ডিজিটেল মুদ্ৰা বিটকইন


বিটকইন কি ?

✍ নিতুপন বৰগোহাঁই 



   বিটকইন হ'ল বিশ্বৰ প্ৰথম আৰু অতি মূল্যবান ডিচেন্ট্ৰেলাইজ Digital Currency /Cryptocurrency. বিটকইন হৈছে এবিধ ভাৰ্চুৱেল মুদ্ৰা বা টকা৷ প্ৰতিখন দেশৰ নিজৰ নিজৰ মুদ্ৰা ব্যৱস্থা আছে৷ যেনে ভাৰতত টকা, আমেৰিকাত ডলাৰ, জাপানত ইয়েন ইত্যাদি ৷ কিন্তু বিটকইনৰ বিভিন্ন ৰূপ নাই ৷ ইয়াক সকলো দেশতে ব্যৱহাৰ কৰিব পাৰি ৷

Cryptocurrency কি ?


  বিটকইনৰ বিষয়ে জানিবলৈ আমি ডিজিটেল মুদ্ৰাৰ বা  Cryptocurrency বিষয়ে জানিব লাগিব । ই এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে যাৰ কোনো কেন্দ্ৰ নাই৷ ইয়াৰ কোনো নিৰ্দিষ্ট নিয়ন্ত্ৰক নাই৷ যেনে, বেঙ্ক, চৰকাৰ ইত্যাদি৷ ফলত ইয়াৰ লেনদেন কৰিলে কোনো বেংক অথবা থাৰ্ড-পাৰ্টিক ট্ৰেঞ্জেক্সচন ফিজ দিবলগীয়া নহয়৷ বৰ্তমানলৈকে বিশ্বত প্ৰায়ে ১০০০ প্ৰকাৰৰো অধিক ডিজিটেল মুদ্ৰা আছে ৷ Bitcoin, Ethereum,Litecoin,Ripple,Dash,Dogecoin আদি হৈছে জনপ্ৰিয় আৰু দামী ডিজিটেলমুদ্ৰা ৷ ভাৰ্চুৱেল মানে যাৰ অৱস্থিতি কেৱল কম্পিউটাৰৰ ভিতৰত৷ আপুনি তাক হাতেৰে চুব নোৱাৰে৷ কেৱল অনলাইন যোগেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব ৷

ইতিহাস

     ০০৮ চনৰ অক্টোৱৰ মাহত জাপানৰ Satoshi Nakamoto নামৰ ব্যক্তি এজনে বিটকইন উদ্ভাৱন কৰিছিল আৰু ২০০৯ চনৰ জানুৱাৰী মাহত ইয়াৰ প্ৰচলন হৈছিল। অৱশ্যে Satoshi Nakamoto ব্যক্তি নে প্ৰতিষ্ঠান এই বিষয়ে কোনো তথ্য পোৱা নায়াই ৷ আৰু ই  অতি কম সময়ৰ ভিতৰত ইয়াৰ জনপ্ৰিয়তা লাভ কৰে ৷


বিটকইনৰ প্ৰযুক্তি


      বিটকইনৰ একক Satoshi বুলি কোৱা হয় ৷ ১০ কোটি Satoshiয়ে এক বিটকইন বুলি ধৰা হয় ৷ বিটকইন বক্লচেইন টেকনলজীৰ উপৰত প্ৰতিষ্ঠিত ৷ বক্লচেইন হৈছে বিশ্বৰ আটাইতকৈ মডাৰ্ণ টেকনলজী ৷ ২০০৮ চনত জাপানৰ Satoshi Nakamoto এই টেকনলজী আবিষ্কাৰ কৰে ৷ আৰু ই প্ৰথমবাৰৰ বাবে বিটকইনত প্ৰযোগ কৰা হয় ৷ বক্লচেইন হৈছে আটাইতকৈ সুৰক্ষিত টেকনলজি ৷ বিটকইন মাইনিংৰ যোগেদি সৃষ্টি কৰা হয় ৷  এই ব্যৱস্থাটোৰে পৃথিৱীৰ বিভিন্ন চুকত থকা কম্পিউটাৰবোৰক একত্ৰিত কৰি এখন নেটৱৰ্ক সৃষ্টি কৰা হৈছে৷ এই কম্পিউটাৰবোৰক মাইনাৰ(miner) বুলি কয়৷ নেটৱৰ্কৰ এই কম্পিউটাৰবোৰে প্ৰথমৰ পৰা আজিলৈ বিটকইনৰ প্ৰত্যেকটো ট্ৰেনজেক্সনৰ ডিটেইল্ছ এটা ফাইলত ৰেকৰ্ড কৰি গৈছে৷ আৰু এই প্ৰক্ৰিয়াটোৰে বিটকইনক হেক কৰাটো অসম্ভৱ কৰি তুলিছে৷ দিনে দিনে মাইনিঙত অংশ লোৱা কম্পিউটাৰৰ সংখ্যা বাঢ়ি গৈ আছে৷আৰু চিকিউৰিটি চিস্টেমটো ষ্ট্ৰং হৈ গৈ আছে৷ চাটোচি নাকামোটোৱে বিটকইনৰ চিকিউৰিটি ব্যৱস্থাটো শক্তিশালী কৰিবলৈ, মানুহক মাইনিঙৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই ব্যৱস্থাটো কৰিছিল৷ মাইনিংৰ দ্বাৰা নতুন নতুন বিটকইনৰ সৃষ্টি হয় ৷ কিন্তু মাইনিংৰ দ্বাৰা নতুন নতুন বিটকইনৰ সৃষ্টি হয় যদিও এটা নিদিষ্ট পৰিমানলৈকে বিটকইনৰ সৃষ্টি হব ৷ কাৰণ কিমান বিটকইনৰ সৃষ্টি হব সেইটো চাটোচি নাকামোটোৱে নিদ্ধাৰণ কৰি থৈ গৈছেে ৷
সাধাৰণ মুদ্ৰাৰ এটা সমস্যা প্ৰত্যেকখন দেশত বেলেগ বেলেগ মুদ্ৰা ব্যৱহাৰ হয় ৷ ধৰা হওক ভাৰতৰ এজন লোকে লণ্ডনত থকা পুত্ৰলৈ পইচা পঠিৱাব লগা হল ৷ বেংকৰ ব্যৱস্থাৰ মাধ্যমৰ পঠিয়াবলৈ সময় প্ৰয়োজন হয় তদুপৰি বহুত transaction চাৰ্জ দিবলগীয়া হব ৷ কিন্তু বেংক ব্যৱস্থাৰ সহায় নোলোৱাকৈ বিটকইন সহজতেই transfer কৰিব পাৰে ৷ বিটকইনৰ প্ৰতিটো transaction বক্লচেইনৰ এখন অপেন লেজাৰত সংৰক্ষিত হৈ থাকি ৷

বিটকইনৰ ব্যৱহাৰ


     বিটকইনেৰে যে কেৱল অনলাইন চপিঙহে কৰিব পাৰি এনে নহয় আজিকালি বাৰ, ৰেষ্টুৰেন্ট, চপিং মল , দোকান আদিতো বিটকইন একচেপ্ট কৰিবলৈ লৈছে৷ কিছু কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰী বেতন বিটকইনৰ ৰূপত দিয়াওঁ শুনা গৈছে। তাৰবাবে লগত আপুনি মোবাইলটো নিব লাগিব৷ QR ক'ডৰ জৰিয়তে আপুনি এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ বা কম্পিউটাৰলৈ বিটকইন ট্ৰেন্সফাৰ কৰিব পাৰিব৷ বৰ্তমান সময়ত কিছু দেশত বিটকইনৰ ATM বহোৱা হৈছে । কানাডাত বিশ্বৰ প্ৰথম বিটকইন ATM বহোৱা হয়৷ ভাৰতৰ বাংগালোৰ প্ৰথমটো বিটকইন ATM বহোৱা হয়  সহায়ত QR codeৰ যোগে ATM পৰা দেশীয় মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰি ।


বিটকইনৰ মূল্য

     বিটকইনৰ মূল্য স্থিৰ নহয় ৷ ইয়াৰ দৰ উঠা নমা কৰি থাকে যদিওঁ সামগ্ৰিকভাৱে ইয়াৰ দৰ উৰ্ধগামী ৷ অতি কম সময়ৰ ভিতৰত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু ইয়াৰ মূল্য প্ৰতি বছৰে বৃদ্ধি পাইছে। ২০০৯ চনৰ জানুৱাৰী মাহত এক বিটকইনৰ মূল্য মাত্ৰ ৫০ পইচাৰ ভিতৰত আছিল ।বৰ্তমান ইয়াৰ মূল্য পাঁচ লাখৰ অধিক। ২০১৫ চনৰ প্ৰথম ভাগত ইয়াৰ মূল্য আছিল পোন্ধৰ হজাৰ টকা আৰু বছৰৰ শেষৰ ফালে হয়গৈ প্ৰায়ে  ত্ৰিশ হাজাৰ টকা ২০১৬ চনত হৈ গৈ প্ৰায় পঞ্চাছ হাজাৰ আৰু ২০১৭ চনত সৰ্বাধিক ১৪ লাখৰো সীমা অতিক্ৰম কৰে ৷ ই ইমান বেগেৰে বাঢ়িছে যে কম সময়ৰ ভিতৰতে বিশ্ব অৰ্থনীতিত তোলপাৰ লগাই দিছে৷ বিটকইনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি হোৱাৰ ইয়াৰ মূল্য ৷ এটা উদাহৰণৰ সহায়ত বুজাব বিচাৰিছো । 2009 চনত ইয়াৰ মূল্য আছিল প্ৰায় 1 টকা আজিৰ তাৰিখত ইয়াৰ ইয়াৰ মূল্য এক লাখৰো অধিক যিসকলে সেই সময়ত সৰহকৈ কিনিছিল তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা কি হব পাৰে আপুনি সহজে অনুমান কৰিব পাৰিছে ।



কেনেকৈ কিনিব পাৰি ৷


    বিটকইনৰ বিভিন্ন Exchange আছে ৷ Coinbase,blockchain আদি আন্তৰাষ্ট্ৰীয় exchange ৷ ভাৰতত ZEBPAY, Unocoin আদি ৱেবচাইটত টকাক বিটকইনলৈ সলনি কৰিব পাৰি আৰু বিটকইনক টকালৈ সলনি কৰিব । প্ৰথমেে আপুনি যিকোনো এটা ৱেবচাইটত বা চফটোয়েত একোটা একাউন্ট ৰেজিষ্টাৰ কৰিব লাগিব৷ চফটোৱেৰ সমুহ গুগল প্লে- ষ্টৰত উপলব্ধ ৷ বিটকইনৰ ব্যৱহাৰকাৰীজনে ইয়াৰ এটা "bitcoin address' আৰু 'প্রাইভেট কী’ প্ৰদান কৰা হয় ৷
Zebpay ৱালেট

বিটকইন নীতি আৰু ভাৰত

    পৃথিৱীৰ বিভিন্ন দেশত বিটকইন সম্পৰ্কীয় নীতি বেলেগ ৷ প্ৰধানত বিটকইন সম্পৰ্কত তিনি ধৰণৰ নীতি দেখিবলৈ পোৱা যাই ৷ কিছুমান দেশে ইয়াক বৈধ ৰূপেে ঘোষণা কৰিছে আৰু কিছুমান দেশে ইয়াক অবৈধ ঘোষণা কৰিছে ৷ আৰু কিছুমান দেশে নিৰপেক্ষ স্থিতিত আছে ৷ ভাৰতে তৃতীয়বিধ নীতি অৱলম্বন কৰিছে ৷ ভাৰতে বৈধ বুলিও ঘোষণা কৰা নাই আৰু অবৈধ বুলি ঘোষণা কৰা নাই ৷ মাজতে ইয়াক ভাৰত চৰকাৰে বন্ধ কৰি দিছিল যদিওঁ পুনৰ মুকলি কৰি দিয়ে ৷  ১৮ এপ্ৰিল ২০১৮ চনত ৰিজাৰ্ভ বেংকে ইয়াৰ লেনদেন প্ৰতিবন্ধকতা  আৰোপ কৰে আৰু ২০২০ চনৰ জানুৱাৰী মাহত পুনৰ লেনদেনৰ অনুমতি প্ৰদান কৰে ৷ ভাৰতত যোৱা দুবাৰমানৰ ভিতৰত বিটকইনৰ জনপ্ৰিয়তা অভাৱনীয়ভাবে বৃদ্ধি পাইছে ৷ 

Post a Comment

Previous Post Next Post