খেলৰ কুইজ/ অসম কুইজ

 খেলৰ কুইজ(অসম বিশেষ)




(১) আহোম যুগৰ খেলৰ প্ৰাণকেন্দ্ৰ কি আছিল ? 

উত্তৰ : ৰংঘৰ ৷


(২) অসমত পুৰণি কালৰেপৰা  প্ৰচলিত এবিধ থলুৱা নাম কি ?

উত্তৰ : কড়ি খেল ৷


(৩) অলিম্পিকত পদক লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?

উত্তৰ : লাভলীনা বৰগোহাঁই ৷ লাভলীনা বৰগোহাঁই ২০২১ চনত অনুষ্ঠিত টকিঅ অলিম্পিকত মহিলাৰ বক্সিংত ব্ৰঞ্জৰ পদক লাভ কৰে। 


(৪) অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল ?

উত্তৰ : ভাৰতৰ ফুটবল দলৰ অধিনায়ক ডা° টালিমেৰণ আও  ৷ তেওঁ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতৰ ফুটবল দলৰ অধিনায়ক ৰূপে  অংশগ্ৰহণ কৰিছিল ৷


(৫) অলিম্পিকত অংশগ্ৰহণ কৰা দ্বিতীয়জন অসমীয়া কোন আছিল ?

উত্তৰ : বেডমিণ্টনৰ খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্য ৷ তেও দুবাৰ  ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিক আৰু ১৯৯৬ চনত আটলাণ্টা অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৷


(৬) অলিম্পিকত  অংশগ্ৰহণ কৰা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ জনৰ নাম কি আছিল?

উত্তৰ:- অসমৰ শিৱ থাপা। (২০১২ চনত লণ্ডন অলিম্পিক)।

অলিম্পিকত অংশগ্ৰহণ কৰা অসমীয়া সকল
     

নাম সময়/স্থান খেল
ডা° টালিমেৰণ আও ১৯৪৮/লণ্ডন ফুটবল
দীপাংকৰ ভট্টাচাৰ্য ১৯৯২/বাৰ্চিলোনা বেডমিণ্টন
দীপাংকৰ ভট্টাচাৰ্য ১৯৯৬/আটলাণ্টা বেডমিণ্টন
জয়ন্ত তালুকদাৰ  ২০১২/লণ্ডন আৰ্চাৰী
শিৱ থাপা  ২০১২/লণ্ডন বক্সিং
লাভলীনা বৰগোহাঁই ২০২১/টকিঅ বক্সিং

(৭) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ?
উত্তৰ : দৌৰবিদ ভোগেশ্বৰ বৰুৱা ৷

অৰ্জুন বঁটা লাভ কৰা অসমীয়াসকল ৷

নাম বৰ্ষ খেল
ভোগেশ্বৰ বৰুৱা ১৯৬৬ দৌৰবিদ
মনালিছা বৰুৱা ১৯৮৭ টেবুল টেনিছ
জয়ন্ত তালুকদাৰ ২০০৭ আৰ্চাৰ
শিৱ থাপা ২০১৬ বক্সাৰ
হিমা দাস ২০১৮ দৌৰবিদ
লাভলীনা বৰগোহাঁই ২০২০ বক্সাৰ
নয়নমণি শইকীয়া ২০২২ ল'ন বল

(৮) কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম অসমীয়া কোন আছিল ? 
উত্তৰ : নয়নমণি শইকীয়া( ল'ন বল)

(৯) এচিয়ান গেমছত স্বৰ্ণপদক লাভ কৰা  অসমীয়া খেলুৱৈগৰাকীৰ নাম কি?
উঃ ভোগেশ্বৰ বৰুৱা । তেওঁ ১৯৬৬ চনত বেংককত অনুষ্ঠিত এচিয়ান গেমছত  ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে  ৷

(১০) ভাৰতৰ ক্ৰিয়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যান চাঁদ খেলৰত্ন বঁটা লাভ কৰা  অসমৰ  খেলুৱৈ গৰাকীৰ নাম কি?
উত্তৰ:- লাভলীনা বৰগোহাঁই।

(১১)  ২০০৬ চনৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা অসমৰ খেলুৱৈ জনৰ নাম কি আছিল?
উত্তৰ:- জয়ন্ত তালুকদাৰ।

(১২) অসমত  কিমানতম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল ?
উত্তৰ :  ৩৩তম ।
(১৩) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া কেতিয়া অনুষ্ঠিত হৈছিল ?
উত্তৰ : ২০০৭ চনৰ ১৭ ফেব্ৰুৱাৰীত ৷

(১৪) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মূল ষ্টেডিয়ামখনৰ নাম কি আছিল?
উত্তৰ :  ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম, সৰু সজাই, গুৱাহাটী ।

(১৫) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মেছকেট(শুভংকৰ) কি আছিল ?
উত্তৰ :  ৰংমন ।


(১৬) ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে কিমানটা পদক লাভ কৰিছিল ?
উত্তৰ : সোণ ৩৮, ৰূপ ৫৩  আৰু ব্ৰঞ্জ ৫৭টা লাভ কৰিছিল ৷

(১৭) অসমৰ সৰ্বপ্ৰথম ৰঞ্জীট্ৰফী খেল কত  অনুষ্ঠিত হৈছিল ?
উত্তৰ : যোৰহাটৰ  চিনামৰাৰ জিমখাত খেলপথাৰত ৷

(১৮) অসমত প্ৰথমখন এদিনীয়া আন্তজাৰ্তিক ক্ৰিকেট খেল কেতিয়া কত আৰু কাৰ মাজত অনুষ্ঠিত হৈছিল ।

উত্তৰ :  ১৯৮৩ চনৰ ১৭ ডিচেম্বৰত ভাৰত আৰু ৱেষ্টইণ্ডিজৰ  মাজত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।


(১৯) প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন আছিল ?
উত্তৰ :  বাবুল বাৰ্মিজ।

(২০)  ভাৰতীয় ফুটবলৰ এছ’চিয়েছনৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল?
উত্তৰ : নুৰুল আমিন।

(২১) একেৰাহে ২৬ ঘণ্টা সাঁতুৰি অভিলেখ গঢ়া অসমৰ সাতোৰবিদজন কোন আছিল ?
উত্তৰ : এলভিছ আলী হাজৰিকা।

(২২) অসমৰ প্ৰথম মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰা শৰীৰচৰ্চাবিদ কোন আছিল ? 
উত্তৰ : মহাদেৱ ডেকা (২০০৯) ৷

(২৩) প্ৰথম অসমীয়া আন্তৰ্জাতিক শৰীৰচৰ্চাবিদ কোন আছিল ? 
উত্তৰ : হৰকান্ত বৰগোহাঁই ৷

(২৪) ভাৰত বক্সিং দলত স্থান পোৱা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন আছিল ?
উত্তৰ :  বিতোপন শইকীয়া ।

(২৫)গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম কেতিয়া মুকলি কৰা হয়?

উত্তৰ : ১৯৬২ চনৰ ১৫ জুলাই তাৰিখে।

(২৬) ৰঞ্জীট্ৰফীত ১০০০ ৰাণ আৰু ১০০ উইকেট লাভ কৰা অসমৰ  প্ৰথমজন খেলুৱৈ কোন আছিল। 

উত্তৰ : গৌতম দত্ত।


(২৭) ৰঞ্জীট্ৰফীত  ১০০ উইকেট লাভ কৰা অসমৰ  প্ৰথমজন খেলুৱৈ কোন আছিল ?

উত্তৰ : অনুপ ঘটক ৷ 


(২৮) অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া আৰু কিয় পালন কৰা হয়?
উত্তৰ : অৰ্জ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত প্ৰতিবছৰে ৩ ছেপ্তেম্বৰ পালন কৰা হয় ।

(২৯) ভাৰতীয় 'এ' অন্তভুৰ্ক্ত হোৱা অসমৰ প্ৰথম গৰাকী ক্ৰিকেটাৰ কোন আছিল। ?
উত্তৰ : জাভেদ জামান। 

(৩০) ভাৰতীয় স্কুল ক্রিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উত্তৰঃ মাধুৰ্য প্ৰসাদ বৰুৱা ৷

(৩১) বৰদলৈ ট্ৰফী  কেতিয়াৰ পৰা আৰম্ভ হয় ?
উত্তৰ : ১৯৫২ চনৰ পৰা ।

(৩২) বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কোন আছিল ?
উত্তৰ : ৰে’লৱে স্পৰ্টছ ক্লাবচ বিজয়ী দল পাণ্ডু ৷

(৩৩) বৰদলৈ ট্ৰফী বৰ্তমান কোনে আয়োজন কৰে ?
উত্তৰ : গুৱাহাটী ক্ৰীড়া সন্থাই ৷

(৩৪) অসম হকী এছ’চিয়েচন কোন চনত সংগঠিত হৈছিল?
উত্তৰ : ১৯৫৫ চনত।

(৩৫) ১৯৮৫ চনত বেংকত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰ জন কোন?
উত্তৰ : ফ্ৰান্সিচ বৰুৱা।

(৩৬) ভাৰতীয় টেবুল টেনিছ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন আছিল?
উত্তৰ : নন্দিনী বৰুৱা।

(৩৭) বৰ্তমান অসমত চলি থকা আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ নাম কি?
উত্তৰ : স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা ৷

(৩৮) অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ : ১৯৪৭ চনত।



লগতে চাওঁক : 



Post a Comment

Previous Post Next Post