অসমৰ জাতীয় বৃক্ষ হোলোং



অসমৰ জাতীয় বৃক্ষ হোলোং



    হোলোং হৈছে অসমৰ জাতীয় বৃক্ষ ৷ ২০০৪ চনৰ ৪ এপিলত হোলোং গছক  ৰাজ্যিক বৃক্ষ ৰূপে ঘোষণা কৰা হয় ৷ হোলোং হৈছে অসমৰ আটাইতকৈ ওখ উদ্ভিদৰ ভিতৰত অন্যতম ৷ ই কম ডাল থকা  সম্পূৰ্ণ পোন আৰু  প্ৰায় ১৫০ ফুট ওখ হয় ৷ ইয়াৰ বৈজ্ঞানিক নাম Dipterocarpus macrocarpus ৷ বৰ্গ হৈছে  Malvales ৷ গণ হৈছে  Dipterocarpus ৷ ইয়াক ভাৰতৰ অসম আৰু অৰুণাচলত পোৱা যায় ৷ ইয়াৰ উপৰিও ইয়াক দক্ষিণ- পূব এচিয়াত দেখিবলৈ পোৱা যায় । ই অৰুণাচলৰো জাতীয় বৃক্ষ ৷ইয়াক উজনি অসম বিশেষকৈ দিহিং পাটকাই বনাঞ্চল ,যোৰহাটৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত আদিত  হোলোং গছ দেখিবলৈ পোৱা য়ায় ৷

 হোলোং গছৰ পাত আৰু গুটি
(চিত্ৰ : ৰাণা গগৈ )


  ইয়াৰ ছালৰ পৰা নিৰ্গত  অলিয়ৰেচিন তৈল জাতীয় দব্য প্ৰস্তুতকৰণ, চাবোন নিৰ্মাণ,জলনিৰোধক কাগজ, নাৱত দিয়া ৰং প্ৰস্তুত কৰিবলৈ ইত্যাদি কামত ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰিও ইয়াক কাঠ প্লাইউদ নিৰ্মাণৰ কাৰণে উপযুক্ত ৷ ২০১৭ চনত আই ইউ চি এন ৰঙা লিষ্টত ইয়াক বিলুপ্তপ্ৰায় প্ৰজাতিৰ ৰূপে অন্তভুৰ্ক্ত কৰা হৈছে ৷

2 Comments

Previous Post Next Post