প্ৰথম অসমীয়া এভাৰেষ্ট বিজয়ী তৰুণ শইকীয়া

প্ৰথম অসমীয়া এভাৰেষ্ট শৃংগত আৰোহী তৰুণ শইকীয়া

তৰুণ শইকীয়া (ফটোৰ উৎস : প্ৰতিদিন টাইম)


     এভাৰেষ্টত  অসমীয়াৰ  বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম  হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে  তৰুণ শইকীয়া ৷ ২০১৩ চনৰ মে মাহৰ ১৮ তাৰিখে  পুৱা ৫:৩০ বজাত তৰুণ শইকীয়াই এভাৰেষ্টত  শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ পৰিণত হয় । 

     অদম্য সাহসী তৰুণ শইকীয়া জন্ম হয় গুৱাহাটীৰ উলুবাৰীত ৷ তেখেতৰ  পিতৃ নাম আছিল প্ৰয়াত অতুল শইকীয়া আৰু মাতৃ চাৰু শইকীয়া। তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰে  পূব গুৱাহাটী হাইস্কুলৰ, জ্যোতিনগৰ  পৰা ৷ কলেজীয়া শিক্ষা আৰম্ভ কৰে গুৱাহাটী কলেজত ৷ কলেজীয়া জীৱনতে দুসাহসীক ক্ৰীড়া প্ৰতি আকৰ্ষিত  হয় আৰু ইয়াৰ লগত জড়িত হৈ পৰে ৷ ইয়াৰ পাছত তেওঁ কেইবাটো পৰ্বতাৰোহনৰ অভিযানত নিয়মীয়াকৈ ভাগ লয় ৷ ১৯৯৩ চনত ক্ৰীড়া আৰু যুৱকল্যান  সঞ্চালকালয় স্কলাৰশিপত দাৰ্জিলিঙত পৰ্বতাৰোহণৰ উচ্চ পাঠ্যক্ৰম গ্ৰহণ কৰে ৷ ইয়াত তেওঁ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম তৰুণ শইকীয়া দেৱে পুনৰ যুৱকল্যান  সঞ্চালকালয় স্কলাৰশিপত হিমাচলত পৰ্বতাৰোহণৰ উচ্চ প্ৰশিক্ষণ লাভ কৰে ৷ 

        এনেতে তেওঁ এভাৰেষ্ট আৰোহৰ এক  সুযোগ লাভ কৰে । এই সুযোগ গ্ৰহণ কৰি তেওঁ উত্তৰ পূবৰ এক ১৬ জনীয়া  দলত অন্তভূক্ত হয় আৰু ইয়াৰ অভিযান আৰম্ভ কৰে। উল্লেখযোগ্য যে এইটো  আছিল সম্পূৰ্ণ উত্তৰ-পূবৰ ব্যক্তিৰ দ্বাৰ গঠিত আৰু পৰিচালিত প্ৰথম  দল ৷ ইয়াৰে ১২ গৰাকী আছিল পৰ্বতাৰোহী আৰু ৪ গৰাকী আছিল সহযোগী ৷ এই দলটোৰ দলপতি আছিল মণিপুৰৰ এল. সুৰজিৎ সিং ৷ তৰুুণ শইকীয়াৰ উপৰিও দলটোত আছিল অসমৰ আনজন পৰ্বতাৰোহী মণীষ কুমাৰ ডেকা ৷ ইয়াৰ প্ৰস্তুতি হিচাপে ২০১০ চনৰ ছেপ্তেম্বৰ-অক্টোবৰ এই দলটোৱে ছিকিম হিমালয়ৰ নেপাল পিক(৭,১৬৮ মিঃ) আৰোহণ কৰে ৷ ইয়াৰ পাছত ২০১২ চনৰত বৰ্ষত পালছুৰা পিকত (৭,৫০০ মিঃ) অভিযান চলাইছিল কিন্তু বেয়া বতৰৰ বাবে এই অভিযান আধাতে সামৰিব লগা হয় ৷

       অভিযানৰ সকলো প্ৰস্ততি পাছত  তেওঁলোকে  চুড়ান্ত অভিযানৰ বাবে ২০১৩ চনৰ ১৬ মাৰ্চত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰে ৷ ২০ মাৰ্চত তেওলোকক ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে পতাকা জোকাৰি অভিযানকাৰী দলটোক শুভেচ্ছা জনাই ৷ ইয়াৰ পাছত দলটোৱে কাঠমাণ্ডুত উপস্থিত হয় আৰু ৫ এপ্ৰিলত প্ৰথমটো বেছ কেম্প স্থাপন কৰে। ১৫ মে তাৰিখে দলৰ এঘাৰজন সদস্যই তৃত্বীয় বেছ কেম্প স্থাপন কৰে ২৪০০০ ফুট উচ্চতাত। ১৬ মেত তেওঁলোকে চতুৰ্থ বেছ কেম্প স্থাপন কৰে ৷ এই চতুৰ্থ বেছ কেম্পৰ পৰাই চূড়ান্ত অভিযান আৰম্ভ হয়। ১৭ মে ৰাতিপুৱা  দলটোৰ তিনিগৰাকী সদস্যই এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছত ১৮ মে ৰাতিপুৱা তৰুণ শইকীয়াকে ধৰি দলটোৰ ছজন সদস্যই শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয় ৷ ২৪ মে তাৰিখে ৰাতিপুৱা ৫:৩৫ বজাত অসমৰ আনজন পৰ্বতাৰোহী মণীষ কুমাৰ ডেকা এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। 


সম্পৰ্কীয় লেখা :----

(১) বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়া ৷



2 Comments

Previous Post Next Post