অসম ৰাজনীতি কুইজ ৷
(১) লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ১৪ জন।
(২) অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?
উত্তৰ : ৭ জন।
(৩) অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?
উত্তৰ : ১২৬ খন।
(৪) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
(৫) অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
(৬) স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।
(৭) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
(৮) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
(৯) অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ ১২ ডিচেম্বৰ পৰা ১৯৮০ চনৰ ৫ ডিচেম্বৰলৈ ।
(১০) অসমত ৰাষ্ট্ৰপতি শাসন দ্বিতীয়বাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৮১চনৰ ৩০জুনৰ পৰা ১৯৮২চনৰ ১৩ জানুৱাৰীলৈকে মুঠ ১৯৭দিন ৷
(১১) অসমত ৰাষ্ট্ৰপতি শাসন তৃতীয়বাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল ?
উত্তৰ : ১৯৮২চনৰ ১৭ মাৰ্চৰ পৰা ১৯৮৩চনৰ ২৭ ফেব্ৰুৱাৰীলৈকে মুঠ ৩৪৫দিন ৷
(১২) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : আকবৰ হাইদৰী।
(১৩) অসমত কিমান চনত ভাষা আন্দোলন হৈছিল?
উত্তৰ : ১৯৬০ চনত।
(১৪) ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ : ৰঞ্জিত বৰপূজাৰী৷
(১৫) অসমীয়া ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে ?
উত্তৰ : ১৯৬০ চনত ৷
(১৭) অসম আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৷
(১৮) অসম আন্দোলনৰ উদ্দেশ্য কি আছিল ?
উত্তৰ : অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে ৷
(১৯) অসম আন্দোলন কাৰ নেতৃত্বত কাৰ হৈছিল?
উত্তৰ : সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৷
(২০) অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ ৷
(২১) অসম আন্দোলনত কিমানজন লোক শ্বহীদ হৈছিল ?
উত্তৰ : ৮৫৫ জন ।
(২২) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ : ১৯৮৫ চনৰ ১৫ আগষ্টত।
(২৩) অসম চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?
উত্তৰ : অসম আন্দোলনৰ নেতা আৰু ভাৰত চৰকাৰ মাজত ।
(২৪) অসম আন্দোলনৰ ফলাফল কি আছিল ?
উত্তৰ : অসম আন্দোলনৰ পৰিসমাপ্তি ৷
(২৫) নেলীৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ : ১৯৮৩ চনত ১৮ ফেব্ৰুৱাৰীত।
(২৬) অসম গণ পৰিষদ দল কেতিয়া গঠন হৈছিল ?
উত্তৰ : ১৯৮৫ চনত ।
(২৭) অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল ?
উত্তৰ : প্ৰফুল্ল কুমাৰ মহন্ত ।
(২৮) অসম গণ পৰিষদদে কেতিয়া প্ৰথম চৰকাৰ গঠন কৰে ?
উত্তৰ : ১৯৮৫
(২৯) অসম গণ পৰিষদ (প্ৰগতিশীল) কেতিয়া কোনে গঠন কৰে ?
উত্তৰ : ২০০৬ চনত প্ৰফুল্ল কুমাৰ মহন্তই ৷
(৩০) কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?
উত্তৰ : ১৯৭৩ চনত।