মহৎ লোকৰ বাণী ৷৷ অমৃত বাণী

 মহৎ লোকৰ বাণী অমৃত বাণী ৷৷ 




(১) নজনাটো সিমান ডাঙৰ কথা নহয়, শিকিবলৈ ইচ্ছা নকৰাটোহে লাজৰ কথা।৷    — বেঞ্জামিন ফ্রেংকলিন।

(২) ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক।৷                            — লক্ষ্মীনাথ বেজবৰুৱা।

(৩) এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একেই কথা ৷৷                — মিল্টন।

(৪) পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সুনাম নষ্ট কৰা ৷৷                                  — ৰামকৃষ্ণ পৰমহংস ।

(৫) শিক্ষক হৈছে এডাল মমবাতিৰ দৰে, যি নিজে গলি আনক পোহৰ দিয়ে ।৷                   — সুভাষ চন্দ্র বসু।

(৬) পৃথিৱীত সেইজনেই আটাইতকৈ শক্তিশালী যি সকলো প্রত্যাহবানতো অকলশৰে থিয় হৈ থাকিব পাৰে।৷                                                                                                                        — হেৰিক হ'বচেন ৷

(৭) মানুহৰ প্ৰিয় হোৱাতকৈ বিশ্বাসৰ প্ৰাপ্ত হোৱা ভাল।৷                                       — জর্জ মেকডোনাল্ড ৷

(৮) যিজন ব্যক্তিৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁ কোনো কামতেই সফল হ'ব নোৱাৰে ৷৷ — নেপোলিয়ন বোনাপার্ট।

(৯) শিকিবলৈ এৰি দিলেই মানুহ বুঢ়া হয়। নতুন নতুন কথা শিকি থাকিলে মানুহ চিৰকাল ডেকা হৈ থাকে৷ মনটোক ডেকা কৰি ৰখাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ কাম।৷                          – হেনৰি ফ'ৰ্ড।

(১০) ৰাইজৰ মৰম-স্নেহেই ৰক্ষা কবচ ৷ ৰাইজৰ আশিষেই পাশুপাত অস্ত্ৰ ৷ এই ৰক্ষা কবচ পাশুপাত অস্ত্ৰৰ বলতে আমি সুস্থ, বলিষ্ঠ, নির্ভীক সৈনিক ৷। 
                                                                                                                                              — বিষ্ণুৰাভা ।

(১১) শিক্ষাৰ ঘাই উপাদনা তিতা, কিন্তু ফলটো বৰ মিঠা।৷                                                     — এৰিষ্ট'টল ৷

(১১) দূর্বলীয়ে কেতিয়াও ক্ষমা কৰিব নোৱাৰে, ক্ষমা সৱলীৰহে গুণ ৷৷                             — মহাত্মা গান্ধী ৷

(১২) আমি দুখীয়া হব পাৰো । কিন্তু যাতে অসৎ নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।৷                                                                                                                                                                              — মাওচেতুং ৷

(১৩) আনবোৰ নিচাই মানুহক তিলে তিলে ধ্বংস কৰে, কিন্তু কিতাপৰ নিচাই মানুহক নিত্য নৱৰূপত সৃষ্টি কৰে। প্রত্যেকখন ভাল কিতাপে মানুহৰ মনৰ দিগন্ত আগতকৈ কিছু বহল কৰি দিয়ে, তেওঁৰ চেতনা আগতকৈ কিছু প্ৰসাৰিত কৰি দিয়ে, তেওঁৰ কল্পনা আগতকৈ কিছু সমৃদ্ধ কৰি দিয়ে।৷               — হোমেন বৰগোহাঞি ।

(১৪) জীৱনৰ মহত্বপূৰ্ণ সমাপ্তি জ্ঞানত নহয় কৰ্মতহে ৷৷                                      — থমাচ হেনৰী হাক্সলি

(১৫) আশা আছে বাবে পৃথিৱী ইমান ধুনীয়া ৷৷                                                                      —হেম বৰুৱা।

(১৬) পাপী যিমান ডাঙৰ, সন্যাসীও সিমানেই ডাঙৰ ৷৷                                                   — মহাত্মা গান্ধী ৷

(১৭) জুইয়ে শুকান খৰি পুৰি ছাৰখাৰ কৰাৰ দৰে ঈৰ্ষায়ো সকলো ভাল কাম নষ্ট কৰি পেলায় ৷৷—হজৰত মহম্মদ।

(১৮) বিদ্যা তাকেহে বোলে যি মুক্তি দিব পাৰে।৷  —হেমচন্দ্র গোস্বামী ৷

(১৯) আমাক এনে শিক্ষা লাগে যাৰ দ্বাৰা আমাৰ সৎ চৰিত্ৰ গঠন হয়। যাৰ দ্বাৰা মানসিক বল বুদ্ধি হয়, যাৰ দ্বাৰা বুদ্ধিমত্তা প্ৰসাৰিত হ'ব আৰু যাৰ সহায়ত আমি নিজৰ ভৰিত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰো।৷ — স্বামী বিবেকানন্দ।

(২০) ভুলকৈ জনাতকৈ একো নজনাই ভাল ৷৷ —  শেক্সপীয়েৰে ৷

(২১) বীৰত্বৰ বল প্রয়োগত নহয়, সংযমতহে ৷৷ —নবীন চন্দ্ৰ বৰদলৈ।

(২২) শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ দেহ আৰু আত্মাৰ সৌন্দৰ্য্য আৰু পূৰ্ণতা দান কৰা ।৷   —  প্লেটো।

(২৩) আমি এনে শিক্ষা বিচাৰোঁ যি শিক্ষাই আমাক চৰিত্ৰৱান হ'বলৈ শিকাব । মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত ঠিয় হবলৈ সক্ষম কৰাব।৷   — স্বামী বিবেকানন্দ।

(২৪) মৰমে মৰমৰ জন্ম দিয়ে ।৷  —  ছফোপলচ।

(২৫) প্রলোভনৰ ঊর্ধ্বত থাকিব পৰাজনেহে জীৱনক উপভোগ কৰিব পাৰে ৷৷  — মহাত্মা গান্ধী।

(২৬) কথা কমকৈ ক'বা, কাম বেছিকৈ কৰিবা।৷
— চক্ৰেটিছ ।

(২৭) যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়, যি নিজৰ দোষ ঢাকি আনৰ দোষ খুচুৰি ফুৰে তেওঁহে প্রকৃত অন্ধ ৷৷ — মহাত্মা গান্ধী।

(২৮) এটা বন্দুকৰ গুলীতকৈ এটোপাল চিয়াঁহীৰ মূল্য অধিক ৷৷ —  মাও জে ডং।

(২৯) জ্ঞানৰ আনন্দই নিজৰ আত্মাক তৃপ্তি দিয়ে।৷ —ৰঘুনাথ চৌধুৰী ৷

(৩০) এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী আদর্শ মাতৃয়ে অকলেই কৰিব পাৰে।৷ —
জর্জ হাবটি।

(৩১) শিক্ষাই হৈছে মূল উপায়, যিয়ে মানৱ জীৱনলৈ শান্তি বোৱাই আনিব পাৰে।৷ —এৰিষ্টটল।

(৩২)  তুমি যদি জীৱনটোক ভাল পোৱা তেনেহ'লে অবাবত সময় নষ্ট নকৰিবা । কাৰণ জীৱনটো সময়ৰে সমষ্টি।৷—বেঞ্জামিন ফ্ৰেংকলিন ।

(৩৩) প্রত্যেক দিন জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা ৷৷ —জিম কৰবেট।


(৩৪) ভাল কামলৈ অনুৰাগ আৰু বেয়া কামলৈ ঘৃণাৰ ভাৱ বঢ়াবা। কিন্তু ভাল মানুহলৈ শ্ৰদ্ধা আৰু বেয়া মানুহলৈ দয়াৰ ভাৱ থাকিব লাগে।৷    — মহাত্মা গান্ধী।


(৩৫) এপাচি বিদ্যাতকৈ এমুঠি সততাৰ মূল্য বহুত বেছি।৷ —জর্জ হার্বাট।

 
(৩৬) যিটো জীৱনক জ্ঞানে পথ দেখুৱায়, সেইটোৱেই হ'ল ভাল জীৱন ৷৷ —বাট্রাণ্ড ৰাছেল।


(৩৭) এটা সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায়, তেনেকৈ সৰু সৰু কথাৰ মাজেদিও মানুহ এজনৰ চৰিত্ৰৰ মাহাত্ম্য প্রকাশ পায় ৷৷ —লৰ্ড এভেৱৰী।


(৩৮) সূৰ্য্যৰ পোহৰ যি দৰে ঢাকি ৰাখিব নোৱাৰি, শিক্ষাৰ ক্ষেত্ৰতো অহিংসাক সেইদৰে ঢাকি ৰাখিব নোৱাৰি ৷৷ —মহাত্মা গান্ধী ৷


(৩৯) আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাতুৰিবলৈ শিকিছোঁ, কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই ।৷ —মার্টিন লুথাৰ ।


(৪০) ভাষা সাহিত্যৰ দেহ।৷ —মিত্রদেৱ মহন্ত ৷


(৪১) প্রত্যেক কামৰ বেলিকা তোমাৰ ওচৰ-চুবুৰীয়াৰ প্ৰতি লক্ষ্য ৰাখিবা। তোমাৰ কাষৰ দ্বাৰাই যাতে আনৰ ক্ষতি নহয় চাবা। আনৰ ক্ষতি মানেই তোমাৰ ক্ষতি।৷ —হজৰত মহম্মদ ।


(৪২) প্রত্যেক মানুহৰ জীৱনলৈকে কিছুমান সংকটপূর্ণ সময় আছে। তথাপি এই ভাবি সান্ত্বনা লভিব পাৰি যে সংগ্রাম যিমানে কঠিন হ’ব জয় লাভো হ'ব সিমানেই গৌৰৱময়।৷ —টমাছ পাইন।


(৪৩) কৰ্ত্তব্যই যিকোনো কামকে ভালকৈ কৰিবলৈ আমাক বাধ্য কৰে।৷  —ফিলিপছ ব্রুক।


(৪৪) ৰাইজৰ সেৱাত সম্পূৰ্ণ আত্মনিয়োগ কৰিবলৈ হ'লে ব্ৰহ্মচাৰ্য্য পালন কৰা উচিত ৷৷ —মহাত্মা গান্ধী ৷


(৪৫) জীৱনত কৃতকাৰ্য্যতা লাভ কৰিবলে দুটা বস্তুৰ প্ৰয়োজন, এটা হ'ল প্ৰতিভা আৰু আনটো হ'ল সুযোগ ৷৷—ছক্ৰেটিছ।


(৪৬) এজন মানুহৰ চৰিত্ৰ তেতিয়াই ফুটি উঠে, যেতিয়া তেওঁ আন এজন মানুহৰ চৰিত্ৰৰ বৰ্ণনা কৰে ৷৷ –জ্যাঁ পল ছাত্রে।


(৪৭) ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই হ'ল শিক্ষাৰ মূল উদ্দেশ্য ৷৷ – ছক্ৰেটিছ।









Post a Comment

Previous Post Next Post