অসমৰ ভূগোল কুইজ / Assam Geography GK

অসমৰ ভূগোল কুইজ /Assam Geography gk



আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?
মহৎলোকৰ বাণী




(১) অসমৰ অৱস্থিতি কিমান ?

উত্তৰ:-   অসমৰ অৱস্থিতি ২৪°০৯′ উত্তৰ অক্ষাংশৰ পৰা ২৭°৫৮′ উত্তৰ অক্ষাংশলৈ আৰু ৮৯°৪২′ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬°০১′ পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে।


(২) অসমৰ চাৰিসীমা কি ?

উত্তৰ : (১) উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান।

(২) পূৱে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ।

(৩) দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা।
(৪) পশ্চিমে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ।


(৩) বৰ্তমান অসমৰ মাটিকালি পৰিমাণ কিমান ?
উত্তৰ : ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ ।

(৪) অসমৰ সীমাত  লাগি  বিদেশী ৰাষ্ট্ৰৰ কেইখনৰ নাম কি কি?
উত্তৰ : বাংলাদেশ আৰু ভূটান।

(৫) অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?
উত্তৰ : বাংলাদেশ ৷

(৬) অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান অংশ মাটিকালিৰ অধিকাৰ কৰি আছে ?
উত্তৰ : ২.৩৯% ৷

(৭) অসম ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সংযুক্ত হৈ আছে ?

উত্তৰ : ৭ খন ৰাজ্যৰ সৈতে সংযুক্ত হৈ আছে ৷

(৮) ভাৰতৰ কোন দিশত অসম অৱস্থিত?
উত্তৰ :  উত্তৰ-পূৱ দিশত ৷

(৯) অসমৰ মূলত  কেইটা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰ : অসমক মূলত তিনিটা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে ৷ ভাগ কেইট হৈছে ——
(ক) ব্ৰহ্মপুত্ৰ উপত্যকা বা সমতল
(খ) বৰাক উপত্যকা বা সমতল আৰু
(গ) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল ৷

(১০) ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান ?
উত্তৰ : ৫৬,০০০ বৰ্গ কিলোমিটাৰ ৷

(১১) বৰাক সমতলৰ মুঠ মাটিকালি কিমান ?
উত্তৰ : ৬,৯৬২ বৰ্গ কিলোমিটাৰ।

(১২) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে?
উত্তৰ : বৰাইল পাহাৰে ৷

(১৩) অসমৰ আটাইতকৈ সৰ্ববৃহৎ জিলাখনৰ নাম কি ?
উত্তৰ : কাৰ্বি আলং ৷

(১৪) অসমৰ আটাইতকৈ ক্ষুদ্ৰতম জিলাখনৰ নাম কি ?
উত্তৰ : হাইলাকান্দি ৷

(১৫) অসমৰ দুখন ডাঙৰ নদীৰ নাম কি ?
উত্তৰ : ব্ৰহ্মপুত্ৰ আৰু বৰাক ৷

(১৬)  ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান ?
উত্তৰ : ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য হৈছে ২৮৮০ ৷ ইয়াৰে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হল প্ৰায় ৭২৫ কিঃমিঃ।

(১৭) বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান ?
উত্তৰ : প্ৰায় ৯০০ কিঃ মিঃ ৷

(১৮) ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ খনৰ নাম কি ?
উত্তৰ : সোৱনশিৰি। 

(১৯) বৰাক নৈৰ কিমানখন উপনৈ আছে ?
উত্তৰ : ২৭ খন ৷

(২০) অসম তথা বিশ্বৰ আটাইতকৈ বৃহত্তম নদীদ্বীপটোৰ নাম কি ?

উত্তৰ : মাজুলী ৷

(২১) মাজুলী কত অৱস্থিত আৰু ইয়াৰ মাটিকালি কিমান ?
উত্তৰ : ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু ইয়াৰ মাটিকালিৰ হৈছে ৮৮০ বৰ্গকিলমিটাৰ ৷

(২২) অসম তথা বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি ?
উত্তৰ : উমানন্দ ৷

(২৩) উমানন্দ কত অৱস্থিত আৰু ইয়াৰ মাটিকালি কিমান ?
উত্তৰ : উমানন্দ ব্ৰহ্মপুত্ৰ নদীৰ মাজত গুৱাহাটীত অৱস্থিত আৰু ইয়াৰ মাটিকালি হৈছে ১৩ বিঘা ৩ কঠা ৷

-------------------------------------------------------------

ব্ৰহ্মপুত্ৰৰ উপনৈ সমুহ 

—উত্তৰ পাৰৰ  উপনৈ সমুহ  —
সোৱণশিৰি, মানস, ৰঙানৈ, বৰনদী, সোণকোষ, পাগালাদিয়া, পুঠিমাৰি,  চম্পাৱতী, সৰলভাগা,  গঙ্গাধৰ, জীয়াভৰলী, বুৰৈ, জীয়াঢল আদি ৷
— দক্ষিণ পাৰৰ উপনৈ সমুহ  —
ডিব্ৰু, বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজী, ভোগদৈ,
কাকডোঙা, ধনশিৰি, দুধনৈ, কৃষ্ণাই, কলং, কপিলী, জিঞ্জিৰাম, ডিগাৰু আদি ৷
------------------------------------------------------------
বৰাক নৈ উপনৈ সমুহ
সোণাই , ঘাগৰা, কাটাখাল, ধলেশ্বৰী,  জিৰি, চিৰি, মধুৰা জাতিংগা আদি ৷
----------------------------------------------------------


(২৪) অসমৰ আটাইতকৈ ডাঙৰ পাহাৰ খনৰ নাম কি ?
উত্তৰ : বৰাইল৷

(২৫) অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম  কি?
উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa) ৷

(২৬ ) বৰাইল পাহাৰৰ সর্বোচ্চ শৃংগটোৰ নাম লিখা।
উত্তৰ :  বৰাইল পাহাৰৰ সর্বোচ্চ শৃংগটোৰ নাম হৈছে 一 লাইকেই( উচ্চতা ১৯৫৯ মিটাৰ )।

(২৭) অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?
উত্তৰ : গোলাঘাট।

(২৮) জাতিংগা কোন খন পাহাৰত অৱস্থিত?
উত্তৰ : বৰাইল।

(২৯)   জাটিংগা কিহৰ বাবে বিখ্যাত ?
উত্তৰ : পৰিভ্ৰমি চৰাইৰ বাবে ৷

(৩০) অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটোৰ নাম কি?
উত্তৰ : উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট উচ্চতাত উপস্থিত।

(৩১) দিহিং পাটকাই অভয়াৰণ্য ক'ত অৱস্হিত ?
উত্তৰ : তিনিচুকীয়া জিলাত ৷

(৩২) বৰ্তমান অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে ?
উত্তৰ : ৫ খন ৷


(৩৩) বৰ্তমান অসমত কিমানখন অভয়াৰণ্য আছে ?
উত্তৰ : ১৭ খন ।


(৩৪) বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত কিমানখন দলং আছে ।
উত্তৰ : ৫ খন ।


(৩৫) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
উত্তৰ : ৩,১২,০৫,৫৭৬ জন ৷


(৩৬) ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলা খনৰ নাম কি?
উত্তৰ : নগাঁও।


(৩৭) ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত  সাক্ষৰতাৰ হাৰ  সৰ্বাধিক থকা জিলা খনৰ নাম কি?

উত্তৰ : কামৰূপ জিলা (মহানগৰ) ৷


(৩৮) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ : ৭৩.১৮।


(৩৯) ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ  জনসংখ্যা ঘনত্ব কিমান ?
উত্তৰ : প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৮ জন।

 
(৪০) ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ  জনসংখ্যা পুৰুষ- মহিলাৰ অনুপৰত  কিমান ?
উত্তৰ : প্ৰতি ১০০০ জন  পুৰুষৰ বিপৰীতে ৯৫৮ গৰাকী মহিলা ৷


(৪১) ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ  কিমান সংখ্যক লোকে নগৰাঞ্চলত বসবাস কৰে   ?
উত্তৰ : অসমৰ মুঠ জনসংখ্যাৰ ১৪ শতাংশ( ৪৩,৯৮,৫৮২) লোকে নগৰাঞ্চলত বসবাস কৰে ৷


(৪২) ২০১১ চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ  কিমান সংখ্যক লোকে গ্ৰামাঞ্চলত বসবাস কৰে   ?

উত্তৰ : অসমৰ মুঠ জনসংখ্যাৰ ৮৬ শতাংশ( ২,৬৮,০৭,০৩৮) লোকে গ্ৰামাঞ্চলত বসবাস কৰে ৷


(৪৩) অসমৰ আটাইতকৈ সৰ্ববৃহৎ নগৰখনৰ নাম কি ?
উত্তৰ : গুৱাহাটী ।


(৪৪) ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ নগৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে?
উত্তৰ:-   ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অসমত ৭ খন প্ৰথম শ্ৰেণীৰ নগৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে।


(৪৫) অসমৰ জনসংখ্যাৰ কিমান সংখ্যক লোকে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰে ?

উত্তৰ : ৮৫ শতাংশ লোকে ৷



1 Comments

Previous Post Next Post