এপ্ৰিল ফুল কি ? কত কেতিয়া আৰম্ভ হৈছিল

এপ্ৰিল ফুল কি ? কত কেতিয়া আৰম্ভ হৈছিল ৷



   মূৰ্খৰ দিন হিচাপে অভিহিত এপ্ৰিল ফুল দিৱস এপ্ৰিল মাহৰ 1 তাৰিখে পালন কৰা হয়। এই দিনটোতে বহুতে উৰাবাতৰি প্ৰচাৰ কৰি ধেমালিৰে ইজনে সিজনক মুৰ্খ বনোৱাৰ চেষ্টা কৰে ৷ইটালী, ফ্ৰান্স আৰু বেলজিয়ামত শিশু আৰু বয়স্কসকলে পৰম্পৰাগতভাৱে ইজনে সিজনৰ পিঠিত কাগজৰ ফুল লগাই দিয়ে আৰু স্থানীয় ভাষাত "এপ্ৰিল মাছ!" বুলি চিঞৰে ৷

ইতিহাস 

   
     বিভিন্ন দেশত এপ্ৰিল ফুল পালনৰ কথা বিভিন্ন ধৰণে পোৱা যায় ৷ আটাইতকৈ প্ৰচলিত কাহিনীটো হৈছে ষষ্ঠদশ  শতিকাৰ  গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ এক জানুৱাৰীত নৱবৰ্ষ পালন ৷

     কাহিনী আছিল এনধৰণৰ ৷ ষষ্ঠদশ শতিকাৰ মাজভাগৰ কথা। তেতিয়া ফ্রান্সৰ ৰজা আছিল চার্লছ। সেই সময়ত ফ্ৰান্সৰ বছৰ গণনা আৰম্ভ হৈছিল এপ্রিল মাহৰ পৰা, অর্থাৎ, এক এপ্রিল আছিল বছৰৰ প্রথম দিন। সেই দিনটোক নৱবৰ্ষৰ প্রথম দিন হিচাপে গণ্য কৰি। ফ্রান্সবাসীয়ে সেইদিনা ৰং-ৰহইচ কৰিছিল। সেই সময়ত ফ্রান্সত এটা প্রথা আছিল। প্ৰথাটো হ’ল বছৰৰ প্ৰথম দিনা
ফ্ৰান্সৰ প্রতিজন প্রজাই ৰজাক নৱবৰ্ষৰ উপহাৰ দিব লাগিব। উপহাৰ দিয়াটো আছিল বাধ্যতামূলক। যি উপহাৰ নিদিয়ে তেওঁক শাস্তি বিহা। হৈছিল। সেয়ে ইচ্ছা নাথাকিলেও সকলাে প্রজা ৰাজপ্রাসাদ লৈ যাব লগাত পৰিছিল। কিন্তু ১৫৬৪ চনৰ ১ এপ্রিলৰপৰা কথাটো বেলেগ হ’ল । ৰজা চার্লছে ঘােষণা কৰিলে, ‘আজিৰ পৰা জানুৱাৰীৰ ১ তাৰিখৰ পৰাহে আৰম্ভ হ’ব নতুন বছৰ। ৰজাৰ কথা শুনি প্ৰজাৰ বৰ খং উঠিল । ইমান দূৰ-দূৰণিৰ পৰা ৰজালৈ উপহাৰ লৈ আহিছে, এতিয়া কিয় ঘূৰি যাব? প্রজাৰ খং ক্রমে বিক্ষোভলৈ পৰিণত হ'ল। ৰজাৰ নতুন নীতিৰ প্রতিবাদ কৰিবলৈ সকলাে প্ৰজা ৰাজপ্রাসাদৰ ফালে আগবাঢ়িল। প্রজাৰ বিক্ষোভ দেখি ৰাজপ্রাসাদৰ এজন কর্মচাৰীয়ে আগবাঢ়ি আহি উত্তেজিত জনতাক উদ্দেশ্যি ক'লে, ৰাইজ, আপােনালােকে অলপ ধৈর্য ধৰি মােৰ কথা শুনক ৷ ৰজাই আপােনালােকৰ মংগলৰ কাৰণেই নতুন আদেশ ঘােষণা কৰিছে৷ ৰাইজ, এক জানুৱাৰীত নতুন বছৰ আৰম্ভ হ’ব হয়, কিন্তু সেইদিনা প্রজাই ৰজাক উপহাৰ নিদিলেও হ’ব। প্রজাই মন দি কৰ্মচাৰীজনৰ কথা শুনিলে। তেওঁলােকে চিন্তা কৰিলে, ‘এৰা, কামটো দেখােন প্রজাৰ ভালৰ কাৰণেই কৰা হৈছে। অলপ পাচতে বিক্ষোভ শাম কাটিলে। প্রত্যেকেই ভাবিলে, তেওঁলােকে ৰজাৰ বিৰুদ্ধে থিয় দি মূখামিহে কৰিলে, ৰজা চার্লছে প্রত্যেককেই দেখােন মূখ কৰি পেলালে। সেই দিনাৰ পৰাই এপ্রিল মাহৰ ১ তাৰিখটো ‘মূৰ্খৰ দিন’ হিচাপে পৰিগণিত হয়। কোনােবাই কয় ‘অল ফুল ডে’ বা ‘সকলাে মূখৰ দিন’, কোনােবাই কয় ‘এপ্রিল ফুল’ (April Fool)। এইদৰেই ১৫৬৪ চনৰ পৰাই আজিলৈকে ১ এপ্রিলৰ দিনটো মিছা কথা কোৱা দিন হিচাপে উদযাপিত হৈ আহিছে। ফ্রান্সত জন্ম হলেও ‘এপ্রিল ফুল’ক ইংৰাজসকলেহে সমগ্র বিশ্বতে জনপ্রিয় কৰি তােলে ৷


উৎস : ইন্টাৰনেটৰ পৰা সংগ্ৰহিত



Post a Comment

Previous Post Next Post