বিশ্ব চাইকেল দিৱস ৷ World Bicycle Day


বিশ্ব চাইকেল দিৱস / World Bicycle Day


   আজি বিশ্ব চাইকেল দিৱস ৷ চাইকলেৰ চলোৱাৰ প্ৰতি জনসচেতনতা বৃদ্ধি বাবে প্ৰতি বছৰে  জুন মাহৰ তিনি তাৰিখে বিশ্বজুৰি চাইকেল দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘই ২০১৮ চনত আজিৰ দিনটোক বিশ্ব চাইকেল দিৱস ৰূপে স্বীকৃতি প্ৰদান কৰে ৷ চাইকেল হৈছে এবিধ ভৰিৰে চলোৱা দুচকীয়া বাহন। ইয়াৰ চলাবলৈ কোনো ইন্ধনৰ প্ৰয়োজন নহয় ৷ ইয়াৰ পৰা কোনো প্ৰদূষণৰ সৃষ্টি নহয় ৷ সেইবাবে  অন্যান্য বাহনৰ তুলনাত চাইকেলেৰে ভ্ৰমণ কৰাটো কম খৰচী আৰু স্বাস্থ্যকৰ।

   আজিৰ পাৰ প্ৰায় ২০০ বছৰ পূৰ্বে চাইকেল আবিষ্কাৰ হৈছিল আৰু কৰ্মবিকাশৰ মাজেৰে আহি আজিৰ ৰূপ পাইছে ৷ ১৮১৭ কমপটে ডি চিভাৰাক নামেৰে ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে সম্পূৰ্ণ কাঠৰ চাইকেল  তৈয়াৰ কৰিছিল। ১৮৩৯ চনত কাৰ্কপেট্ৰিক মেকমিলানে নামৰ স্কটলেণ্ডৰ এজন কমাৰ প্ৰথমখন যান্ত্ৰিকভাৱে চালিত প্ৰথমখন দুচকীয়া বাহন নিৰ্মাণ কৰিছিল ৷ বিশ্বৰ প্ৰথমটো ব্যাৱসায়িক বাইচাইকেল তৈয়াৰ কৰা হয় ১৮৭৯ চনত। ইয়াৰ চেইন আৰু গিয়েৰ আছিল।১৮৭০চনলৈকে চাইকেল সম্পূৰ্ণ ধাতুৰে (ষ্টীল) নিৰ্মাণ কৰা হয়।

কাঠেৰে নিৰ্মিত প্ৰথমখন চাইকেল 

চাইকেলৰ কিছু তথ্য : ----

(১) বিশ্বৰ প্ৰথমটো ব্যাৱসায়িক বাইচাইকেল তৈয়াৰ কৰা হয় ১৮৭৯ চনত। ইয়াৰ চেইন আৰু গিয়েৰ আছিল।
(২) সৰ্বাধিক চাইকেল নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয়৷
(৩) পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাইকেল চলোৱা লোক চীন দেশত আছে ।
(৪) ১৯২০চনত পোনপ্ৰথমবাৰৰ বাবে শিশুসকলৰ বাবেও নিৰ্মাণ কৰা হ’ল চাইকেল ৷
(৫) পৃথিৱীৰ সৰ্ববৃহৎ চাইকেলখনৰ নাম -ফ্ৰাংকেন চাইকেল । ৩.৩৫ মিটাৰ ওখ এই চাইকেলখনৰ চকাৰ ব্যাস আছিল ৬ মিটাৰ ।
(৬) পৃথিৱীৰ আটাইতকৈ সৰু চাইকেলখনৰ নিৰ্মাতা হ'ল অষ্ট্ৰেলিয়াৰ লেডিল পেটেন । সৰু চাইকেলখনৰ চকাৰ ব্যাস হ'ল ১.৯ ছেন্টিমিটাৰ ।






1 Comments

Previous Post Next Post