ৰাষ্ট্ৰীয় চিকিৎসক দিৱস।National Doctors' Day

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস।National Doctors' Day 



ডাঃ বিধান চন্দ্ৰ ৰায়( ফটোৰ উৎস ইন্টাৰনেট)

  বিশ্বৰ বেলেগ বেলেগ দেশত বিভিন্ন দিনত চিকিৎসক দিৱস পালন কৰা হয়। ভাৰতত  প্ৰতিবছৰে জুলাই মাহৰ এক তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই দিনটো চিকিৎসক সকলৰ কাৰণে এটা বিশেষ দিন।  ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা এই দিৱস  মহান ভাৰতীয় চিকিৎসক তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম দিনত এই দিৱস পালন কৰা হয় ৷  ১৮৮২ চনৰ ১ জুলাইত বিহাৰৰ পাটনাত  বিধান চন্দ্ৰ ৰয়ৰ জন্ম হৈছিল ৷ কলকাতাত পৰা চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰম্ভ কৰা ডাঃ বিধান চন্দ্ৰ ৰায় লণ্ডন পৰা  MRCP আৰু FRCS ডিগ্ৰী লাভ কৰে । ১৯১১ চনৰ পৰা ডাঃ ৰায়ে চিকিৎসক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰে ৷ চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ডাঃ ৰায়  তেখেত ৰাজনীতিৰ প্ৰতিও  আকৰ্ষিত হয়। ১৯৪৮ চনৰ পৰা তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। ডাঃ ৰায়ক ১৯৬১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান  ‘ভাৰত ৰত্ন’ প্রদান কৰা হয়৷ ৮০ বছৰ বয়সত ১৯৬২ চনত তেওঁৰ জন্মদিন অৰ্থাৎ ১ জুলাই তাৰিখে মৃত্যু হয় । 

    ডাঃ বিধান চন্দ্ৰ ৰায় আছিল অবিবাহিত ৷ তেওঁ 
গোটেই জীৱন মানৱ সেৱাৰ বাবে উৎসর্গা কৰিলে৷ মুখ্যমন্ত্ৰী পদত থাকিও তেওঁ সমানেই চিকিৎসা সেৱাও আগবঢ়াই গৈছিল। এই গৰাকী মহান চিকিৎক তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায় স্মৃতিত ১৯৯১ চনৰ পৰা এই তেওঁৰ জন্ম দিনত এই দিৱস পালন কৰি অহা হৈছে ৷

সম্পৰ্কীয় লেখা  :  

4 Comments

Previous Post Next Post