গুগল মেপত কোনো অঞ্চল, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান- প্ৰতিষ্ঠান, ৰাস্তা আদি কেনেকৈ অন্তৰ্ভুক্তি কৰিব ৷

গুগল মেপত কোনো অঞ্চল, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান- প্ৰতিষ্ঠান, ৰাস্তা আদি কেনেকৈ  অন্তৰ্ভুক্তি কৰিব ৷


গুগল মেপ কি ?


   গুগল মেপ হৈছে গুগল কোম্পানীৰ দ্বাৰা পৰিচালিত এক অদ্বিতীয় এপ্লিকেচনৰ বা চফ্টৱেৰ যাৰ আপুনিক মোবাইল বা কম্পিউটাৰ চলাব পাৰি ৷  ২০০৫ চনৰ ৮ ফেব্ৰুৱাৰীত গুগল মেপ মুকলি কৰা হয়৷ গুগলে চেটেলাইট চিষ্টেমৰ  সহায়ত গোটেই বিশ্বৰ মানচিত্ৰ ইয়াত অন্তৰ্ভুক্ত কৰাছে ৷  ই হৈছে অনলাইন মানচিত্ৰ যাৰ সহায়লৈ  আপুনি এঠাইৰ পৰা আন ঠাইলৈ সহজেই চাব পাৰি ৷  ইয়াৰ সহায়ত কোনো ঠাইৰ অৱস্থিত, কোনা ঠাইৰ দুৰত্ব , কিমান সময়ৰ প্ৰয়োজন, ৰাস্তা, পথৰ নিৰ্দেশনা  আদি পাব পাৰি ৷ ইয়াৰ উপৰিও  আপোনাৰ নিকতবৰ্তি  এটিএম, হোটেল- ৰেষ্টুৰেণ্ট, বাছ ষ্টেচন, ট্ৰেইন ষ্টেচন, স্কুল-কলেজ, দোকান, অনুষ্ঠান-প্ৰতিষ্ঠান ইত্যাদি সহজেই বিছাৰি উলিয়াব পাৰি আৰু এইবিলাকৰ কিছু তথ্য যেনে যোগোযোগ নাম্বাৰ  , ৱেবছাইট , সময়সূচী আদি পাব পাৰি ৷

গুগল লোকেল গাইদ


    গুগল মেপত আপুনি আগবঢ়োৱা বিভিন্ন তথ্য বাব সেৱাৰ ৰ বাবে গুগলে আপোনাক লোকেল গাইদ ৰূপে অভিহিত কৰে আৰু মাজে মাজে উপহাৰো প্ৰেৰণ কৰে ৷ আপুনি গুগল মেপত অন্তভুৰ্ক্ত কৰা  কোনো অঞ্চল, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান- প্ৰতিষ্ঠান, ৰাস্তা আদি লগতে তথ্যসমুহ অধিক শুদ্ধ ৰূপত পাবলৈ প্ৰতিটো অন্তভুৰ্ক্তৰ বিপৰীতে ৰিভিউ, কমেণ্ট, ফটো, ভিদিঅ, ৰেটিং, সম্পাদনা, প্ৰশ্নৰ উত্তৰ আদিৰ ব্যৱস্থা আছে ৷ এই সকলোবিলাকৰ উপৰত ভিত্তি কৰি গুগল মেপে পইন্টৰ ব্যৱস্থা কৰিছে ৷ আপুনি আগবঢ়োৱা প্ৰতিটো অন্তভুৰ্ক্তি বা মেপত থকা যিকোনো অঞ্চল বা প্ৰতিষ্ঠান ৰিভিউ কৰাৰ বাবে আপুনি পইন্ট লাভ কৰিব  ৷পইন্ট বিলাক এনেধৰণৰ ৷

  এই পইন্টৰ উপৰত ভিত্তি কৰি লোকেল গাইদৰ স্তৰ  দিয়া হয় ৷ আপুনি পোৱা পইণ্টৰ উপৰত আপুনি কোন স্তৰত আছে তাক আপুনি জানিব পাৰিব ৷ এনেকোৱা ১০ টা স্তৰ আছে ৷ গুগলে প্ৰতিমাহে আপোনাৰ অবদান সমুহ  মেইলত প্ৰেৰণ কৰে ৷ স্তৰ সমুহ এনেধৰণৰ ৷



  গুগল লোকেল গাইদ Rewards

    গুগল লোকেল গাইদ সকলক মাজে মাজে গুগলে উপহাৰ প্ৰেৰণ  কৰে ৷ ইয়াৰ বাবে আপুনি কমেওঁ পাঁচ নং স্তৰ পাব লাগিব ৷ পাঁচ নং স্তৰত প্ৰবেশ কৰাৰ পাছত আপোনালৈ গুগল মোজা, গুগল টিচাৰ্ট, গুগলৰ কিছু সামগ্ৰী , কোনো ঠাইৰ ভ্ৰমণৰ সুবিধাওঁ লাভ কৰিব পাৰি৷  ইয়াৰ বাবে গুগলে আপোনালৈ মেইল কৰিব আৰু আপুনি দিয়া ঠিকনাত আপোনালৈ প্ৰেৰণ কৰে ৷ ইয়াৰ উপৰিও প্ৰতিবছৰৰ অক্টোবৰ মাহত লোকেল গাইদ সকলৰ সন্মিলন গুগল কেম্পাচত অনুষ্ঠিত হয় ৷ ইয়াৰ বাবে গুগল মেপে কমেও পাঁচ নং স্তৰৰ গাইদসকললৈ এই সম্পৰ্কে মেইল কৰে ৷ আৰু এই মেইলত তেওলোকে এখন ফৰ্মৰ লিংক দিয়ে আৰু এইখন সম্পূৰ্ণ কৰি প্ৰেৰণ কৰিব লাগে ৷ যদি আপুনি ইয়াত চিলেক্ট হয় আপুনি গুগল কম্পাছ যোৱাৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ সমুদায় ধন গুগলে ব্যয় কৰে ৷




গুগল মেপত কোনো অঞ্চল, ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান- প্ৰতিষ্ঠান, ৰাস্তা আদি কেনেকৈ  অন্তৰ্ভুক্তি কৰিব ৷



আপুনি গুগল মেপ এপত গৈ অতি সহজেই এইবিলাক এড কৰি লব পাৰিব ৷ তলত ইয়াক ফটোৰ সহায়ত দেখুৱা হৈছে ৷

(১) প্ৰথমে আপুনি তলৰ বাৰত গৈ contributedত ক্লিক কৰক ৷


(২) এতিয়া আপুনি ওপৰৰ ফালে থকা  Edit Map বা Ad Place ত ক্লিক কৰক
(৩) ইয়াৰ পছত এখন এনেধৰণৰ স্কিন দেখা পাব 

(৪) এতিয়া আপুনি Missing Place বা Missing roadত যাব পাৰে ৷

(৫) ইয়াৰ পাছত তলত দিয়া ধৰণে আহিব ৷
ইয়াত "Add name"ত  ঠাইৰ নাম সকলো ধৰণৰ অনুষ্ঠান- প্ৰতিষ্ঠা , হোটেল- ৰেষ্টুৰেণ্ট, দোকন, স্কুল-কলেজ, ধৰ্মীয় অনুষ্ঠান, আদি দিব পাৰিব।  


ইয়াৰ "Add category" গৈ আপুনি শাখা চিলেক্ট কৰিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ Category আছে আপোনাৰ প্ৰয়োজনীয়টো চিলেক্ট কৰিব লাগিব ৷


ইয়াৰ পাছত আপুনি "Add address" ত গৈ ঠিকনা দিব পাৰিব বা আপুনি তাৰ তলতেে লাগি থকা মেপখনত স্কৰ্ল কৰি ঠিকলা বিচাৰিব পাৰিব ৷


ইয়াৰ উপৰিও ওপৰত দিয়া চিনত ক্লিক আৰু কিছু তথ্য যেনে ফটো, যোগাযোগ, ৱেবছাইট, সময়সূচী আদি অন্তভুৰ্ক্ত কৰিব পাৰি। এইখিনি দি উপৰৰ Add Place আইকনটোত ক্লিক কৰি দিলেই কাম সম্পূৰ্ণ হব ৷ ইয়াৰ পাছত গুগলে ইয়াক ৰিভিউ কৰি এপ্ৰোভ কৰি  দিয়াৰ পাছতে ই মেপত লাইভ হৈ পৰিব ৷

ৰাস্তা অন্তভুৰ্ক্ত কৰিবলৈ Missing roadত যোৱাৰ পাছত এনেধৰণৰ এখত স্কিন আহিব৷
ইয়াত আপুনি Add পইন্টত ক্লিক কৰি মেপত ৰাস্তাটো আকিব লাগিব ৷ অকা সম্পুৰ্ণ হলে Next ত ক্লিক কৰিব লাগিব। 
Nextত ক্লিক কৰাৰ পাছত এনে এখন মেনুু আহিব ৷
ইয়াত ৰাস্তাৰ নাম ৰাস্তাৰ প্ৰকাৰ দি উপৰত থকা Send ত ক্লিক কৰাৰ লগে লগে ইয়াৰ কাম সম্পূৰ্ণ হব ৷ ইয়াৰ পাছত গুগলে ইয়াক ৰিভিউ কৰি এপ্ৰোভ কৰি  দিয়াৰ পাছতে ই মেপত লাইভ হৈ পৰিব ৷











Post a Comment

Previous Post Next Post