lock down কি?

lock down কি?





 লক ডাউন প্ৰযোজ্য হোৱা জিলাত সকলো দোকান-পোহাৰ, মল, কেফে, ব্যৱসায়ীক কেন্দ্ৰ আদি বন্ধ থাকিব।

 একেললগে ৪ জনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব।

সকলো কাৰ্যসূচী বাতিল কৰা হয়।

সকলো চৰকাৰী-বেচৰকাৰী বাহন চলাচল বন্ধ কৰা হয়।

লক ডাউন হোৱা চহৰৰ সকলো নাগৰিককে তেওঁলোক নিজৰ ঘৰত থাকিবলৈ অনুৰোধ কৰা হয়।

অৱশ্যে কিছুমান আৱশ্যকীয় সেৱা অব্যাহত থাকে, যাতে নাগৰিকসকলৰ কোনোধৰণৰ অসুবিধা নহয়।

কোনবোৰ জৰুৰী সেৱা অব্যাহত থাকে...

মেডিকেল ষ্টৰ ২৪ ঘণ্টাই খোলা থাকিব।

অত্যাৱশ্যকীয় সামগ্ৰীৰ বিপণী খোলা থাকিব, কিন্তু অত্যাধিক লোক একগোট হ’ব নোৱাৰিব।

শাক-পাচলী আৰু ফলমূলৰ দোকান যোগান অব্যাহত থাকিব।

Food Processing Unit খোলা থাকিব।

পেট্র’ল পাম্প খোলা থাকিব পাৰে কিন্তু স্থানীয় প্ৰশাসনে অতি জনসমাগম স্থানত সাম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বন্ধ ৰাখিব পাৰে।

টেলিকম কোম্পানীসমূহে তেওঁলোকৰ জৰুৰী সুবিধাসমূহ খোলা ৰাখিব পাৰে।

বেংক আৰু এটিএম খোলা ৰাখিব পাৰে।

এনে সময়ত এম্বুলেন্স সেৱা বৃদ্ধি কৰা হয়।

লক_ডাউনৰ সময়ত কোন কোন বাহিৰলৈ ওলাব পাৰে?

-আৰক্ষী
-ডাক্তৰ
-চাফাইকৰ্মী
-প্ৰশাসনিক বিষয়া
-সংবাদ কৰ্মী

উল্লেখ্য যে এই সকল লোকো সম্পূৰ্ণ সুৰক্ষাৰ সৈতেহে বাহিৰলৈ যাব পাৰে। লগতে এই সময়ত মাস্কৰ ব্যৱহাৰ কৰাটো জৰুৰী।

যদি কোনোয়ে প্ৰশাসনৰ এই নিৰ্দেশনা উলংঘন কৰে, তেতিয়া কেনেধৰণৰ শাস্তিৰ সন্মুখীন হ’ব...

 IPC ৰ ১৮৮ ধাৰাৰ অধীনত জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

যদি কোনো ব্যক্তিয়ে নিজৰ ক’ৰোনা সংক্ৰমণৰ কথা লোকোৱাই, তেন্তে তেওঁৰ ওপৰত IPC ৰ ২৬৯ আৰু ২৭০ নং ধাৰাৰ অধীনত গোচৰ ৰুজু হ’ব পাৰে ।

(ইন্টাৰনেটৰ পৰা সংগৃহীত)

Post a Comment

Previous Post Next Post