এটা শব্দত প্ৰকাশ কৰা ৷

 এটা শব্দত প্ৰকাশ কৰা ৷





আমাৰ Whatsapp Group
অসমীয়া সাহিত্যৰ কুইজ 
অসম বুৰঞ্জীৰ কুইজ 
অসমীয়া চলচ্চিত্ৰৰ কুইজ 
প্ৰথম অসমীয়া 
অসমৰ খেলৰ কুইজ 
অসমৰ ৰাজনীতি কুইজ 
অসমৰ ভূগোল কুইজ 
অসমীয়া জাতীয় প্ৰতীকসমুহ
অসমৰ কাক কি বুলি জনা যায় 
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি ?
অসমৰ অভয়াৰণ্য কেইখন আৰু কি কি ?
মহৎলোকৰ বাণী


লগতে চাওঁক : ——

বিপৰীত শব্দ বা বিপৰীতার্থক শব্দ 

সমার্থক শব্দ বা প্ৰতিশব্দ

সন্ধি ভঙা
বিপৰীত লিংগবাচক শব্দ
ডাকৰ বচন


(১) ধান থোৱা ঘৰ = ভঁৰাল ৷
(২) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি ৷
(৩) বিহুৰ আগ দিনা = উৰুকা ৷
(৪) গৰু বন্ধা ঘৰ = গোহালি ৷
(৫) শিং নথকা গৰু = লাওমূৰা ৷
(৬) পনীয়া গাখীৰ দিয়া গাই = জলাহী
(৭) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী ৷
(৮) হাল বোৱা গৰু = বলধ ৷
(৯) গৰু চৰোৱা লোক = গৰখীয়া ৷
(১০) গৰুৰ পোৱালি = দামুৰি ৷
(১১) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল ৷
(১২) হাতী চৰোৱা লোক = মাউত ৷
(১৩) দাঁত ওলোৱা হাতী = দঁতাল ৷
(১৪) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা/ পৰশ্ৰীকাতৰ ৷
(১৫) যাৰ মূৰত চুলি নাই = তপা ।
(১৬) গোটেই জীৱন জুৰি = আজীৱন
(১৭) ভৰিৰপৰা মূৰলৈকে = আপাদমস্তক।
(১৮) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত ৷
(১৯) যি ৰাতি চৰে = নিশাচৰ।
(২০) ধান ৰোৱা তিৰোতা = ৰোৱনী।
(২১) ধান দোৱা তিৰোতা = দাৱনী।
(২২) যি কথা কব নোৱাৰে = বোবা ৷
(২৩) যি এটা চকুৰে নেদেখে = কণা
(২৪) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ ৷
(২৫) যি দিনত নেদেখে = দিনকণা ৷

লগতে চাওঁক : ———

>>> সাঁথৰ সংগ্ৰহ ৷


(২৬) যি ৰাতি নেদেখে = কুকুৰীকণা ৷
(২৭) জন্মৰ পৰা অন্ধ যি = জন্মান্ধ ৷
(২৮) যি অলপতে শুনে = শহাকণীয়া ৷
(২৯) খাবলৈ অনা সৰু কলপুলি = পচলা ৷
(৩০) কঁঠালৰ সৰু সৰু কলি = মুচি।
(৩১) যি জলত  বাস কৰে = জলচৰ।
(৩২) যি স্থলত চৰে = স্থলচৰ ৷
(৩৩) মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী = স্তন্যপায়ী ৷
(৩৪) বোকাত যাৰ জন্ম = পংকজ।
(৩৫) পানী আৰু মাটিত চলে যি = উভচৰ।
(৩৬) কাঁহৰ বাচন গঢ়োঁতা =  কঁহাৰ।
(৩৭) মাটিৰ বাচন সাজোঁতা = কুমাৰ।
(৩৮) যি বাহ বেতৰ কাম কৰে = বাঢ়ৈ।
(৩৯) চিঠি বিলাই ফুৰা লোক  = পিয়ন ৷
(৪০) সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক = স্বৰ্ণকাৰ/ সোণাৰী ৷
(৪১) সোণেৰে নিৰ্মিত বা সোণ চৰোৱা =  সোণোৱালী ।
(৪২) ৰূপেৰে নিৰ্মিত বা ৰূপ চৰোৱা =  ৰূপোৱালী।
(৪৩) একে  মাকৰপৰা জন্ম যাৰ  = সহোদৰ ৷
(৪৪) যাৰ পিছত জন্ম = অনুজ ৷
(৪৫) একেলগে ওপজা দুটা সন্তান = যমজ।
(৪৬) যি ঈশ্বৰক  বিশ্বাস নকৰে = নাস্তিক।
(৪৭) যি ঈশ্বৰক বিশ্বাসী কৰে = আস্তিক
(৪৮) যাৰ ঘৰ নাই  = অঘৰী ।
(৪৯) ফুল নুফুলাকৈ গুটি হোৱা গছ = বনস্পতি ।
(৫০) যি বনত ওপজে = বনজ ৷


লগতে চাওঁক : ———

>>> অসম বুৰঞ্জীৰ কুইজ। 


(৫১) দেশৰ কাৰণে  মৃত্যু বৰণ কৰা লোক = শ্বহীদ ৷
(৫২) দেশক ভাল পোৱা মানুহ = দেশভক্ত ৷
(৫৩) দেশৰ অপকাৰ কৰা মানুহ = দেশদ্ৰোহী ৷
(৫৪) মাটিৰে নিৰ্মিত = মৃন্ময়।
(৫৫) মাটিৰে তৈয়াৰী শিল্পকৰ্ম = মৃৎশিল্প ৷
(৫৬) যি আগতে কেতিয়াও হোৱা নাই  = অভূতপূৰ্ব
(৫৭) যি আগতে হৈছে বা ঘটিছে = ভূতপূৰ্ব ৷
(৫৮) য'ত যাব নোৱাৰি = দুৰ্গম ৷
(৫৯) য'ত যাব পাৰি = সুগম ৷
(৬০) বাটেদি যোৱা লোক = বাটৰুৱা।
(৬১) যি ঠাইত মানুহ নাই = জনশূন্য ৷
(৬২) যিয়ে গৰু গাড়ী চলায় = গাড়ােৱান ৷
(৬৩) যাক দেখা নাযায় = অদৃশ্য।
(৬৪) আনৰ দোষ দেখা স্বভাৱ = অসূয়া।
(৬৫) ঘৰৰ চালৰ পানী পৰা ঠাই = পানী পচা ৷
(৬৬) দৰমহা নোলোৱাকৈ কাম কৰা মানুহ = অবৈতনিক।
(৬৭) যি নাৰীৰ স্বামী মৃত্যু হৈছে = বিধৱা ।
(৬৮) যি পুৰুষৰ পত্নীৰ  মৃত্যু হৈছে = বৰলা ।
(৬৯) যাৰ কোনো সন্তান নাই = নিঃসন্তান।
(৭০) যাৰ অন্ত নাই = অনন্ত।
(৭১) পৰৰ অধীন = পৰাধীন।
(৭২) দেউতাকৰ সখিয়েক = তাৱৈ ৷
(৭৩) তাৱৈৰ পত্নী = আমৈ।
(৭৪) ককাৰ দেউতাক = আজোককা ৷
(৭৫) মাৰ ভনীয়েক = মাহী ৷
(৭৬) দেউতাৰ ভনীয়েক = পেহী ৷
(৭৭) যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে = কৃতজ্ঞ।
(৭৮) যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে = অকৃতজ্ঞ ৷
(৭৯) যাৰ দুই হাত সমানে চলে = সব্যসাচী।
(৮০) যাক গণনা কৰিব নোৱাৰি = অগণন ৷
(৮১) শৰৎ কালত হোৱা = শাৰদীয় ৷
(৮২) যাৰ সীমা নাই = অসীম ৷
(৮৩) যি নিশা চৰে = নিশাচৰ ৷
(৮৪) কাৰো লগত মিলিব নোৱাৰা লোক = অজীনপাতকী ৷
(৮৫) পূৰ্ব জন্মৰ কথা যাৰ মনত আছে = জাতিস্মৰ ৷
(৮৬) একে সময়তে হোৱা = সমসাময়িক ।
(৮৭) যি নিয়ম মতে খৰচ কৰে = মিতব্যয়ী ।
(৮৮) যি মৰো মৰো অৱস্থা হৈছে = মুমুৰ্ষু ।
(৮৯) কৰিবলগীয়া কাম = কর্তব্য।
(৯০) যি গোচৰ তৰে = গুচৰীয়া।
(৯১) যি বিধিসন্মত = বৈধ ।
(৯২) কাৰো নাম নধৰাকৈ পৰা গালি  = গুৱাল-গালি।
(৯৩) যাক সহজে লাভ কৰা যায় = সুলভ।
(৯৪) যাক সহজে পাবলৈ টান = দুর্লভ, দুষ্প্রাপ্য।
(৯৫) যাৰ পূৰ্ব জন্মৰ কথা মনত আছে = জাতিস্মৰ ।
(৯৬) আনৰ ভাল দেখিব নোৱাৰা = পৰশ্ৰীকাতৰ ।
(৯৭) নিজে নিজে হোৱা = স্বয়ম্ভু।
(৯৮) সন্তান নোহোৱা তিৰোতা  =  বাঁজী।
(৯৯) এই সন্তান থকা তিৰোতা = কাকবন্ধ্যা ৷
(১০০) পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ = পৰমুখাপেক্ষী।
(১০১) একে গুৰুৰ শিষ্য = সতীৰ্থ ৷
(১০২) যি কম কথা কয় = মিতভাষী ৷
(১০৩) এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় = ওষধি।
(১০৪) পথৰপৰা যি বিচলিত হৈছে = পথভ্রষ্ট।
(১০৫) যি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ।
(১০৬) যি ঠাইত অতি ঠাণ্ডাও নহয় , গৰমো নহয় =   নাতিশীতোষ্ণ ।
(১০৭) পুৱাই নাম ল’বলগীয়া = প্ৰাত:স্মৰণীয় ৷
(১০৮) দীর্ঘকাল জীয়াই থকা = দীর্ঘজীবী।
(১০৯) নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ ৷
(১১০) যাৰ ওপৰত গোচৰ তৰে = পদকীয়া ।
(১১১) একে সময়তে হোৱা = সমসাময়িক ৷
(১১২) যাক কল্পনা কৰিব নোৱাৰি =  কল্পনাতীত ৷
(১১৩) যি কথা জনা নাযায় =  অজ্ঞাত ৷
(১১৪) যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য ৷
(১১৫) চোবাই খোৱা বস্তু =  চৰ্ব্য ৷
(১১৬) জিভাৰে চেলেকি চাব পৰা বস্তু = লেহ্য ৷
(১১৭) চেলেকি খোৱা বস্তু = লেস্য।
(১১৮) যি কথা লগাই ফুৰে = খলুৱা ৷
(১১৯) যি নিজৰ ওপৰত নিৰ্ভৰ কৰে = আত্মনিৰ্ভৰশীল; স্বাৱলম্বী ৷
(১২০) যি আনৰ ওপৰত নিৰ্ভৰ কৰে = পৰনিৰ্ভৰশীল ৷
(১২১) যি বিদেশত থাকে = প্ৰবাসী ৷
(১২২) যি কণীৰপৰা জন্মে = অণ্ডজ ৷
(১২৩) ছবি অঁকা লোক = চিত্ৰকাৰ ৷
(১২৪) নাও বােৱা লোক  = নাৱৰীয়া ৷
(১২৫) যি কথা কোৱা উচিত নহয় = অনুচিত।
(১২৬) যি শুনাও নাপায় আৰু  কথাও ক'ব নোৱাৰে = মুকবধিৰ ৷
(১২৭) ঠেং নথকা ভেকুলীৰ পোৱালি = লালুকী ৷
(১২৮) মাছৰ পোৱালি = পোনা ৷
(১২৯) কাৱৈ মাছৰ সৰু পোৱালি = কাৱৈটিলা।
(১৩০) গৰৈ  মাছৰ সৰু সৰু পোৱালি = গৰৈচিৰিকা।
(১৩১) মাগুৰ মাছৰ সৰু = মাগুৰজালি ৷
(১৩২) শ’ল মাছৰ সৰু = শ’লঠাৰি ৷
(১৩৩) বৰষুণ নোহোৱা বতৰ = খৰাং ৷
(১৩৪) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷
(১৩৫) যি অনাই বনাই ঘূৰি ফুৰে = যাযাবৰ ৷
(১৩৬) যি জানিবলৈ ইচ্ছা কৰে = জিজ্ঞাসু ৷
(১৩৭) যাৰ শত্ৰু নাই = অজাতশত্ৰু
(১৩৮) যি ঠাইত মানুহ নাই = জনশূন্য ৷
(১৩৯) যি অতি দীঘল  নহয় = নাতিদীর্ঘ। 
(১৪০) যাৰ বিবেচনা শক্তি নাই = অবিবেচক ৷
(১৪১) যি মাটিৰ উৎপাদিকা শক্তি নাই = অনুৰ্বৰ
(১৪২) বিদেশৰপৰা অহা লোক = বিদেশী ৷
(১৪৩) বীণা আছে পাণিত (হাতত) যাৰ = বীণাপাণি ।
(১৪৪) যাৰ নাম নাই = অনামী ৷
(১৪৫) হতভাগ্য যাৰ = হতভাগা।
(১৪৬) যি পুৰুষ ভয়াতুৰ = কাপুৰুষ ৷
(১৪৭) যি বিষ্ণুক পূজা কৰে = বৈষ্ণৱ।
(১৪৮) যি শিৱক পূজা কৰে = শৈৱ।
(১৪৯) যি শক্তিক পূজা কৰে = শাক্ত।
(১৫০) যিজনে আইন জানে = আইনজ্ঞ।
(১৫১) যাক লংঘন কৰিব নোৱাৰি =  অলংঘ্য ৷
(১৫২) জন্তুৰ নিচিনা = জান্তৱ ৷
(১৫৩) নিজে নিজে হোৱা = স্বয়ম্ভূ ৷
(১৫৪) যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় ৷
(১৫৫) যাক বুজিব পাৰি = বোধগম্য ।
(১৫৬) লোকক দেখি পাছত যি কৰা যায় =  অনুকৰণ ।
(১৫৭) লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।
(১৫৮) যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু ৷
(১৫৯) মাগিলেও ভিক্ষা  নোপোৱা সময় = দুৰ্ভিক্ষ ।
(১৬০) যি একো নাজানে = অজ্ঞ।
(১৬১) যি পৰিণাম চিন্তা কৰি কাম কৰে = পৰিণামদৰ্শী।
(১৬২) যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে = দূৰদৰ্শী।
(১৬৩) যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী ।
(১৪৪) পুৰুষৰ উত্তম = পুৰুষোত্তম।
(১৬৫) শত্ৰুক জয় কৰে যি = শত্ৰুঞ্জয় ৷
(১৬৬) ৰিপুক জয় কৰে যি = ৰিপুঞ্জয় ৷
(১৬৭) যি ইন্দ্রিয় জয় কৰে = জিতেন্দ্রিয় ৷
(১৬৮) কৰিবলগীয়া কাম = কর্তব্য
(১৬৯) যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে = কিংকৰ্তব্যবিমূঢ় ৷
(১৭০) ততালিকে বুদ্ধি উলিয়াব পৰা লোক = প্রত্যুৎপন্নমতি ৷
(১৭১) সঁচা কথা কোৱা মানুহ = সত্যবাদী ৷
(১৭২) মিছা কথা কোৱা লোক = মিছলীয়া।
(১৭৩) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷
(১৭৪) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য
(১৭৫) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷
(১৭৬) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী ৷
(১৭৭) যি ফল কেঁচাও নহয় পকাও নহয় = ডহেচীয়া
(১৭৮) যাৰ পুত্র নাই = অপুত্রক
(১৭৯) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য  ৷
(১৮০) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।
(১৮১) সকলোকে সমানভাৱে দেখা = সমদৰ্শী ৷
(১৮২) সৈন্য থকা ঠাই = ছাউনী ৷
(১৮৩) যি নগৰত থাকে = নগৰীয়া ৷
(১৮৪) যি গাঁৱত থাকে = গাঁৱলীয়া ৷
(১৮৫) গান গোৱা লোক = গায়ক ৷
(১৮৬) নাটক লিখা লোক  = নাট্যকাৰ ৷
(১৮৭) কবিতা লিখা লোক = কবি ।
(১৮৮) ছবি অঁকা লোক = চিত্ৰকাৰ ৷
(১৮৯) মাছ মৰা লোক = মাছুৱৈ/মাছমৰীয়া
(১৯০) যাক সকলোৱে জানে = বিখ্যাত ৷
(১৯১) যাক কোনেও নাজানে = অখ্যাত ৷
(১৯২) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়
(১৯৩)  যি বহুত কথা কয় = বহুবল্কী ৷
(১৯৪) যি সংকল্প কৰিছে = কৃতসংকল্প।
(১৯৫) যি শত্ৰুক বধ কৰে = শত্ৰুঘ্ন।
(১৯৬) ধানৰ বাকলি = তুঁহ ৷
(১৯৭) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ৷
(১৯৮) সহজে যি জীণ যায় = লঘুপাকী ৷
(১৯৯) যি মাটি ফুটি ওলায় = উদ্ভিদ ৷
(২০০) যি এই লোকৰ নহয় = অলৌকিক ৷
(২০১) যাক শুনিব নোৱাৰি = অশ্ৰাব্য ৷
(২০২) যি কথা কোৱা উচিত নহয় = অকথ্য।
(২০৩) যি পুৰি নাযায় = অদাহ্য ৷
(২০৪) বিয়া নকৰোৱা মানুহ = অবিবাহিত ৷
(২০৫) যাৰ বিয়া হৈছে = বিবাহিত ৷
(২০৬) যি কোনো পক্ষ নলয় = নিৰপেক্ষ।
(২০৭) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত ৷
(২০৮)  যি ভয় নকৰে = নিৰ্ভীক ৷
(২০৯) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ ৷
(২১০) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ ৷
(২১১) বহুত মানুহ একেলগে যোৱা = সমদল ৷
(২১২) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।
(২১৩)  যি নিজৰ কেৱল কথা  চিন্তা কৰে = স্বাৰ্থপৰ ।
(২১৪) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা ৷
(২১৫) খাৰেৰে সনা সৰিহৰ গুৰি = খাৰলি ৷
(২১৬) যি গৰমো নহয় ঠাণ্ডাও নহয় =  কুহুমীয়া ৷
(২১৭) যি ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে  = ভিক্ষাৰী ৷
(২১৮) যি খুজি মাগি খায় = খোজনীয়া/ মগনিয়া ৷
(২১৯) যাৰ ধাৰ আছে =  ধাৰুৱা ৷
(২২০) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী ৷
(২২১) যাৰ ধন আছে = ধনী ৷
(২২২) যাৰ মান আছে = মানী ৷
(২২৩) যাৰ ঋণ আছে = ঋণী ৷
(২২৪) যাৰ একোৱেই নাই =  নিঃস্ব ।
(২২৫) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷
(২২৬) য'ত  বহুতো ল'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী ৷
(২২৭) প্ৰাণক পণ কৰি = প্ৰাণপণে ।

(২২৮) চূণ বিক্ৰী কৰা লোক। = মুখি, চূৰ্ণকাৰ


1 Comments

  1. যাক অনুসৰণ কৰিব নোৱাৰি--???

    ReplyDelete
Previous Post Next Post