ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন সমুহ / National Symbols of India

 ভাৰতৰ  ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন সমুহ 


(১)  ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক/National Emblem 




     উত্তৰ প্ৰদেশৰ সাৰনাথত অৱস্থিত  অশোক স্তম্ভৰ ওপৰৰ অংশক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে লোৱা হয় । প্ৰতীকটোত সিংহ তিনিটাৰ উপৰিও তলৰ সোমাজত অশোক চক্ৰ; চক্ৰটোৰ সোঁফালে এটা ষাঁড়আৰু বাওঁফালে এটা ঘোঁৰা দেখা যায় । ৰাষ্ট্ৰীয় প্ৰতীকটোত মূল স্তম্ভৰ তলত থকা পদুম পাহ বাদদি তাৰ ঠাইত মুণ্ডক উপনিষদৰ পৰা লোৱা "সত্যমেৱ জয়তে" (সত্যৰ সদায় জয় ) কথাফাঁকি দেৱনাগৰী লিপিত লিখা হৈছে। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰে। 


(২) ৰাষ্ট্ৰীয় পতাকা / National Flag



   ভাৰতৰ জাতীয় পতাকাখন তিনিটা ৰং ক্ৰমে গেৰুৱা, বগা আৰু সেউজীয়া ৰঙেৰে গঠিত । ইয়াত মাজত এটা চক্ৰ আছে  যিটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে । চক্ৰটোত ২৪ ডাল ডাণ্ডি আছে । জাতীয় পতাকাৰ দীঘ আৰু প্ৰস্থৰ অনুপাত ৩:২ ৷ ১৯৪৭ চনৰ ২২ জুলাইত এই পতাকাখন ৰাষ্ট্ৰীয় পতাকা হিচাপে  গ্ৰহণ কৰা হয় ।

(৩) ভাৰতৰ জাতীয় সংগীত/National Anthem

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত ‘জন গণ মন অধিনায়ক’ শীৰ্ষক গীতটিক হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৷  মূল গীতটি পাঁচটা স্তৱক আছে। তাৰে প্ৰথম স্তৱকটিক ১৯৫০ চনৰ ২৪ জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছে। গীতটি ৫২ ছেকেণ্ডৰ ভিতৰত  গায় শেষ কৰিব লাগে। গীতটি হৈছে ৷

“জন-গণ-মন অধিনায়ক জয়হে, ভাৰত-ভাগ্য-বিধাতা,
পঞ্জাৱ-সিন্ধু-গুজৰাট-মাৰাঠা-দ্ৰাবিড় উৎকল বংগ।
বিন্ধ্য-হিমাচল যমুনা-গংগা উচ্ছল জলধি তৰংগ।
তব শুভ নামে জাগে, তব শুভ আশিস মাগে,
গাহে তব জয় গাথা।
জনগণ মংগল-দায়ক জয়হে, ভাৰত-ভাগ্য-বিধাতা।
জয় হে, জয় হে, জয় হে, 
জয় জয় জয় হে” ৷


(৪) ৰাষ্ট্ৰীয় গীত/National Song 

বংকিম চন্দ্ৰ চেটাৰ্জীৰ ‘বন্দে মাতৰম’ শীৰ্ষক গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃতি দিয়া হয়। গীতটি হৈছে : 
“বন্দে মাতৰম্‌।
সুজলম্‌ সুফলম্‌ মলয়জশীতলাম্‌
শস্যশ্যামলাম মাতৰম্‌।
শুভ্ৰা জ্যোৎস্না পুলকিত যামিনীম্‌
ফুল্ল কুসুমিত দ্ৰুম দল শোভিনীম্‌
সুভাসিনীম্‌ সুমধুৰ ভাষিণীম্‌
সুখদাম্‌ বৰদাম্‌ মাতৰম্‌” ৷

(৫) ভাৰতৰ ৰাষ্ট্ৰীয় পশু /National Animal
 

     ভাৰতৰ ৰাষ্ট্ৰীয় পশু হৈছে ঢ়েকীয়াপতীয়া বাঘ/Royal Bengal Tiger ৷ ঢেকীয়াপতীয়া বাঘক ১৯৭২ চনৰ ১৮ নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশু হিচাপে  মৰ্যাদা দিয়া হৈছে।

(৬) ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী / National Bird

     ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হৈছে ম’ৰা চৰাই/Indian Peacock ৷ ম’ৰা চৰাইক ১৯৬৩ চনৰ ৩১ জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ  স্বীকৃতি দিয়া হৈছে ৷

(৭) ভাৰতৰ ৰাষ্ট্ৰীয় ফুল/ National Flower

     ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল/Lotus ৷ এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ মৰ্যাদা দিয়া হৈছে ৷

(৮) ভাৰতৰ ৰাষ্ট্ৰীয় ফল/ National Fruit

     ভাৰতৰ ৰাষ্ট্ৰীয় ফল হৈছে আম/Mango । আমক ভাৰতৰ ৰাষ্ট্ৰীয় ফল হিচাপে স্বীকৃতি দিয়া হয়।

(৯) ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ/ National Tree

   ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটবৃক্ষ(Indian banyan)  । বট গছক ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি দিয়া হয়।

(১০) ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া/National Game

   ভাৰতৰ ৰাষ্ট্ৰীয় খেল হৈছে হকী/Hockey ৷ হকীক ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হিচাপে স্বীকৃতি দিয়া হয়।

 
(১১) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী/National Aquatic Animal

  ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হৈছে শিহু/Ganges River Dolphin ৷ ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত   শিহুক ৰাষ্ট্ৰীয় জলজ প্ৰাণী হিচাপে স্বীকৃতি দিয়ে ৷

(১২) ৰাষ্ট্ৰীয় নদী / National river
 

      ভাৰতৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা নদী/Ganga ৷ গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি দিয়া হয় ।

(১৩) ৰাষ্ট্ৰীয় পঞ্জিকা/National Calendar

     শকাব্দ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা। ১৯৫৭ চনৰ ২২ মাৰ্চৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা  প্ৰৱৰ্তন কৰা হয়। এই পঞ্জিকা অনুসৰি চ’ত মাহ বছৰৰ প্ৰথম মাহ ৷


(১৪) ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু/National Heritage Animal

    ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হৈছে ভাৰতীয় হাতী/Indian Elephant ৷ ভাৰতীয় হাতীক ২০১০ চনৰ ২২ অক্টোবৰ পৰা ৰাষ্ট্ৰীয় ঐতিহ্যবাহী পশু হিচাপে স্বীকৃতি দিয়া  হয় ।



(১৫) ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা/National Currency

     ভাৰতীয় টকা বা INR হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা।  ইয়াক ভাৰতীয় ৰিজাৰ্ভ বেংক নিয়ন্ত্ৰণ কৰে ৷ ৷ ইয়াক দেৱনাগৰী “र” (ৰ) আৰু ৰোমান বৰফলা “R” বৰ্ণৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। ইয়াক প্ৰতীক হৈছে “₹” ৷ এই প্ৰতীকটো অংকন কৰে আই আই টি ছাত্ৰ উদয় কুমাৰ ধৰ্মলিংগম।  ২০১০ চনৰ ১৫ জুলাইৰ পৰা এই প্ৰতীকটো গ্ৰহণ কৰা হয়। 

(১৬) ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক/National Monument

      ভাৰতৰ  ৰাষ্ট্ৰীয় স্মাৰক হৈছে নতুন দিল্লীত অৱস্থিত “ইণ্ডিয়া গেট” ৷

(১৭) ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি/National Vegetable

    ৰঙালাও/Pumpkin হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি। 




Post a Comment

Previous Post Next Post