অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?

 অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?


আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?





     বৰ্তমান অসমৰ অভয়াৰণ্য সংখা হৈছে ১৭ খন। 

অভয়াৰণ্য কেইখন হৈছে। 



(১) পবিতৰা অভয়াৰণ্য / Pobitora Wildlife Sanctuary .


   পবিতৰা অভয়াৰণ্য  অসমৰ মৰিগাঁও জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৩৮.৮০ বৰ্গকিলমিটাৰ ৷ ১৯৭১ চনৰ ১৮ নবেম্বৰত অসম চৰকাৰে পবিতৰা সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। ১৯৮৭ চনত ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰে ৷   এই অভয়াৰণ্যত বিখ্যাত এশিঙীয়া গঁড়, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, হৰিণ আদি পোৱা যায় ।


গুগলমেপৰ অৱস্থিতি : -
Pobitora Wildlife Sanctuary

(২) গৰমপানী অভয়াৰণ্য / Garampani Wildlife Sanctuary .


     গৰমপানী অভয়াৰণ্য অসমৰ  কাৰ্বি আংলং  জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৬.৫ বৰ্গকিলমিটাৰ । ১৯৫২ চনৰ ১০ জুলাইত অসম চৰকাৰে গৰমপানী অভয়াৰণ্য হিচাপে ঘোষণা কৰে। ইযাত প্ৰাকৃতিকভাৱে গৰমপানীৰ উঁহ পোৱা যায় ৷ ইয়াত নাহৰফুটুকী বাঘ, ঢেঁকীয়াপতীয়া বাঘ, সোণালী বান্দৰ,হলৌ বান্দৰ, শৰপহু বিভিন্ন পক্ষী আৰু সৰীসৃপ পোৱা ।এই অভয়াৰণ্য বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ বাবেও বিখ্যাত ।

গুগলমেপৰ অৱস্থিতি : -
গৰমপানী অভয়াৰণ্য

(৩) চক্ৰশিলা অভয়াৰণ্য / Chakrashila Wildlife Sanctuary .


    চক্ৰশিলা অভয়াৰণ্য অসমৰ ধুবুৰী আৰু কোকোৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৪৫.৫০ বৰ্গকিলমিটাৰ ৷ ১৯৬৬ চনত চক্ৰশিলাক  সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় । ১৯৯৪ চনৰ ১৪ জুলাইত চক্ৰশিলাক অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয় ।সোণালী বান্দৰৰ বাবে প্ৰসিদ্ধ চক্রশিলা বন্যপ্ৰানী অভয়াৰণ্যখন বিভিন্ন প্ৰকাৰৰ স্তন্যপায়ীৰ জীৱ, বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, ২৫০ৰ অধিক  প্ৰজাতিৰ পক্ষীৰ আৰু ৪০ প্ৰকাৰৰ পখিলা পোৱা যায়।

গুগল মেপত অৱস্থিতি ৷

Chakrasila Wildlife Sanctuary

(৪) হোলোঙাপাৰ গিবন অভয়াৰণ্য / Gibbon Wildlife Sanctuary .

    হোলোঙাপাৰ গিবন অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ২০.৯৮ বৰ্গকিলমিটাৰ। ১৯৯৭ চনৰ ৩০ জুলাইত হোলোঙাপাৰ গিবন অভয়াৰণ্যৰূপেৰূপে স্বীকৃতি দিয়া হয়। হোলোঙাপাৰ গিবন অভয়াৰণ্যত ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ আৰু  উত্তৰ-পূব ভাৰতৰ একমাত্ৰ নিশাচৰ প্ৰাইমেট লাজুকী বান্দৰ পোৱা যায় আৰু বিভিন্ন প্ৰকাৰৰ বান্দৰ পোৱা যায়। ইয়াত অসমৰ জাতীয় বৃক্ষ হোলোং গছ পোৱা যায়।

গুগল মেপত অৱস্থিতি ৷
Hoollongapar Gibbon Sanctuary

(৫) পানী দিহিং অভয়াৰণ্য / Pani Dihing Wildlife Sanctuary .


      পানী দিহিং অভয়াৰণ্য অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৩৩.৯৩ বৰ্গ কিলোমিটাৰ । ১৯৯৬ চনত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় । ১৯৯৯ চনত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্যৰ জলাশয় সমুহত  প্ৰায় ২৬৭ বিধ বিভিন্ন প্ৰজাতিৰ আৱসিক আৰু পৰিভ্ৰমী পক্ষী পোৱা যায়   ৷

গুগল মেপত অৱস্থিতি ৷
Panidihing birds Santury

(৬) নামবৰ অভয়াৰণ্য / Nambor Wildlife Sanctuary .


     নামবৰ অভয়াৰণ্য অসমৰ গোলাঘাট আৰু কাৰ্বি আালং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৩৭ বৰ্গ কিলোমিটাৰ। ২০০০ চনৰ ২৭ জুলাইত নামবৰ অভয়াৰণ্য ৰূপে হিচাপে স্বীকৃতি দিয়া হয়। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱজন্তু আৰু মুল্যবান গছ-গছনি পোৱা যায় ।

গুগল মেপৰ অৱস্থিতি ৷
Nambor Wildlife Santuary

(৭) সোণাই-ৰূপাই অভয়াৰণ্য / Sonai Rupai Wildlife Sanctuary .

    সোণাই-ৰূপাই অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ২২০ বৰ্গ কিলোমিটাৰ ৷ ১৯৯৮ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়। অভয়াৰণ্যখনত নাহৰফুটুকী বাঘ, টুপীমূৰীয়া বান্দৰ, হলৌ বান্দৰ, সেন্দূৰী বান্দৰ, দল-হৰিণ, শৰপহু, সুগৰী পহু, বন-ৰৌ আদি জীৱজন্তু পোৱা যায় । অভয়াৰণ্যখলত আপুৰুগীয়া দেওহাঁহ আদি কৰি বিভিন্ন পক্ষী পোৱা যায়।

গুগল মেপৰ অৱস্থিতি ৷
Sonai Rupai Wildlife Sanctuary

(৮) লাওখোৱা অভয়াৰণ্য / Laokhowa Wildlife Sanctuary .

   লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৭০.১৩ বৰ্গ কিলোমিটাৰ । এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে  স্বীকৃতি প্ৰদান কৰা হয়। লাওখোৱা অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱজন্তু আৰু পক্ষী পোৱা যায়  ।

গুগল মেপৰ অৱস্থিতি ৷
Laokhowa Wildlife Sanctuary


(৯) বৰনদী অভয়াৰণ্য / Bornadi Wildlife Sanctuary .


    বৰনদী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলা আৰু বাক্সা জিলা অৱস্থিত  ইয়াৰ মাটিকালি হৈছে ২৬.২২ বৰ্গ কিলোমিটাৰ । ১৯৮০ চনৰ ২২ আগষ্টত বৰনদী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ আগতে  ১৯৪২ চনত বৰনদী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্যত  গোধাফুটুকী বাঘ, হলৌ বান্দৰ, সোণালী বান্দৰ, নল-গাহৰি, হাতী, ঢেঁকীয়াপতিয়া বাঘ,সুগৰী পহু, আদি পোৱা যায় ।
পক্ষীৰ ভিতৰত ধনেশ,উলুম'ৰা, ময়ূৰ চৰাই, হয়কলি আদি পোৱা যায় ।

গুগল মেপৰ অৱস্থিতি ৷
Bornadi Wildlife Sanctuary


(১০) ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য / Bherjan-Borajan-Padumoni Wildlife Sanctuary .


    ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত । অভয়াৰণ্যখনৰ মাটিকালি হৈছে ৭.২২ বৰ্গকিলোমিটাৰ। অভয়াৰণ্যখনত হলৌ বান্দৰ, গাহৰি নেজীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, , লাজুকী বান্দৰ,  বনৰীয়া গাহৰি, নাহৰফুটুকী উৰণীয়া কেৰ্কেটুৱা আদি পােৱা যায়। ইয়াৰ উপৰিও প্ৰায় ৮৪ বিধ প্ৰজাতিৰ পক্ষী পোৱা যায়।

গুগল মেপৰ অৱস্থিতি ৷
Borajan Bherjan Podumoni Wildlife Sanctuary

(১১) বুঢ়া চাপৰি অভয়াৰণ্য / Bura Chapori Wildlife Sanctuary .


       বুঢ়া চাপৰি অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি ৪৪.০৬ বৰ্গ কিলোমিটাৰ ৷ ১৯৯৫ চনত বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে  হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ আগতে ১৯৭৪ চনত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰিছিল। ইযাত এশিঙীয়া গঁড়, বনৰীয়া ম’হ, নাহৰফুটুকী বাঘ, বন-ৰৌ, হাতী, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি পোৱা যায়।  বিভিন্ন প্ৰজাতিৰ পক্ষী পোৱা যায়।

গুগল মেপৰ অৱস্থিতি ৷
Burachapori Wildlife Sanctuary


(১২) পূব কাৰ্বি আংলং অভয়াৰণ্য / East Karbi Anglong Wildlife Sanctuary .


       পূব কাৰ্বি আংলং অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ২২১.৮১ বৰ্গ কিলোমিটাৰ ৷ ২০০০ চনৰ ২৭ জুলাই এই বনাঞ্চলক অভয়াৰণ্য হিছাপে স্বীকৃতি দিয়া হয় । অভয়াৰণ্য খনত হাতী, বিভিন্ন প্ৰজাতিৰ বান্দৰ, শৰপহু আদি ওপৰিও বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু বিভিন্ন উদ্ভিদ পোৱা যায় ।

(১৩) আমচোং অভয়াৰণ্য / Amchang Wildlife Sanctuary .

      আমচোং অভয়াৰণ্য অসমৰ কামৰূপ জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে  ৭৮.৬৮ বৰ্গ কিলোমিটাৰ ৷ এই বনাঞ্চলক ২০০৪ চনৰ ১৯ জুন তাৰিখে বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়। ৷ এই অভয়াৰণ্য হাতী, বাঘ, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি পোৱা যায় ।

গুগল মেপৰ অৱস্থিতি ৷
Amchang Wildlife Sanctuary


(১৪) বৰাইল অভয়াৰণ্য / Borail Wildlife Sanctuary .


     বৰাইল অভয়াৰণ্য অসমৰ কাছাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ৩২৫.২৪ বৰ্গ কিলোমিটাৰ ৷ ২০০৪ চনত এই বনাঞ্চলক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্য ঢেঁকীয়াপতিয়া বাঘ, গোধাফুটুকী বাঘ, হাতী, বান্দৰ আদি পোৱা যায় ।


গুগল মেপৰ অৱস্থিতি ৷
Borail Wildlife Sanctuary

(১৫) নামবৰ-দৈগ্ৰুং অভয়াৰণ্য / Nambor - Doigrung Wildlife Sanctuary .


       নামবৰ-দৈগ্ৰুং অভয়াৰণ্য অসমৰ গোলাঘাট জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৯৭.১৫বর্গ কিলােমিটাৰ ৷ এই বনাঞ্চলক ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয় । অভয়াৰণ্যখনত হাতী, নাহৰফুটুকী বাঘ, গাহৰি নেজীয়া বান্দৰ, হলৌ বান্দৰ, লাজুকী বান্দৰ, বনৰীয়া গাহৰি পোৱা যায় । ইয়াৰ উপৰিও দেওহাঁহ, উটপক্ষী আদি পক্ষী আৰু বিভিন্ন সৰীসৃপ পোৱা যায় ।

(১৬) মাৰাট লংৰি অভয়াৰণ্য / Marat Longri Wildlife Sanctuary .


        মাৰাট লংৰি অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৪৫১ বৰ্গ কিলোমিটাৰ ৷ এই বনাঞ্চলক ২০০৩ চনৰ ১৭ এপ্রিলত অভয়াৰণ্য হিছাপে স্বীকৃতি দিয়া হয়। এই অভয়াৰণ্য হাতী, নাহৰফুটুকী বাঘ, টেকীয়পতীয়া বাঘ, বনৰীয়া গাহৰি, সুগৰী পহু আদি পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন পক্ষী আৰু সৰীসৃপ পোৱা যায়।

গুগল মেপৰ অৱস্থিতি ৷
Marat Longri Wildlife Sanctuary

(১৭) দ্বীপৰ বিল বন্যপ্রাণী অভয়াৰণ্য / Dipor Bil

Wildlife Sanctuary

       দীপৰ বিল পক্ষী অভয়াৰণ্যৰ অসমৰ কামৰূপ (মহানগৰ) জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৪.১০ বৰ্গ কিলোমিটাৰ। ইয়াত থকা জলাশয় সমুহত বিভিন্ন পক্ষী দেখিবলৈ পোৱা যায়। দীপৰ বিলক  ২০০২ চনত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল বুলি ঘোষণা কৰা হয়।

গুগল মেপৰ অৱস্থিতি ৷
Dipor Bil

ফ্ৰী অনলাইন ইনকাম চাইট 

তলত কেইটামান ফ্ৰী ইনকাম চাইত দিয়া হৈছে যিকেইটাত কেৱল ইমেইল দি ৰেজিষ্টাৰ জইন হব লাগে ৷ জইন হবলৈ চাইত কেইটাৰ ওপৰত ক্লিক কৰক ৷













লগতে চাওক : ---



Post a Comment

Previous Post Next Post