ডাকৰ বচন
ডাকৰ বচনসমুহ অসমীয়া মৌখিক তথা লোক-সাহিত্যৰ অন্তৰ্গত আৰু ইয়াৰ সম্বন্ধ অসমীয়া জাতীয় জীৱনৰ লগত ওতপ্রোতভাবে জড়িত | অসমৰ জাতীয় জীৱনত বিশেষকৈ গাৰ্হস্থ্য জীৱনত ডাকৰ বচনসমুহৰ প্ৰভাৱ মন কৰিবলগীয়া ৷ ডাকৰ বচনসমুহ অসমীয়া জাতীয় জীৱনত বেদৰবাণীৰ দৰে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। ডাকৰ বচনত তেৰ- চৈধ্যটামান প্ৰকৰণ আছে ।
(১) কৃষি প্ৰকৰণ ৷
অসম কৃষি- প্ৰধান ৰাজ্য ৷ কৃষিয়েই অসমীয়া জীৱন স্বৰুপ ৷ সকলো কাম যিদৰে কিছুমান নিয়ম- পদ্ধতিৰ মাজেৰে কৰা হয় সেইদৰে কৃষিকৰ্মৰো কিছুমান নিয়ম- পদ্ধতিৰ মাজেৰে কৰা হয় । এই নিয়মসমুহ ডাকৰ বচনত সুন্দৰকৈ বৰ্ণোৱা আছে। কোন সময়ত, কেনেকুৱা ঠাইত কি খেতি কৰিব লাগে আৰু সেই খেতিত কেনে ধৰণৰ সাৰ দিব লাগে এই সকলো ডাকৰ বচনত উল্লেখ আছে । ইয়াৰ উপৰিও গৰু, নাঙল, কোৰ, বতৰ, বৰষুণ আদিৰো বৰ্ণনা পোৱা যায় ।
(১)
“ৰ’দে বৰষুণে সমে যাই ৷
তেবেসে কৃষিৰ লাভক পাই ৷৷”
(২)
“মাঘী সপ্তমীত বঢ়িষে দেৱ ৷
বেহা এৰি কৰ নাঙল সেৱ ৷৷”
(৩)
“বৰ্ষা কালত বেঙ্গৰ ৰাও।
হাল গৰু লৈয়া পথাৰক ধাও ৷৷”
(৪)
“ভাদৰ চাৰি আহিনৰ চাৰি ।
মাহ ব’বা যিমান পাৰি ৷৷”
(৫)
“তিনিশ ষাঠি জোপা ৰুবা কল ৷
মাহেকে পষেকে চিকুণাবা তল ॥
পাত পচলা লাভত খাবা ।
লঙ্কাৰ বণিজ ঘৰতে পাবা ৷৷
আঠীয়াত গোবৰ । মনোহৰত জাবৰ ॥
পুৰাত খাই । মালভোগত ছাই ৷৷”
(৬)
“জালুকত গোবৰ পাণত মাটি ।
কলপুলি ৰুবা তিনিবাৰ কাটি ৷৷
যদি বৰিষয় জলৰ কণা ।
ৰঙ্গ কৰি নাচে কৃষক জনা ॥”
(৭)
“গৰু কিনিবা দীঘল নেজা ৷
মৈত উঠিলে নহয় কুঁজা ৷৷”
(৮)
“সাতত পাতল পাঁচত ঘন ৷
ছয় তামোল নদন বদন ৷৷”
(৯)
“ঘন সৰিয়হ পাতল মাহ ৷
আবৰণ দি দিয়া কপাহ ৷৷”
(১০)
“আহিন কাতি ৰাখিবা পানী ৷
যেনেকৈ ৰাখে ৰজাৰ ৰাণী ৷৷”
(১১)
“আহু ৰুবা খোজত বুৰি ৷
শালি ৰুবা বেগেত ঘুৰি ৷৷”
(১২)
“গৰু কিনিবা চিকণ জালি ৷
দুই চাৰি ছয় দন্তীয়া ভালি ॥
ছয় নব দন্তী ভাগ্যেসে পায়।
সাত দন্তীক দেখি পলায় ৷৷”
(২) ৰন্ধন প্ৰকৰণ ৷
বিভিন্ন ৰন্ধন প্ৰণালীৰ বিষয়ে ডাকৰ বচনত উল্লেখ আছে ।
(১)
“চাউল দিবা যতেক ততেক ৷
পানী দিবা তিনি তেতেক ৷৷
যেবে দেখিবা নিসিজে চাউল ৷
তেতে বুলিবা ডাকক বাউল ৷৷”
(২)
“চিত জেৰোৱা চলি কাতি ৷
বতা হেঙ্গেৰা খাগৰা মুঠি ৷৷
স্বাস দীৰ্ঘ কৰি দিবা ফু ৷
তেবে দেখিবা জুইৰ মু ৷৷”
(৩)
“পকা তেতেলী বুঢ়া বৰালি ৷
বিস্তৰ কৰিয়া দিবাহা জালি ৷৷
কাঢ়ি থৈয়া দিবা টেঙা জোল ৷
খাইবাৰ বেলা মুণ্ড নোতোল ৷৷”
(৪)
“মাগুৰ মাছক কচি কুটিয়া ৷
হালধি মৰিচ হিঙ্গক দিয়া ৷৷
তৈল লোন দি কৰিবা পাক ৷
এই ব্যঞ্জন সাৰ বোলে ডাক ৷৷”
(৫)
“কাৱৈ মাছক কচি কুটিয়া ৷
হালধি মৰিচ হিঙ্গক দিয়া ৷৷
ওলোট পালট কৰিবা পিঠি ৷
খাই পাইবা তেবে দৃষ্টি ৷৷”
(৬)
“চেঙ্গা চেঙ্গেলি জামিৰৰ ৰসে ৷
কাহুদি দিয়া জেবে পৰিসে ৷৷
মুখৰ অৰুচি দুৰক যায় ৷
আচোক নৰ দেৱো মোহ পাই ৷৷”
(৭)
“ইলিচ মাছক কচি কুটিয়া ৷
ত্ৰিকটু দিয়া তৈলে ভাজিয়া ৷৷
এই ব্যঞ্জন যি জনে খাই ৷
আম্ৰৰ সদৃশ মুখ গোন্ধাই ৷৷”
(৮)
“সোকোতাৰ পাত বেসুয়াৰৰ জোল ৷
তৈলৰ ওপৰে দিয়া তোল ৷৷
পোৰালা শাক ৰোহিত মাছ ৷
ডাকে বুলে সেই ব্যঞ্জন সাচ ৷৷”
(৩) ধৰ্ম প্ৰকৰণ ৷
ডাকৰ বচনসমুহত ধৰ্ম সম্পৰ্কে কিছু বাণী পোৱা যায় ৷
(১)
দধি দুগ্ধ সালি অন্ন ৷
প্ৰবন্ধে জিতো কৰাই ভোজন ।৷
সিজনে পাৰে জদি ইন্দ্ৰিয় জিনিত ৷
তেবে বিন্ধ্যাগিৰি পাৰে সাগোৰ তৰিত ৷৷
(২)
ব্ৰাহ্মনৰ পিতৃ দেৱ অৰ্চ্চন ৷
ক্ষেত্ৰিয় গনৰ যুদ্ধ কৰন ৷৷
নৃপতি সবৰ প্ৰজা পালন ৷
বৈশ্যৰ বাণিজ্য ধন আৰ্জন ৷৷
শূদ্ৰৰ স্বধৰ্ম নিতি সেৱন ৷৷
(৩)
বৃক্ষ ৰোপনত অধিক ধৰ্ম ৷
মঠ মণ্ডপ সোভন কৰ্ম ৷৷
(৪)
অন্ন জন জানা অধিকে দান ৷
তাত কৰি শ্ৰেষ্ঠ নাহিকে আন ৷৷
(৫)
সোনৰ তুল্য কন্যা দান ৷
ডাকে বোলে তাৰ স্বৰ্গত থান ।৷
(৪) নীতি প্ৰকৰণ ৷
ডাকৰ বচনত নীতি সম্পৰ্কে কিছুমান সুন্দৰ বাণী পোৱা যায়।
(১)
“ পিতৃ মাতৃৰ নিতে নমে চৰন ৷
বোলন্ত ডাকে সাৰ্থক জীৱন ।৷”
(২)
“ষাঠি বছৰত বোলে আই ৷
আহাৰ শাওণত দোহে গাই ৷৷”
(৩)
“পুহত আহু জেঠত শালি ৷
তেবেসে জানিবা গৃহস্থালি ৷৷”
(৪)
“আপোচ পাত্ৰ নোহে ভাল ।
দন্ত খহিলে কিহৰ গিতাল ৷৷”
(৫)
“সৰ্ব্ব গুনিয়াক ভাতে নাটে ৷
দুষ্ট পুত্ৰ জাৰ নিতে কান্দে ৷৷”
(৬)
“চোৰে ভাল নেদেখে চন্দ্ৰৰ জ্যোতি ৷
দুষ্টা স্ত্ৰীৰ নাই পুত্ৰত ৰতি। ৷”
(৭)
“বৈদ্য হুয়া মৰে আপুনি বিসে ৷
নৃপতি হৈয়া প্ৰজাক হিংসে ।৷”
(৮)
“উৰুষা ঘৰত বাৰিষা থাকে ।
যুৱতী কন্যাক বাপেকে ৰাখে ।৷”
(৯)
“মৰে অলপ পানীৰ মাছ ৷
মৰে নদীৰ কুলৰ গাছ ৷৷”
(৫) ন্যায় প্ৰকৰণ ৷
ডাকৰ বচন সমুহত ন্যায় সম্পৰ্কেও উল্লেখ পোৱা যায়।
(১)
“ডাকে বোলে আগে ন্যায় সাজ ৷
ন্যায় হাৰিলে অধিকে লাজ ৷৷”
(২)
“এক সাখী চন্দ্ৰ সূৰ্য্যৰ সৰি ৷
তাক নামানিবা কৈলা সংহৰি ।৷”
(৩)
“শুনা কথাতে দেই পৰিক্ষা ৷
কথা পোচন্তে কৰয় কক্ষা ৷৷”
(৪)
“যি ন্যায়ত নাহিকে সাখী ৷
ডাকে বোলে তাক থৈবাহা ৰাখি ৷৷”
(৫)
“স্বামীৰ দুখে ভৃত্যৰ দণ্ড ৷
স্ত্ৰীৰ দুখে স্বামীৰ ৰণ্ড ভণ্ড ৷৷”
(৬)
“বাপে পোৱে যদি কন্দল বাজে ৷
পুত্ৰক দণ্ডিব পণ্ডিত ৰাজে ৷৷”
(৬) ৰাজনীতি প্ৰকৰণ ৷
ডাকৰ বচনসমুহত ৰাজনীতি সম্পৰ্কে উল্লেখ আছে। ৰজা আৰু প্ৰজাৰ কতৰ্ব্য আৰু মানুহ চিনি পোৱাৰ উপায় বৰ্ণোৱা আছে ।
(১)
“ৰজাক চিনিবা দানত ৷
ঘোৰাক চিনিবা কাণত ৷৷
খুৰক চিনিবা শাণত ৷
তিৰীক চিনিবা স্নানত ৷৷”
(২)
“কোন সাধু কোন চোৰ চিনা সৱ টান ৷
বিত পালে সকলোৱে এৰিবেক মান।৷”
(৩)
“যি ৰজাই প্ৰজাক পালে ৷
তহিতে বসতি কৰিবা ভালে ।৷”
(৪)
“ৰাজাৰ সেৱাত সবাকে পায় ৷
এতেকে ৰাজাক সেবে সদায় ৷৷”
(৫)
“যি নুবুজে ৰাজকাৰ্য্য
তাক নপঠাবা সভাৰ মাঝ ৷”
(৭) জন্ম প্ৰকৰণ ৷
ডাকৰ বচনসমুহত প্ৰসূতি আৰু সন্তানক কেনেদৰে পৰিচৰ্য্যা কৰি লাগে আৰু কি কি লোকাচাৰ পালন কৰিব লাগে এই বিষয়ে উল্লেখ আছে।
(১)
“উপজিয়া ডাকে বোলন্ত বাক ৷
পোৱাতী ৰাখিয়া চাৱ পুতাক ৷৷”
(২)
“ধুৱাই পখলাই কোলে লৈৱ জেবে ৷
ভালে ভালে ফুল পৰিব তেবে ৷৷”
(৩)
“হৰিধ্বনি কৰি নাভি কাটিবা ৷
দৃহ মুষ্টি কৰি গাঠি বান্ধিবা ৷৷”
(৪)
“এক কাঠে লাৰি চাৰি ৷
দুই কাঠে ফুক পাৰি ।৷
তিনি কাঠে কৰিয়া এক ৷
জেনে লাগে তেনে সেক ।৷”
(৫)
“লোন জালুক দি খুৱাবা ঝল ৷
তেবে স্তন বস হুইবেক ভাল ৷৷”
(৬)
“কলা তুলসী বেলৰ পাত ৷
মুথা সমে খুন্দি পটাত ৷৷
তপত কৰিয়া জননি খাইব।
তেবেসে জননি দৃঢ়ক পাইব ৷৷”
ডাকৰ বচনত গৃহিণী চৰিত্ৰ আৰু লক্ষণৰ বিষয়ে বৰ্ণনা দেখিবলৈ পোৱা যায় ৷
(৯) পৰিত্যাগ কথন ৷
ডাকৰ বচনত কেনেধৰণৰ মানুহ বা বস্তু ত্যাগ কৰা উচিত সেই বিষয়েও কিছু বৰ্ণনা পোৱা যায়।
(১)
“তিনি ভাৰ্য্যা যাৰ একেটি স্বামী ৷
তাক পৰিহাৰ বোলোহো আমি ৷৷”
(২)
“পৰিহাৰ সততে পৰ অন্নক আশ ৷
পৰিহাৰ শূন্য নগৰে নিৱাস ৷৷”
(৩)
“পৰিহাৰ শুকটি মাছৰ জোল ৷
পৰিহাৰ অসতি নাৰিৰ কোল ৷৷”
(৪)
“পৰিহাৰ অতি ধনী বান্ধৱৰ সুখ ৷
পৰিহাৰ ব্যঞ্জন বাসিৰ সুখ ৷৷”
(৫)
“পৰিহাৰ দন্ত বিহিনহ হাস ৷
পৰিহাৰ বিদ্যাহিন পুত্ৰৰ আস ।৷”
(১০) জ্যোতিষ প্ৰকৰণ ৷
জ্যোতিষ সম্পৰ্কত বিভিন্ন বৰ্ণনা ডাকৰ বচনত পোৱা যায় ৷
(১)
“আঁউসীৰ প্ৰতিপদ পূৰ্ণিমাৰ ৰাতি ৷
মাকৰ ঘৰলৈ নায়ায় জী ৷৷”
(২)
“শীত সৰিয়হ মীত মাহ ৷
শৰণত নেকাটে বেঁত বাঁহ ৷৷”
(৩)
“আগ কৰি দক্ষিণ পাও ৷
যৈকে লাগে তৈকে যাওঁ ৷৷”
(৪)
“যি নক্ষত্ৰ থাকে সসি ৷
তাৰ মধ্যে ৰাহু থাকে বসি ৷৷”
(৫)
“পূৰ্ণিমা প্ৰতিপদ সন্ধি যেবে ৷
ৰাহুক চন্দ্ৰক গ্ৰসিব তেবে ৷৷”
তথ্য সংগ্ৰহ : —
(১) ডাক-প্ৰবচন — ড° নবীন চন্দ্ৰ শৰ্মা ৷
(২) অসমীয়া সাহিত্যত দৃষ্টিপাত — হেমন্তকুমাৰ শৰ্মা ৷
(৩) অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী — যতীন্দ্ৰনাথ গোস্বামী।
লগতে পঢ়ক :