ঘৰতে আপুনি হেণ্ড চেনিটাইজাৰ কেনেকৈ বনাব ?



ঘৰতে আপুনি হেণ্ড চেনিটাইজাৰ কেনেকৈ বনাব ?


এই সময়ত আপুনি ঘৰতে নিজেই হেণ্ড চেনিটাইজাৰ বনাই লব পাৰিব । আপোনাক লাগিব:
১. এলকহল ( Isopropyl alcohol) : ফাৰ্মাচী ত / দৰবৰ দোকানত পাব ।
২. গ্লিচাৰিন (Glycerine) : Cosmetics ৰ দোকানত পাব ।
৩. Body oil নাইবা নেমু ৰস অলপমান ।

প্ৰস্তুত প্ৰণালী:


পাত্ৰ এটাত ৩/৪ ভাগ এলকহল আৰু গ্লিচাৰিন ললে ২-৩ চামুচ ( উদাহৰণ স্বৰূপে, ১০০ মিলিলিটাৰ চেনিটাইজাৰ ৰ বাবে ৭৫ মিলিলিটাৰ এলকহল + ২-৩ চামুচ গ্লিচাৰিন আৰু বাকী খিনি বিশুদ্ধ পানী যোগ কৰি মুঠ ১০০ মিলিলিটাৰ কৰিব । এতিয়া আপুনি কেইটোপাল মান Body oil  নাইবা নেমু ৰস যোগ কৰক । ভালদৰে মিশ্ৰণ তোক  মিহলি কৰক ।  এতিয়া নিজৰ পছন্দ মতে বটলত ভৰাই লওঁক ।

বি. দ্ৰ. গ্লিচাৰিন ৰ সলনি আপুনি ছালকুঁৱৰী ( Aloe vera gel) ও ব্যৱহাৰ কৰিব পাৰে ।
এলকহলে সাধাৰণতে আমাৰ ছালখনক শুষ্ক (Dehydration) কৰি তোলে । এইক্ষেত্ৰত গ্লিচাৰিন নাইবা ছালকুঁৱৰী য়ে আপোনাৰ হাতখন সেমেকাই (Humectant) ৰখাত সহায় কৰিব । Aloe vera gel দিলে আপুনি Body oil দিয়াটো বাঞ্চনীয়, কিয়নো, Body oil য়ে ইয়াক সংৰক্ষক ( Preservative) হিচাপে কাম কৰা উপৰিও এটা সুগন্ধি দিব । আনহাতে নেমু ৰসে এটা ভাল anti oxidant হিচাপে কাম কৰিব ।
 গতিকে, অতি কম খৰচতে আপুনি চেনিটাইজাৰ ঘৰতে বনাই লব পাৰিব।
মনত ৰাখিব, চেনিটাইজাৰ আপুনি ব্যৱহাৰ কৰক যত পানী আৰু চাবোন আপুনি ব্যৱহাৰ কৰিব নোৱাৰে ।ঘৰত থকা অৱস্থাত চাবোন ব্যৱহাৰ কৰক।

উৎস : ইন্টাৰনেটৰ পৰা সংগৃহীত 

1 Comments

Previous Post Next Post