স্বৰ্গদেউ সকলৰ শাসনত বৰ গোহাঁই সকলৰ ভুমিকা

স্বৰ্গদেউ সকলৰ শাসনত বৰ গোহাঁই  সকলৰ ভুমিকা 

দীপজ্যোতি বৰগোহাঁই



=


   এটা জাতিয়ে একেলেঠাৰিয়ে  ছশ বছৰ ৰাজত্ব কৰা উদাহৰণ ভাৰতৰ নালাগে অসমৰ কোনো বুৰঞ্জীতে বিৰল দৃষ্টান্ত  বা পোৱা নাযায় । সেই জাতিৰ শাসন কালত লিখিত ইতিহাসৰ মেটমৰা সম্ভাৰৰ পৰা এটা নিৰ্দিষ্ট ফৈদৰ বুৰঞ্জী উদ্ঘাটন কৰা আৰু সেই ফৈদৰ পৰিয়ালৰ শাখা প্ৰশাখাৰ পৰিচয় তেওঁলোকৰ কাৰ্য কলাপৰ বিশদ বিৱৰণ সামৰি এটা সীমিত পৰিসৰৰ ভিতৰত আলোচনা কৰা কামটো অত্যন্ত দুৰহ জনক ।


   সূদুৰ ম্যুংমাওৰ  (চীনৰ অন্তৰ্গত )য়ুনান ৰ পৰা আহি এই ভূ-  খণ্ডত (বৰ্তমান অসম )এক বিৰল পদ্ধতিৰে চাও- -লুং -ছ্যু -ফাই সাৰ্ব ভৌম স্বাধীন ৰাজ্য স্হাপন কৰিছিল,।আগোৱাই আহোতে জয় কৰি অহা ৰাজ্য বোৰ শাসন কাৰ্যৰ  সুবিধাৰ বাবে একো একোজন শাসনকৰ্তা থাও-মুং নিয়োজিত কৰি আহিছিল ।চাও- ল্যুং-ছ্যু -কাফাই বিষয় ববীয়া সহিতে প্ৰায় ৯'০০০ হাজাৰ পাকৈত  ৰণুৱা লৈ পাটকাই পৰ্বত পাৰ হৈ ব্ৰ হ্ম পুত্ৰ  উপত্যকাত প্ৰবেশ  এটি  ঐতিহাসিক।ঘটনা ।৮০০ বছৰ ৰ পাছত আজি ছ্যু-কাফাৰ অনুগামী "বৰ গোহাঁই " সকলৰ বংশৰ অতীতৰ গৌৰৱ সঠিক ৰূপত ইতিহাসৰ পাতত  জিলিকি আছে ।বৰ গোহাঁইৰ পদবী ৰ অৰ্থ পৰিচয় ;সমাজত তথা ৰাজ্যত এওলোকৰ স্থান আদুৰ বিষয়ে বহুল বিশ্লেষণ পোৱা যায় ।লগতে ৰাজ্যৰ আন আন বিষয়া সকলৰ উপাধি আৰু এওলোকৰ স্হান আদিৰ সামাজিক পদময্যদা ৰ বিষয়ে ও বিষদ সম্ভেদ ইতিহাসে প্ৰদান কৰিছে ।বৰ গোহাঁই বংশৰ  লোক সকলক জয় কৰি অহা ৰাজ্য সমুহত কেনেকৈ শাসন কৰ্তা হিচাবে স্বৰ্গদেৱে নিয়োজিত কৰিছিল ।তাৰো বিশদ বিৱৰণ  ইতিহাসে দিয়ে ।অসমীয়া ভাষাত বৰগোহাঁই শব্দ ক  "বৰগোহাঞি "   বুজাবলৈ প্ৰয়োগ কৰাৰ আগলৈকে আহোম।ভাষাত বোলা হৈছিল"চাও ' "ল্যুং  অৰ্থাৎ মন্ত্ৰী ।বৰ গোহাঁই বংশৰ কেইবাজনো লোকে স্বৰ্গ দেউ   সকলৰ ৰাজসভাত মন্ত্ৰিত্ব  আৰু ৰাজ মন্ত্ৰীৰ বাব পোৱাৰ কথা ইতিহাসে  কয় ।থাও ম্যুং টাও  গভৰ্ণৰ মানে বাঁহ তলীয়া গোহাঁই ; থাও মং কং  দিহিঙ্গীয়া গোহাঁই ;থাও খান জাং  খামজঙ্গীয়া গোহাঁই ;থাওম্যুং  বা নাঙ্গ  শদিয়া খোৱা গোহাঁই ;থাও ম্যুং  মা ৰাঙ্গ মৰঙ্গী খোৱা গোহাঁই  ইত্যাদি গোহাঁইৰ বিষয় বাব থকাৰ কথা বুৰঞ্জীয়ে কয় ।বৰ গোহাঁই  বংশৰ বহু পৰিয়াল ৰাজ্য বিশেষ শাসনকৰ্তা হিচাবে বহু ঠাইত সিচঁৰতি হ'ল,। আজি কেইবা শ বছৰধ পাছত সেই সকলৰ সতি সন্ততি সকল কোন ক"ত কেনেকৈ সময়ৰ গতিত শেষ হৈ নগলেও কিছু বিলুপ্তি ঘটিছে ।তেওলোকৰ বুৰঞ্জী উদ্ধাৰ কৰাটো দুৰহ হৈ পৰিছে ।উদাহৰণ স্বৰুপে খামজাঙ্গত থকা  খামজঙ্গীয়া বৰ গোহাঞি  পৰিয়ালটোলৈ আঙুলিয়াব পাৰি ।আহোম ৰাজ্যত" বৰ গোহাঁই" আৰু "বুঢ়া গোহাঁই "দুজনৰ ভিতৰৰ এজনে ৰজা নোহোৱা অৱস্হাত ৰজাৰ দৰে কাৰ্যনিৰ্বাহ কৰিছিল ।আগেয়ে উল্লেখ কৰা হৈছে যে বৰগোহাঁই বংশৰ  লোককহে ৰজাই জয় কৰি অহা ৰাজ্য সমুহৰ শাসন কৰ্তাৰ দায়িত্ব অৰ্পণ কৰিছিল ।গতিকে কব পাৰি যে ৰজা নোহোৱা অৱস্থাত বৰগোহা ঞি বংশৰ লোকেই ৰাজ্যত ৰজাৰ স্থান দখল।কৰিছিল ।কেৱলমাত্ৰ যে ৰজা নোহোৱা সময়ত হে ৰজাৰ দায়িত্ব ভাৰেই যে বৰ গোহাঁই বংশৰ লোকে  বহন কৰিছিল এনে নহয় ।দেশৰ স্বাৰ্থত সাৰ্বভৌমত্ব অটুত ৰাখিবৰ হেতু সময় সাপেক্ষে প্ৰতিৰক্ষা বিভাগৰ নিম্ন খাপৰ পদবীও পদবীও গ্ৰহণ কৰিবলৈ কুণ্ঠা বোধ নকৰিছিল,।বৰগোহাঞি সকলৰ স্হান প্ৰশাসনিক আৰু সামৰিক কাৰ্য্য আদি সকলো স্তৰত বিস্তৃত ভাৱে  বিয়পি আছিল ।সেয়ে বৰ গোহাঁই বংশৰ লোকে পানীফুকন ;নাওবৈচা ফুকন ;সন্দিকৈ ফুকন ;বৰুৱা আনকি শইকীয়া আদি সামাজিক গাঁথনিৰ উপাধি আজিও বিদ্যমান ।বুৰঞ্জীয়ে ইয়াৰ সাক্ষ্য প্ৰমাণ কৰে ।প্ৰায়বোৰ  আহোম বুৰঞ্জীতেই  বৰগোহাঁই বংশৰ লোক কোন ৰজাৰ দিনত কিমান দিন ৰাজমন্ত্ৰী বা মন্ত্ৰী হিচাবে কাৰ্য নিৰ্বাহ কৰিছিল তাৰ হিচাব বা তথ্য একাদিক্ৰমে ।পুৰণি অসম।বুৰঞ্জীত "আহোম স্বৰ্গ দেউ সকলৰ দিনত বৰগোহাঁই সকলৰ নাম ______কানগন ১ কিংলুঙ্গ ১ মাঙ্গ ৰাই ১  কানখ্ৰ মুং১ খুনতাম১ খুনতং১ তেওখুন ১ খুন তাই১ ফ্ৰাচুং১  কিলিংখাম ১  তনখাম ১ জয়মুল ১ বেকা ১ খামচিন ১ খামপেত ১ সতু বুঢ়া ১ গুঞি মেলা ১ মাদুৰিয়ালববুঢ়া পুতেক মোলান ১ পাচত কালুগঞা ১ মিৰি সন্দিকৈ বসঙ্গ সৰুদেও ১ খামচেঙ্গ বড়গোহাঁই (পৃষ্টা ৭৫)অসম বুৰঞ্জী সাতসৰীত  বৰগোহাঁই 
সকলৰ ফৈদৰ নাম এইদৰে পোৱা যায় 


১নং গুই মেলা ২নং পৰ্বতীয়া ৩নং পিলিঙা ৪ নং মেছাঘৰীয়া  ৫ নং মাদুৰিয়াল ৬ নং কালুগয়া ৭নং দিহিঙ্গীয়া ৮নং  চতাইঅলীয়া ৯নং  বাৰুকিয়াল ১০ নং  মিৰি সন্দিকৈ  (পৃষ্টা  ৯৮)( সহায় লৈ )

2 Comments

Previous Post Next Post