সত্যাগ্রহী শ্বহীদ জয়মতী কুঁৱৰী

 সত্যাগ্রহী শ্বহীদ জয়মতী কুঁৱৰী৷

✍পদ্ম বৰগোহাঞি, মাদুৰি।



 

    ছশ বছৰীয়া আহোম ৰাজত্ব কালত চুলিক্ফা বা ল'ৰাৰজাৰ দিনত তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ পুতেক লাঙ্গি গদাপাণি কোঁৱৰক ধৰিব নোৱাৰি তেওঁৰ পত্নী জয়মতী কুঁৱৰীকে ল'ৰা ৰজাই ধৰাই নি যি কোনো শাস্তিৰ বিনিময়ত হ'লেও গিৰিয়েকৰ বাতৰি উলিয়াবলৈ চাওদাঙৰ হাতত গতাই দিলে । চাওদাঙে শাস্তি দিওঁতে দিওঁতে চৰম নিৰ্যাতন ভুগি জয়মতী কুঁৱৰীয়ে পোন্ধৰ দিনৰ মুৰত নশ্বৰ দেহ ত্যাগ কৰি স্বৰ্গগামী হৈ নাৰী জাতিলৈ ত্যাগৰ চানেকি থৈ যায় । বুৰঞ্জীৰ পোহৰলৈ নহা এইগৰাকী সত্যাগ্ৰহী মহীয়হী আহোম ৰমণী জয়মতী কুঁৱৰীৰ পতিভক্তি আৰু দেশপ্ৰেমৰ লোমহৰ্ষক কাহিনীটো স্বনামধন্য সাহিত্যিক , গৱেষক ৰত্নেশ্বৰ মহন্তদেৱে জোনাকী যুগৰ 'জোনাকী' কাকতত ''জয়মতী কুঁৱৰী আৰু লাঙ্গি গদাপাণি" নামে এটা প্ৰৱন্ধ লিখি প্ৰকাশ কৰি প্ৰথম পোহৰলৈ আনি জনসাধাৰণৰ দৃষ্টি গোচৰ কৰাৰ পাছৰে পৰা অসমৰ কবি- সাহিত্যিক বুৰঞ্জী গৱেষক সকলে এই মহীয়সী নাৰী জয়মতী কুঁৱৰীৰ স্বামীভক্তি, দেশপ্ৰেম আৰু আত্মত্যাগৰ ওপৰত অধিক অনুসন্ধান আৰু গৱেষণা কৰি আলোচনী কাকতত লিখনি প্ৰকাশ কৰি তেওঁক অধিক পোহৰলৈ আনে ।


লাঙ্গি গদাপাণি কোঁৱৰৰ চমু পৰিচয় ৷


    তুংখুঙীয়া ফৈদৰ চুতেং নামৰূপীয়া ৰজাৰ পুতেক গোৱৰ গোহাঁই আৰু নিসাৰং গোহাঁই । গোৱৰ গোহাঁয়ে ১৫৯৬ শকত আহোম ৰাজপাটত উঠে । কুৰিদিন ৰাজভোগ কৰাৰ পাছত তলতীয়া বিষয়াই চক্ৰান্ত কৰি হত্যা কৰে । গোৱৰ গোহাঁইৰ পুত্ৰ দুজন আৰু এগৰাকী কন্যা । পুত্ৰ দুজনৰ নাম লাঙ্গি গদাপাণি আৰু জাম্বৰ গোহাঁই। বায়েকৰ নাম বাউলী । বাউলীক বন্দৰ বৰফুকনে বিয়া কৰাইছিল। তুংখুঙীয়া ফৈদৰ গদাপাণি কোঁৱৰ আছিল এজন বাহুবলী পুৰুষ । দেশৰ সাধাৰণ বিষয়াসকলে গদাপাণি কোঁৱৰক বিষয়বাব নহলেও সমীহ কৰি চলিছিল । আনকি ল'ৰা ৰজায়ো গাদী কাঢ়ি ল'ব বুলি শঙ্কা কৰিছিল ।

     গদাপাণি আৰু জয়মতীৰ পৰিচয় সম্পৰ্কে কথিত আছে, এদিন গদাপাণি কোঁৱৰে ল'ৰালিৰ বন্ধু লংককীয়া খামপেং বুঢ়াগোহাঁইক লগত লৈ বিশেষ কামত গেলেকীৰ দেওবিললৈ গৈছিল । দেওবিলৰ পৰা ঘূৰি আহোঁতে ভৰ দূপৰীয়া ৰ'দত পিয়াহ লাগিলত বাটৰ কাষৰ এঘৰ মানুহৰ পদূলি মূৰত জোপোহা গছ এজোপাৰ তলতে জিৰণি লওঁতে তিনিগৰাকী ছোৱালী লগ পাই খামপেং বুঢ়াগোহাঁয়ে সুধিলে, এই ঠাইডোখৰৰ নাম কি বুলি কয়? তাৰে এগৰাকীয়ে উত্তৰ দিলে, ' এই ঠাইডোখৰক মাদুৰি চহৰ বোলে ।' 'তেতিয়া হলে মাদুৰি চহৰত থকা ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ঘৰ কোনখিনিত হ'ব ?' খামপেং বুঢ়াগোঁহায়ে পুনৰ সুধিলে । একে গৰাকীয়েই উত্তৰ দিলে 'আমাৰ দেউতাৰ নাম ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঞি । এই দীঘল পদুলিটোৰে অলপ সোমাই গ'লেই তেখেতৰ ঘৰ পাব' বুলি আঙুলিয়াই দেখুৱাই ক'লে । কথাৰ উত্তৰ দিয়া গৰাকীয়েই লাইথেপেনা বৰগোহাঁই কন্যা জয়মতী । খামপেং বুঢ়াগোহাঁইয়ে বন্ধুয়েক গদাপাণিক ক'লে - 'পিয়াহো লাগিছে; পিয়াহো মৰাও হওক লগতে ৰাজমন্ত্ৰী ডাঙৰীয়াক দেখা কৰি চিনা পৰিচয় হৈ যাওক, কি কোৱা বন্ধু ?' গদাপাণিয়েও বন্ধুয়েকৰ কথাত সন্মতি জনালে । কথাষাৰ শুনি তিনিও গৰাকীয়েই ক'লে - আহক সোমাই গ'লে আমি ভাল পাম ।তিনিও গৰাকীয়ে দুয়োকে আগবঢ়াই নি চ'ৰাঘৰতে দুয়োকো দুখন ৰামপীৰা আগবঢ়াই দুয়োৰে পৰিচয় সুধি আলহী অহাৰ কথা ভিতৰত গৈ দেউতাকক জনালেগৈ । জয়মতীয়েই দুটা পিতলৰ কলচীত পানী আনি দুটা বানবাতি আগবঢ়াই দি খাবলৈ ক'লে, পানী থৈ জয়মতী যাবলৈ উঠোতেই খামপেং বুঢ়াগোহাঁইয়ে জয়মতীক কলে, 'আমাৰ পৰিচয় দিলোঁ, আপোনালোকৰ পৰিচয় পোৱাই নাই নহয় ? 'আমাৰ পৰিচয় ৰাজমন্ত্ৰী বৰগোহাঁই ডাঙৰীয়াৰ প্ৰথম কন্যা, মোৰ নাম 'জয়মতী বৰগোহাঁই' । তেনেতে ৰাজমন্ত্ৰী বৰগোহাঁই ডাঙৰীয়াই ভিতৰৰ পৰা পাদুকা পিন্ধি এখোজ-দুখোজকৈ আহি চৰা ঘৰৰ লাইখুঁটাৰ কাষত পাৰি লোৱা চাম পীৰাত আউজি বহাৰ লগে লগে দুয়ো বন্ধুয়েকে উঠি নমস্কাৰ জনালে । প্ৰতি নমস্কাৰ জনাই বৰগোহাঁই ডাঙৰীয়াই দুয়োকে বহিবলৈ কৈ দুয়োৰে পৰিচয় সুধিলে ।(সেইকালত শ্ৰেণী অনুসাৰে বহিবলৈ চাৰিবিধ পীৰাৰ প্ৰচলন আছিল। চামপীৰা,ৰামপীৰা, টঙীপীৰা আৰু চৈপীৰা) খামপেং বুঢ়াগোহাঁইয়ে নিজৰ পৰিচয় দি ক'লে মই লেংককীয়া দীঘলা বুঢ়াগোহাঁইৰ পুত্ৰ খামপেং বুঢ়াগোহাঁই । গদাপাণিয়ে ক'লে, মই তুংখুঙ্গীয়া গোৱৰ গোহাঁইৰ পুত্ৰ লাঙ্গি গদাপাণি কোঁৱৰ । বৰগোহাঁই ডাঙৰীয়াই দুয়োৰে পৰিচয় পাই ক'লে - তেখেতসকলৰ লগত আমাৰ চিনা পৰিচয় আছে । পিছে কি উদ্দেশ্যতনো আমাৰ গৃহত সোমালা ? খামপে বুঢ়াগোহাঁইয়ে ক'লে- আমি পৰহিয়েই গেলেকী ওচৰৰ বৰ বিললৈ গৈছিলোঁ । আজি ঘুৰি আহোঁতে বৰ ৰ'দ দেখি আপোনাৰ পদুলিমুৰৰ জোপোহা গছৰ তলত জিৰাওঁতে আপোনাৰ কন্যা তিনিগৰাকী লগ পাই এইটিয়েই আপোনাৰ গৃহ বুলি জানি আপোনাৰ লগত চিনা পৰিচয় হৈ যাওঁ আৰু পিয়াহ লাগিছে পানী এটুপিও খাই যাওঁ বুলিয়েই সোমালোঁ । বৰগোহাঁই ডাঙৰীয়াই দুয়োলৈকে চাই ক'লে - বৰ সন্তোষ পালোঁ । আমাৰ গৃহত আহিলা যেতিয়া খোৱা-বোৱা নকৰাকৈ নাযাবা । কথা শুনি আঁৰত ৰৈ থকা জয়মতীয়েই আহি দেউতাকক ক'লে - চাউল সিদ্ধ কৰাৰ দিহা কৰিছোঁ দেউতা । তেতিয়াহ'লে ভৰি-হাত ধোৱাৰ ব্যৱস্থা কৰি দিয়া বুলি বৰগোহাঁই ডাঙৰীয়াই জীয়েকক ক'লে - দুয়োকে বহিবলৈ কৈ বৰগোহাঁই ডাঙৰীয়া ভিতৰলৈ গ'ল । বৰগোহাঁই ডাঙৰীয়া যোৱাৰ পিছত খামপেং বুঢ়াগোহাঁইয়ে ধেমালিৰ সুৰতে বন্ধুয়েক গদাপাণিক ক'লে, কথা মিলিছে যেতিয়া চাউল মুঠি খাই কথা মিলাই থৈয়েই যাওঁ আৰু আগলৈকো যাতে চাউল মুঠি ৰয়, কি কোৱা বন্ধু ? কথাষাৰ কৈ শেষ কৰোঁতেই জয়মতীয়ে পানী, গামোচা যতনাই দি মুখ-হাত ধুবলৈ দুয়োকে ক'লেহি । দুয়ো বন্ধু মুখ-হাত ধুবলৈ যাওঁতে পিৰালি কাইতালিতে এটা বৰ পাছিৰ সমান শিল পৰি থকা দেখি শিলটো আঁতৰাই থলে ঠাইডোখৰ মুকলি হ'ব বুলি ভাবি শিলটো দাঙি নি ঘৰৰ কাষতে থকা যুৰীয়া পুখুৰীৰ পাৰত থকা কৰ্দ্দৈ এজোপাৰ তলতে থৈ ভৰি হাত ধুই আহি বৰগোহাঁই ডাঙৰীয়াক সুধিলে, ইমান ডাঙৰ শিলটো ইয়ালৈ কোনে কেনেকৈ আনিলে দেউতা ? বৰগোহাঁই ডাঙৰীয়াই ক'লে, এতিয়া খাবৰ সময় হৈছে পিছে পৰেও ক'ম । শিলটো আঁতৰাবলৈ কমেও 20-50 জন মানুহ লাগিব । আঁতৰাম বুলি আঁতৰাবই পৰা হোৱা নাছিল । তুমি অকলেই শিলটো দাঙি নি আঁতৰোৱা দেখি মই তবধ মানিছোঁ । এইষাৰ কথা মোৰ মনত থাকিব । তেনেতে জয়মতীয়ে আহি ভাতৰ ব্যৱস্থা কৰাৰ কথা জনালেহি আৰু দুয়োকো বৰঘৰৰ ভিতৰলৈ মাতি নি মজিয়াত দুয়োকে দুখন টঙী পীৰাত বহুৱাই পাঁচখন ব্যঞ্জনেৰে বেঢ়াত তুলি প্ৰথমে গদাপাণিলৈ তাৰপিছত খামপেং বুঢ়াগোহাঁইলৈ আগবঢ়াই দি খাবলৈ অনুৰোধ জনালে । ভাত খাই সোঁমাজ লাগোতেই জয়মতীয়ে আহি সুধিলে, কিবা যদি কম-বেচ হৈছে পূৰাই দিয়াৰ সকলো ব্যৱস্থা আছে । খামপে বুঢ়াগোহাঁইয়ে ক'লে, আমাৰ ফালে একোৰে প্ৰয়োজন নাই, খামপেং বুঢ়াগোহাঁইয়ে গদাপাণিৰ ফালে চাই ক'লে, তেখেতৰ যহি কিবা প্ৰয়োজন আছে নাজানোঁ ? গদাপাণিয়ে ক'লে নগা চাই হোৰা দিছে যেতিয়া আমাৰো ক'বলৈ একোৱেই নাই । আজি চাউল মুঠি যিখিনি ব্যঞ্জনেৰে সিদ্ধ কৰি খুৱালে আমাৰ হ'লে চিৰদিন মনত থাকিব বুলি খামপেং বুঢ়াগোহাঁইয়ে ক'লে । জয়মতীয়ে ক'লে আপোনালোকক যেনেদৰে আপ্যায়িত কৰিব লাগিছিল তেনেদৰে আপ্যায়িত কৰিবই নোৱাৰিলো । পুঠিটো খাই যেতিয়া ৰৌটো খোৱাৰ উগাৰ মাৰিছে আমি নো কি ক'ম । খাই বৈ দুয়ো বন্ধুয়ে খন্তেক জিৰণি লৈ যাবলৈ ওলাই খামপেং বুঢ়াগোহাঁয়ে ৰাজমন্ত্ৰী বৰগোহাঁই ডাঙৰীয়াক ক'লে, আমি ৰাওনাহে কৰিব খুজিছোঁ । বৰগোহাঁই ডাঙৰীয়াই ক'লে, ভাল যোৱাগৈ। তোমালোক আমাৰ গৃহত সোমাই যোৱাৰ কাৰণে বৰ ভাল পালোঁ । খামপেং বুঢ়াগোহাঁইয়ে ক'লে - এই ভালপোৱা আনন্দ চিৰদিনৰ কাৰণে চিৰস্মৰণীয় হৈ থকাৰ আমিও কামনা কৰিছোঁ । আজিৰ দৰে আগলৈকো মিলাপ্ৰীতিৰে থকা সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আমাৰ ফালৰ পৰাও অনুৰোধ থাকিল বুলি ৰাজমন্ত্ৰী ডাঙৰীয়াই ক'লে । আনন্দমনে বিদায় লৈ দুয়ো বন্ধু তুংখুঙ্গৰ ফালে গুচি গ'লে ।

    সেয়াই আছিল জয়মতী আৰু গদাপাণিৰ প্ৰথম পৰিচয় । তাৰ পাছত পৰা দুয়ো ঘৰৰ মাজত সংযোগ স্থাপন হয় । দুয়ো ঘৰৰ মিলন হোৱাৰ পাছত লাঙ্গি গদাপাণিয়ে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ দুহিতা জয়মতীক আহোম প্ৰথামতেছিল চকলং বিয়া কৰি তুংখুঙলৈ নিয়ে । তুংখুঙত তেওঁলোকে সুখেৰে জীৱন-যাপন কৰ সংসাৰৰ দুটি সন্তান লাই আৰু লেচাইক লৈ জীৱন যাত্ৰাত আগুৱাই গৈ থাকোতেই দেশৰ ৰাজনৈতিক দুৰ্যোগৰ কলিয়া ডাৱৰে আৱৰি ধৰিলে । ৰজা আৰু প্ৰজা, ডা-ডাঙৰীয়া সকলৰ মাজত বিসঙ্গতিয়ে দেখা দিলে । দেশৰ স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থত ৰাজবিষয়া আৰু ৰজাসকল লালয়িত হ'ল । কোন মুহূর্তত কাৰ জীৱন বিপন্ন হয় তাৰ নিশ্চয়তা নাইকিয়া হ'ল । কাৰোৰ প্ৰতি কাৰো বিশ্বাস নোহোৱা হ'ল ।

      শৰাইঘাটৰ যুদ্ধৰ পৰা গদাপাণি কোঁৱৰ ৰজা হোৱা সময়লৈকে এই মাজৰ কালছোৱাত সাতজন ৰজা আহোম ৰাজপাটত বহিছিল। ৰাজধানীৰ বিচক্ষণ ৰাজনৈতিক বিষয়াসকল দেশ ৰক্ষাৰ কাৰণে ভাটিৰ গুৱাহাটীত থাকিবলগীয়া হোৱাৰ কাৰণে তলৰ বিষয়াসকলে স্বার্থসিদ্ধিৰ বাবে যথেষ্ট সুবিধা পাই কু-চক্রান্তকাৰী মন্ত্ৰী বিষয়াসকলেই দেশৰ সৰ্বেসর্বা হৈ পৰিছিল। ৰজা মাথোঁ নামতহে ৰজা হৈ আছিল। দেশ শাসনৰ গাঁথনি সোলোক-ঢোলোক হোৱাৰ বাতৰি পাই গুৱাহাটীৰ পৰা লালুকসোলা বৰফুকনে গড়গাঁও ৰাজধানীলৈ আহি গজগজীয়াকৈ বহি ল'লেহি। সেই সময়ত ৰাজপাটত বহি আছিল চামগুৰীয়া ফৈদৰ ল'ৰা ৰজা চুলিকফা। বৰফুকনৰ কথামতেই কটাৰীনলীয়া ল'ৰা ৰজাই উঠা-বহা কৰিবলগীয়া হৈছিল। কাৰণ ৰজা আছিল চৈধ্য বছৰীয়া । নাবালক। ওঁঠ চেপিলে গাখীৰ ওলোৱা ল'ৰাৰ দায়িত্ব জ্ঞান কিমান হ'ব পাৰে এইকথা সকলোৰে অৱগত। তাৰে সুযোগ লৈ লালুকসোলা সর্বেসর্বা হ'ল। দেশৰ নিয়ম অনুসৰি স্বতন্তৰীয়াভাৱে তেওঁ কৰা কামবোৰো ৰজাৰ আজ্ঞা বুলি ৰজাৰ চীল মোহৰ মৰাই প্ৰচাৰ কৰি স্বার্থসিদ্ধিৰ বাবে কৰিবলৈ লৈছিল। ফলত দেশখনৰ স্বাৰ্থৰ প্ৰতি আন্তৰিকতাৰে কাম কৰা তলতীয়া বিষয়াসকলকো লটিঘটি কৰিছিল। অতীতৰ পৰম্পৰা নীতি-নিয়মবোৰ জলাঞ্জলি দি কালিমা সানিছিল। লালুক সোলাৰ পৰামৰ্শ মতেই ল'ৰা ৰজায়ো ভাল-বেয়া চিন্তা নকৰি তেওঁৰ সকলো কামতে সহযোগ কৰিছিল। ল'ৰা ৰজাইও দহটা বছৰৰ ভিতৰত দেশত সাতজন ৰজা ভঙা-পতা কৰা দেখি নিজৰ সিংহাসন নিষ্কণ্টক কৰি ৰাখিবৰ কাৰণে ৰাজসিংহাসনত বহিব পৰা ৰাজকোঁৱৰ সকলক তলে তলে চক্ৰান্ত কৰি অঙ্গক্ষত কৰি থোৱাৰ পৰিকল্পনা কৰিলে। যিহেতু অঙ্গহীন যিকোনো ৰাজকোঁৱৰেই আহোম ৰাজসিংহাসনত উঠিব নোৱৰা সাংবিধানিক নীতি নিয়ম আছে। সেই হেতুকেই পৰিকল্পনা কৰি লালুকসোলা বৰফুকনৰ সহায়ত গোপনে গুপ্তচৰৰ হতুৱাই ভালেকেইজন ৰাজকোঁৱৰৰ অঙ্গক্ষত কৰালে আৰু ভালেকেইজন ৰাজকোঁৱৰক বধো কৰালে। ল'ৰা ৰজাই সিংহাসনত উঠিব পৰা অন্য কোঁৱৰসকলৰ অঙ্গক্ষত কৰোৱালে যদিও তুংখুঙীয়া ফৈদৰ একো ক্ষতি সাধন কৰিব নোৱাৰিলে। সেই ফৈদৰ গোবৰ ৰজাৰ পুতেক বাহুবলী লাঙ্গি গদাপানি কোঁৱৰ ৰাজসিংহাসনত বহাৰ যোগ্যতা আছিল কাৰণে চুলিফা ল'ৰা ৰজাৰ চকুত টোপনি নোহোৱা হ'বলৈ ধৰিলে। গদাপাণি কোঁৱৰ ইমানেই বাহুবলী আছিল, তিনি-চাৰিটা গুপ্তচৰ তেওঁৰ কাষলৈ যাবলৈ সাহসেই নকৰে। গতিকে গদাপাণি কোঁৱৰক অঙ্গক্ষত বা বধ কৰিবলৈ সৰহীয়াকৈ এজাক তলে তলে গুপ্তচৰ পঠিয়ালে। এই সংবাদ আগতীয়াকৈ গদাপাণি কোঁৱৰৰ কাণত পৰাত পত্নী জয়মতী কুঁৱৰীক সবিশেষ জনোৱাত ল'ৰা ৰজাই পঠোৱা সৰহীয়া সেনাৰ লগত ফেৰ মৰা উচিত নহ'ব বুলি কোৱাত জয়মতীয়ে তেওঁক নগৰ এৰি আত্মগোপন কৰি নিজক বচাই ৰাখিবলৈ একান্ত অনুৰোধ কৰিলে। গদাপাণিয়েও পত্নীৰ অনুৰোধ অৱজ্ঞা নকৰি নগৰ এৰি আত্মগোপন কৰি ফুৰিবলৈ ধৰিলে। গদাপাণিয়ে ঘৰ এৰি যোৱাৰ সময়ত পত্নী জয়মতী কুঁৱৰী আৰু লাই-লেচাই দুটি পুত্রক মাতৃ সিদ্ধেশ্বৰীৰ হাতত গতাই থৈ যায়। তাৰ পিছৰে পৰা গদাপাণি কোঁৱৰে দেশৰ বিভিন্ন ঠাইত আত্মগোপন কৰি থাকিবলৈ ধৰিলে। য'লৈকে যায় তাতে তেওঁক সকলোৱে সহায় কৰিছিল যদিও গুপ্তচৰে পিছ নেৰাত জীৱন নিষ্কণ্টক নেদেখি পত্নী জয়মতীয়ে তেওঁক নগা চাঙত গৈ আত্মগোপন কৰি থাকিবলৈ একান্ত অনুৰোধ কৰিলে। গদাপাণিয়েও পত্নীৰ অনুৰোধ উপেক্ষা নকৰি নগা চাঙত আত্মগোপন কৰি থাকিলগৈ। ল'ৰা ৰজাৰ গুপ্তচৰে গদাপানিক বিচাৰি নাপাই পলাই যোৱাৰ বাতৰি ৰজাক দিলেগৈ। ৰজাই গদাপাণি পলাই যোৱাৰ বাতৰি পাই হতভম্ব হ'ল। গদাপাণিক বিচাৰি উলিওৱাৰ একো উপায় নেদেখি বৰফুকনৰ পৰামৰ্শৰ মতে তেওঁৰ ভাৰ্যা জয়মতী কুৱঁৰীক ধৰাই আনি তেওঁৰ মুখেদি গদাৰ বাতৰি উলিয়াবলৈ গুপ্তচৰ পঠালে। ৰাজআজ্ঞামতে গুপ্তচৰে জয়মতীক ঘৰৰ পৰা ধৰি নি ৰজাৰ আগত থিয় কৰালে। ল'ৰা ৰজাই জয়মতীক সুধিলে, গিৰিয়েৰা কলৈ বা গ'ল? জয়মতীয়ে একো উত্তৰ নিদিলে। এনেকৈ কেইবাবাৰো সোধাতো জয়মতীয়ে একো উত্তৰ নিদিয়াত ৰজাই খং আৰু অভিমানত কুকুৰাচোৱা চাউডাঙক গতাই দি ক'লে – যেনেকৈ পাৰ যি কোনো শাস্তিৰ বিনিময়ত হ'লেও এইৰ মুখৰ পৰা গদাপাণিৰ বাতৰি উলিয়াগৈ। কুকুৰাচোৱা চাউদাঙক ৰজাৰ আদেশত আঁতৰাই নি জেৰেঙা পথাৰৰ মাজত কোঁটকুৰা গছত বান্ধি নানান শাস্তি দি গিৰিয়েকৰ কথা সুধিলে যদিও তেওঁৰ মুখৰ পৰা এষাৰ কথাও উলিয়াব নোৱাৰিলে। জয়মতীয়ে জানিছিল ৰজাৰ কুশাসন, অৰাজকতা আঁতৰ কৰিব পৰা মানুহ তেওঁৰ স্বামী গদাপাণিৰ বাহিৰে দেশত অন্য কোনো নাই। এদিন-দুদিনকৈ ছয় সাত দিন ধৰি নানান শাস্তি দিও গদাপাণিৰ কথা তেওঁৰ মুখৰ পৰা উলিয়াব পৰা নাই। কুকুৰাচোৱা চাউদাঙে দিয়া নতুন নতুন শাক্তিৰ যান্ত্ৰণাৰ আৰ্ত্তনাদত দশোদিশ মুখৰিত হ'ল। জয়মতীক শাক্তি দিয়াৰ কথা নগা পৰ্বতত আত্মগোপন কৰি থকা গদাপাণিৰ কাণতো পৰিলগৈ। নিজৰ পত্নীক শাস্তি দিয়াৰ কথা শুনি নগা বেশেৰে জয়মতীক চাবলৈ আহিল। নগা সাঁজ পৰিহিত ছদ্মবেশী গদাপাণিয়ে ল'ৰা ৰজাৰ চাউডাঙৰ হাতত শাস্তি ভুগি যান্ত্ৰণাত ছটফটাই থকা জয়মতীক দেখিলেহি। গদাপাণি কোঁৱৰে ভাৰ্যাৰ ওপৰত চলোৱা অত্যাচাৰৰ যান্ত্ৰণা ভুঞ্জা দেখি বেদনাত জৰ্জৰিত হৈ চাউডাঙৰ নীৰবতাৰ চেলু বিচাৰি এপাকত জয়মতীৰ কাষ চাপি ক'লে – হেৰ মানুহজনী, তই গিৰিয়েৰৰ কথা কৈ নিদিয় কিয়? জয়মতীয়ে একো উত্তৰ নিদিয়াত ছদ্মবেশী গদাপাণিয়ে আঁতৰি গৈ দূৰৰ পৰাই চাই থাকিল। পুনৰ চাউভাঙে শাস্তি দিবলৈ ধৰিলে। জয়মতী কুঁৱৰীক শাস্তি দিয়া চাবলৈ অহা প্ৰজাই শাস্তি আৰু যান্ত্ৰণা দেখিও মূৰে কপালে হাত দি গুচি যোৱাৰ বাদে মুখেৰে একো মাতিব নোৱৰা হ'ল। ছদ্মবেশী গদাপাণিয়ে পত্নীৰ অসহনীয় যান্ত্রণা দেখিও মুখেৰে একো মাতিব নোৱৰা হ'ল। মাতিলেও ৰাজকীয় সৈনাই ধৰি নিব আৰু ধৰি নিলেই জয়মতীৰ স্বামীৰ কথা নকওঁ প্ৰতিজ্ঞা আৰু অসহনীয় যান্ত্ৰণা মূৰ পাতি অটল হৈ থকা লক্ষ্য ভ্ৰষ্ট হ'ব। তথাপি চাউডাঙহঁত ভাগৰি পৰি আঁতৰি যোৱাৰ সুযোগ লৈ পুনৰ ছদ্মবেশী গদাই জয়াৰ কাষচাপি কলেগৈ – “হেৰ মানুহজনী তই ইমান যান্ত্ৰণা কেলৈ ভুঞ্জিছ। গিৰিয়েৰাৰ কথা কৈ ৰক্ষা নপৰ কিয়? জয়মতীয়ে এইবাৰ গদাপাণিক চিনিপাই ক্ৰোধ আৰু বেজাৰত গদাপাণিক ক'লে – “মই মোৰ স্বামীৰ কথা নকওঁ, ই বিলাকৰ বা কি হৈছে? ই বিলাকক বা ইয়ালৈ কোনে বা মাতিছে? গুচি বা নাযায় কিয় ?” গদাপাণিয়ে আত্মগোপন কৰাৰ পৰা তিনিবাৰ ছদ্মবেশেৰে দেখা দি স্বামীৰ কথা নকওঁ বুলি অশেষ যান্ত্ৰণা মূৰপাতি লৈ থকা জয়মতীক ওচৰৰ পৰা চাই বুকুত বেদনা লৈ পুনৰ নগা পৰ্ব্বতলৈ ৰাওনা হ'ল।

চাউডাঙহঁতে এদিন-দুদিনকৈ চৈধ্য দিন নানা শাস্তি দিও জয়মতীৰ মুখৰ পৰা স্বামীৰ বিষয়ে একো উলিয়াব নোৱাৰিলে। সদৌ শেষত পোন্ধৰ দিনৰ দিনা স্বামীৰ চৰণ চিন্তি ১৬০১ শকৰ চ'ত মাহৰ ১৩ দিন যাওঁতে গুৰুবাৰে নশ্বৰ দেহ ত্যাগ কৰি পৃথিৱীৰ নাৰী জাতিক পতিপ্রাণতাৰ উদাহৰণ দেখুৱাই চিৰস্মৰণীয় কীৰ্তি ৰাখি বৈকুণ্ঠ ধামলৈ গতি কৰিলে। মাতৃ বৈকুণ্ঠগামী হোৱাৰ পাছত পুত্র দুটি লাই আৰু লেচাইক বুঢ়ী আইতাকে প্রতিপালন কৰি ডাঙৰ-দীঘল কৰিলে।

    নগা পর্বততো গদাপাণিক ল'ৰাৰজাৰ গুপ্তচৰে বিচাৰি চলাথ কৰে। কেইবাবাৰো গুপ্তচৰৰ হাতত ধৰা পৰিবলীয়া হৈছিল যদিও নগা পাহাৰৰ দেৱ-দেৱতায়ো মহান পুৰুষ বুলি জানি গদাপাণিক ৰক্ষা কৰাৰ উদাহৰণ আছে। তেওঁ নগা পৰ্বততো নিৰাপদ যেন নেদেখি গুৱাহাটীলৈ ভটিয়াই আহোঁতে বাটতে সলাল গোহাঁয়ে দেখি চিনি পাই গদাপাণিৰ ভিনিয়েক বন্দৰ বৰফুকনৰ ঘৰলৈ যাবলৈ পৰামৰ্শ দিলে। তেওঁ সলাল গোহাঁইৰ পৰামৰ্শ মানি ভিনিয়েক বন্দৰ বৰফুকনৰ ঘৰলৈ ৰাওনা হ'ল। যাওঁতে বাটত প্ৰথমে পোহাৰী এজনীৰ ঘৰত তাৰ পিছত ব্ৰাহ্মণ এঘৰত আৰু সেই অঞ্চলৰ চান্দকুচীয়া বৰুৱাৰ ঘৰত থাকি ৰাণী গাঁৱলৈ গৈ গাৰোৱানী এজনীৰ ঘৰত থাকিবলৈ লয়। গাৰোৱানীজনীয়ে গদাপাণিক প্ৰতিপাল কৰি ৰাখে। ৰাণী গাঁৱৰ গাৰোৱানীৰ ঘৰৰ পৰা গৈ বন্দৰ বৰফুকনৰ অজ্ঞাতে বায়েকৰ আশ্ৰয়ত ভিনিয়েক বন্দৰ বৰফুকনৰ ঘৰতে নিৰাপদ যেন ভাবি থাকিবলৈ লয়। সেইসময়ত দেশত ল'ৰা ৰজা আৰু লালুকসোলা বৰফুকনৰ অত্যাচাৰ ক্ৰমাৎ বেছি হবলৈ ধৰাত ৰাজ বিষয়াসকল চিন্তিত হ'বলৈ ধৰিলে। আৰু এই অৰাজকতা আঁতৰ কৰিবলৈ একমাত্র গদাপাণি কোঁৱৰেই আছে বুলি ভাবি বিচাৰিবলৈ ধৰিলে। আনহাতে গুৱাহাটীলৈকে মোগলৰ ৰাজ্য হ'ল। দুর্বল নিশকতীয়া চুলিফা ল'ৰা ৰজা, ৰজা হৈ থাকিলে মোগলে উজনিলৈও হাত মেলিব। হেন জানি কলিয়াবৰত থকা ৰাজ-বিষয়াসকলে উজনিৰ বিষয়া সকলৰ লগত কলিয়াবৰতে মিলিত হৈ গদাপাণি কোৱৰক ৰাজসিংহাসনত তুলি ৰজা কৰি সেৱা কৰিবলৈ সিদ্ধান্ত কৰে। ইতিমধ্যে বন্দৰ বৰফুকনৰ লগতো গদাপাণিৰ দেখা সাক্ষাৎ হয়। বিষয়াসকলে কলিয়াবৰতে লাঙ্গি গদাপাণিক ৰজা মানি আঁঠু লৈ সেৱা জনোৱাৰ পাছত গড়গাঁও ৰাজধানীলৈ নি যথাবিহিতভাৱে সিংহাসনত বহুৱালে। বাহুবলী লাঙ্গি গদাপাণি কোঁৱৰে ১৬০৩ শক ১৬৮১ খ্রীষ্টাব্দত আহোম ৰাজসিংহাসনত উঠি আহোমমতে চুপাতফা আৰু হিন্দুমতে গদাধৰ সিংহ নাম লয়। শিঙৰি ঘৰত উঠাৰ উৎসৱত সিংহাসনত ৰজাৰ সৈতে বহিবলৈ ৰজাৰ বৰকুঁৱৰী লাগে। সেই কাৰণেই ৰজা গদাধৰ সিংহই বৰকুঁৱৰী কৰি ল'বৰ কাৰণে দিহিঙীয়া বৰবৰুৱাৰ ভায়েক পানী ফুকনৰ জীয়েকক আহোম প্রথা মতে বিয়া কৰি লয়।

       লেখক কেইগৰাকীমানৰ লিখনিত প্ৰকাশ পাইছে – জয়মতী কুঁৱৰীৰ কাহিনী ভালেকেইখন বুৰঞ্জীত লিপিবদ্ধ কৰা নাই। আহোম ৰাজত্বকালত বুৰঞ্জী প্রণেতাসকলে নাৰীসকলৰ জীৱন-যাপনৰ ওপৰত কমেহে প্রাধান্য দিছিল। সেই কালছোৱাত কেইবাগৰাকী আইকুঁৱৰীৰ উপৰি বহুজন বিষয়াক প্রাণদণ্ড দিয়া হৈছিল। সেই আইকুঁৱৰী সকলৰ কথা বুৰঞ্জী প্ৰণেতাসকলে বুৰঞ্জীৰ পাতত ঠাই দিয়া নাই। জয়মতী কুঁৱৰীৰ কাহিনী নাৰী জাতিৰ আদৰ্শৰ প্ৰতীক কাৰণে চাৰিখনমান বুৰঞ্জীত পোৱা গৈছে। বুৰঞ্জীত জয়মতী কুঁৱৰীৰ আত্মত্যাগৰ কথা স্পষ্টকৈ লিখা আছে – “দক্ষিণপটীয়া হাজৰিকাই লালুকসোলা বৰফুকনৰ আজ্ঞাত জয়মতীক ধৰি শাস্তি দি মাৰিলে। বুঢ়াৰজাক বিচাৰি নাপাই ঘৰিনীয়েকক শাস্তিতে মাৰিলে। লালুকসোলাৰ ভয়তহে গদাপানিয়ে পুতেকহঁতক নগা চাঙ্গত থৈছিল আৰু দুখেৰে দেশ-দেশান্তৰ ভ্ৰমি ফুৰিছিল। পূর্বে বুঢ়াফুকনৰ ভয়ত দুইজনা গোহাঁইক নগা চাঙ্গত থৈছিল, গৰ্ভ সহিতে আইকুঁৱৰী দেউক শাস্তিতে মাৰিলে।” (তুঃখৃঃবুঃ ১৪ পৃঃ ৪৬ পৃঃ) “সেই বেলা বৰফুকনে মহাৰাজক জনাই বাঁহগড়ীয়া গোহাঁইৰ দুই ভায়েকক কলিয়াবৰত মৰালে। তাৰ পাছে ৰজাৰ কোঁৱৰ যিখিনি পাইমানে বিচাৰি মাৰিলে। বুঢ়াৰজাক (গদাধৰক) বিচাৰি নাপাই ঘৰিনীয়েকক পাই শাস্তিতে মাৰিলে দক্ষিণপৰীয়া হাজৰিকা গিদাগাঁঠিয়ে” (তুঃখঃ ৰঃপূঃ ১৪)। বুৰঞ্জীবিদ শ্ৰীযুত ভূৱনচন্দ্ৰ সন্দিকৈদেৱে অনুসন্ধান কৰি পোৱা ১২০ খিলা পাতৰ এখন সাঁচিপতীয়া বুৰঞ্জীত এনেদৰে লিখা আছে বুলি উল্লেখ কৰিছে - “জয়মতী” প্ৰৱন্ধত। “শাস্তি কৰোৱা ঠাই ৰজা বাহৰ নিকটতে, জেৰেঙা পথাৰত। তাতে কুটকৰা গছত বান্ধি শাস্তি দিলে অনেক প্রকাৰে। পাছে একপক্ষ শাস্তি ভুঞ্জি কুঁৱৰী মৰিল। শক ১৬০১ চ'ত মাহ ১৫ দিন গুৰুবাৰে। এইদৰে লাঙ্গি গদাপানিক নাপাই কুঁৱৰীক মাৰিলে।” আনহাতে কাশীনাথ তামুলী ফুকনৰ দ্বাৰা ৰচিত আৰু হৰকান্ত শৰ্মা বৰুৱা সদৰামিনৰ দ্বাৰা পৰিবৰ্দ্ধিত সংস্কৰণ অসম বুৰঞ্জীৰ ৫৩-৫৫ পৃঃ লৈকে জয়মতী কুঁৱৰী আৰু গদাপাণিৰ পলায়ন, কুঁৱৰীৰ পতিপ্রেম, সতীৰ শাস্তি, হত্যা আদিৰ বিষয়ে বৰ্ণোৱা আছে। ডাঃ কে,এম,মাষ্টাৰৰ এছিয়াটিক ছচাইটিৰ জাৰ্ণেলত জয়মতী কুঁৱৰীৰ শাস্তি আদিৰ কথা সেই সময়ৰ নানান বুৰঞ্জী আৰু বহুলোকৰ মুখে শুনা কথাৰ সহায়েৰে লিখা হৈছিল। বুৰঞ্জীখনৰ তথ্যসমূহ সম্পূৰ্ণ শুদ্ধ নহ'লেও জয়মতী কুঁৱৰীৰ ওপৰত ডাঃ মাষ্টাৰে বেঙ্গল এছিয়াটিক ছচাইটিত লিখা প্ৰৱন্ধ এটা ভাঙনি কৰি ডঃ ভূঞাই লিখিছে, এখনি পুৰণি অসমীয়া বুৰঞ্জীত এইদৰে আছে – জয়মতী কুঁৱৰীক ল'ৰা ৰজাই ধৰি লৈ এতিয়া য'ত জয়সাগৰ তালৈ নিয়ে আৰু এজোপা ডাঙৰ বৰগছৰ তলত কুঁৱৰীক বেতেৰে কোবাই শাস্তি দি মৰা হ'ল এতিয়া পুখুৰীৰ সোঁমাজত থকা খুঁটিতো য'ত সেয়ে শাস্তি দিয়া ঠাই আছিল”।

        জয়মতী কুঁৱৰীৰ পিতৃগৃহ জন্মস্থান মাদুৰি চহৰৰ পূব দিশত আছিল। জন্মস্থানৰ চিন স্বৰূপে বৃহৎবাৰীৰ ঢাপৰ চিন আৰু ৰজাপুখুৰী নামে এটা অক্ষত অৱস্থাত পুখুৰী আছে। ইয়াৰ উপৰিও পিতৃ ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ এপুৰা মাটি জুৰি বৃহৎ সু-উচ্চ মৈদাম থকাৰ উপৰিও পত্নী আৰু ২৪ জন পুত্ৰৰ মৈদাম লানি পাতি আছে। এই মৈদাম লানিক বুৰঞ্জীবিদ মানিক বৰগোহাঁয়ে 'লেছেৰি মৈদাম' আখ্যা দিছে। ইয়াৰ উপৰিও বুৰঞ্জী প্ৰসিদ্ধ মাদুৰি চহৰত জয়মতী কুঁৱৰীৰ বংশ পৰিচয় হিচাপে (মাদুৰিয়াল - ফৈদৰ) পৰিনাতিয়ে ঠাহ খাই বসবাস কৰি আছে। মাদুৰিয়াল ফৈদৰ পুৰুষনামাত বিতংভাৱে ইয়াৰ উল্লেখ আছে। লাইথেপেনা বৰগোহাঁইৰ মাদুৰি চহৰত বাসস্থান আছিল। সলাত লাইথেপেনা বৰগোহাঁইক সলাল বৰগোহাঁইবিষয়বাব দিছিল। “তাতে ফুকনবোৰে জপং বৰগোহাঁইক ভাঙি লাইথেপেনাক বৰগোঁহাই পাতিলে।” (শঃচঃদঃ অসম বুৰঞ্জী) তদুপৰি মাদুৰিয়াল লাইথেপেনা বৰগোঁহাই, কুঁৱৈগঞা দৰৱধৰা বুঢ়াগোহাঁই আৰু কনচেং বৰপাত্ৰগোহাঁই – এই তিনিজনক ডাঙৰীয়া বোলে। (হৰকান্ত অসম বুৰঞ্জী) আৰু ৫ শ শেনক ভাঙি মাদুৰিয়াল লাইথেপেনাক বৰগোহাঁই পাতি ৰজালৈ জনাই পঠালে।” চুলিফা ওৰফে ল'ৰা ৰজাৰ ৰাজত্ব কালত ১৬৭৯-৮১ খ্ৰীষ্টাব্দৰ ভিতৰত লাইথেপেনা বৰগোহাঁইক ৰাজমন্ত্ৰী পদত অধিষ্ঠিত কৰে। চুলিক্‌ফাক মন্ত্রী বিষয়াসকলে গাদীচ্যুত কৰি লাঙ্গি গদাপাণি কোঁৱৰক ৰাজসিংহাসনত বহুৱাই। গদাপাণি কোঁৱৰে ৰাজসিংহাসনত উঠিয়েই গদাধৰ সিংহ নাম লয়। ৰজা গদাধৰ সিংহই লাইথেপেনা বৰগোহাঁইক ৰাজমন্ত্ৰী পদত অধিষ্ঠিত কৰে। গদাধৰ সিংহ স্বৰ্গী হোৱাৰ পাছত বৰপুত্র লাইকোঁৱৰ সিংহাসনত উঠি ৰুদ্ৰসিংহ নাম লয়। ৰজা ৰুদ্ৰসিংহইয়ো লাইথেপেনা বৰগোহাঁইক পুনৰ ৰাজমন্ত্ৰী পদত অধিষ্ঠিত কৰে যদিও মাজভাগতে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোঁহাই স্বৰ্গী হয়। আৰু মাদুৰি চহৰৰ বাসস্থানৰ দক্ষিণ দিশত মৈদাম দি সৎকাৰ কৰে। আজিও এপুৰা মাটি জুৰি থকা সু-উচ্চ বৃহৎ মৈদাম জিলিকি আছে।

      ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ১২ গৰাকী পত্নী ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল ।

     মাদুৰিয়াল বৰগোহাঁইৰ বংশাৱলী মতে তেৰ শতিকাৰ চাও লুং-চ্যু-কা-ফাই লগত লৈ অহা থাওমুং কানঙ্গন বৰগোহাঁই ডাঙৰীয়াৰ পৰা ৬ পুৰুষৰ পাছত লাইথেপেনা বৰগোহাঁইৰ কন্যা জয়মতীৰ মাদুৰি চহৰত জন্ম হয়। পিতৃ লাইথেপেনা বৰগোহাঁইৰ বাসস্থান থকা মাদুৰিৰ উজনি খণ্ডক অতীততে ভাজনী বুলিছিল। (বুৰঞ্জীবিদ মানিক বৰগোহাঁইৰ মতে)।

       তুংখুঙ্গৰ গোৱৰ গোহাঁইৰ (পিছলৈ গোৱৰ ৰজা) পুত্র বাহুৱলী লাঙ্গি গদাপাণি কোঁৱৰে মাদুৰি চহৰৰ ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ প্ৰথমা কন্যা জয়মতী বৰগোহাঁইক চকলং বিয়া কৰি উজনিৰ তুংখুঙলৈ নিয়ে। এই সম্পর্কে বিশিষ্টি লেখক গৱেষকসকলে লিখা লিখনিসমূহতো উল্লেখ আছে। গদাপাণি কোঁৱৰে জয়মতীক মাদুৰি চহৰৰ পৰা চকলং বিয়া কৰি তুংখুঙলৈ নিয়াৰ কথা কৃপানাথ ফুকনৰ মালিতাত এইদৰে আছে –

মাদুৰি চহৰত                    ডাঙৰ হৈ আছিলোঁ
বৰগোহাঁইৰ আছিলো জী।
গদাপাণি কোঁৱৰে                   নিলে তুংখুঙলৈ
চকলং বিয়া কৈ দি ।।
লেচাই বুঢ়াগোহাঁইৰ        জীয়েক মোৰ আইতা
চন্দ্ৰদাৰু সুন্দৰী বৰ।
দেউতা হৈছিল              লাইথেপেনা বৰগোহাঁই
মাদুৰি চহৰত ঘৰ।।


    ওপৰত উল্লিখিত মালিতাই জয়মতীৰ গাঁৱৰ পৰিচয়ৰ উপৰিও পিতৃ-মাতৃ, জন্মস্থানৰো পৰিচয় দিয়ে। তাৰ উপৰিও মালিতায়েই বাই-ভনী, মাহীমাক সকলৰো পৰিচয় দিয়ে —

ছ' অঁৰা ককাইভাই          এঘাৰজনী মাহী আই

তেৰ বাইভনী ঘাই।

মাদুৰি চহৰত                     ডাঙৰ হৈ আছিলোঁ

আই-বোপাই আহঙত খায় ।।


     জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত শাস্তি দি স্বামী গদাপাণিৰ বাতৰি উলিয়াবলৈ কিমান চাউডাং নিয়োগ কৰিছিল কৃপানাথ ফুকনৰ মালিতাত উল্লেখ আছে –

ছ' অঁৰা চাউডাঙে                  নানা শাস্তি কৰে

মাৰিব যাতনা দি।

ছ' অঁৰা ককাই-ভাইৰ          আহঙত খাইছিলোঁ

ৰাজমন্ত্ৰীৰ আছিলোঁ জী।।


     এই গীতটোৱে প্ৰমাণ কৰে জয়মতী কুঁৱৰীক ছ' অঁৰা চাউডাঙে নানান শাস্তি দি জেৰেঙা পথাৰত মাৰিছিল। হৰিচন্দ্ৰ গগৈদেৱে উদ্ধাৰ কৰি প্ৰকাশ কৰা জনগীতে চাওদাঙৰ নানান শাস্তি ভুগি মৃত্যু বৰণ কৰাৰ কথা প্ৰমাণ কৰে।


চিলাই থাপে মাৰি                 ওকণি মাৰিলে

কিনো নহবৰে হ'ল।

ল'ৰা ৰজা নৰকী                  দেবৰা পাতকী

আইকুঁৱৰীৰ কি দশা হ'ল।।

লানি পাতি ওলালে              মেকলৌ পৰুৱা

লানি পাতি ওলালে বগ।

আইনো কুঁৱৰী গোবৰ           ৰজাৰ বোৱাৰী

পৰিয়াই ধৰিলে লগ।।

লাফ মাৰি আনি খাম       ঢাপৰ তামোল খুকি

চোঁ মাৰি চিঙি খাম পাণ।

জয়মতী কুঁৱৰী                বৰগোহাঁইৰ জীয়ৰী

জীৱন দি গলে দান ।।


    অসম বুৰঞ্জীৰ প্ৰণেতাসকলে প্ৰতিখন বুৰঞ্জীৰ পাতত জয়মতীৰ কাহিনী লিপিবদ্ধ নকৰিব পাৰে। উল্লিখিত জনগীত মালিতাসমূহো যে বুৰঞ্জী তাক কোনোৱে নুই কৰিব নোৱাৰে। অসম বুৰঞ্জীসমূহো বৃদ্ধসকলৰ মৌখিক বুৰঞ্জীৰ আলম লৈহে প্ৰণয়ন কৰা। কৃপানাথ ফুকনে সংগ্রহ কৰা মালিতাত জয়মতী কুঁৱৰীয়ে শাস্তি ভুগি মৃত্যু হোৱাৰ আগমুহূৰ্ত্তৰো বহু সম্ভেদ পোৱা যায়।


দূতে নৃপতিৰ আগে কহিলেক যাই 

ক'ত শাস্তি কৰিবোহু গাৰ মাংস নাই। 

প্রাণ মাত্র আছে তভো নেদেখায় স্বামীক, 

নৰপতি কহিলেক মাৰি পেলাইয়োক। 

এহি বুলি স্বামীকেসে কৰিলা ধিয়ান, 

গ'লে চেপিলেক দূতে মৰি গৈলা প্ৰাণ। 

ৰাখিলা স্বামীক আপোনাৰ দিয়া জান,

 এহি হেতু মৰিয়া স্বৰ্গত ভৈলা থান।

   (দূতিৰাম হাজৰিকাৰ পদ্য বুৰঞ্জী)


      ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াই জীয়েক জয়মতীৰ শাহুয়েক সিদ্ধেশ্বৰীৰ বাতৰি লবলৈ যাওঁতে বোৱাৰীয়েক জয়মতীয়ে সপোনত আহি কোৱাৰ কথা, বিয়নিয়েক সিদ্ধেশ্বৰীয়ে বিয়েয়েক বৰগোহাঁই ডাঙৰীয়াক এনেদৰে কৈছে –


সবাতকৈ স্নেহৰ              চন্দ্ৰদাৰ আইতা

মোৰে জন্মদাত্ৰী আই ।

মৰিবৰ সময়ত                দৰ্শন নেপালোঁ

মোৰ মান অভাগী নাই ।।

শুনকচোন আইচুদেউ       স্নেহৰ আইতা

শাহু বুলি গোহাৰি কৰো।

দু দৈৱ বিধিয়ে               বঞ্চিলে শাহু আই

দুখানি চৰণত ধৰো।।

তোমাকো সেৱিবলৈ        । ভৰষা আছিলে

মোৰ নাই কৰ্ম্মত লেখা।

তোমালৈ স্নেহ মোৰ       আছিলে শাহু আই

সেইগুনে দিলোহি দেখা।।

কালক্রমে জীৱ                   জন্মিছে মৰিছে,

কালৰে অধীন ঐ প্রাণি।

সেইগুণে আইচুদেউ               চিন্তা নকৰিবা

এইবোৰ কথাকে মানি।।

লাই-লেচাই কোঁৱৰক        তোমাতে অর্পিলো

চেনেহত পালিবা আই।

বেলা চাই খুৱাবা                বেলা চাই পালিবা

খেমিবা সকলো দায়।।

গদাপানি কোঁৱৰক         পাবা মোৰ শাহু আই

চাবা লাই-লেচাৰে মুখ।

মোৰ প্ৰিয়ভনী                  জয়েশ্বৰী আইদেউ

তাকে বিবাহিব পায়। 

কাৰেঙ্গৰ ওচৰত                    ঐশ্বর্য্য ভুঞ্জিবা

থাকিবা সুখেৰে আই ।।

স্বধৰ্ম নেৰিবা                         সত্যত থাকিবা

অধৰ্মত নিদিবা মতি।

এতেকে বোলাতে                  মায়াপী বিমানে

অন্তযান ভৈলা গতি।।

এই বোৰ সপোনত           দেখিলো বিয়ৈদেউ

বেলা ৰাতিপুৱাৰ আগে।

মোক বিদায় কৰি                বোৱাৰী গলেগৈ

বিজুলি চমকৰ আগে।।


     গদাপাণি আৰু জয়মতী কুঁৱৰীৰ আত্মত্যাগৰ বহু কাহিনী বুৰঞ্জীৰ পাতত লিপিবদ্ধ নহ'লেও মুখে মুখে বহু মালিতা আদিত প্রচলিত হৈ আছে। এই পোহৰলৈ নহা কথাবোৰ অসমৰ নগৰে-চহৰে, গাঁৱে-ভূঞে জয়মতী কুঁৱৰীৰ তিথি পালন কৰা উদযাপন সমিতি সমূহে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ সমূহৰ বুকুলৈ বহুজন চিন্তাশীল লেখক-লেখিকাই লিখনিৰে পোহৰলৈ আনিছে।


      চাউডাঙে জয়মতী কুঁৱৰীক যে পোন্ধৰ দিন শাস্তি দি মাৰিছিল, সেইকথা এই জয়া গীতটিত প্ৰকাশ পোৱাৰ উপৰিও জয়মতী কুঁৱৰীৰ দুখৰ বিননি প্ৰকাশ পাইছে—

(১) এদিনে খপিলোঁ     
      জেৰেঙা পথাৰত   
                কিনো নহ'বৰে হ'ল,
                তিৰিৰে ওপৰত 
                যমৰে যাতনা 
                        ৰাজখন তললৈ গ'ল। 
 (২) দুদিনে খপিলোঁ 
       জেৰেঙা পথাৰত 
                কিনো নহ'বৰে হ'ল, 
                বৰগোহাঞি জীয়ৰী 
                ৰজা ঘৰৰ বোৱাৰী 
                        জেৰেঙাত নাঙঠী হ'ল। 
(৩) তিনি দিন খপিলোঁ 
      জেৰেঙা পথাৰত
               শিয়ালে কৰে আৰাও,
               চমতাৰ কোৱতে
               যাতনা ভুগিছোঁ 
                         তেজেৰে ৰাঙলী গাৱ । 
(৪) চাৰিদিন খপিলোঁ 
     জেৰেঙা পথাৰত 
              কাউৰিয়ে কৰিছে কাঁ 
              ছ অঁৰা চাউদাঙে 
              নানা শাস্তি কৰে
                        যাতনাত পুৰিছে গা।
(৫) পাঁচে দিন খপিলোঁ
      জেৰেঙা পথাৰত 
              জিলিয়ে কৰিছে ঝা 
              ছ অঁৰা চাউদাঙে
              নানা শাস্তি কৰে
                      দেখিছো মৰণৰ ছাঁ। 
(৬) ছদিনে খপিলোঁ
     জেৰেঙা পথাৰত 
             ওপৰে শগুণ উৰে,
             চোৱাহি এবাৰ
             ডা-ডাঙৰীয়া 
                       দেহা মোৰ কেনেবা কৰে।
(৭)  সাতদিন খপিলোঁ 
       জেৰেঙা পথাৰত 
             জেৰেঙাত চ'তৰে বা,
             যমৰে যাতনা 
             কতনো ভুগিম মই 
                       কঁপনি উঠিছে গা।
(৮)  আঠে দিন খপিলোঁ 
       জেৰেঙা পথাৰত 
              ৰাতি শুনি হুদুৰ মাত, 
              মুখৰ মাত হৰে
              গা মোৰ পোৰে 
                       পেটত নাইকিয়া ভাত ।
(৯) ন দিন খপিলোঁ। 
      জেৰেঙা পথাৰত 
              ফেঁচাই কৰিছে নিউ,
              নিষ্ঠুৰ চাউদাঙে
              সবেও টোপনিত
                        ভয়তে উৰে মোৰ জীউ ।
(১০) দহ দিন খপিলোঁ 
        জেৰেঙা পথাৰত 
               বিৰিণা ইকৰা লৰে 
               লাই-লেচাই মোৰ 
               ক'তে কিনো কৰিছে 
                        ঘনেকৈ মনত মোৰ পৰে 
(১১) এঘাৰ দিন খপিলোঁ 
        জেৰেঙা পথাৰত 
               কিনো অথন্তৰে হ’ল 
              বঙহৰ দেউ অ’ই
              কুশলে থাকা যেন 
                        মোৰহে নহবৰ হ’ল ৷
 (১২) বাৰ দিন খপিলোঁ 
         জেৰেঙা পথাৰত
               কিনো অভাগী হাঁয় 
               চাউদাঙৰ হাততে 
               জীয়াতু ভুগিছোঁ
                          বতৰা লওঁতা নাই।
(১৩)  তেৰ দিন খপিলোঁ 
         জেৰেঙা পথাৰত 
               মাজনিশা ডাউকে কান্দে
               চকুত নাই টোপনি 
               গাত মোৰ পোৰণি
                           নিবলৈ মৰণে চান্দে।
(১৪)  চৈধ্য দিন খপিলোঁ 
         জেৰেঙা পথাৰত 
               দেশৰ ৰাইজ মোৰ
               খেমিবা যদি হয় দায়
               কাল অজগৰে
               গিলিব অচিৰে
                         ৰাখোঁতা কোনো যে নাই।
(১৫)  পোন্ধৰ দিন খপিলোঁ 
         জেৰেঙা পথাৰত 
               লাই-লেচাই মোৰ অ’ সৰগৰ তৰা;
              আঁহা মোৰ পোনাহঁত
              চাই লওঁ এবাৰ
                         কাললৈ নুমাম ম‍ই আজিৰে পৰা ।

   
   কৃপানাথ ফুকনে উত্তৰ ব্ৰহ্মদেশ ভ্ৰমণ কৰোঁতে শ্যাম বুৰঞ্জী এখনত জয়মতীৰ কথা পাই মালিতা আকাৰে ৰচনা কৰি প্ৰকাশ কৰে। এই মালিতাসমূহে ল'ৰা ৰজাৰ চাউদাঙে জেৰেঙা পথাৰত জয়মতী কুঁৱৰীক পোন্ধৰ দিন শাস্তি দি মৰাৰ প্ৰমাণ দিয়ে।

   ৰত্নেশ্বৰ মহন্তদেৱে জয়মতী কুঁৱৰীৰ পতিভক্তি আৰু দেশপ্ৰেমৰ মহান ত্যাগৰ কথা পোহৰলৈ অনাৰ পিছৰে পৰা কবি সাহিত্যিক বুৰঞ্জী গৱেষক আৰু নাট্যকাৰ সকলে গভীৰ গৱেষণা আৰু অনুসন্ধান কৰি জয়মতী কুঁৱৰীৰ মহান আদৰ্শৰ ওপৰত প্ৰৱন্ধ নাটক, কবিতা আদি লিখি অধিক পোহৰলৈ আনি অসমীয়া জাতি তথা ভাৰতৰ জনগণৰ মাজত প্ৰচাৰ কৰি অনুপ্ৰাণিত কৰোৱায়। জয়মতী কুঁৱৰীৰ মহান ত্যাগৰ কথা জানিবলৈ পাই জনগণ অভিভূত হয় আৰু জয়মতী কুঁৱৰীৰ ত্যাগৰ আদৰ্শৰ প্ৰতি আকর্ষিত হয়।

      স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গী হোৱাৰ পাছত ১৬৯৫ খ্ৰীষ্টাব্দত বৰপুত্ৰ লাই কোঁৱৰ ৰাজসিংহাসনত বহি নাম লয় ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ স্বৰ্গদেৱে জেৰেঙা পথাৰৰ যি জোপা গছত বান্ধি মাতৃ জয়মতী কুঁৱৰীক ল'ৰা ৰজাৰ চাউদাঙে শাস্তি দি মাৰিছিল সেই ঠাইডোখৰকে মধ্যস্থান কৰি ১৬৯৮ খৃঃত এটা বিশাল পুখুৰী খন্দায়। উত্তৰ পূব পাৰত দেৱতাৰ মন্দিৰ নিৰ্মাণ কৰায়। মাতৃ জয়মতী কুঁৱৰীৰ স্মৃতিত উচগি নাম থয় জয়সাগৰ দ'ল পুখুৰী। এই জয়সাগৰ পুখুৰী পাৰৰ বিষ্ণু কেশ ৰাই (জয়দ’ল) দ'লৰ প্ৰাঙ্গণত ১৯১৪ চনৰ তেৰ এপ্ৰিল সোমবাৰে চ'তৰ শুক্লা একাদশী তিথিত সমূহীয়াভাৱে অসমৰ কবি-সাহিত্যিক, বুৰঞ্জীবিদ নাট্যকাৰসকলে মহীয়সী নাৰী জয়মতী কুঁৱৰীৰ তিথি প্রথম পালন কৰে। তিথি আয়োজনৰ উদ্যোক্তা আছিল বিশিষ্ট কবি-সাহিত্যিক সকল— ৰাধিকা নাথ শৰ্মা, কুলধৰ চলিহা, জ্ঞানভিৰাম বৰুৱা বাৰ এট ল, কমলাকান্ত ভট্টাচাৰ্য, সৰ্বেশ্বৰ শৰ্মা কটকী, ডাঃ ভুবনেশ্বৰ বৰুৱা, কবি মফিজুদ্দিন আহমদ হাজৰিকা, ড০ সূর্য কুমাৰ ভূঞা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, বেণুধৰ শৰ্মা, কবি যতীন্দ্ৰ নাথ দুৱৰা, পাৰ্বতী প্ৰসাদ বৰুৱা, ইত্যাদি। সেই তিথিৰ মুকলি সভাত অসমৰ বহুতো গণ্য-মান্য ব্যক্তিয়ে আহি যোগদান কৰিছিল বুলি জনা যায়। অসমৰ খ্যাতনামা বিশিষ্ট পণ্ডিত সাহিত্যিক গৱেষকসকলে জয়মতী কুঁৱৰীৰ মহান আদৰ্শক স্বীকৃতি প্রদান কৰি মহীয়সী নাৰী গৰাকীক মহাসতী আখ্যা দি আদৰ্শেৰে অসমীয়া জাতিক অনুপ্রাণিত কৰি গৌৰাৱান্বিত কৰিছে আৰু অসমীয়া জাতিয়ে সেই গৰাকী নাৰীৰ ত্যাগৰ আদৰ্শ গ্ৰহণ কৰি গৌৰৱবোধ কৰিছে। তেনেস্থলত শেহতীয়াকৈ দুই-এজন লেখকে জয়মতী কুঁৱৰীৰ অস্ত্ৰোপচাৰ কৰা লিখনি পঢ়িবলৈ পোৱাটো দুৰ্ভাগ্যজনক। অসমৰ বাহিৰৰ অন্য জাতিসমূহৰ মাজত যদি আমাৰ মূলাগাভৰু, জয়মতী, কনকলতা, ভোগেশ্বৰী, আইতাৰ দৰে আদৰ্শৱান নাৰী থাকিলেহেঁতেন লিখকসকলে লিখনিৰে ঢোলপিটি বিশ্বক জনালেহেঁতেন; সেইকেইগৰাকী লিখকৰ দৰে অস্ত্ৰোপচাৰ নকৰিলেহেঁতেন। আমাৰ লিখক-লিখিকাসকলে আমাৰ জাতিটোক আদর্শৱান কৰি তুলিবলৈ হ'লে জয়মতী কুঁৱৰীকে আদি কৰি মহাপুৰুষ, পণ্ডিত, আত্মত্যাগী বীৰ বীৰাঙ্গণা সকলৰ মহান আদর্শক সমাজত প্ৰচাৰ কৰি অনুপ্রাণিত কৰিব লাগিব। সেই মহান পুৰুষ-নাৰীসকলৰ ত্যাগৰ স্বীকৃতি দি উত্তৰপুৰুষক পৰিচয় কৰাই দিব লাগিব। তেওঁলোকৰ আদৰ্শৰে উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰিব পৰাটোহে লিখকসকলৰ মূখ্য কাৰ্য হোৱা উচিত। তেতিয়া দেশখনৰ প্ৰতি, সমাজখনৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা ইতিহাসে সোঁৱৰাই দিব।

  লাইথেপেনা বৰগোহাঁইৰ পৰিয়ালৰ পুৰুষনামা উত্তৰ ব্ৰহ্মদেশৰ মাওলুং দেশৰ পৰা চাওলুং চ্যুকাফাৰ লগত অহা ——





লাইথেপেনা বৰগোহাঁইৰ পুত্ৰসকল ——
১। কনখাম, ২। কমলাকান্ত ৩। ৰামচন্দ্র, ৪। লাওখান, ৫। লংখাত, ৬। চাওথাও, ৭। লাংলত ৮। লাপাত, ৯। ধনীৰাম, ১০। চিপা, ১১। লালত, ১২। লাচিত, ১৩। সুন্দৰ, ১৪। অখাম, ১৫। কলিয়াচেন, ১৬। লাংকু, ১৭। খামচেং, ১৮। মোহন, ১৯। লাংকুন, ২০। খামচাং, ২১। নাংবাং, ২২। পূর্ণানন্দ, ২৩। অভয়চৰণ, ২৪। নুমলি বৰগোহাঁই (চকৰী ফেঁটি বুৰঞ্জী প্ৰণেতা)।

জীয়েকসকল— জয়মতী, বিজয়মতী, জয়কান্তি, জয়প্রভা, জনাপ্রভা, জয়তা, ৰত্নপ্রভা, চেংমতী, হীৰামতি, অঞ্জনা, শুক্লামতী আৰু জয়েশ্বৰী।

পত্নীসকল— চন্দ্ৰদাৰু (জয়মতীৰ মাতৃ), গঙ্গাপ্ৰভা, অৰুণমতী, অভয়মতী, লাইমতী, ৰংমলা, কমলা, সৰুমলা, জনা, চণ্ডিকা, অম্ৰাৱতী আৰু অলকা

(প্ৰৱন্ধটো যুগুত কৰোঁতে অসম বুৰঞ্জী, বুৰঞ্জীমূলক প্ৰৱন্ধ আৰু মৌখিক বুৰঞ্জীৰ আশ্ৰয় লোৱা হৈছে। দুই-এটা প্ৰৱন্ধৰ বাক্যও প্রয়োজন সাপেক্ষে সোমাইছে। (লিখক)।


বিঃদ্ৰঃ : লেখাটো কিছু অংশ সম্পাদনা কৰা হৈছে। 

           

Post a Comment

Previous Post Next Post