সন্ধি ভঙা

সন্ধি ভঙা


সন্ধি কাক বোলে ?

    নিচেই ওচৰা-উচৰিকৈ থকা এটা শব্দৰ শেষৰ আখৰ  আৰু আন এটাৰ প্ৰথম আখৰৰ মিলনকে সন্ধি বোলা হয় ।


সন্ধি কেই প্ৰকাৰৰ আৰু কি কি ?

সন্ধি তিনি প্ৰকাৰৰ : ---
(১) স্বৰ সন্ধি
(২) ব্যঞ্জন সন্ধি
(৩) বিসৰ্গ সন্ধি


(১) স্বৰ সন্ধি

      স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হলে যি সন্ধিৰ গঠন হয় তাক স্বৰ সন্ধি বোলে। 


(ক) অ + অ  = আ


জল + অধিপতি  জলাধিপতি
শস্য + অধিপতি শস্যাধিপতি
নৰক + অসুৰ নৰকাসুৰ
দেৱ + অসুৰ দেৱাসুৰ
নৰ + অধম নৰাধম
নীল + অচল নীলাচল
হস্ত + অক্ষৰ হস্তাক্ষৰ
দেশ + অন্তৰ দেশান্তৰ
ৰূপ + অন্তৰ  ৰূপান্তৰ
দেৱ + অসুৰ দেবাসুৰ
পৰ  + অধীন  পৰাধীন
লাভ  + অলাভ লাভালাভ
কৃষ্ণ + অৰ্জুন = কৃষ্ণাৰ্জুন

(খ) অ + আ = আ
হিম + আলয় হিমালয়
ভোক + আতুৰ ভোকাতুৰ
ভয় + আতুৰ ভয়াতুৰ
বিবেক + আনন্দ বিবেকানন্দ
পৰম + আনন্দ পৰমানন্দ
শুভ + আগমন শুভাগমন
বৰ্ণ + আশ্ৰম বৰ্ণাশ্ৰম
শৃংখল + আবদ্ধ শৃংখলাবদ্ধ
শোক + আকুল শোকাকুল
ছাত্ৰ + আবাস ছাত্ৰাবাস
পূৰ্ণ + আনন্দ  পূৰ্ণানন্দ
শিল্প + আলয় শিল্পালয়
ৰত্ন    + আকৰ ৰত্নাকৰ
ভাৰ + আক্ৰান্ত ভাৰাক্ৰান্ত
পুনৰ + আবৃতি পুনৰাবৃত্তি
হত + আশা হতাশা
বৃত্ত + আকাৰ বৃত্তাকাৰ

(গ) আ + আ = আ
বিদ্যা + আলয়  বিদ্যালয়
উমা + আনন্দ উমানন্দ
মহা + আশয় মহাশয়
মহা + আলয়  মহালয়
তৃষ্ণা + আতুৰ তৃষ্ণাতুৰ
বিদ্যা + আৰম্ভ বিদ্যাৰম্ভ
কাৰা + আগাৰ কাৰাগাৰ
সদা  + আনন্দ সদানন্দ
মন্ত্ৰণা  + আলয়  মন্ত্ৰণালয়
গৱেষণা + আগাৰ গৱেষণাগাৰ
শ্ৰদ্ধা + আস্পদ শ্ৰদ্ধাস্পদ
অনা + আৰ্য অনাৰ্য

(ঘ) আ + অ = আ
সীমা + অন্ত সীমান্ত
আশা + অতীত আশাতীত
ধাৰণা + অতীত ধাৰণাতীত
যথা + অৰ্থ যথাৰ্থ
ক্ষমতা + অধীন ক্ষমতাধীন
মহা + অৰ্ঘ মহাৰ্ঘ
বিদ্যা + অৰ্ণৱ বিদ্যাৰ্ণৱ
আশা + অনুৰূপ আশানুৰূপ

(ঙ) ই + ই = ঈ
অতি + ইন্দ্ৰিয় অতীন্দ্ৰিয়
অভি + ইষ্ট  অভীষ্ট
প্ৰতি + ইতি প্ৰতীতি
অতি + ইত অতীত
অতি + ইব অতীব
ৰবি + ইন্দ্ৰ ৰবীন্দ্ৰ
গিৰি + ইন্দ্ৰ গিৰীন্দ্ৰ

(চ) ই + ঈ = ঈ
পৰি + ঈক্ষা  পৰিক্ষা
ক্ষিতি + ঈশ ক্ষিতীশ
গিৰি  + ঈশ  গিৰীশ
প্ৰতি + ঈক্ষা প্ৰতীক্ষা 

(ছ) ঈ + ঈ = ঈ
সতী + ঈশ সতীশ
মহী + ঈশ মহীশ
পানী + ঈয়া পনীয়া
গৌৰী + ঈশ্বৰ  গৌৰীশ্বৰ

(জ) ঈ + ই = ঈ
শচী + ইন্দ্ৰ শচীন্দ্ৰ
মহতী + ইচ্ছা মহতীচ্ছা
বলী + ইন্দ্ৰ বলীন্দ্ৰ
সতী + ইন্দ্ৰ সতীন্দ্ৰ
(ঝ) উ + উ = ঊ
গুৰু + উপদেশ গুৰূপদেশ
মৰু + উদ্যান মৰূদ্যান
কটু + উক্তি কটূক্তি

(ঞ) উ+ ঊ = ঊ
লঘু + ঊমি লঘূৰ্মি
বায়ু + ঊমি বায়ূৰ্মি
0 0
0 0

(ট) অ + ই = এ  আৰু  অ + ঈ = এ
নৰ + ইন্দ্ৰ  নৰেন্দ্ৰ
দেৱ + ইন্দ্ৰ দেৱেন্দ্ৰ 
পৰম + ঈশ্বৰ পৰমেশ্বৰ
নৰ + ঈশ  নৰেশ
দেৱ + ঈশ্বৰ দেবেশ্বৰ

(ঠ) আ + ই = এ আৰু আ + ঈ = এ
যথা + ইষ্ট যথেষ্ট
মহা + ইন্দ্ৰ মহেন্দ্ৰ
মহা + ঈশ্বৰ মহেশ্বৰ
ৰমা + ঈশ  ৰমেশ


(ড) অ + উ = ও আৰু অ + ঊ = ও
সম + উচিত  সময়োচিত
বোধ + উদয়  বোধোদয়
প্ৰশ্ন + উত্তৰ প্ৰশ্নোত্তৰ
স্নাতক + উত্তৰ স্নাতকোত্তৰ
হিত + উপদেশ হিতোপদেশ
সম + উচিত সমুচিত
শীত + উষ্ণ শীতোষ্ণ
গৃহ + ঊৰ্ধ্ব  গৃহোৰ্ধ্ব

(ঢ) আ + উ = ও আৰু আ + ঊ = ও
যথা + উপযুক্ত যথোপযুক্ত
যথা + উচিত  যথোচিত
মহা + উদয় মহোদয়
কথা + উপকথন কথোপকথন
গংগা + ঊৰ্মি  গংগোৰ্মি


(ণ) অ + ঋ = ৰেফ  আৰু আ + ঋ = ৰেফ
দেৱ + ঋষি দেৱৰ্ষি
সপ্ত + ঋষি সপ্তৰ্ষি
মহা + ঋষি  মহৰ্ষি
ৰাজা + ঋষি ৰাজৰ্ষি
(ত) অ + এ = ঐ আৰু আ + এ = ঐ
হিত + এষী হিতৈষী
জন + এক  জনৈক
তথা +  এবচ তথৈবচ
তথা + এব তথৈব
(থ) অ + ঐ = ঐ আৰু আ + ঐ = ঐ
মত + ঐক্য মতৈক্য
ৰাজ + ঐশ্বৰ্য ৰাজৈশ্বৰ্য
মহা + ঐৰাৱত মহৈৰাৱত
মহা + ঐশ্বৰ্য মহৈশ্বৰ্য

(দ) অ + ও = ঔ আৰু অ + ঔ = ঔ 
জল + ওঘ জলৌঘ
জল + ওকা জলৌকা
পৰম + ঔষধ পৰমৌষধ
বন + ঔষধি  বনৌষধি

(ধ) ই + অ =  ্য ,   ই + আ =  ্য  আৰু  ঈ + অ =  ্য

অতি + অধিক অত্যধিক
অতি + অন্ত অত্যন্ত
ইতি + আদি ইত্যাদি
অতি + আচাৰ অত্যাচাৰ
নদী+ অম্বু নদ্যম্বু

(ন)  ই + উ =  ্য,  আৰু  ই + এ =  ্য

প্ৰতি + উত্তৰ প্ৰত্যুত্তৰ
উপৰি +  উপৰি উপৰ্যুপৰি
অভি + উদয় অভ্যুদয়
প্ৰতি + এক প্ৰত্যেক

(প) এ + অ = অয়, আৰু  ঐ + অ = আয়

নে + অন  নয়ন
শে + অন শয়ন
গৈ + অক গায়ক
নৈ + অক  নায়ক

Post a Comment

Previous Post Next Post