মহেন্দ্ৰ সিং ধোনিৰ বৰ্ণময় ক্ৰিকেট কেৰিয়াৰ ৷

মহেন্দ্ৰ সিং ধোনিৰ বৰ্ণময় ক্ৰিকেট কেৰিয়াৰ ৷


    ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক  মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰা অৱসৰৰ কথা ঘোষণা কৰে । কেপ্টেইনকুল,মাহি আদি নামেৰে খ্যাত ধোনিয়ে ১৫ আগষ্ট দিনাই  ইনষ্টাগ্ৰামৰ এক পষ্টৰ যোগে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । ইয়াৰ আগতে ২০১৪ চনতে ধোনিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল আৰু এতিয়া তেওঁ এদিনীয়া আৰু টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । অৱশ্যে তেওঁ IPL খেলি যাব ঘোষণা কৰে ৷ ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক ৰূপে পৰিচিত ধোনিৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে এক নতুন মাত্ৰা লাভ কৰিছিল । ধোনিৰ নেতৃত্বত ভাৰতে  আই চি চিৰ আটাইকেইটা ট্ৰফীত হস্তগত কৰিবলৈ সক্ষম হৈছিল ৷ টেষ্ট ৰেংকিত ভাৰততে প্ৰথম বাৰৰ বাবে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল আৰু ই দীৰ্ঘ দিনৰ বাবে অটুত আছিল। ২০০৭ চনত প্ৰথম অধিনায়কৰ দায়িত্ব লাভ কৰা ধোনিয়ে ৩৩২ খন মেচত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছে। ইয়াৰে ৬০ খন টেষ্টত দলক নেতৃত্ব দিয়াৰ বিপৰীতে ২০০ খন এদিনীয়া আৰু ৭২ খন টি-২০ ত ভাৰতীয় দলক নেতৃত্ব দিছিল। এদিনীয়া ক্ৰিকেটৰ এজন শ্ৰেষ্ঠ ফিনিচাৰ ৰূপে পৰিচিত তেওঁ  বেটছমেন হিছাপে ভাৰতক কেইবাটাও স্মৰণীয়  বিজয় প্ৰদান কৰিছিল।  কেইবাটাও ৰেকৰ্ডৰ অধিকাৰী  ধোনিয়ে উইকেটৰক্ষক হিচাপে সৰ্বাধিক ষ্টাম্পিংৰ অভিলেখ গঢ়ে ৷ ধোনিয়ে ১২৩টা  ষ্টাম্পিং কৰে ৷


   ১৯৮১ চনৰ ৭ জুলাইত ঝাৰখণ্ডৰ ৰাঁচীত ধোনিয়ে জন্ম গ্ৰহণ কৰে ৷ তেওঁৰ পিতৃৰ নাম আছিল পান সিং আৰু মাতৃৰ নাম আছিল দেবকী দেবী। অৱশ্যে ধোনিয়ে প্ৰথমতে ফুটবলৰ প্ৰতিহে আকৰ্ষিত আছিল । বিভিন্ন ক্লাব পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিছিল আৰু ধোনিয়ে গলৰক্ষকৰ দায়িত্ব পালন কৰিছিল ৷


   পৰবৰ্তী সময়ত ধোনিয়ে কামাণ্ডো ক্ৰিকেট ক্লাবত নিয়মিত ভাবে ক্ৰিকেট খেলিবলৈ লয় আৰু উইকেটৰক্ষক হিচাপে অসাধাৰণ দক্ষতা দেখুৱাবলৈ সক্ষম হয় ৷ ধোনিয়ে ১৯৯৮-১৯৯৯ চনত অনূর্ধ্ব-১৯ বিহাৰ দলত অন্তভূক্ত হয়। ১৯৯৯-২০০০ চনত বিহাৰ দলৰ হৈ অসমৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীত অভিষেক ঘটে। ইয়াৰ পাছত ঘৰুৱা ক্ৰিকেটত দেখুৱা প্ৰদৰ্শনৰ বাবে ভাৰতীয় - A টিমত অন্তভূক্ত হয়। ইয়াৰ পাছত ধোনিয়ে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰে ২০০৪ চনত। ২০০৪ চনৰ ২৩ ডিচেম্বৰ বালাংদেশৰ বিৰূদ্ধে প্ৰথমখন এদিনীয়া মেছত অৱতীৰ্ণ হয়। ইয়াৰ পাছত  ২০০৫ চনৰ ২ ডিচেম্বৰ শ্ৰীলংকা বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটে আৰু টি২০ অভিষেক ঘটে  ২০০৬ চনৰ ১ ডিচেম্বৰ দক্ষিণ আফ্ৰিকা বিৰুদ্ধে ৷ ধোনিয়ে অন্তিমখন টেষ্ট, এদিনীয়া আৰু টি২০ খেল খেলে ক্ৰমে ২০১৪ চনৰ ২৬ ডিচেম্বৰ  অষ্ট্ৰেলিয়া, ২০১৯ চনৰ ৯ জুলাইত নিউজীলেণ্ড আৰু  ২০১৯ চনৰ ২৭ ফ্ৰেব্ৰুৱাৰীত অষ্ট্ৰেলিয়া বিৰুদ্ধে ৷

অধিনায়ক হিছাপে ধোনিৰ কৃতিত্ব : ---

(১) ২০০৭ চনত ধোনিৰ নেতৃত্বত ভাৰতে প্ৰথম টি২০ বিশ্বকাপ ক্ৰিকেট জয়লাভ কৰে ।
(২) ২০১০ চনত ধোনিৰ নেতৃত্বত ভাৰতে এছিয়া কাপ জয়লাভ কৰে।
(৩) ২০১১ চনত ধোনিৰ নেতৃত্বত ভাৰতে  বিশ্বকাপ ক্ৰিকেটত জয়লাভ কৰে ৷
(৪) ২০১৩ চনত ধোনিৰ নেতৃত্বত ভাৰতে আই চি চি চেম্পিয়নছ ট্ৰফীত জয়লাভ
(৫) ২০০৮, ২০১০ আৰু ২০১৩ চনত ধোনিৰ নেতৃত্বত ভাৰতে ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়লাভ কৰে
(৬) ধোনিৰ নেতৃত্বত ২০০৯ চনত ভাৰতে প্ৰথমবাৰৰ বাবে আই চি চি টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰে। আৰু এই ৰেকড প্ৰায় ৬০০ দিন মজুত আছিল ৷
(৭) আই চি চি’ৰ তিনিটাকৈ ট্ৰফী জয় কৰা একমাত্ৰ অধিনায়ক ৷
(৮) অধিনায়ক হিছাপে সৰ্বাধিক সংখ্যক মেছক দলক নেতৃত্ব দিয়াৰ ৰেকৰ্ডো আছে ধোনিৰ নামত। ধোনিয়ে ৩৩২ খন মেচত ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছে। ইয়াৰে ৬০ খন টেষ্ট, ২০০ খন এদিনীয়া আৰু ৭২ খন টি২০ ৷


ধোনিৰ ক্ৰিকেট কেৰিয়াৰ

প্ৰতিযোগিতা টেষ্ট এদিনীয়া টি২০
মুঠ খেল ৯০ ৩৫০ ৯৮
ৰাণ ৪৮৭৬ ১০৭৭৩ ১৬১৭
গড় ৩৮.o৯ ৫০.৫৮ ৩৭.৬০
শতক ১০
অৰ্ধশতক ৩৩ ৭৩
সৰ্বোচ্চ ৰাণ ২২৪ ১৮৩ ৫৬
ষ্ট্ৰাইক ৰেট ৫৯.১২ ৮৭.৫৬ ১২৬.১৩
নট আউট ১৬ ৮৪ ৪২
চাৰি ৫৪৪ ৮২৬ ১১৬
ছয় ৭৮ ২২৯ ৫২

1 Comments

Previous Post Next Post