বিশ্ব মহাসাগৰ দিৱস ৷ World Ocean Day

  বিশ্ব মহাসাগৰ দিৱস ৷ World Ocean Day




    মহাসাগৰৰ সমুহৰ গুৰুত্ব , ইয়াত হোৱা  প্ৰদূষণ আৰু ইয়াৰপৰা  আহিব পৰা প্ৰত্যাহ্বান সম্পৰ্কে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে প্ৰতি বছৰৰ ৮ জুন তাৰিখে বিশ্ব মহাসাগৰ দিৱস পালন কৰা হয় ৷ 1992 চনত ব্ৰাজিল ৰাজধানী ৰিঅ ডি জেনেৰিঅ অনুষ্ঠিত ধৰিত্ৰী সন্মিলনত এক সিধান্ত মৰ্মে বিশ্ব মহাসাগৰ  দিৱস পালন কৰাৰ সিধান্ত লোৱা হয় ৷ ইয়াৰ পাছত ৰাষ্ট্ৰসংঘই ২০০৮ চনৰ ডিচেম্বৰ মাহত ৮ জুনক বিশ্ব মহাসাগৰ দিৱস ৰূপে স্বীকৃতি প্ৰদান কৰে ৷ তেতিয়াৰ পৰাই ইয়াক প্ৰতিবছৰে পালন কৰি অহা হৈছে ৷ 

   এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে ইয়াৰ সুফল আৰু কুফল সমুহ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হৈছে ৷ এই দিৱস উপলক্ষে   মহাসাগৰ লগত জঢ়িত বিভিন্ন বিষয় যেনে ইয়াত হোৱা প্ৰদূষণ, ইয়াত বাস কৰা জীৱকূল , ইয়াৰ পৰিস্থিতিতন্ত্ৰ,জলবায়ু পৰিবৰ্তন আদি বিষত বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰা হয় ৷ এই দিৱসৰ 2020 শ্লোগান হৈছে  “Innovation for a Sustainable Ocean”

3 Comments

Previous Post Next Post