সমার্থক শব্দ বা প্ৰতিশব্দ ৷ assamese synonyms ৷অসমীয়া ব্যাকৰণ ৷

 

সমার্থক শব্দ বা প্ৰতিশব্দ ৷ Assamese synonyms ৷অসমীয়া ব্যাকৰণ ৷





   এটা শব্দই যেনেদৰে ভিন ভিন অৰ্থ বুজাব পাৰে, ঠিক তেনেদৰে একে অৰ্থ বুজাব পৰা একাধিক শব্দ ভাষাত থাকিব পাৰে। একে অৰ্থ বুজোৱা শব্দবোৰেই সমার্থক শব্দ। তলত অসমীয়া সমার্থক শব্দ কিছুমান  দিয়া হ'ল ৷


(১) অগ্নি :—  জুই, বহ্নি, হুতাশন, পাৱক, অনল ।


(২) আকাশ :— গগন, নীলিমা, ব্যোম, শূণ্য, অম্বৰ ৷


(৩) পৃথিৱী :— বসুন্ধৰা, বসুমতী, বসুধা, ধৰণী, মহী, চমদিনী, ধৰা, ধৰিত্ৰী, ভূ, অৱনী, ক্ষিতি ৷


(৪) নদী :—  নৈ, তটিনী, সৰিৎ, স্রোতৱতী, তৰংগিণী।


(৫) ৰাতি :— নিশা, ৰজনী, ক্ষমা, ক্ষণদা, যামিনী, বিভাৱৰী ৷


(৬) চন্দ্র :— নিশাপতি, শিাকৰ, শশী, শশধ, শশাংক, জোন, জোনবাই, সুধাংশু, সুধাকৰ, চন্দ্ৰমা ৷


(৭) সূর্য :— বেলি, দিননাথ, দিবাকৰ, ৰবি, ভানু, ভাস্কৰ, অৰুম, তপন, আদিত্য, প্রভাকৰ, দিনকৰ, দীনবন্ধু,  মার্কণ্ড, মিহিৰ, সবিতা ৷


(৮) ঈশ্বৰ :— প্ৰভু, বিধি, বিধাতা, জগতপতি, জগদীশ, দাতা, পৰৱেশ, পৰমেশ্বৰ জগন্নাথ, ভগৱান ৷


(৯) বায়ু :—  বতাহ, পবন, সমীৰ, সমীৰণ, অনিল আদি ।


(১০) পদুম :— পদ্ম, শতদল, শতপত্ৰ, পংকজ, সৰোজ, অৰবিন্দ, নলিনী, নিজ, কমল।


(১১) হাতী :— হস্তী, গজ, ঐৰাৱত, মাতংগ, দ্বিপ, কুঞ্জৰ।


(১২) ৰজা :— নৃপতি, মহীপাল, ক্ষিতিপাল, ভূপতি, মহীপতি, ক্ষিতীশ, ক্ষিতিপতি, নৰপতি, নৰেশ্বৰ, নৰপাল৷


(১৩) চকু :— নেত্র, নয়ন, লোচন, আঁখি, অক্ষি।


(১৪) ঘৰ :— আলয়, নিলয়, আবাস, ভৱন, গৃহ ইত্যাদি।


(১৫) কপাল :— ললাট, ভাল, ভাগ্য।


(১৬) জিভা :— জিহ্বা, ৰসনা।


(১৭) মেঘ :— জলদ, জলধৰ, ডাৱৰ, অম্বুদ, নীৰদ। 


(১৮) ঐশ্বর্য :—বিভূতি, বিভৱ, ধন, সম্পত্তি, বৈভৱ আদি।


(১৯) মিত্র :—বন্ধু, সখি, সুহৃদ, সহচৰ, লগৰীয়া ৷


(২০) নাৰী :— স্ত্ৰী, মহিলা, অঙ্গনা, ৰমণী, কামিনী, অৱলা, বণিতা ৷


(২১) পর্বত :—  অদ্রি, শৈল, অচল, গিৰি ৷


(২২) স্বর্ণ :— সোণ, সুৱৰ্ণ, কাঞ্চন, হেম্ ৷


(২৩) কুসুম :—ফুল, পুষ্প  ।


(২৪) পণ্ডিত : – বিদ্বান, প্রাজ্ঞ, মনীষী, বিজ্ঞ, সুধী, বিদ্বজ্জন ।


(২৫) পতি :— স্বামী, নাথ, ভর্তা, দৰা, কান্ত, প্ৰভু, অধীশ্বৰ, কৰ্তা ৷


(২৬) অর্থ :—  ধন, বিভৱ, বৈভৱ, বিভূতি, টকা, পইচা, ?বিত্ত, সম্পদ ৷


(২৭) অতি : – অত্যন্ত, অতিশয়, পৰম, খুব, অধিক ।


(২৮) অন্ধকাৰ :— আন্ধাৰ, তমঃ, তিমিৰ, নিশি ।


(২৯) উত্তম :— ভাল, সুন্দৰ, উৎকৃষ্ট, শ্রেষ্ঠ ।


(৩০) তৰঙ্গ :— টৌ, হিল্লোল, লহৰ, উর্মি ।


(৩১) কিৰণ : — বন্তি, পোহৰ, দীপ্তি, জেউতি  ।


(৩২) অমৃত :— সুধা, অমিয়, পীযূষ  ৷


(৩৩) কথা :—বাক্য, ভাষণ, বচন, শব্দ, উক্তি  ।


(৩৪) ধৰুৱা :—ঋণী, ধাৰ, কৰ্জ, দেনা ৷


(৩৫) উত্তম :— উৎকৃষ্ট, শ্ৰেষ্ঠ, ভাল, সুন্দৰ, পৰম ৷


(৩৬) কন্যা :— জীয়াৰী, দুহিতা, তনয়া ৷


(৩৭) চৰাই :— পক্ষী, বিহংগ, চিৰিকতি, বিহংগম ৷


(৩৮) ধ্বংস :— বিনাশ , নাশন , বিনাশন , নাশ , বিধ্বংস ।


(৩৯) মেঘ :— অম্বুদ, নীৰদ, বাদি, জলদ, জলধৰ, ডাৱৰ ।


(৪০) নিয়ৰ :— হিম , হিমিকা , ৰজনীজল, ৰাত্ৰিজল , হিমজল , নীহাৰ ৷


(৪১) অলংকাৰ :— গহনা, বিভূষণ,  ভূষণ আভৰণ ৷


(৪২) উপাসনা :— পূজা, বন্দনা, আৰাধনা, অৰ্চনা ৷


(৪৩) শিৱ :— মহাদেৱ, শংকৰ, কৈলাসপতি, ত্ৰিলোচন, হৰ, ভোলানাথ ৷


(৪৪) চিনেমা :— চলচিত্ৰ, বোলছবি ৷


(৪৫) ) ছাল :—  চৰ্ম, চামৰা ৷


(৪৬) জড় :— অচেতন, জীৱনহীন।


(৪৭) যম :— যমৰাজ, ধৰ্মৰাজ,কৃত্যন্ত, অন্তক, শমন, কাল, দণ্ডধৰ ৷


(৪৮) হিয়া :— হৃদয়, বুকু, অন্তৰ।


(৪৯) আত্মীয় :—:কুটুম, সমন্ধীয় ৷


(৫০) উজু :— সৰল, সহজ, ঢিলা।


(৫১) কাৰেং :— ৰাজপ্ৰাসাদ ৷


(৫২) ঘাঁহ :— তৃণ, বন ৷


(৫৩) চাকৰ :— দাস, ভৃত্য ৷


(৫৪) দিন :— দিৱস, দিবা।

৫৫) ইচ্ছা :— আকাংক্ষা, অভিলাষ, অভিপ্ৰায়,কামনা,বাঞ্ছা, স্পৃহা, অনুৰোধ, কামনা, হেঁপাহ, হাবিয়াহ ৷


(৫৬)  কিতাপ :— পুস্তক, গ্ৰন্থ, পুথি।


(৫৬) কাপোৰ :— বস্ত্ৰ, অম্বৰ, বসন, বাস, অচ্ছাদন।


(৫৭) অসুৰ :— দৈত্য, দানৱ।


(৫৮) আনন্দ :— উল্লাস, ৰং, আমোদ, ধেমালি।


(৫৯) কলংক :— দাগ।






Post a Comment

Previous Post Next Post