অসমীয়া সাহিত্যৰ কুইজ/অসমীয়া সাহিত্যৰ কিছু তথ্য।

 অসমীয়া সাহিত্যৰ কুইজ /  অসমীয়া সাহিত্যৰ কিছু তথ্য। 




আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি 
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি 
মহৎলোকৰ বাণী


(১) অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?
উত্তৰ : শ্ৰীমন্ত শংকৰদেৱ।

(২) কীৰ্তন ঘোষা কোনে ৰচনা কৰে?
উত্তৰ : শংকৰদেৱে ৷

(৩) শংকৰ দেৱৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি?
উত্তৰ : কীৰ্তন ঘোষা। 

(৪) প্ৰথম অসমীয়া নাটক কি আছিল?
উত্তৰ :  শংকৰদেৱৰ চিহ্নযাত্ৰা ৷

(৫) শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰ :  প্ৰায়ে বাৰকুৰি।

(৬) নামঘোষা কোনে ৰচনা কৰিছিল?
উত্তৰ : মাধৱদেৱে।

(৭) চোৰধৰা নাটখন কোনে ৰচনা কৰিছিল?
উত্তৰ : মাধৱদেৱে।

(৮) মাধৱদেৱৰ নাটসমূহক কি নামেৰে জনা যায়?
উত্তৰ : ঝুমুৰা।

(৯) অসমীয়া ব্যাস বুলি কাক কোৱা হয় ?
উত্তৰ :  ৰাম সৰস্বতী ।

(১০) অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন কত  পোৱা যায়?
উত্তৰ : চৰ্যাপদবোৰত ৷

(১১) বাল্মীকিৰ ৰামায়ণক কোনে অসমীয়ালৈ অনুবাদ কৰে ?
উত্তৰ : মাধৱ কন্দলী ৷

(১২) প্ৰথম অসমীয়া গদ্য লেখক কোন ?

উত্তৰ : ভট্টদেৱ ৷

(১৩) প্ৰথম অসমীয়া গদ্য ৰচনা কি আছিল?
উত্তৰ :  ভট্টদেৱৰ ‘কথা গীতা’ ৷

(১৪) প্ৰথম অসমীয়া ছনেট কি আছিল ?
উত্তৰ : হেমচন্দ গোস্বামীৰ  ‘প্ৰিয়তমাৰ চিঠি’ ৷

(১৫) প্ৰথম অসমীয়া ছনেট পুথিখনৰ নাম কি আছিল ?
উত্তৰ :  “মালচ” (১৯০৯), লেখক আছিল হিতেশ্বৰ বৰবৰুৱা ।

(১৬) প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি ?
উত্তৰ :  পদ্মনাথ গোহাঞিবৰুৱা ৰচিত “লাহৰী” (১৮৯২ ) ৷

(১৭) প্ৰথম অসমীয়া উপন্যাস  খনৰ নাম কি আছিল ?
উত্তৰ :  পদ্মনাথ গোহাঞি বৰুৱাৰ “ভানুমতী”( ১৮৯১) ।
(১৮) প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি ?
উত্তৰ : জ্ঞানদাভিৰাম বৰুৱা “বিলাতৰ চিঠি”(১৯৩৯ চন) ৷

(১৯) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ?
উত্তৰ : আত্মৰাম শৰ্মাৰ “ধৰ্ম পুস্তক”(১৮১৩) ৷

(২০) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি ?
উত্তৰ :  হেমসৰস্বতীৰ “প্ৰহ্লাদ চৰিত” ৷

(২১) প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?
উত্তৰ :  লৰাবন্ধু। সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা।

(২২) অসমৰ প্ৰথম মহিলা আলোচনী খনৰ নাম কি?
উত্তৰ : ঘৰ জেউতি। 

(২৩) অসমৰ প্ৰথম সংবাদ পত্ৰৰ তথা আলোচনীনাম কি?
উত্তৰ :  “অৰুণোদয়” ৷

(২৪) অৰুণোদয় কেতিয়া প্ৰথম প্ৰকাশ পায় ?
উত্তৰ : ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে'ছৰ পৰা প্ৰথম প্ৰকাশ পায়।

(২৫) অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
উত্তৰ :  ৰজনীকান্ত বৰদলৈক ৷

(২৬) অসমীয়া সাহিত্যত  চুটিগল্পৰ জনক ৰূপে কাক জনা যায় ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা ৷

(২৭) প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
উত্তৰ :  লক্ষ্মীনাথ বেজবৰুৱাৰ “কন্যা” ৷

(২৮) প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা ৷

(২৯) অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?
উত্তৰ :  ৰবিন্সন (১৮৩৯ চন)। 

(৩০) প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি ?
উত্তৰ :  “গ্ৰামাৰ অব্ আছামিজ্ লেংগুৱেজ” – উইলিয়াম ৰবিনছন(১৮৩৯)

(৩১) অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন আছিল ?
উত্তৰ : হেমচন্দ্ৰ বৰুৱা ।

(৩২) প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰিছিল আৰু কিমান চনত ৰচনা কৰিছিল ?
উত্তৰ :  মাইকেল ব্রঞ্চন চাহোবে ৰচনা কৰিছিল ১৮৬৭ চনত।

(৩৩) প্ৰথম অসমীয়া চিকাৰ কাহিনী কি আছিল?
উত্তৰ :  তৰুণৰাম ফুকনৰ চিকাৰ কাহিনী ৷

(৩৪) প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?
উত্তৰ :  লক্ষ্মীনাথ বেজবৰুৱাৰ 'সুৰভি' ৷

(৩৫) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা কি আছিল?
উত্তৰ :  চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুৱৰী’(১৮৮৯) ৷

(৩৬) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?
উত্তৰ :  “প্রতিমা” আৰু “বীণ বৰাগী”।

(৩৭) অসমীয়া ভাষা উন্নতি সাধিনী সভা বা অ.ভা.উ.সা. কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ : ১৮৮৮ চনত। 

(৩৮) জোনাকী আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পাইছিল ?
উত্তৰ : ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত কলিকতাৰ পৰা প্ৰকাশ লাভ কৰিছিল ।

(৩৯) জোনাকী আলোচনী প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা ।

(৪০)  জোনাকী যুগৰ ত্ৰিমুৰ্তি বুলি কাক কাক কোৱা হয় ?
উত্তৰ :  লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী ৷

(৪১) অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি  কোতিয়াৰ পৰা হয় ?
উত্তৰ :   “জোনাকী” কাকত ওলোৱাৰ পৰা ৷

(৪২) অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
উত্তৰ : বিন্দু।

(৪৩) অসমীয়া ভাষাৰ প্রথম পাঠ্যপুথিখনৰ নাম কি ?
উত্তৰ :  অসমীয়া লৰাৰ মিত্র, (১৮৪১) ৷

(৪৪) প্ৰথম অসমীয়া সাপ্তাহিক আলোচনী খনৰ নাম কি আছিল?
উত্তৰ : “নৱযুগ” ৷ সম্পাদক আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।

(৪৫) বাঁহী আলোচনী কেতিয়া প্ৰথম প্ৰকাশ পায় ?
উত্তৰ : ১৯০৯ চনৰ নৱেম্বৰ মাহত  ৷ ইয়াৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা ৷

(৪৬) প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি আছিল ?
উত্তৰ : “পাতালপুৰী”৷

(৪৭) অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ : ১৯১৭ চনত ।

(৪৮) অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?
উত্তৰ :  শিৱসাগৰত , ১৯১৭ চনৰ ডিচেম্বৰ মাহত ৷

(৪৯) অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন আছিল ৷
উত্তৰ :  পদ্মনাথ গোহাঞিবৰুৱা ৷

(৫০) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰ : শৰত্‍ চন্দ্ৰ গোস্বামী ৷

(৫১) অসম সাহিত্যসভাৰ প্ৰধান কাৰ্য্যালয় কত অৱস্থিত ?
উওৰ : যোৰহাট ( চন্দ্ৰকান্ত সন্দিকৈ ভৱন) ৷

(৫২) অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো  কি ?
উত্তৰ : চিৰ চেনেহী মোৰ ভাষা জননী৷

(৫৩) অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কেতিয়া গ্ৰহণ কৰা হয় ?
উত্তৰ : ১৯৬০ চনৰ ২৮ অক্টোবৰত গ্ৰহণ কৰা হৈছিল ৷

(৫৪) অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো  কোনে অংকন কৰা ?
উত্তৰ : যুগল দাস ৷

(৫৫) অসম সাহিত্য সভাৰ আদৰণি গীতটিৰ নাম কি ?
উত্তৰ : চিৰ চেনেহী মোৰ ভাষা জননী আৰু এই গীতটি ৰচনা কৰে  মিত্ৰদেৱ মহন্তই ।

(৫৬) অসম সাহিত্য সভাৰ সামৰণি গীত কি ?
উত্তৰ : অ' মোৰ আপোনাৰ দেশ ৷

(৫৭) অসম সাহিত্য সভাৰ মুখপত্ৰখনৰ নাম কি?
উত্তৰ : “অসম সাহিত্য  সভা পত্ৰিকা”।

(৫৮) অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
উত্তৰ : চন্দ্ৰকান্ত অভিধান (১৯৩৩) ।

(৫৯) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন  আছিল?
উত্তৰ : নলিনীবালা দেৱী ৷

(৬০) নলিনীবালা দেৱী কোন খন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ?
উত্তৰ : অলকানন্দা  ৷

(৬১) প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী কোন আছিল  ?
উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।

(৬২) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল ?
উত্তৰ : “মৃত্যুঞ্জয়” উপন্যাসৰ বাবে ।

(৬৩) প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা লেখিকা কোন আছিল ?
উত্তৰ : মামণি ৰয়ছম গোস্বামী ৷

(৬৪) লক্ষ্মীনন্দন বৰাই কোনখন গ্ৰন্থৰ বাবে সৰস্বতী সন্মান লাভ কৰিছিল ?
উত্তৰ : “কায়কল্প) উপন্যাসৰ বাবে ২০০৮ চনত সৰস্বতী সন্মান লাভ কৰিছিল। 

(৬৫) সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কি আৰু কিমান চনত এই বঁটা লাভ কৰিছিল ?
উত্তৰ :  যতীন্দ্ৰ নাথ দুৱৰা। ১৯৫৫ চনত বনফুল কবিতাপুথিৰ বাবে লাভ কৰিছিল।

(৬৬) হীৰেণ ভট্টাচাৰ্য্যই কোনখন কবিতা পুথিৰ বাবে প্ৰথম সাহিত্য অকাডেমী বটাঁ লাভ কৰিছিল  ?
উত্তৰ :  “শ‍ইচৰ পথাৰ মানুহ”

(৬৭) সাহিত্য অকাডেমি বঁটা পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?
উত্তৰ : “ঈয়াৰুইংগম” (১৯৬০) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

(৬৮) নৱকান্ত বৰুৱাই কোনখন গ্ৰন্থৰ বাবে  সাহিত্য অকাডমী বঁটা লাভ কৰিছিল?
উত্তৰ : “ককাদেউতাৰ হাড় ” ৷

(৬৯) কোনখন গ্ৰন্থৰ বাবে ৰংবং তেৰাং সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ :  “ৰং মিলিৰ হাঁহি”  উপন্যাসখনৰ বাবে ৷

(৭০) চৈয়দ আব্দুল মালিক কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ : অঘৰী আত্মাৰ কাহিনী(১৯৭২) ৷

(৭১) হোমেন বৰগোহাঞি কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ : পিতা-পুত্ৰ উপন্যাসৰ বাবে(১৯৭৮)৷ 

(৭২) য়েছে দৰজে ঠংচি কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ : মৌন ওঁঠ মুখৰ হৃদয়(২০০৫) ৷

(৭৩) অসমীয়া সাহিত্যত বেকন বুলি কোৱা হয়?
উত্তৰ : সত্যনাথ বৰা। 

(৭৪) দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰ :  সাগৰ দেখিছা ৷

(৭৫) “চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?
উত্তৰ :  ফণী শৰ্মা ৷

(৭৬) অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যক কোন আছিল ?
উত্তৰ : ভবেন্দ্ৰনাথ শইকীয়া(১৯৯০) ৷

(৭৭) অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে ?
উত্তৰ : ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসে ৷

(৭৮) অসমৰ প্ৰথম মাহেকীয়া বিজ্ঞান আলোচনী খনৰ নাম কি?
উত্তৰ :  নতুন আৱিস্কাৰ ৷

(৭৯) অসমৰ প্ৰথম কার্টুন আলোচনী খনৰ নাম কি?
উত্তৰ : কার্টুন । 

(৮৯) আসাম বন্ধু কোনে সম্পাদনা কৰিছিল?
উত্তৰ : গুণাভিৰাম বৰুৱাই ।

(৯০) কানীয়াৰ-কীৰ্তন কোনে ৰচনা কৰিছিল ?
উত্তৰ : হেমচন্দ্ৰ বৰুৱা ৷

(৯১) ৰজনীকান্ত বৰদলৈ ৰচিত বিখ্যাত উপন্যাসখনৰ নাম কি?
উত্তৰ : মিৰি জীয়ৰী৷

(৯২) জনজাতীয় জীৱনৰ পটভূমিত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰ :  ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী”(১৮৯৪)।

(৯৩)  জ্ঞানমালিনী’ৰ কবি কাক কোৱা হয় ?
উত্তৰ : মফিজুদ্দিন আহমদ হাজৰিকা।

(৯৪) “মমতাৰ চিঠি” কবিতাটিৰ কবি কোন?
উত্তৰ : হেম বৰুৱা।

(৯৫) নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ : “সুদীৰ্ঘ দিন আৰু ঋতু”  পুথিৰ বাবে, ১৯৮৩ চনত।



লগতে চাওঁক : 






Post a Comment

Previous Post Next Post