॥ মাদুৰি ॥ (মোৰ গাঁও খনৰ এক চমু পৰিচয় )/ Maduri

মাদুৰি/Maduri

✍ নিতুপন বৰগোহাঁই 



ভৌগোলিক অৱস্থান :-

   মাদুৰি হৈছে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত জোকতলি মৌজাৰ এখন গাঁও নাজিৰা নগৰৰ পৰা প্ৰায় কিলোমিটাৰ পশ্চিমে অৱস্থিত 

মাদুৰি নামৰ উৎপত্তি :- 

মাদুৰি নামৰ এবিধ বন থকাৰ বাবে ঠাইখনৰ নাম হল বুলি জনা যায়। মাদুৰি হৈছে এবিধ চোকা ধাৰৰ ক্ষুৰ সদৃশ পাতৰ উদ্ভিদ । এই অঞ্চলৰ পূৱখণ্ডত এখন বিল আছে আৰু ইয়াৰ কাষৰ হাবিত এনে ধৰণৰ বন প্ৰচুৰ পৰিমাণে পোৱা গৈছিল । হাবিৰ মাজত ছেগা -চোৰোকাকৈ এজোপা দুজোপা প্ৰায় ৭০ বছৰমান আগলৈকে দেখা গৈছিল যদিও আজিকালি এই বন একেবাৰেই নাইকিয়া হৈ গৈছে । এই মাদুৰি বনৰ উৎপত্তিৰ কথা মহাভাৰত উল্লেখ পোৱা যায়। আহোম ৰজাৰ দিনত এই মাদুৰি বনেৰে সজা কথ বৰ আপুৰুগীয়া বুলি পৰিগণিত হৈছিল। জিকিৰত এই সম্পৰ্কে উল্লেখ পোৱা যায় —-
“সৰাগুৰি চাপৰি দিখৌ নৈ কাষৰি
ৰজাই বন্ধাই দিয়া মঠ।
ছকুৰি ভকতে লয় আল্লাৰ নাম
মাদুৰি বনৰে কঠ॥”

 মাদুৰি বনৰ ফুল

 বুৰঞ্জী :-


      এই মাদুৰি গাঁওতে জন্ম গ্ৰহণ কৰিছিল মহাসতি জয়মতীয়ে। জয়মতী আছিল মাদুৰিয়াল লাইথেপেনা বৰগোহাঁইৰ জীয়েক আৰু তুংখুখীয়া ৰাজকোৱৰ ফৈদৰ গদাপাণিৰ পত্নী । এই সম্পৰ্কে কৃপানাথ ফুকনৰ মালিতাত আছিল —-
“মাদুৰি চহৰত ডাঙৰ হৈ আছিলোঁ
বৰগোহাঁই আছিলোঁ জী।
গদাপাণি কোঁৱৰে নিলে তুংখুঙলৈ
চকলং বিয়া কৈ দি।।
লেচাই বুঢ়াগোহাঁই জীয়েক মোৰ আইটা
চন্দ্ৰদাৰু সুন্দৰী বৰ।
দেউতা হৈছিল লাইথেপেনা বৰগোহাঁই
মাদুৰি চহৰত ঘৰ।।”
ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই ডাঙৰীয়াৰ ২৪ জন পুত্ৰ আৰু ১৩ গৰাকী কন্যা আছিল । ইয়াৰে জয়মতী আছিল প্ৰথম জী। তেখেতৰ কনিষ্ঠ পুত্ৰ আছিল বিখ্যাত চকৰিফেটি বুৰঞ্জীৰ প্ৰণেতা নুমলি বৰগোহাঁই । মাদুৰি চহৰ বুলি কলে ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁই বাসস্থান আৰু মহাসতী কুঁৱৰীৰ জন্মস্থান বুলিয়েই বুৰঞ্জীত খ্যাত। জয়মতীয়ে স্বামীৰ হকে আৰু দেশৰ হকে আত্মত্যাগ কৰি পিতৃ লাইথেপেনা বৰগোহাঁইৰ জন্মস্থান মাদুৰিৰ নাম আৰু অসমীয়া নাৰী জাতিৰ ত্যাগৰ স্বাক্ষৰ বুৰঞ্জীৰ পাতত অমৰ কৰি গল।

পুৰণি কীৰ্তিচিহ্ন সমূহ :-

      মাদুৰিত ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ সু- উচ্চ এপুৰা মাটি জুৰি এটা মৈদাম আৰু তেখেতৰ বাৰীৰ চিনমোকাক। আছে ইয়াৰ উপৰিও কাষতে পত্নীসকলৰ মৈদাম আৰু পূৱ দিশত 24 জন পুত্ৰৰ লানিপাতি এষাৰি সৰু মৈদাম আছে । ৰাজমন্ত্ৰী লাইথেপেনা বৰগোহাঁইৰ বাসস্থানত ৰজাপুখুৰী নামেৰে এটা ডাঙৰ পুখুৰী থকাৰ উপৰিও ফুলনি পুখুৰী,মাহ-প্ৰসাদ ধোৱা পুখুৰী, নাওঁখেল পুখুৰী, ফুকনৰ পুখুৰী আছিল । কিছুমান পুখুৰীৰ চিন নোহোৱা হৈছে । মাদুৰিৰ দক্ষিণ দিশত। লাইথেপেনা বৰগোহাঁইৰ ৩য় পুত্ৰ। ৰামচন্দ খনিকৰ বৰুৱাই খন্দোৱা খটখটি পুখুৰী অক্ষত অৱস্থাত আছে। খটখতি পুখুৰীৰ বিপৰীতে ডিমৌ নৈৰ কাষত আহোম ৰাজত্ব কালৰ শেষ ৰাজমন্ত্ৰী মালভোগ বৰগোহাঁই বাসস্থানত ১০ বিঘা মাটি কালিৰ এটা পুখুৰী আছে।
লাইথেপেনা বৰগোহাঁই মৈদাম( চিত্ৰ : বুলবুল বৰগোহাঁই)

  মালভোগ বৰগোহাঁই পুখুৰী

জনগোষ্ঠীয় গাঠনি :-

     গাঁও খনত অতীতৰ পৰা আহোম সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে । বৰ্তমান গাঁওখনৰ অধিকাংশ লোক আহোম সম্প্ৰদায়ৰ তাৰোপৰি কিছুসংখ্যক চাহ জনগোষ্ঠীয় আৰু মুচলমান সম্প্ৰদায়ৰ লোক ।

সাহিত্য সংস্কৃতিত মাদুৰি :-

সাহিত্য সংস্কৃতিলৈ অবদান যোগোৱা ব্যক্তি সকলৰ বিষয়ে তলত উল্লেখ কৰা হল ৷

প্ৰয়াত প্ৰেমধৰ বৰগোহাঁই :
     প্ৰয়াত প্ৰেমধৰ বৰগোহাঁই আছিল আহোম সম্প্ৰদায়ৰ প্ৰথম জন আৰু অসমৰ ষষ্ঠ গৰাকী স্নাতকোত্তৰ ডিগ্ৰী ধাৰী ব্যক্তি ৷তেখেতে শিক্ষা সাং কৰি নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ পাছত গুৱাহাটী কটন কলেজৰ দৰ্শনৰ প্ৰথম গৰাকী অধ্যাপক ভৰ্ত্তি হয়।অৱশ্য তেওঁ চাকৰি ইস্তফা দি চাকৰি জীৱনৰ সামৰণি মাৰে তেখেতে আছিল জোনাকী যুগৰ এগৰাকী বিশিষ্ট লিখক। তেখেতে একেধাৰে কবি , ব্যৱসায়ী , সমাজ সংগঠক।

 প্ৰেমধৰ বৰগোহাঁই
প্ৰয়াত বীৰেণ বৰগোহাঁই:-
    প্ৰয়াত বীৰেণ বৰগোহাঁই আছিল ৰামধেনু যুগৰ এগৰাকী বিশিষ্ট কবি । তেখেত গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল।
প্ৰয়াত মাণিক বৰগোহাঁই :-
    মাণিক বৰগোহাঁই এগৰাকী বুৰঞ্জী গৱেষক আৰু সু-বক্তা আছিল । তেখেত গড়গাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল।
শ্ৰী পদ্ম বৰগোহাঁই :-
     পদ্ম বৰগোহাঁই এগৰাকী বিশিষ্ট সমাজ কৰ্মী, বুৰঞ্জী মুলক প্ৰৱন্ধকাৰ। তেখেত আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্য্যনিবাহক সদস্য, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সম্পাদক , জিলা কবিচক্ৰৰ সম্পাদক , অসম পৌৰানিকা কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সম্পাদক। তেখেতৰ গ্ৰন্থ সমূহ হৈছে “অসম বুৰঞ্জীত নতুন আলোকপাত”, “ডাৱৰ আৰু মই” ইত্যাদি ।
পদ্ম বৰগোহাঁই
প্ৰয়াত কমল কছাৰী:-
    প্ৰয়াত কমল কছাৰী আছিল একেধাৰে কবি৷ চিত্ৰশিল্পী,গীতিকাৰ, সমাজ সেৱক সংস্কৃতিজ্ঞ । তেখেতৰ লেখা সমূহ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাই আহিছে ৷তেখেতৰ গন্থ সমুহ হৈছে “জগাঁও লুইতৰে পাৰ”, “টুকুৰা ছবি”, “ইস্তহাৰ”, “সুৰৰ বুকুত জীৱন বিচাৰি”, “নতুন পুৱাৰ গান”, “উভলা শিপাৰ আৰ্তনাদ”, “শশীকান্ত গগৈ”, “উকি” ইত্যাদি ।তেওত আছিল গৰাকী বেতুপাত শিল্পী । অসম চৰকাৰৰ পৰা শিল্পী পেন্সন লাভ কৰিছিল। তেখেত আছিল ডিব্ৰুগডঅনাতাঁৰ কেন্দ্ৰৰ গীতিকাৰ ।
তদুপৰি গাঁওখনৰ আৰু বহুকেইজন ব্যক্তিয়ে সাহিত্য সংস্কৃতিলৈ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে ।
কমল কছাৰী

ৰাজনীতিৰ দিশত মাদুৰি :-

ৰাজনৈতিক দিশত মাদুৰিত জন্ম গ্ৰহণ কৰি চাকৰি সূতে মৰাণৰ বাসস্থান লোৱা প্ৰয়াত লক্ষী প্ৰসাদ বৰগোহাঁইয়ে মাহমৰা সমষ্টিৰ বিধায়ক আসন লাভ কৰি গাঁওলৈ গৌৰৱ কঢ়িয়াই আনে আৰু অত্যন গৌৰৱ কঢ়িয়াই আনে মাদুৰি, তথা এই অঞ্চললৈ মাদুৰিত জন্ম গ্ৰহণ কৰি শিক্ষকতা কৰাৰ মাজেৰে ৰাজনীতিৰ প্ৰথাৰত ভৰি দি কমিউনিষ্ট পাৰ্টিৰ এজন বিশিষ্ট নেতা হিচাপে পৰিগণিত হোৱা শ্ৰীযুত দ্ৰুপদ বৰগোহাঁয়ে সাংসদ আৰু বিধায়ক হিচাপে । তাৰ উপৰিও গৌৰৱ কঢ়িয়াই আনে মাদুৰিত জন্ম গ্ৰহণ কৰি বিবাহ সূত্ৰে নাহৰকটীয়া বাসিন্দা হোৱা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰণতি ফুকন । বৰ্তমান নৱ প্ৰজন্মৰ সুশান্ত বৰগোহাঁইয়ে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক হৈ গৌৰৱ কঢ়িয়াই অনাটো উজ্জ্বল ভৱিষ্যতৰ নমুনা। 
দ্ৰুপদ বৰগোহাঁই 

মাদুৰি গোহাঁই গাঁও শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া। এই গাঁৱৰ পৰা বহুতো লোকে কলেজৰ অধ্যাপক, চিকিৎসক, শিক্ষক ,কাৰিকৰী দিশৰ লগত জড়িত হৈ আছে তাৰোপৰি কেইবাজন ব্যক্তিয়ে ডঃ ডিগ্ৰী লাভ কৰি  গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে ৷ ইয়াৰ উপৰিওঁ গাওঁৰ কেইবাজনো শিক্ষকে কৃতি শিক্ষকৰ সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৷

অনুষ্ঠান – প্ৰতিষ্ঠান :-

লাইথেপেনা বৰগোহাঁই সোঁৱৰণি সংঙ্ঘ,
চিৰ সেউজীয়া সমাজ,
মাদুৰি প্ৰগতি পুথি ভড়াল,
মাদুৰি মহিলা সংঙ্ঘ,
মাদুৰি নাট্য মন্দিৰ আদি।

শিক্ষানুষ্ঠান :

জয়মতী উচ্চ মাধ্যমিক বিদ্যালয় ,
এম.ভি. স্কুল,
মাদুৰি প্ৰাথমিক বিদ্যালয়,
জয়া প্ৰাথমিক বিদ্যালয়,
বেতনি চাপৰি প্ৰাথমিক বিদ্যালয়

Post a Comment

Previous Post Next Post