অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ? National park in assam

  অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?




   বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান সংখ্যা হৈছে ৭ খন।  উদ্যানকেইখন হৈছে। 


(১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান / Kaziranga National Park ৷


   এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা হৈছে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান । এই উদ্যানখন গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত । ইয়াৰ মাটিকালি হৈছে ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ।   ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি লাভ কৰে। ১৯৮৫ চনত কাজিৰঙাক UNESCOই বিশ্ব ঐতিহ্যক্ষেত্ৰ (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰে ৷ ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়ৰ উপৰিও ঢেঁকীয়াপতীয়া বাঘ , নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, সোণালী বান্দৰ,  টুপীমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, হাতী, খাগৰি-কটা পহু, বন-ৰৌ, হৰিণা, বিভিন্ন প্ৰজাতিৰ মাছ-কাছ, পক্ষী আদি পোৱা যায়।

গুগলমেপত অৱস্থিত :

(২) মানাহ ৰাষ্ট্ৰীয় উদ্যান/ 
Manas National Park ৷


      অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান৷ এই উদ্যানখন অসমৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৫০০  বৰ্গ কিলোমিটাৰ ৷ ১৯৯০ চনত মানাহ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰূপে স্বীকৃতি লাভ কৰে। ১৯৭৩ চনত লুপ্তপ্ৰায় ঢেঁকিয়াপতীয়া বাঘৰ সংৰক্ষণৰ বাবে  মানস ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰে ৷ ১৯৮৫ চনত মানাহক UNESCOই বিশ্ব ঐতিহ্যক্ষেত্ৰ (World Heritage Site) হিচাপে অন্তৰ্ভুক্ত কৰে।  মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতীয়া বাঘ , নাহৰফুটুকী বাঘ, বনৰীয়া মহ, মেথোন, এশিঙীয়া গঁড়, হাতী, সোণালী বান্দৰ, নলগাহৰি, টুপীমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, বিভিন্ন পহু, হৰিণা আদি বহুত আপুৰুগীয়া তথা লুপ্ত-প্ৰায় বন্যপ্ৰাণী, বিভিন্ন প্ৰজাতিৰ সৰীসৃপ ,উদ্ভিদ আদিৰ পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন আপুৰুগীয়া পক্ষী পোৱা যায় ।

গুগলমেপত অৱস্থিত :


(৩) নামেৰি ৰাষ্ট্ৰীয় উদ্যান/ Nameri National Park ৷


নামেৰি হৈছে অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান । এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত  ৷ ইয়াৰ মাটিকালি হৈছে ২০০ বৰ্গ কিলোমিটাৰ । ১৯৯৮ চনৰ ১৫ নবেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হয়। ইয়াৰ আগতে ১৯৭৮ চনৰ ১৭ অক্টোবৰত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৮৫ চনত নামেৰি অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ৷ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত  ঢেঁকীয়াপতীয়া বাঘ , নাহৰফুটুকী বাঘ, হাতী, নল গাহৰি,  বনৰীয়া গাহৰি, ভালুক, ৰাংকুকুৰ, সুগৰী পহু, ক'লা ভালুক, টুপীমূৰীয়া বান্দৰ, সেন্দূৰী বান্দৰ,   দল-হৰিণা, বন-ৰৌ, লাজুকী বান্দৰ, শৰপহু আদি।  আপুৰুগীয়া দেওহাঁহ ওপৰিও প্ৰায় ৩০০ প্ৰজাতিৰ পক্ষী আৰু বিভিন্ন প্ৰজাতিৰ সৰীসৃপ পোৱা যায়। 

গুগলমেপত অৱস্থিত :
Nameri National Park And Forest Reserve



(৪)  ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান/ Dibru Saikhowa National Park ৷


   ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৩৪০ কিলমিটাৰ ৷১৯৯৫ চনত  ডিব্ৰু-ছৈখোৱাক অভয়াৰণ্য ঘোষণা কৰা হৈছিল ৷ ১৯৯৯ চনত ডিব্ৰু-ছৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি প্ৰদান কৰে । ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা , আপুৰুগীয়া দেওহাঁহ,লুপ্তপ্ৰায় শিহু, বাঘ, হাতী, বনৰীয়া ম’হ, বিভিন্ন প্ৰজাতিৰ বান্দৰ,৩৮৫ প্ৰজাতিৰ পক্ষী, বিভিন্ন উদ্ভিদ পোৱা যায় । ইয়াত থকা জলাশয়সমুহত বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমন ঘটে ।

গুগলমেপত অৱস্থিত :

(৫)  ওৰাং ৰাষ্ট্ৰীয় উদ্যান/ Orang National Park ৷


  ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত ৷ ইয়াৰ মাটিকালি হৈছে ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয় । ১৯৯৯ চনৰ ১৩ এপ্ৰিলত  ওৰাং অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি প্ৰদান কৰে ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, বনৰীয়া ম'হ, নল গাহৰি, শহা পহু, খটিয়া পহু আদি পোৱা যায়৷

গুগলমেপত অৱস্থিত :
Orang National Park



(৬) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান/ Raimona National Park ৷


    ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন কোকৰাঝাৰ জিলাৰ ইণ্ডো-ভূটান সীমান্তত অৱস্থিত । ইয়াৰ মাটিকালি হৈছে ৪২২ বৰ্গকিলমিটাৰ ৷ ২০২১ চনৰ ৯ জুনত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি লাভ কৰে ৷ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ ৷ ইয়াৰ উপৰিও হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ, মেথোন, ফুটুকী হৰিণ । বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু উদ্ভিদ পোৱা যায়।

গুগলমেপত অৱস্থিত :
Raimona National Park

(৭)  দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান / Dehing Patkai National Park ৷

   পূবৰ আমাজান ৰূপে খ্যাত   দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান হৈছে  অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান। দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে ২৩৪.২৬ বৰ্গকিলমিটাৰ ৷ ২০২১ চনৰ ৯ জুনত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰিছিল। ইয়াৰ আগতে ২০০৪ চনৰ ১৩ জানুৱাৰী তাৰিখে দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।জৈৱবৈচিত্ৰ্যৰে ভৰপুৰ   এই দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন  বৰ্ষাৰণ্য ৰূপে পৰিচিত। ইয়াত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ , প্ৰায় ১০০ বিধ অৰ্কিড , সৰীসৃপ, ৩১০ বিধ পখিলা । ঢেঁকীয়াপতীয়া বাঘ , নাহৰফুটুকী বাঘ, লাজুকী বান্দৰ, গাহৰি নেজীয়া বান্দৰ, সেন্দূৰী বান্দৰ, টুপীমূৰীয়া বান্দৰ, হাতী, বিভিন্ন পহু আদি পোৱা যায় ।

গুগলমেপত অৱস্থিত :

Dehing Patkai National Park


ফ্ৰী অনলাইন ইনকাম চাইট 

তলত কেইটামান ফ্ৰী ইনকাম চাইত দিয়া হৈছে যিকেইটাত কেৱল ইমেইল দি ৰেজিষ্টাৰ জইন হব লাগে ৷ জইন হবলৈ চাইত কেইটাৰ ওপৰত ক্লিক কৰক ৷













লগতে পঢ়ক  : ———



=> পৃথিৱীৰ উল্লেখযোগ্য দিৱসসমুহ ৷

=> অসমৰ অভয়াৰণ্য সমুহ। 



Post a Comment

Previous Post Next Post