নাজিৰাৰ কাষৰ বুৰঞ্জূীয়ে স্পৰ্শ কৰা চকীমুখ ঐতিহাসিক ইতিবৃত্ত

নাজিৰাৰ কাষৰ বুৰঞ্জূীয়ে স্পৰ্শ কৰা চকীমুখ ঐতিহাসিক ইতিবৃত্ত  

দীপজ্যোতি বৰগোহাঁই ৷


    ছশ বছৰীয়া গৌৰৱজ্জ্বোল আহোম ৰাজত্ব কালৰ ধৱ্জা বহন কৰা ইতিহাসৰ তথ্য সম্বলিত ৰাজধানী  গডগাঁওৰ  দাতি কাঁষৰীয়া ঠাই সমুহৰ ভিতৰত অন্যতম নাজিৰাৰ চকীমুখ ।চকী মুখ নাজিৰাৰ পৰা ৭কি'লোমিটাৰ দক্ষিণ পুৱ দিশত ।বুৰঞ্জীৰ তথ্য মতে ছশ বছৰীয়া আহোমৰ ৰাজত্ব কালত আহোম ৰাজ্যৰ সীমান্ত বৰ্তী নগাৰাজ্যৰ পৰা আহোম ৰাজ্যলৈ আহোঁতে চকী মুখৰ পহৰা চকীত অনুমতি লব লাগিছিল ।এই পহৰা চকীত ৰজাঘৰীয়া চকিয়াল বিষয়া আছিল বাবে চকীমুখ বোলা হৈছিল ।চকীৰ দায়িত্বত বিষয়া গৰাকীৰ নাম তুংচু ফুকন আছিল ।চকী মুখতে তুংচু ফুকনৰ বাসস্হান আছিল ।চকী মুখ অঞ্চলত ৰজাদিনীয়া বাৰীৰ ঢাপৰ চিন বহুতো আছে ।চকী মুখৰ আশে -পাশে চাৰিখন ৰজাদিনীয়া বাৰীৰ ঢাপৰ চিন আছিল ।মেধি বাৰী :নগাবাৰী :বৰুৱাবাৰী আৰু কলীয়াভোমোৰা বাৰী ।ক'লীয়াভোমোৰা বৰ ফুকনৰ বাসস্হান আছিল চকীমুখ গোহাঁই গাঁও অঞ্চলত ।কিছুদিনৰ আগলৈকে গড আলিৰ পথাৰত কোৰ মাৰোতে আধাপোৰা ধানৰ চাই মুৰীয়া  ওলোৱাৰ কথা চকী মুখৰ প্ৰ য়াত ভদেশ্বৰ গগৈৰ দেৱৰ পৰা জনা গৈছিল ।মানৰ আক্ৰমণৰ সময়ত মেধিবাৰীত ৰজাদিনীয়া কাৱৈ মাৰী নামৰ পুৰণি পুখুৰী আছে আৰু বাৰীৰ কাষত এটা মৈডাম আছে ।চকী মুখত আহোম ৰাজত্ব কালৰ পাঁচটা মৈডাম আছে ।ডাঙৰ মৈডাম টো হেকেৰা  বৰ  বৰুৱাৰ মৈডাম বুলি জনা যায় ।চকী মুখত জিউৰাম বৰুৱাৰ মৈডাম থকা কথা স্হানীয় লোকে কয় ।যদিও প্ৰকৃততে জীউৰাম দুলীয়া বৰুৱাৰ  বাসস্হান আৰু  বাৰী আৰু খেতি কৰা মেৰ খাত নামে মাদুৰীত আজিও চিন ঢাপ আছে ।আৰু বাকী চাৰিটা মৈডামৰ সবিশেষ পোৱা নাযায় ।গডআলি গোহাঁই গাঁও ৰ আহোম ৰাজত্ব কালৰ অভয়পুৰীয়া বৰ গোহাঁই সকলৰ বাসস্হান ৰ পুৰণি চহৰ ।গডআলিৰ দুয়ো পাৰে দুটা মৈডাম আছে ।এই দুটা মৈডাম  ৰাজকীয় বিষয় বাব খোৱা অভয়পুৰীয়া বৰ গোহাঁই দুগৰাকীৰ মৈডাম বুলি ঠাৱৰ কৰিব পাৰি ।এই চকী মুখৰ কাষতে মৈডাম স্হলী ফুলেৰে সুশোভিত হৈ আছিল যাৰ নাম আজিও ফুলনি বাৰী (সহায় লৈ )

Post a Comment

Previous Post Next Post