Assam History GK / অসম বুৰঞ্জীৰ কুইজ ৷

Assam History GK / অসম বুৰঞ্জীৰ কুইজ ৷ 




আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি 
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি 
মহৎলোকৰ বাণী


(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷

(২) অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজনৰ নাম কি ?
উত্তৰ : দানৱ বংশৰ প্ৰতিষ্ঠাতা মহীৰংগ দানৱ ।

(৩) নৰকাসুৰ কোন ৰাজ্যৰ ৰজা আছিল ?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷

(৪) নৰকাসুৰে প্ৰতিস্থা কৰা বংশ টোৰ নাম কি আছিল ?
উত্তৰ : ভৌম ।

(৫) নৰক চতুৰ্দশী কেতিয়া পালন কৰা হয় ?
উত্তৰ : দীপান্বিতাৰ আগদিনা।

(৬) নৰকাসুৰৰ সেনাপতিৰ নাম কি আছিল ?
উত্তৰ : মুৰা  (শ্ৰীকৃষ্ণই বধ কৰিছিল সেইবাবে তেওঁক মুৰাৰী বুলি কোৱা হয় ) ৷

(৭) নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল ?
উত্তৰ : ভগদত্ত ৷

(৮) অসমৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল ?
উত্তৰ :  ভগদত্তই ৷

(৯) ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিৱাহ কৰাইছিল ?
উত্তৰ : কৌৰৱৰাজ  দুৰ্যোধন ৷

(১০) বান ৰজাই কোন ৰাজ্য শাসন কৰিছিল ?
উত্তৰ : শোনিতপুৰ।

(১১) বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল ?
উত্তৰ : ঊষা ৷

(১২) বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিৱাহ কৰাইছিল ?
উত্তৰ :  শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই ৷

(১৩) ঊষাৰ সখিয়েকৰ নাম কি আছিল ?
উত্তৰ :  চিত্ৰলেখা ৷

(১৪) হৰি-হৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰ : শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত।

(১৫) অগ্নিগড় কোনে আৰু কিয় নিৰ্মাণ কৰিছিল ?
উত্তৰ : শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰিবলৈ বানৰজাই অগ্নিগড় নিৰ্মাণ কৰিছিল ৷

(১৬) ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল ?
উত্তৰ : বিদৰ্ভ বা কুণ্ডিল ৷

(১৭) ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক কোনে বিৱাহ কৰিছিল ?
উত্তৰ : শ্ৰীকৃষ্ণই ৷

(১৮) বৰ্তমান কুণ্ডিল নগৰ কত অৱস্থিত ?
উত্তৰ :  শদিয়াত ৷

(১৯) পুৰণি কামৰূপ ৰাজ্য কেইটাভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰ : পুৰণি কামৰূপৰ চাৰিভাগত ভাগ কৰা হৈছিল ৷ (২০) ৰত্নপীঠ, (খ) কামপীঠ, (গ) স্বর্ণপীঠ আৰু (ঘ) সৌমাৰপীঠ।

(২১) অসমৰ প্ৰথম ঐতিহাসিক ৰজা জনৰ নাম কি ?
উত্তৰ : বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মন (৩৫০-৩৮০ খ্ৰী.)৷

(২২) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷

(২৩) বৰ্মন বংশৰ শেষ ৰজা কোন আছিল ?
উত্তৰ : - কুমাৰ ভাস্কৰ বৰ্মন ৷শাসনকাল (৬০০-৬৫০) ৷ 

(২৪) কাৰ শাসন কালত চীনা পৰিব্ৰাজক  হিউৱেন-চাং অসমলৈ আহিছিল ?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷

(২৫) চীনা পৰিব্ৰাজক  হিউৱেন-চাং কিমান চনত অসমলৈ আহিছিল ?
উত্তৰ :  ৬৪০ খ্ৰীষ্টাব্দত ।

(২৬) হিউৱেন চাংয়ে অসমৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি ?
উত্তৰ : গ্ৰন্থখনৰ নাম হল চি.ইউ. কি ৷

(২৭) ভাস্কৰাব্দ কোনে প্ৰৱৰ্তন কৰে ?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷

(২৮) বৰ্মন বংশৰ পাছত কোন বংশই কামৰূপ শাসন কৰে ?
উত্তৰ : শালস্তম্ভ বংশই ৷

(২৯) শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল ?
উত্তৰ : শালস্তম্ভ ৷ তেওঁ ৬৫০ চনত শাসন আৰম্ভণি কৰে।

(৩০) শালস্তম্ভ বংশৰ শেষ ৰজা জনৰ নাম কি আছিল ?
উত্তৰ : ত্যাগসিংহ ৷

(৩১) শালস্তম্ভ বংশৰ পাছত কোন বংশই কামৰূপ শাসন কৰে ?
উত্তৰ :  পাল বংশই।

(৩২) পাল বংশৰ প্ৰথম শাসক কোন আছিল ?
উত্তৰ : ব্ৰহ্মপাল (৯৯০ -১০১০) ৷

(৩৩) মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া আৰু কাৰ শাসন কালত  কৰিছিল ?
উত্তৰ : কামৰূপৰ ৰজা পৃথু ৰাজত্ব কালত ১২০৬ চনত মহম্মদ বিন বখতিয়াৰ খিলজী কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ৷

(৩৪) মুছলমানে দ্বিতীয় অসম আক্ৰমণ কেতিয়া আৰু কাৰ শাসন কালত  কৰিছিল ?
উত্তৰ :  ১২২৬ চনত ।

(৩৫) কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ?
উত্তৰ :  সন্ধ্যাই  ।

(৩৬) কামাখ্যা মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : - নৰকাসুৰ ৷

(৩৭) কামাখ্যা মন্দিৰ কত অৱস্থিত ?
উত্তৰ : নীলাচল পৰ্বতত।

(৩৮) কামাখ্যা মন্দিৰ কোনে কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল ?
উত্তৰ : ১৫৬৫ চনত কোচৰজা মহাৰাজ নৰনাৰায়ণে ৷

(৩৯) চুতীয়া ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল ?
উত্তৰ : ১১৮৭ খৃষ্টাব্দত ৷


(৪০) চুতীয়া ৰাজ্য  কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ : বীৰপাল ৷


(৪১) চুতীয়া ৰাজ্যৰ ৰাজধানী কত আছিল ?
উত্তৰ : শদিয়া ৷


(৪২) চুতীয়া ৰাজ্যৰ শেষৰজন  ৰজাৰ  নাম কি আছিল ?
উত্তৰ : - নীতিপাল ৷


(৪৩) সতী সাধিনী কোন আছিল ?
উত্তৰ : -চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল।

 
(৪৪) আহোমসকল অসমলৈ কিমান চনত  আহিছিল ?
উত্তৰ : ১২২৮ খৃষ্টাব্দত ৷


(৪৫) আহোমসকলৰ প্ৰথম ৰজা কোন আছিল ?
উত্তৰ :  স্বৰ্গদেউ চাওলুং চুকাফা ৷(১২২৮-১২৬৮) ৷


(৪৬) স্বৰ্গদেউ চাওলুং চুকাফা কিমান বছৰ শাসন কৰিছিল ?
উত্তৰ : ৪০ বছৰ ৷ ১২৬৮ চনত তেখেতে মৃত্যু হয় ।


(৪৭) আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?
উত্তৰ : ৬০০ বছৰ ৷


(৪৮) আহোমসকলৰ শেষ স্বাধীন ৰজা কোন আছিল ?
উত্তৰ : চন্দ্ৰকান্ত সিংহ ৷


(৪৯) অসমত প্ৰথমে বুৰঞ্জী লিখা প্ৰথা কোনে আৰম্ভ কৰে ?
উত্তৰ : - আহোমসকলে।

 
(৫০) কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয় ?
উত্তৰ : - স্বৰ্গদেউ চুকাফা ৷


(৫১) বুৰঞ্জী শব্দৰ অৰ্থ কি ?
উত্তৰ : - বুৰঞ্জী হৈছে টাই ভাষাৰ শব্দ ৷ ইয়াৰ অৰ্থ হৈছে নজনা কথাৰ ভঁৰাল  ৷


(৫২) আহোম ৰাজ্যৰ প্রথম স্থায়ী ৰাজধানীৰ নাম কি আছিল ?
উত্তৰ : - চৰাইদেউ ।


(৫৩) কোন জন আহোম ৰজাই চৰাইদেউৰ পৰা ৰাজধানী তুলি নি চৰগুৱাত স্থাপন কৰিছিল ?
উত্তৰ : - চুডাংফা বা বামুণী কোঁৱৰ( ১৩৯৭-১৪০৭) ।


(৫৪)কোন জন আহোম ৰজাই প্ৰথম শিঙৰী ঘৰত উঠা প্ৰথা আৰম্ভ কৰে ?
উত্তৰ : - চুডাংফা বা বামুণী কোঁৱৰ ৷


(৫৫) আহোমৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয় ?
উত্তৰ : চকলং ৷


(৫৬) কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হৈছিল ?
উত্তৰ : স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণ ৷


(৫৭) দিহিঙীয়া ৰজা বুলি কোৱা হয় ?
উত্তৰ : - স্বৰ্গদেউ চুহুংমুং ৷


(৫৮) কোন জন আহোম ৰজাই   চৰগুৱাৰ পৰা ৰাজধানী তুলি নি  বকতাত স্থাপন কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ চুহুংমুং  বা দিহিঙীয়া ৰজা ৷


(৫৯) কোন জন আহোম ৰজাই বৰপাত্ৰগোহাঁই পদ সৃষ্টি কৰিছিল ?
উত্তৰ : - স্বৰ্গদেউ চুহুংমুং  বা দিহিঙীয়া ৰজা ৷


(৬০)  প্ৰথমজন বৰপাত্ৰগোহাঁই কোন আছিল ?
উত্তৰ : - কনচেং বৰপাত্ৰগোহাঁই ৷


(৬১) কোনজন আহোম ৰজাৰ দিনৰ পৰা প্ৰথম স্বৰ্গদেও উপাধি ব্যৱহাৰ কৰা হয়?
উত্তৰ : - স্বৰ্গদেউ চুহুংমুং  বা দিহিঙীয়া ৰজা ৷


(৬২) কোনজন আহোম ৰজাই  পূৰ্বৰ  'আইজোতা ' শব্দৰ পৰিবৰ্তে হিন্দুৰ 'শকাব্দ' গ্ৰহণ আৰু প্ৰচলন কৰে ?
উত্তৰ :- স্বৰ্গদেউ চুহুংমুং  বা দিহিঙীয়া ৰজা ৷


(৬৩) কোনজন আহোম ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয় ?
উত্তৰ : ১৫২৮ খৃষ্টাব্দত স্বৰ্গদেউ চুহুংমুং  বা দিহিঙীয়া ৰজাৰ দিনত  ৷


(৬৪)  শদিয়াখোৱা গোঁহাই পদ কোনে আৰু কিয় সৃষ্টি কৰিছিল ?
উত্তৰ : চুতীয়া ৰাজ্য শাসন কৰিবলৈ চুহুংমুং  বা দিহিঙীয়া ৰজাই শদিয়াখোৱা গোঁহাই পদ সৃষ্টি কৰিছিল ।


(৬৫) মৰঙ্গীখোৱা গোঁহাইৰ পদ কোনে সৃষ্টি কৰিছিল ?
উত্তৰ : চুহুংমুং  বা দিহিঙীয়া ৰজাই 

 
(৬৬) কোনজন আহোম ৰজাই  প্ৰথম  অসমীয়া ভাষাত বুৰঞ্জী লিখোৱাইছিল ?
উত্তৰ : চুহুংমুং  বা দিহিঙীয়া ৰজাই  ৷


(৬৭) কোনজন ৰজাৰ শাসনকালত মুছলমানে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰ : চুহুংমুং  বা দিহিঙীয়া ৰজাৰ শাসন মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে ৷


(৬৮) কিমান চনত  মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে ?
উত্তৰ : ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই আহোম ৰাজ্য আক্ৰমণ কৰে। 


(৬৯) তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ সময়ত আহোম সেনাপতি কোন আছিল ?

উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই ৷ এই যুদ্ধত তেওঁৰ মৃত্যু হয়। 


(৭০) মুলাগাভৰুৰ স্বামীৰ নাম কি আছিল ?

উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই ৷


(৭১) মুলাগাভৰু কোন আছিল ?

উত্তৰ : মুলাগাভৰু আছিল ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী ৷ তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰিছিল আৰু এই যুদ্ধত তেওঁ মৃত্যু হয় ।


(৭২) গড়গঞা ৰজা বুলি কোৱা হয় ? 

উত্তৰ : স্বৰ্গদেউ চুক্লেনমুং ৷


(৭৩) কোন জন আহোম ৰজাই বকতাৰ পৰা ৰাজধানী তুলি নি  গড়গাওঁত স্থাপন কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুক্লেনমুং ৷ সেইবাবে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয় ৷


(৭৪) খোৰা ৰজা বোলে কাক কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চ্যুখামফা ৷


(৭৫) গড়গাওঁ পুখুৰী আৰু নগা আলি কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ চ্যুখামফা ৷


(৭৬)  কোন জন আহোম স্বৰ্গদেউ বুদ্ধি স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা বুলি কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ  ৷ 


(৭৭) কোনজন আহোম ৰজাৰ শাসনকালত পাইক প্ৰথা আৰম্ভ হৈছিল ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ।


(৭৮) কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ।


(৭৯) আহোম ৰাজত্বকালৰ প্ৰথমজন বৰবৰুৱা কোন আছিল ?

উত্তৰ : মোমাই তামুলীৰ বৰবৰুৱা ৷


(৮০) আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল ?

উত্তৰ : লাঙি  বৰফুকন ৷


(৮১) বৰফুকনৰ কাৰ্য্যালয় কত আছিল ?

উত্তৰ : কলিয়াবৰ ৷


(৮২) কোনজন আহোম ৰজাই  ৰহিয়াল বৰুৱা, জাগিয়াল গোহাঁই, কাজলীমুখীয়া গোহাঁই  পদবীৰ সৃষ্টি কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ।


(৮৩) কোনজন আহোম ৰজা ভগাৰজা নামে জনাজাত আছিল ?

উত্তৰ : স্বৰ্গদেউ চুৰাম্‌ফা ৷


(৮৪) কোনজন আহোম ৰজা নৰিয়া ৰজা নামে জনাজাত আছিল ?

উত্তৰ : স্বৰ্গদেউ চুত্যিণ্‌ফা ৷


(৮৫) কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুতাম্লা বা জয়ধ্বজ সিংহ ৷


(৮৬) মিৰজুমলাই কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰ : ১৬৬২ চনত জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ৷


(৮৭) মিৰজুমলা কোন আছিল ? 

উত্তৰ : বংগৰ নবাব ৷


(৮৮) ৰমণী গাভৰু কোন আছিল ?

উত্তৰ : স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা আছিল ৷


(৮৯) ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত  হৈছিল ?

উত্তৰ : ১৬৬৩ চনৰ ২৩ জানুৱাৰীত ৷


(৯০) ৰামসিংহই কেতিয়া আৰু কাৰ শাসনকালত অসম আক্ৰমণ কৰিছিল ?

উত্তৰ : ৰামসিংহই ১৬৬৭ চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত অসম আক্ৰমণ কৰিছিল ?


(৯১) ৰামসিংহ কোন আছিল ? 

উত্তৰ : ৰামসিংহ আছিল অম্বৰ ৰজা আৰু সম্ৰাট ঔৰংগজেৱৰ সেনাপতি ৷


(৯২) আলাবৈৰ ৰণ কেতিয়া হৈছিল ?

উত্তৰ : ১৬৬৯ চনৰ ৫ আগষ্টত আালাবৈৰ ৰণ হৈছিল ৷


(৯৩) আলাবৈৰ ৰণ কাৰ কাৰ মাজত  হৈছিল ?

উত্তৰ : আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল ৷


(৯৪) আলাবৈৰ ৰণত একেদিনাই কিমান অসমীয়া সেনাৰ মৃত্যু হৈছিল ?

উত্তৰ : ১০০০০ জন। 


(৯৯) আলাবৈৰ ৰণ কত সংঘটিত হৈছিল ?

উত্তৰ : বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ দলিবাৰীৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল ৷


(১০০) “বাৰীৰ ভিতৰত পুখুৰী খান্দিলেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে ৷” উক্ত কথাষাৰ কোনে কৈছিল ?

উত্তৰ : আহোমৰ প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁই ৷


(১০১) মোগল পৰিব্ৰাজক চিহাবুদ্দিন  তালিছে কোনখন গ্ৰন্থত অসমীয়া সেনাৰ বিষয়ে উল্লেখ কৰিছে ?

উত্তৰ : ফাতিহা-ই-ইব্ৰিয়া ৷


(১০২) শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ : ১৬৭১ চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল ৷


(১০৩) শৰাইঘাটৰ যুদ্ধৰ সময়ত কোনজন আহোম ৰজাই শাসন আছিল ?

উত্তৰ : স্বৰ্গদেউ উদয়াদিত্য সিংহ ৷


(১০৪) শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উত্তৰ : আহোম আৰু মোগলৰ মাজত ৷


(১০৫) শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল ?

উত্তৰ : লাচিত বৰফুকন  ৷


(১০৬) শৰাইঘাটৰ যুদ্ধত আহোমৰ  মোগলৰ সেনাপতি কোন আছিল?

উত্তৰ : অম্বৰ ৰজা ৰামসিংহ। 


(১০৫) লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : মোমাই তামুলী বৰবৰুৱা ৷


(১০৬) লাচিত বৰফুকনৰ কেতিয়া মৃত্যু হয় ?

উত্তৰ : শৰাইঘাট যুদ্ধ কিছুদিনৰ পাছত ১৬৭১ চনত ?


(১০৭) লাচিত দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ : ২৪ নৱেম্বৰত ৷


(১০৮) লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰ কত অৱস্থিত ?

উত্তৰ : যোৰহাটৰ হোলোঙাপাৰ  ৷


(১০৬) শৰাইঘাট যুদ্ধত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আহোম সেনাক কোনে নেতৃত্ব দিছিল ?

উত্তৰ : প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁই ৷


(১০৭) ল'ৰা ৰজা কাক কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুলিক্‌ফা ৷


(১০৮) জয়মতী কোন আছিল ?

উত্তৰ : স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী ৷ তেওঁ দেশৰ শকে ১৪ দিন শাস্তি ভুগি মৃত্যু বৰণ কৰিছিল ৷


(১১০) জয়মতীৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : লাইথেপেনা বৰগোহাঁই ৷


(১১১) জয়মতীক কত শাস্তি দিয়া হৈছিল ?

উত্তৰ : জেৰেঙা পথাৰত ৷


(১১২)  চকৰিফেঁটি বুৰঞ্জীৰ কোন  প্ৰণয়ন কৰিছিল ?

উওৰ : নুমলী বৰগোহাঁইয়ে৷


(১১৩) স্বৰ্গদেউ গদাধৰ সিংহ বা  চুপাতফা কিমান চনত আহোম ৰাজপাটত বহে ?
উত্তৰ : ১৬৮১ চনত ৷

(১১৪) ইটাখুলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৬৬২ খৃষ্টাব্দত ৷

(১১৫) ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?
উত্তৰ : আহোম আৰু মোগলৰ মাজত ৷

(১১৬) আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
উত্তৰ : ইটাখুলিৰ ৰণ 

(১১৭) কোন জন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।(১৬৯৪ চনত ) ৷

(১১৮) কোন জন আহোম স্বৰ্গদেৱে ধোদৰ আলি নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।

(১১৯) আহোমৰ শ্ৰেষ্ঠ নৃপতি কাক আখ্যা দিয়া হয় ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ বা চুখ্ৰংফা ৷

(১২০) স্বৰ্গদেউ ৰুদ্ৰ সিংহ  কিমান চনত আহোম ৰাজপাটত বহে ?
উত্তৰ : ১৬৯৬ চনত।

(১২১) কোনজন আহোম স্বৰ্গদেউয়ে ৰংপুৰত ৰাজধানী পাতিছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

(১২২) জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

(১২৩) কাৰ স্মৃতিৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহই জয়সাগৰ পুখুৰী নিৰ্মান কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই তেওঁৰ মাতৃৰ স্মৃতিত জয়সাগৰৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল ৷

(১২৪) নামদাঙৰ শিলৰ সাকোঁ কোনে নিৰ্মাণ কৰে ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৩ চনত নামদাঙৰ শিলৰ সাকোঁ নিৰ্মান কৰছিল ৷

(১২৫) নামদাঙৰ শিলৰ সাকোঁ বৰ্তমান কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ?
উত্তৰ : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৷

(১২৬) কোনজন আহোম স্বৰ্গদেৱে বিহু গীত-নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

(১২৭) খৰিকটীয়া আলি কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

(১২৮) ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

(১২৯)স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ  ৰাজসভাৰ বিখ্যাত পণ্ডিত গৰাকীৰ নাম কি?
উওৰঃ কবিৰাজ চক্ৰৱৰ্তী।

(১৩০) শংখচূড় বধ ' কোনে ৰচনা কৰিছিল ?
উত্তৰ : কবিৰাজ চক্ৰৱৰ্তী।

(১৩১)ৰুদ্ৰ সিংহই আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল?
উওৰঃ ১৮ বছৰ।

(১৩২) পৰ্বতীয়া গোহাঁই বুলি কাক  জনা গৈছিল ?
উত্তৰ : কৃষ্ণৰাম ভট্টাচাৰ্য্যক 

(১৩৩) কোন জন আহোম ৰজাৰ ছত্ৰ-ভংগৰ যোগ হোৱা বুলি জ্যোতিষীয়ে কৈছিল ?
উত্তৰ : স্বৰ্গদেউ শিৱসিংহ  ৷

(১৩৪) প্ৰথম বৰৰজা কোন আছিল ?
উত্তৰ : ফুলেশ্বৰী কুঁৱৰী ৷

(১৩৫)  গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিল??
উত্তৰ : বৰৰজা ফুলেশ্বৰী কুঁৱৰী ৷

(১৩৬) হস্তীবিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল ?
উত্তৰ : সুকুমাৰ বৰকাইথে ৷

(১৩৭)  বৰৰজা অম্বিকা কোন আছিল ?
উত্তৰ : স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৷

(১৩৮) শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?
উত্তৰ:- বৰৰজা অম্বিকাই ৷

(১৩৯)  শিৱসাগৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- বৰৰজা অম্বিকাই।

(১৪০) ৰংঘৰ কোন জন আহোম  ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ প্ৰমত্ত সিংহই।

(১৪১) স্বৰ্গদেউ প্ৰমত্ত সিংহই কিমান চনত ৰংঘৰ নিৰ্মাণ কৰে ?
উত্তৰ : ১৭৪৬ চনত।

(১৪২) শুক্লেশ্বৰ দেৱালয় আৰু ৰুদ্ৰেশ্বৰ দেৱালয় কোন জন আহোম  ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ প্ৰমত্ত সিংহই।

(১৪৩) তলাতল ঘৰ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

(১৪৪) কাৰেংঘৰ কোন জন আহোম  ৰজাই নিৰ্মাণ কৰিছিল ?
উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

(১৪৫) কোনজন আহোম ৰজাৰ দিনত আৰু কেতিয়া লতাকটা ৰণ হৈছিল ?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত ১৭৬৫ চনত।

(১৪৬) কুৰংগনয়নীক কোনে বিয়া কৰাইছিল ?
উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

(১৪৭)  কুৰংগনয়নী কোন আছিল ?
উত্তৰ : মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী ৷

(১৪৮) কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
উত্তৰ : স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত ৷

(১৪৯) কিমান চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
উত্তৰ : ১৭৬৯ চনত।

(১৫০) কিমান চনত দ্বিতীয়  মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
উত্তৰ : ১৭৮২ চনত।

(১৫১) কিমান চনত তৃতীয়  মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
উত্তৰ : ১৭৮৬ চনত ৷

(১৫২) কোনজন আহোম ৰজাৰ দিনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?
উত্তৰ : স্বৰ্গদেউ গৌৰীনাথ সিংহ ৷

(১৫৩) কোন জন আহোম ৰজাই ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ তুলি নিয়ে ?
উত্তৰ : স্বৰ্গদেউ গৌৰীনাথ সিংহ ৷

(১৫৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰ:- মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল।


(১৫৯) কোনজন আহোম ৰজাৰ ৰাজত্বকালত দন্দুৱাদ্ৰোহ সংঘটিত হৈছিল ? 
উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত।
 
(১৬০) মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : তিনিবাৰ। 

(১৬১) মানসকলক  কোনে অসমলৈ আছিল ?
উত্তৰ : বদনচন্দ্ৰ বৰফুকনে ৷

(১৬২) কিমান চনত মানৰ প্ৰথম অসম আক্ৰমণ  হৈছিল?
উত্তৰ : ১৮১৭ চনৰ ২৭ মাৰ্চত।

(১৬৩) কিমান চনত মানৰ দ্বিতীয় অসম আক্ৰমণ  হৈছিল?
উত্তৰ:- ১৮১৯ চনত।

(১৬৪) কিমান চনত মানৰ তৃতীয়  অসম আক্ৰমণ  হৈছিল?উত্তৰ : ১৮২১ চনত ।

(১৬৫) ইয়াণ্ডাবু সন্ধি কিমান স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত।

(১৬৬)  ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?
উত্তৰ : ইংৰাজ আৰু মান সেনাৰ মাজত। 

(১৬৭)  ইয়াণ্ডাবু সন্ধি কোন ঠাইত স্বাক্ষৰিত হৈছিল ?
উত্তৰ : ব্ৰাহ্মদেশৰ ইয়াণ্ডাবুত  ৷

(১৬৮) কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল

উত্তৰ : বিশ্ব সিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৷

(১৬৯) কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰ : নৰনাৰায়ণ।

(১৭০) গোঁহাই কমল আলিৰ কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ : চিলাৰায়।

(১৭১) নৰনাৰায়ণ আচল নাম কি  আছিল ?
উত্তৰ : নৰনাৰায়নৰ আচল নাম মল্লদেৱ  আছিল ।

(১৭২)  চিলাৰায়ৰ আচল  নাম কি  আছিল ?
উত্তৰ : চিলাৰায় আচল নাম শুক্লধ্বজ আছিল ।

(১৭৩) কোচ হোজো ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ : ৰঘুদেৱ ৷

(১৭৪) কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল?
উত্তৰ : ১৫৮১ চনত ৷

(১৭৫) কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল?
উত্তৰ : হিড়িম্বাপুৰ (বৰ্তমান ডিমাপুৰ) ৷

(১৭৭) শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কত আৰু কেতিয়া হৈছিল ?
উত্তৰ : ১৪৪৯ চনত বৰদোৱাৰ অলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ৷

(১৭৮) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?
উত্তৰ : শংকৰদেৱৰ পিতৃৰ নাম আছিল  কুসুম্বৰ ভূঞা ।

(১৭৯) শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?
উত্তৰ : শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা  ।

(১৮০) শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল ?
উত্তৰ :  শ্ৰী মন্ত শংকৰদেৱক বুঢ়ীমাক খেৰখুতীয়ে লালন পালন কৰিছিল ।

(১৮১) শ্ৰীমন্ত  শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছল ?
উত্তৰ : শংকৰদেৱে মহেন্দ্ৰ কলন্দিৰ  ওচৰত শিক্ষা গ্ৰহন কৰিছিল ।

(১৮২) শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল ?

উত্তৰ : শংকৰদেৱে প্ৰথমে মাজুলীৰ ধুৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল ।

(১৮৩) শ্ৰীমন্ত শংকৰদেৱ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰ : ১৫৬৮ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত মৃত্যু হৈছিল ৷


(১৮৪) হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ :  গিয়াচুদ্দিন আউলিয়াই ৷


(১৮৫) কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?
উত্তৰ :  গোমধৰ কোঁৱৰে ৷

(১৮৬) গোমধৰ কোঁৱৰে  ইংৰাজৰ বিৰুদ্ধে কিমান চনত বিদ্ৰোহ ঘোষণা কৰিছিল ?
উত্তৰ : ১৮২৮ চনত ৷

(১৮৭) ভাৰত তথা অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ : পিয়লি ফুকন ৷

(১৮৮) পিয়লি ফুকন কত আৰু কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ : ১৮৩০ চনত শিৱসাগৰত ফাঁচী দিয়া হৈছিল।

(১৮৯) পিয়লি ফুকনৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল।
উত্তৰ : জীউৰাম দুলীয়া বৰুৱাক ৷

(১৯০) অসমত  প্ৰথম  কৃষক বিদ্ৰোহ কেতিয়া আৰু কত সংঘটিত হৈছিল?
উত্তৰ= ১৮৬১ চনৰ ১৮ অক্টোবৰত  নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত ৷

(১৯১) অসমত  প্ৰথম  কৃষক বিদ্ৰোহ কি নামে জনা যায় ?
উত্তৰ : ফুলগুৰি ধেৱা ৷

(১৯২) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?
উত্তৰ : ১৯৪৩ চনৰ  ১৫ জুনত ৷

(১৯৩) অসমত কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল?
উত্তৰ : মণিৰাম দেৱান ৷

(১৯৪) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ :  ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

(১৯৫) অসম এছ'চিয়েচন কেতিয়া গঠন কৰি হয় ?
উত্তৰ : ১৯০৫ চনত।

(১৯৬) অসম ছাত্ৰ সন্মিলনী  কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰ : ১৯১৬ চনত। 

(১৯৭) অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

(১৯৮)  অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত প্ৰৱৰ্তন কৰা হৈছিল ৷

(১৯৯) অসমত কেতিয়া প্ৰথম জাহাজ চলাচল আৰম্ভ হৈছিল ?
উত্তৰ : ১৮৪৮ চনত ৷


(২০০) মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল ?
উত্তৰ : ১৯২১ চনত।

(২০১) অসমত  চাহ কেতিয়া আৱিস্কাৰ হৈছিল ?
উত্তৰ : ১৮২৩ চনত।

(২০২)  অসমত খাৰুৱা তেল কেতিয়া আৱিষ্কাৰ হৈছিল ?
উত্তৰ :  ১৮২৩ চনত ৷

(২০৩) অসমত কেতিয়াৰ পৰা প্ৰথম  খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল ?
উত্তৰ : ১৮৮৯ চনত ৷

(২০৪) ডিগবৈ তেল শোধনাগাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হয় ?
উত্তৰ : ১৯০১ চনত ।

(২০৫)  এছিয়াৰ  আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি ?
উত্তৰ : ডিগবৈ শোধনাগাৰ ।

(২০৬) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।

(২০৭) অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল ?
উত্তৰ : কনকলতা বৰুৱা ।

(২০৮) কনকলতা বৰুৱা কিমান চনত শ্বহীদ হয় ?
উত্তৰ : ১৯৪২ চনত ।







লগতে চাওক : 



















Post a Comment

Previous Post Next Post