অসমৰ জাতীয় প্ৰতীকসমুহ

অসমৰ জাতীয় প্ৰতীকসমুহ 


গতে চাওঁক :
>>ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমুহ 

জাতীয় সংগীত

অ’ মোৰ আপোনাৰ দেশ ৷

      অ’ মোৰ আপোনাৰ দেশ হৈছে অসমৰ জাতীয় সংগীত  ৷ ইয়াৰ লেখকঃ হৈছে  লক্ষ্মীনাথ বেজবৰুৱা ৷ ১৯১০ চনৰ ২৩ মে’ তাৰিখে গীতটি ৰচনা কৰা হয় আৰু ১৯১০ চনতে মোৰ দেশ নামেৰে বাঁহী আলোচনীত প্ৰকাশ পায় ৷১৯২৮  চনৰ  ২৭ আৰু ২৮ অক্টোবৰত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনত অসমৰ জাতীয় সংগীত ৰূপে  গৃহীত হয় ৷ 


অ’ মোৰ আপোনাৰ দেশ!
অ’ মোৰ চিকুণী দেশ!
এনেখন শুৱলা,
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত!
অসমৰ সুৱদি মাত!
পৃথিৱীৰ ক'তো
বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই!
অ’ মোৰ অসমী আই!
চাই লওঁ এবাৰ
মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।


চৰকাৰী মোহৰ

অসম চৰকাৰ

চিত্ৰৰ উৎস : ৱিকিপিডিয়া

অসমৰ ৰাজ্যিক ভাষা

অসমীয়া 

   অসমীয়া হৈছে অসমৰ ৰাজ্যিক ভাষা ৷ অসমত সৰ্বাধিক প্ৰচলিত ভাষা হৈছে অসমীয়া। অসমীয়া হৈছে ভাৰতৰ সংবিধান স্বীকৃতি ভাষা ৷


জাতীয় প্ৰতীক তথা জন্তু

এশিঙিয়া গঁড়
চিত্ৰৰ উৎস : ৱিকিপিডিয়া

     এশিঙিয়া গঁড়ৰ বাবে অসম পৃথিৱীৰ ভিতৰত বিখ্যাত ৷ অসমত পোৱা এটা খৰ্গযুক্ত বা এশিঙীয়া গঁড় হৈছে অসমৰ জাতীয় জন্তু ৷ পৃথিৱীৰ ভিতৰত  এশিঙিয়া গঁড় আটাইতকৈ বেছি অসমতে পোৱা য়ায়  ৷ ই  প্ৰধানতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ৷ ২০০৩ চনৰ ৪ এপ্ৰিলত অসম চৰকাৰে গঁড়ক অসমৰ জাতীয় জন্তুৰূপে ঘোষণা কৰে ৷

জাতীয় উৎসৱ

 বিহু



 বিহু হৈছে অসমৰ জাতীয় উৎসৱ ৷ বিহু হৈছে  অসমীয়া মানুহৰ সাংস্কৃতিক  পৰিচয়। বিহু হৈছে ঐক্যতাৰ প্ৰতীক ৷ বিহুত প্ৰতিফলন হয় অসমৰ সমাজ জীৱন, প্ৰতিফলিত হয় অসমৰ কৃষ্টি-সংস্কৃতিৰ ৷ বিহু মূলতঃ এক কৃষিভিত্তিক উৎসৱ ৷ অতিজৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীয় লোকে বসবাস কৰি আহিছে ৷ তেওঁলোকে বিভিন্ন উৎসৱ পালন কৰি আহিছে যদিও সাম্প্ৰতিক সময়ত জাতি, বর্ণ, ধর্ম নির্বিশেষে অসমৰ মানুহে বিহুক  জাতীয় উৎসৱ ৰূপে পালন কৰি  আহিছে । বিহু তিনিটা বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু ৷

জাতীয় নৃত্য

বিহুনৃত্য
ফটোৰ উৎস : ইন্টাৰনেট

    বিহু নৃত্য হৈছে অসমৰ সৰ্বাধিক প্ৰচলিত এক লোকনৃত্য ৷ বিহু নৃত্য হৈছে বিহুৰ সৈতে ওতপ্ৰোত ভাৱে  জড়িত নৃত্য ৷ বিহু নৃত্য হৈছে অসমীয়া সংস্কৃতিৰ প্ৰতীক ৷ পৰম্পৰাগত মুগাৰ সাজপাৰ পিন্ধি এই নৃত্যত অংশগ্ৰহণ কৰে ৷

জাতীয় ফুল 

কপৌ ফুল (Foxtail Orchid)

ফটোৰ উৎস : ৱিকিপিডিয়া

      কপৌফুল হৈছে অসমৰ জাতীয় ফুল  ৷ ই হৈছে অসমীয়াৰ চেনেহৰ তথা আপোন ফুল। অসমীয়া সমাজ জীৱনত  কপৌফুলে এক স্থান দখল কৰি আছে ৷ কপৌফুলে অসমীয়া মন পুলকিত কৰে ৷ ই বসন্ত কালত ফুলা এবিধ ফুল ৷ বহাগ বিহুৰ সৈতে কপৌফুলৰ এক মধুৰ সম্পৰ্ক আছে ৷ বিশেষকৈ বিহুত নাচনীসকলে সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে খোপাত ব্যৱহাৰ কৰে ৷ অসমীয়া বিহুগীত সমুহত কপৌফুলে এক সুকীয়া স্থান দখল কৰি আহিছে ৷ ২০০৩ চনৰ ৪ এপ্ৰিলত অসম চৰকাৰে কপৌফুলক অসমৰ জাতীয় ফুলৰূপে ঘোষণা কৰে ৷

জাতীয় বৃক্ষ


হোলোং(Dipterocarpus macrocarpus )


    হোলোং হৈছে অসমৰ জাতীয় বৃক্ষ ৷ ২০০৩ চনৰ ৪ এপিলত হোলোং গছক  ৰাজ্যিক বৃক্ষ ৰূপে ঘোষণা কৰা হয় ৷ হোলোং হৈছে অসমৰ আটাইতকৈ ওখ উদ্ভিদৰ ভিতৰত অন্যতম ৷ ই কম ডাল থকা  সম্পূৰ্ণ পোন আৰু  প্ৰায় ১৫০ ফুট ওখ হয় ৷ ইয়াৰ বৈজ্ঞানিক নাম Dipterocarpus macrocarpus ৷ বৰ্গ হৈছে  Malvales ৷ গণ হৈছে  Dipterocarpus ৷ ইয়াক ভাৰতৰ অসম আৰু অৰুণাচলত পোৱা যায় ৷ ইয়াৰ উপৰিও ইয়াক দক্ষিণ- পূব এচিয়াত দেখিবলৈ পোৱা যায় । ই অৰুণাচলৰো জাতীয় বৃক্ষ ৷ইয়াক উজনি অসম বিশেষকৈ দিহিং পাটকাই বনাঞ্চল ,যোৰহাটৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত আদিত  হোলোং গছ দেখিবলৈ পোৱা য়ায় ৷

জাতীয় পক্ষী


দেওহাঁহ (White-winged Wood Duck)
ফটোৰ উৎস : ৱিকিপিডিয়া

     দেওহাঁহ হৈছে অসমৰ জাতীয় পক্ষী ৷ ই হৈছে এক বগা ডেউকাযুক্ত ডাঙৰ প্ৰজাতিৰ বনৰীয়া হাঁহ । ই প্ৰধানত কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে ৷ এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক দেওহাঁহ বুলি কোৱা হয় ৷ বৰ্তমান দেওহাঁহ আপুৰুগীয়া আৰু বিৰল প্ৰজাতিত অন্তভূক্ত কৰা হৈছে। ২০০৩ চনৰ ৪ এপ্ৰিলত অসম চৰকাৰে দেওহাঁহক অসমৰ জাতীয় পক্ষীৰূপে ঘোষণা কৰে ৷

অসমৰ জাতীয় পানীয়


চাহ

   চাহ হৈছে অসমৰ জাতীয় পানীয় ৷ ভাৰতৰ ভিতৰত সৰ্বাধিক চাহ উৎপাদন হয় অসমত ৷ ভাৰতৰ প্ৰায় ৬০ শতাংশ চাহ অসমে উৎপাদন কৰে ৷ বিশ্বত অসমৰ চাহৰ এক বিশেষ সমাদৰ আছে ৷২০১১ চনত অসম চৰকাৰে চাহক ৰাজ্যিক পানীয়ৰূপে ঘোষণা কৰে ৷

অসমৰ জাতীয় জলচৰ প্ৰাণী 

 শিহু 


শিহু হৈছে অসমৰ জাতীয় জলচৰ প্ৰাণী ৷ শিহু হৈছে নদীত পোৱা একপ্ৰকাৰৰ ডলফিন । ইয়াক ভাৰতৰ কেইবাখনো নদীত পোৱাৰ উপৰিও অসমৰ ব্ৰহ্মপুত্ৰ নদীত পোৱা যায় ৷ ২০০৮ চনৰ ৫ এপ্ৰিলত শিহুক অসমৰ জাতীয় জলজ প্ৰাণীৰূপে স্বীকৃতি দিয়া হয় ।


জাতীয় শ্লোগান


জয় আই অসম



সম্পৰ্কীয় লেখা : ----

(১) অসমৰ জাতীয় বৃক্ষ হোলোং ৷
(২) প্ৰথম অসমীয়া সকল ৷
(৩) অসম বুৰঞ্জীৰ কুইজ ৷





Post a Comment

Previous Post Next Post