বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া ৷ First Assamese

প্ৰথম অসমীয়া সকল ৷ First Assamese



(১)  ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?
উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

(২) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা  প্ৰথমজন অসমীয়া নাম কি?
উত্তৰ : ৰঞ্জন গগৈ ৷

(৩) প্ৰথম  অসমীয়া চলচিত্ৰ নিৰ্মাতা কৰোতা ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

(৪) ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ  লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ: সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই ৷

(৫) প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া ?
উত্তৰ : আনন্দৰাম বৰুৱা।

(৬) অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া ?
উত্তৰ : ড° টালিমেৰেণ আও ৷

(৭) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।

(৮)  জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

(৯) সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

(১০) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল ?
উত্তৰ : হলিৰাম ডেকা।

(১১) প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল
উত্তৰ : বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত।

(১২) পি এইচ ডি লাভ কৰা প্ৰথমজন অসমীয়া নাম কি ?
উত্তৰ : মঃ ময়িদুল ইছলাম বৰা ৷

(১৩) স্বাধীন অসমৰ প্ৰথমজন  মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰ: গোপীনাথ বৰদলৈ ৷

(১৪) ভাৰতৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : গোপীনাথ বৰদলৈ ৷

(১৫) অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন) ৷

লগতে চাওঁক ——

(১৬) দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : ড০ ভূপেন হাজৰিকা ৷

(১৭) পদ্মভূষণ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল
উত্তৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ৷

(১৮) অসমীয়া বোলছবি জগতৰ  প্ৰথম অভিনেত্ৰী  কোন আছিল?
উত্তৰ : আইদেউ সন্দিকৈ।

(১৯) কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা  কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

(২০) প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?
উত্তৰ : অচ্যুত শইকীয়া।

(২১) প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল ?
উত্তৰ : সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা

(২২) সংগীত নাটকঅকাডেমী বঁটা  লাভ কৰা প্ৰথমজন অসমীয়া  কোন আছিল ?
উত্তৰ :  মিত্ৰদেৱ মহন্ত (১৯৬১ চন) ৷

(২৩) ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ :  লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮ চন) ৷

(২৪) বিলাতত শিক্ষা লাভ প্ৰথমজন অসমীয়াৰ নাম কি ?
উত্তৰ : আনন্দৰাম ঢেকিয়ালফুকন ৷

(২৫) স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন  অসমীয়া নাম কি ?
উত্তৰ : ৰাধানাথ ফুকন ৷

(২৬) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।

(২৭) অসমৰ প্ৰথম গৰাকী মহিলা বিমান পাইলত কোন আছিল ?
উত্তৰ : ধীৰা চলিহা (১৯৬১ চনত ২১ বছৰতে বিমান চলাইছিল) ৷

(২৮) অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : নুৰুল আমিন ৷

(২৯) প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল ?
উত্তৰ : প্ৰমথেশ বৰুৱা ৷

লগতে চাওঁক ——
>>> অসমীয়া চলচ্চিত্ৰ কুইজ ৷

(৩০) চৰকাৰী হাইস্কুলৰ  প্ৰথম হেডমাষ্টৰ কোন আছিল ?
উত্তৰ : কেশৱ নাথ ফুকন ৷

(৩১) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল ?
উত্তৰ :কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ চন) ৷

(৩২) জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল ?
উত্তৰ : দেৱকান্ত বৰুৱা (১৯৭৫ চনত) ৷

(৩৩) অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া মহিলাৰ নাম কি ?
উত্তৰ : লাভলিনা বৰগোহাঁই ৷

(৩৪) মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া বডীবিল্ডাৰ নাম কি ?
উত্তৰ : হৰকান্ত বৰগোহাঁই ৷

(৩৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ  শ্বহীদ হোৱা প্ৰথমজন অসমীয়া কোন ?
উত্তৰ : পিয়লি ফুকন।

(৩৬) ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন আছিল ?
উত্তৰ : জাভেদ জামান।

(৩৭) অসমৰ প্ৰথম গৰাকী মহিলা আই.এ.এছ.(I.A.S.) কোন আছিল ?
উত্তৰ : পাৰুল দাস(১৯৭৪) ৷

(৩৮) সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী  অসমীয়া মহিলাৰ  নাম কি ?
উত্তৰ : নলিনীবালা দেৱী ( অলকানন্দা ১৯৬৮)

(৩৯) অসমৰ প্ৰথম গৰাকী মহিলা আই.পি.এছ.(I.P.S) কোন আছিল ?
উত্তৰ : য়ামিন হাজৰিকা ৷

(৪০) অসমৰ  প্রথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমানচালক   কোন আছিল ?
উত্তৰ :  মহানন্দ দাস।

(৪১)প্ৰথমজন  অসমীয়া ফিফা ৰেফাৰী কোন আছিল ?
উত্তৰ : বাবুল বাৰ্মিজ।

(৪২) প্রথম  অসমীয়া চাহ খেতিয়ক   কোন আছিল  ?
উত্তৰ :  জগন্নাথ বৰুৱা।

(৪৩) ব্যৱসায়ীকভাৱে চাহখেতি কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল ?
উত্তৰ : মণিৰাম দেৱান ৷

(৪৪) প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী জনৰ নাম কি আছিল ?
উত্তৰ : প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

(৪৫) অসম বিধান সভাৰ প্রথম অধ্যক্ষ কোন আছিল ?
উত্তৰ :  বসন্ত দাস।

(৪৬) ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথমজন অসমীয়া বোলছবি পৰিচালক কোন আছিল ?
উত্তৰ : নিপ বৰুৱা।

(৪৭) প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল ?
উত্তৰ : ভট্টদেৱ ৷

(৪৮) প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল ?
উত্তৰ : টেঙাই মহণ পণ্ডিত ৷

(৪৮) অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন আছিল  ?
উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা ৷

(৪৯)অসম সাহিত্য সভাৰ প্ৰথম  সম্পাদক কোন আছিল ?
উত্তৰ : শৰৎ চন্দ্ৰ গোস্বামী ৷

(৫০) পদ্মশ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়াৰ নাম কি আছিল ?
উত্তৰ : ডা° মথুৰা দাস আৰু অমলপ্ৰভা দাস ( ১৯৫৪) ৷

(৫১) ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি আছিল ?
উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা।

(52) প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি আছিল ?
উত্তৰ : পদ্মাৱতী দেৱফুকননী।

(৫৩) ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথমজন  অসমীয়া ব্যক্তিজন কোন আছিল ?
উত্তৰ : বিজয় চৌধুৰী।

(৫৪) অসমীয়া চলচ্চিত্ৰৰ প্ৰথমজন  কেমেৰামেন গৰাকী কোন আছিল ?
উত্তৰ : প্ৰতাপ বৰুৱা।

(৫৫) বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল ?
উত্তৰ : সাউদ ভোলানাথ বৰুৱা ৷

(৫৬)অসমৰ প্ৰথম গৰাকী মহিলা আৰক্ষী বিষয়া কোন আছিল ?
উত্তৰ :  ৰেণু দত্ত বৰফুকন ৷

(৫৭) অসমৰ প্ৰথম মহিলা উপ আৰক্ষী মহা পৰিদৰ্শক (বিশেষ শাখা) তথা DIG কোন আছিল ?
উত্তৰ : ভায়লেট বৰুৱা ৷

(৫৮) এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিল ?

উত্তৰ : তৰুণ শইকীয়া( ২০১৩ চনৰ ১৮ মে)

লগতে চাওঁক ——





2 Comments

Previous Post Next Post