বিশ্ব ব্ৰেইন টিউমাৰ দিৱস ৷ World Brain Tumor Day

বিশ্ব ব্ৰেইন টিউমাৰ দিৱস ৷ World Brain Tumor Day



   প্ৰতিবছৰে জুন মাহৰ ৮ তাৰিখে বিশ্ব মস্তিষ্ক দিৱস পালন কৰা হয় ৷ জাৰ্মানীৰ এক স্বেচ্ছাসেৱী সংগঠন জাৰ্মান ব্ৰেইন টিউমাৰ এছ’চিয়েন দ্বাৰা প্ৰথম এই দিৱস পালন কৰা হয় ৷ এই সংগঠনে ব্ৰেইন টিউমাৰ ৰোগীৰ লগত জৰিত ৷ এই সংগঠন 1998 গঠন হয় ৷  জাৰ্মান ব্ৰেইন টিউমাৰ এছ’চিয়েন(GBTA) 2000 চনৰ ৮ জুনক বিশ্ব মস্তিষ্ক দিৱস ঘোষণা কৰে ৷ প্ৰতিটো দিৱসৰ নিজা নিজা উদ্দেশ্য আছে ৷ এই দিৱসৰ উদ্দেশ্য হৈছে ব্ৰেইন টিউমাৰ কাৰণ সমুহ আৰু ইয়াৰ প্ৰতি প্ৰতি জনসজাগতাৰ সৃষ্টি কৰা ইয়াৰ প্ৰথম উদ্দেশ্য ৷ এই দিৱসত বিশ্বৰ বহু দেশত এই ৰোগৰ সম্পৰ্কত বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰা হয় লগতে ইয়াৰ লক্ষণ, কাৰণ আৰু চিকিৎসা আদি সম্পৰ্কে জনসাধাৰণৰক অৱগত কৰোঁৱা হয় ৷

ব্ৰেইন টিউমাৰ কি? 


    ব্ৰেইন টিউমাৰ মানুহৰ মগজুত হোৱ এক ভয়ংকৰ ৰোগ ৷ মগজুত হোৱা কেঞ্চাৰক ব্ৰেইন টিউমাৰ বুলি কোৱা হয় ৷ সাধাৰণতে আমাৰ দেহৰ বিভিন্ন কোষসমূহ এটা সময়ত মৃত্যুমুখত পৰে আৰু তাৰ ঠাইত নতুন কোষৰ সৃষ্টি হয়। যেতিয়া মগজুৰ কোনো অংশৰ কোষসমুহ অস্বাভাৱিকভাৱে বাঢ়ি আহে, এই কোষসমুহৰ মৃত্যু নহয় বিশেষকৈ শৰীৰ আবশ্যকতা নাথাকে তেতিয়া ইয়াক টিউমাৰ বোলা হয় ৷

3 Comments

Previous Post Next Post