বিশ্ব খাদ্য সুৰক্ষা দিৱস ৷ World Food Safety Day

বিশ্ব খাদ্য সুৰক্ষা দিৱস ৷ World Food Safety Day 




   খাদ্য সুৰক্ষাৰ প্ৰতি জনজাগৰণ সৃষ্টিৰ বাবে প্ৰতি বছৰৰ ৭ জুন তাৰিখে বিশ্ব খাদ্য সুৰক্ষা দিৱস(World Food Safety Day) পালন কৰা হয়। ৰাষ্ট্ৰসংঘই ২০১৮ চনৰ ডিচেম্বৰত খাদ্য আৰু কৃষি সংগঠনৰ সহযোগত এই দিৱস পালনৰ আহ্বান জনাই আৰু ২০১৯ চনত ৭ জুন তাৰিখে প্ৰথম বাৰৰ বাবে এই দিৱস বিশ্বজুৰি পালন কৰা হয় ৷ এই দিৱস পালনৰ উদ্দেশ্য হৈছে প্ৰতিজন ব্যক্তিয়ে প্ৰযাপ্ত পৰিমানে সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য নিশ্চিত কৰা ৷ দূষিত খাদ্যৰ বাবে প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয়   ৷ ৰাষ্ট্ৰসংঘ ৰিপৰ্ট অনুসৰি দূষিত খাদ্যৰ বাবে প্ৰতি বছৰে  প্ৰতি দহজনৰ ভিতৰত এজন লোক খাদ্যজনিত বেমাৰত আক্ৰান্ত হয় ৷ দূষিত খাদ্যৰ বাবে  প্ৰতিবছৰে একলাখ বিছ হাজাৰ শিশু খাদ্যজনিত ৰোগত মৃত্যু হয় ৷ এই দিৱসত খাদ্য সুৰক্ষাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতন কৰা ৷ অসুৰক্ষিত খাদ্যৰ খোৱাৰ ফলত হব পৰা ৰোগৰ প্ৰতি সচেতনতা প্ৰতি জনসাধাৰণক অৱগত কৰোঁৱা ৷ ২০২০ চনৰ এই দিৱসৰ শ্লোগান হৈছে “Food safety, everyone’s business” ৷

2 Comments

Previous Post Next Post