ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ ৷

 

ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ  ৷





    ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল ৬৪ বছৰীয়া দ্ৰৌপদী মূৰ্মূ  ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় । যোৱা ২১ জুলাইত অনুস্থিত ৰাষ্ট্ৰপতি নিৰ্বাচন NDA প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মূই  বিপক্ষৰ প্ৰাৰ্থী  যশোৱন্ত সিনহাক পৰাজিত কৰি ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হয় । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত মূৰ্মূ হৈছে দেশৰ প্ৰথমগৰাকী জনজাতীয় লোক। আনহাতে তেওঁ হৈছে দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি ।


দ্ৰৌপদী মূৰ্মূ চমু  জীৱনী৷


জন্ম আৰু শিক্ষা।

   দ্ৰৌপদী মূৰ্মূৰ জন্ম  হয়  ১৯৫৮ চনৰ ২০ জুনত  উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোছি গাওঁত এক চাওঁতাল সম্প্ৰদায়ৰ পৰিয়ালত ৷ তেওঁৰ পিতৃৰ নাম আছিল  বিৰিঞ্চি নাৰায়ণ টুডু ৷ মুৰ্মুৱে স্কুলীয়া শিক্ষা গাঁৱতে আৰম্ভ কৰিছিল। ১৯৬৯ চনৰ পৰা ১৯৭৩ চনলৈ আদিবাসী আৱাসিক বিদ্যালয়ত অধ্যয়ন কৰে। ইয়াৰ পিছতে  ভুৱনেশ্বৰৰ ৰামা দেৱী মহিলা মহাবিদ্যালয়ত পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে ৷ উল্লেখযোগ্য যে মুৰ্মু আছিল স্নাতক ডিগ্ৰী লাভ কৰা  গাঁৱৰখনৰ  প্ৰথমজনী ছোৱালী।

বিবাহিত জীৱন

  শ্যাম চৰণ মুৰ্মুৰ সৈতে দ্ৰৌপদী মূৰ্মূৰ বিবাহপাশত আৱদ্ধ হয় । কলেজত পঢ়ি থকা সময়তে   তেওঁ শ্যাম চৰণ মুৰ্মুৰ সৈতে চিনাকি আৰু পিছত বিবাহ হয় । শ্যাম চৰণ মুৰ্মুৰ সেই সময়তে ভুৱনেশ্বৰৰ এখন কলেজৰ ছাত্ৰ আছিল । তেওঁলোকৰ দুজন পুত্ৰ আৰু এজনী কন্যা সন্তান আছিল । কিন্তু ২০০৯ চনত তেওঁৰ প্ৰথম পুত্ৰৰ ৰহস্যজনকভাৱে মৃত্যুৰ পাছত ২০১৩ চনত দ্বিতীয় পুত্ৰৰ এক দূৰ্ঘটনাত   হেৰুৱাব লগীয়া হয়। ইয়াৰ পাছত ২০১৪ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়।

কৰ্মজীৱন


   ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে মুৰ্মুৱে শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভ কৰিছিল। ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ জলসিঞ্চন আৰু শক্তি বিভাগত কনিষ্ঠ সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ সন্মানীয় সহকাৰী শিক্ষক হিচাপে কাম কৰিছিল।

ৰাজনৈতিক জীৱন।

 

   দৌপদ্ৰী মূৰ্মূ ১৯৯৭ চনত ৰাইৰঙ্গপুৰ নগৰ নিৰ্বাচনত পঞ্চায়তৰ কাউন্সিলাৰ হিচাবে ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰে। ইয়াৰ পিছত তেওঁ জিলা পৰিষদৰ উপ-সভানেত্ৰী হিচাপেও নিৰ্বাচিত হয়। ২০০০ চনত বিধান সভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিছাবে  ৰাইৰঙ্গপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হয় ৷ ২০০২ চনত পশুপালন বিভাগত ৰাজ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত  হয় ৷২০০৯ চনত পুনৰ বিধায়ক হিচাবে নিৰ্বাচিত হয়। ২০০৯ চনত লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰিছিল যদিও পৰাস্ত হয়। ২০১৫ চনত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাবে  নিৰ্বাচিত হয়।


Post a Comment

Previous Post Next Post