কোনো কোডিংৰ সহায় নোলোৱাকৈ কেনেকৈ Android এপ বনাব ৷ how to create a android app without coding

কোনো কোডিংৰ সহায় নোলোৱাকৈ কেনেকৈ Android এপ বনাব ৷ how to create a android app without coding



    Android হৈছে বৰ্তমান আটাইতকৈ জনপ্ৰিয় অপাৰেটিং চিষ্টেম ৷ Android App কাৰণে Android Studio আছে যদিও এই কাম মোবাইলৰ যোগে কৰিব নোৱাৰে ৷ ইয়াক কাম কম্পিউটাৰৰ পৰা হয় আৰু কিছু জটিলো হয়   ৷ কিন্তু এই লেখাৰ যোগেদি মবাইল যোগে কেনেকৈ অতি সহজেই  এটা Android এপ প্ৰস্তুত কৰিব তাৰ কিছু আভাস দিব বিছাৰিছো ৷ যদি আপোনাৰ Website আছে তাক আপুনি সহজেই  andriod এপলৈ পৰিবৰ্তন কৰিব পাৰিব ৷ ইয়াৰ উপৰিও সকলো ধৰণৰ ৱেবছাইট , অফলাইন লেখা , পিডিএফ ফাইল , facebook page, Group আদি Android এপলৈ পৰিবৰ্তন কৰিব পাৰিব৷
ইয়াক আপুনি গুগল প্লে ষ্টৰতো আপলোড কৰিব পাৰিব ৷

ইয়াত কেনেকৈ এটা বেবচাইটক কেনেকৈ এপ হিচাপে পাব পাৰি তাক তলত দেখোৱা হল ৷

(১) প্ৰথমে আপুনি ANDROID APP এই চাইত যাব লাগিব  ৷ ইয়াক Chrome  ব্ৰাউজাৰ যোগে আপেন কৰিব ৷ ইয়াত তলত দিয়া ধৰণৰ এখন পেজ অপেন হব ৷ তাত গৈ Sign in কৰি লব ৷ গুগল বা ফেচবুক একাউণ্টৰ যোগেদিও Sign in কৰিব পাৰিব ৷

(২) লগ ইন হোৱাৰ পাছত আপোৰ ব্ৰাউজাৰ চেটিংত গৈ Desktop Site কৰি লব ৷  এতিয়া ইয়াত এনেধৰণৰ এখন পেজ অপেন হব ৷

ইয়াত থকা BUSINESS আৰু INDIVIDUAL যিকোনো এটাতে যাব পাৰে ৷ ইয়াৰ পাছত Website আইকনটোৰ ওপৰত ক্লিক কৰক ৷

(৩) ইয়াৰ পাছত তলত দিয়া ধৰণৰ এখন পেজ অপেন হব ৷ ইয়াত আপোনাৰ Websiteৰ Url টো দি SAVE ত ক্লিক কৰিব লাগিব।

Save কৰাৰ পাছত এখন তলত দিয়া ধৰণৰ পেজ অপেন হব ৷ ইয়াত কিছুমান চেটিং পাব সেইবিলাক আপুনি সলনি কৰিব পাৰিব৷ ইয়াত আপুনি Blog Type, Push Notification , Colors, layout আদি সলনি কৰিব পাৰিব ৷ এইখিনি চিলেক্ট কৰি NEXTত ক্লিক কৰক ৷

(৪) Next কৰাৰ পাছত এনেধৰণৰ পেজ অপেন হব ৷
আকৌ Next কৰক


ইয়াত Custom iconত গৈ আপোনাৰ পচন্দৰ Appটোৰ আইকন দিব পাৰিব ৷




Next কৰাৰ পাছত তলত দিয়া ধৰণৰ পেজ অপেন হব ৷


ইয়াত Createত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ প্ৰস্তুত হৈ পৰিব  আৰু তলত দিয়া পেজত গৈ ডাউলোড কৰিব পাৰিব ৷



যদি আপোনাৰ Google Play Developer একাউণ্ট আছে তাক আপুনি  Publish ক্লিক কৰি  Google Play Storeত আপলোড কৰাৰ সুবিধা আছে ৷

1 Comments

  1. এই লিখনিৰ দ্বাৰা সকলো উপকৃত হব

    ReplyDelete
Previous Post Next Post