শৰাইঘাটৰ ৰণৰ অসমীয়া বৰ সেনাপতি লাচিত বৰফুকন

 শৰাইঘাটৰ ৰণৰ অসমীয়া বৰ  সেনাপতি লাচিত বৰফুকন  ৷ 

 দীপজ্যোতি বৰগোহাঁই ৷



   ১৬৭১ চনৰ আহোম আৰু মোগলৰ তয়াময়া ৰণৰ অসমীয়া সৈন্যৰ বৰ সেনাপতি আছিল লাচিত বৰফুকন ৷ তেওঁৰ জন্ম তাৰিখ চন ক’তো বিচাৰি পোৱা নাযায় ৷ তেওঁৰ দেউতাক আছিল বিখ্যাত মোমাই তামুলী বৰ বৰুৱা, বৰ ডাঙৰ খাপৰ মানুহ ৷ আহোম ৰাজত্বৰ  ডাঙৰ বিষয়া ৷ মোমাই তামুলী বৰবৰুৱা অতি তল খাপৰ পৰা আহি আহি এটা সময়ত বৰ বৰবৰুৱাৰ দৰে গুৰুত্বপুৰ্ণ বিষয়বাব খাইছিল ৷ তেও্ঁ হৈছিল গৈ ৰাজ্যৰ সৰ্বপ্ৰধান কাৰ্যপালক আৰু বিচাৰক ৷ অভাবনীয় গুণী দক্ষ বিষয়া আছিল ৷ তেওঁ আহোম শাসন ব্যৱস্থা আৰু সাধাৰণ জীবনলৈ ভালেখিনি পৰিবৰ্তন  আনিছিল ৷ লাচিত সেই মোমাই তামুলীৰ নুমলীয়া পুত্ৰ  আছিল ৷ বুৰঞ্জীমতে জাতীয় বীৰ লাচিত বৰ ফুকন, লালুসোলা বৰফুকন আৰু পাখৰী গাভৰু আছিল মোমাই তামুলীৰ জীয়াৰী ৷ জয়ধ্বজ সিংহ আৰু পাখৰী গাভৰুৰ জীয়াৰী আছিল ৰমণী গাভৰু ৷ লাচিতৰ জন্ম হৈছিল সম্ভ্ৰান্ত পৰিয়ালত ৷ডাঙৰ দীঘল হৈছিল ৰাজকীয় পৰিবেশত ৷ কৰ্তব্য পৰায়ণতা, কৰ্মনিষ্ঠা, সততা, এই গুণসমুহ পৰিয়ালৰপৰা আহৰণ কৰিছিল ৷ জন্ম হৈছিল আহোমৰ এটা বিখ্যাত ফৈদ লান--ফিমা লুসুৰাসন ফৈদত ৷ এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগত সৌমাৰলৈ আহিছিল ৷ স্বৰ্গদেউ সকলৰ সমাধি মৈদাম সংস্থাপন কৰোতে এই ফৈদৰ লোক সকলে যাবতীয় নিয়মবোৰ পালন কৰিছিল ৷

  লাচিতে নিজৰ কৰ্ম দক্ষতা আৰু যোগ্যতাৰ বলত ঘোঁৰা বৰুৱাৰ পৰা বৰফুকনৰ দৰে ক্ষমতাশালী বিষয়বাব পাইছিল ৷ সেয়ে বৰফুকনৰ দৰে ক্ষমতাশালী বিষয়বাব লৈ শৰাইঘাটৰ যুদ্ধত কঁপনি উঠা  জ্বৰৰ গাৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ নাওত জপিয়াই পৰি দেশপ্ৰেমৰ চুড়ান্ত নিদৰ্শন প্ৰতিষ্ঠা কৰিছিল ৷ এই যুদ্ধত একলাখ সৈন্যৰ মাজত শৃংখলাবদ্ধভাৱে সমন্বয় গঢ়ি তুলি নেতৃত্ব দিয়া লাচিতৰ ৰণনীতি আৰু ৰণ কৌশল নিখুত আৰু সুনিপুণ তাৰে প্ৰয়োগ কৰিছিল ৷অভিজ্ঞ চোৰিংচোৱা নিয়োগ ডাঁৰৰ বাতৰি ডাঁৰে লৈ সঠিক সময়ত সঠিক সিধান্ত গ্ৰহণ কৰিছিল ৷কোনো কাৰণতে যাতে শত্ৰুপক্ষৰ হাতত আত্মসম্পৰ্ণ কৰিব লগা নহয় নাইবা যুদ্ধ ক্ষেত্ৰ এৰি পলাবলগা নহয় তাৰ কাৰণে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ পিছ হুহুকিলে হেংডাং ৰে দুটুকুৰা কৰিম আদি উক্তিৰে তেওঁৰ বীৰত্ব তথা সবল নেতৃত্বা পৰিচায়ক ৷ সমন্বয় আৰু ধৰ্মনিৰপেক্ষতা আছিল যুদ্ধৰ চালিকা শক্তি ৷ সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তুলি অৰ্থাৎ সকলোবে সৈনিক প্ৰতিনিধিৰ সহযোগিতাত এই যুদ্ধত অবতীৰ্ণ হৈছিল ৷ এই কথা সৰ্বজন বিদিত ৷ আমিসকলোৱে বিখ্যাত শৰাইঘাটৰ যুদ্ধত লাচিতৰ মুখ্য সহযোগী আছিল ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকা, জপং গোহাই, কলঞ্চু ৰাজখোৱা আৰু বহুজন ৷ শৰাইঘাটৰ বীৰ সেনিপতি লাচিতৰ ভুমিকা আৰু তেওঁৰ বলিষ্ঠ নেতৃত্বৰ যোগেদি  প্ৰতিফলিত হোৱা বহুমুখী আদৰ্শসমুহে আজিও আমাক উদ্বদ্ধ কৰি আহিছে ৷ তেওঁৰ নিৰ্ভেজাল দেশ প্ৰেম অকৃত্ৰিম  মৰম মানুহৰ প্ৰতি আছিল সামাজিক ভাৱে দায়বদ্ধতা, নিষ্ঠা, সততাবোধ কৰ্তব্যপৰায়ণতা আদি গুণৰ অধিকাৰী হোবা বাবে চুড়ান্ত ত্যাগ আৰু আত্মউছৰ্গা কৰিবলৈ কুণ্ঠাবোধ নকৰিছিল ৷ তদুপৰি অদম্য সাহস, দৃঢ়তা, সংকল্প, ধৰ্মনিৰপেক্ষতা সাংগঠনিক দক্ষতা আদি আদৰ্শ সমুহে দেশ ৰক্ষাৰ প্ৰত্যাহবানত মায়ামোহে লাচিতক আছন্ন কৰিব পৰা নাছিল ৷

Post a Comment

Previous Post Next Post