভাগৱতী বৰবৰুৱাই নামতিত ১৭৭৫ খ্ৰীষ্টাব্দত পুখুৰী খন্দাই পাৰত বিষ্ণু দ'ল আৰু শিৱ দ'ল নিৰ্ম্মাণ কৰিছিল।

বৰপাত্ৰ দ'ল পুখুৰী : শিৱসাগৰ নগৰৰ পৰা ৭ কিঃমিঃ দূৰত দক্ষিণে কালুগাঁৱত অৱস্থিত। বৰ ৰজা ফুলেশ্বৰী কুৱঁৰীয়ে ভায়েক কালুগঞা বৰপাত্ৰগোহাঁইৰ স্মৃতিত কালুগাঁৱত এটা পুখুৰী খন্দাই তাৰ পাৰত জগদ্ধাত্রীৰ ৬
আৰু বিষ্ণু দ’ল নিৰ্ম্মাণ কৰাইছিল।

পহুগড়: জয়সাগৰৰ পৰা ২ কিঃমিঃ দূৰত মানকটা আলিৰ কাষত স্বৰ্গদেউ ৰুদ্ৰসিংহই চাৰিওফালে খাল খান্দি ঢাপ মাৰি তাৰ ভিতৰত ছাঁৰা খাল খান্দি পহু চৰিব পৰাকৈ চকুৰি পুৰা মাটি সংৰক্ষণ কৰি ৰাখিছিল। এই সংৰক্ষিত অঞ্চলৰ চাৰিওকাষে থকা ঢাপেই হ'ল পহুগড় আৰু এই পহুগড়ৰ ভিতৰৰ নিৰ্ম্মাণ কৌশল অসম তথা ভাৰতবৰ্ষত বিৰল। বৰ্তমান মীন বিভাগে ইয়াত মাছ পোহাৰ ব্যৱস্থা কৰিছে। আহোম ৰজাৰ দিনৰ চিৰিয়াখানা (Zoo) বুলি ইয়াক ক'ব পাৰি।

ৰূদ্রসাগৰ পুখুৰী দ'ল : গৌৰীসাগৰ আৰু জয়সাগৰৰ মাজত ঠিক ৰাষ্ট্ৰীয় পথৰ কাষতে ৰূদ্রসাগৰ পুখুৰী আৰু দ'ল অৱস্থিত। দ'লটো বিষ্ণু দ’ল। স্বৰ্গদেউ লক্ষ্মীসিংহই পিতৃ ৰূদ্ৰসিংহৰ স্মৃতি ৰক্ষাৰ্থে এই পুখুৰী আৰু দ'ল নিৰ্ম্মাণ কৰিছিল।

গৌৰীসাগৰ পুখুৰী, (ভটিয়াপাৰৰ পুখুৰী, পুৰণি পুখুৰী) : শিৱসাগৰ নগৰৰ পশ্চিমে প্রায় ১০ কিঃমিঃ দূৰত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত গৌৰীসাগৰ পুখুৰী অৱস্থিত। পুখুৰীৰ মাটি কালি ১১৩ পুৰা ১বিঘা ২ কথা ১৫ লোচা। ভাৰতৰ ভিতৰত ই দ্বিতীয় বৃহত্তম পুখুৰী। পুখুৰীৰ পাৰত তিনিটা দ’ল যথাক্রমে বিষ্ণু দ’ল, শিৱ দ'ল আৰু দেৱী দ'ল আছে। এই পুখুৰী আৰু দ'ল কেইটা বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে নিৰ্ম্মাণ কৰাইছিল আৰু গৌৰী দেৱীৰ নামত উছৰ্গা কৰিছিল।

নামদাং নৈৰ শিলৰ সাঁকো : ৩৭ নং ৰাষ্ট্ৰীয় পথেদি গ'লে গৌৰীসাগৰত নামদাং নৈৰ ওপৰত ঐতিহাসিক শিলৰ সাঁকো পোৱা যায়। এই শিলৰ সাঁকো স্বৰ্গদেউ ৰূদ্ৰ সিংহই নিৰ্ম্মাণ কৰাইছিল। সাঁকোডাল দীঘে ২০২ ফুট, বহলে ২১ ফুট আৰু ৫ ফুট ডাঠ। পানী সৰকি যাবৰ কাৰণে সাঁকোডালৰ তলত ৭ ফুট বহল দুটা সুৰংগ আছে। সাঁকোডালৰ গাটোত বিভিন্ন মূৰ্ত্তি খোদিত কৰি জাতিষ্কাৰ কৰা।

ৰংঘৰ : বৰ্তমান ৰংঘৰৰ আশে-পাশে থকা বৃহৎ বাকৰিতে স্বৰ্গদেউ ৰূদ্ৰসিংহই অসমৰ বিভিন্ন জাতি-উপজাতিক একেলগে নচুৱাই সংস্কৃতিৰ
এনাজৰিৰে বান্ধি অসমীয়া জাতিৰ ভেটি সুদৃঢ় কৰিছিল। তলাতল ঘৰৰ বিপৰীতে ৰাষ্ট্ৰীয় পথৰ কাষত থকা হাঁহ কণীৰ আকৃতিৰ ৰংঘৰ ১৭৪৬ খ্ৰীষ্টাব্দত প্ৰমত্ত সিংহই নিৰ্ম্মাণ কৰায়। ৰজা ৰাণী, ৰাজকোঁৱৰ কুঁৱৰীসকলে ইয়াৰ ওপৰ মহলত বহি বাকৰিত হোৱা খেলা-ধুলা উপভোগ কৰিছিল।

আজান ফকীৰৰ দৰগাহ : আজান ফকীৰৰ দৰগাহ দিখৌমুখৰ সৰাগুৰি চাপৰিত অৱস্থিত। চাহমিলন বা আজান পীৰ চাহাবে স্থায়ীভাবে থাকি ইছলাম ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে স্বৰ্গদেউ প্ৰমত্ত সিংহই এই দৰগাহ নিৰ্ম্মাণ কৰাই দিছিল। চাহমিলন পাৰস্যৰ লোক আছিল। এওঁ জিকিৰ নামৰ ধৰ্মীয় গীত ৰচনা কৰি হিন্দু-মুছলমানৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাব গঢ়ি তুলিছিল।

শিৱসাগৰ দ'ল পুখুৰী : শিৱসাগৰ নগৰৰ মাজমজিয়াতে শিৱসাগৰ দলৈ পুখুৰী অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া ভার্যা অম্বিকা বা মদাম্বিকা দেৱীয়ে নাম যুগমীয়া কৰিবৰ বাবে ১৬৫৫ শকত (১৭৩৩ চনত) বৃহৎ পুখুৰী খন্দুৱাই তাৰ দক্ষিণ পাৰত যথাক্রমে বিষ্ণু, শিৱ আৰু দেৱী দ’ল নিৰ্মাণ কৰাই শিৱসাগৰ দ'ল পুখুৰী নামেৰে ১৬৫৬ শকৰ বহাগ মাহৰ ৬ তাৰিখ গুৰুবাৰে উছৰ্গা কৰিছিল। শিৱ দ'লৰ সোণৰ চূড়া বিশ্বত বিৰল। পুখুৰীটোৰ পানীৰ অংশৰ মাটি-কালি ৯৭২ পুৰাৰ অধিক। পাৰ আৰু যমুনা বা খাৱৈ ধৰিলে ইয়াৰ দুগুণ হব।

নিত্যানন্দ গোঁসাই থান: শিৱসাগৰ নগৰৰ উত্তৰে ৩ কিঃমিঃ দূৰত অৱস্থিত কাথপাৰত নিত্যানন্দ থান। এই থান স্বৰ্গদেউ প্রতাপ সিংহই নিৰ্মাণ কৰিছিল। বৰ্তমান স্থানীয় ৰাইজে যুৰীয়া নামঘৰ, মন্দিৰ, ফুলনি আদি পাতি ইয়াৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে।

থাওৰা দ'ল পুখুৰী : শিৱসাগৰ নগৰৰ উত্তৰ-পূবত ৰাষ্ট্ৰীয় পথৰ কাষতে থাওৰা দ'ল আৰু পুখুৰী অৱস্থিত। স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত আলন দিহিঙ্গীয়া বৰুৱাই ১৬৮৩-৮৫ খ্ৰীষ্টাব্দৰ ভিতৰত থাওৰাত পুখুৰী খন্দাই তাৰ পাৰত দ’ল নিৰ্মাণ কৰিছিল।

ধাইবাৰী : শিৱসাগৰ নগৰৰ পৰা ৩০ কিঃমিঃ দূৰত ৰজাবাৰীত ধাইবাৰী অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই এগৰাকী ধাই মাকৰ নামত বাৰী নিৰ্মাণ কৰি তাত পুখুৰী খন্দাই দ'ল নিৰ্মাণ কৰিছিল। বৰ্তমান দ'লৰ ভগ্নাৱশেষহে আছে।

বেজৰ দ'ল : শিৱসাগৰ জিলাৰ ডিমৌ নগৰৰ পৰা খোৱাঙলৈ যোৱাৰ পথৰ কাষতে বেজৰ দ'ল অৱস্থিত। এই অঞ্চলত বেজবৰুৱাৰ অধীনত ছটা বেজৰ খেলে বাস কৰিছিল। এই বেজসকলৰ স্মৃতি ৰক্ষাৰ্থে পুখুৰী খান্দি তাৰ পাৰত দ'ল নিৰ্মাণ কৰা হৈছিল।

বগীদ'ল: শিৱসাগৰ নগৰৰ পৰা ৭ কিঃমিঃ দূৰত বৰ (গজপুৰীয়া) আলিৰ কাষত বগীদ'ল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাক বগী ৰাজমাৱে পুখুৰী খান্দি দ'ল নিৰ্ম্মাণ কৰিবলৈ লৈছিল। কিন্তু কাম সম্পুর্ণ হোৱাৰ আগতেই বগী ৰাজমাওৰ মৃত্যু হোৱাত পুতেক লক্ষ্মীসিংহই পুখুৰী আৰু দ'লৰ কাম সম্পূৰ্ণ কৰি মাক বগী ৰাজমাওৰ নামত উছৰ্গা কৰে। বৰ্তমান দ'লটোৰ ভগ্নাৱশেষহে আছে।

ৰাজমাও পুখুৰী : বগীদ'লৰ পৰা ৩ কিঃমিঃ দূৰৰ মঠিয়াছিগাত ৰাজমাও পুখুৰী অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া ভাষা অনাদৰি ওৰফে আঁকৰীয়ে শিৱসিংহৰ মাক কেঁৰী ৰাজমাওৰ স্মৃতি ৰক্ষাৰ্থে এই পুখুৰী খন্দাই তাৰ পাৰত এটা দ'ল নিৰ্ম্মাণ কৰাইছিল। বৰ্তমান দ'লৰ ভগ্নাৱশেষহে আছে।

বাৰুকৰ মৈদাম : ৰাজমাও পুখুৰীৰ বিপৰীতে বাৰুকত (মঠিয়াছিগা) পানীফুকন বিষয় খোৱা বৰগোহাঁইসকলৰ মৈদাম আৰু পুখুৰী আছে। ইটাৰে পকীকৈ নিৰ্ম্মাণ কৰা বৃহৎ মৈদাম এটা আজিও অক্ষুন্ন হৈ আছে।

কনচেং বৰপাত্ৰ গোহাঁই পুখুৰী আৰু দ'লৰ ভগ্নাৱশেষ : শিৱসাগৰ জিলাৰ চেঙেলীবাৰী কেন্দুগুৰিত বিখ্যাত কনচেং বৰপাত্ৰ গোহাঁইৰ স্মৃতিত নিৰ্ম্মাণ কৰা পুখুৰী আৰু বিষ্ণু দ’ল, শিৱ দ'ল আৰু দেৱী দ’ল বুলি ধাৰণা হোৱা তিনিটা দ'লৰ ভগ্নাৱশেষ আছে। কাষতে থকা তেওঁৰ পৰিনাতি এজনৰ ঘৰত কনচেং বৰপাত্ৰ গোহাঁইৰ শিলৰ মূৰ্তি এটা আছে।

বৰপাত্ৰ গোহাঁইসকলৰ মৈদাম : চেঙেলীবাৰী বৰপাত্ৰ গাঁৱত ৭ টা বৃহৎ আকাৰৰ মৈদাম আছে। এই মৈদামসমূহ আহোম ৰাজত্ব কালত বিষয়বাব খোৱা কেন্দুগুৰীয়া বৰপাত্ৰসকলৰ মৈদাম।

ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ মৈদাম : শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আহোম ৰাজত্ব কালৰ বিখ্যাত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ মৈদাম আছে।চুলিক্‌ফা বা ল’ৰাৰজাৰ মৈদাম : আমগুৰিৰ চামগুৰিত ধোদৰ আলিৰ কাষত চুলিক্ফা বা ল'ৰাৰজাৰ মৈদাম আছে।


Post a Comment

Previous Post Next Post