কৰ’ণা ভাইৰাচ কি ? ইয়াৰ লক্ষণ আৰু সাবধানতা সমুহ ৷


কৰ’ণা কি ?


কৰ'ণা হৈ COVID- 19 নামৰ এক ভাইৰাছৰ সমষ্টি যিটো   প্ৰথমে চীনত পোৱা গৈছিল ৷ সাধাৰণতে ইয়াৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ নাম দিয়া হয়, যিহেতু COVID-19 দেখাত এটা ক্ৰাউন(crown) ৰ দৰে অৰ্থাৎ তাৰ গাত কিছুমান জোঙা জোঙা শুং দেখা পোৱা যায় সেয়েহে ইয়াৰ নাম corona ৷ যাক  বিশ্ব স্বাস্থ্য সংস্থাইয়ে COVID-19 নাম দিছে। চীনত যোৱা 19 ডিচেম্বৰত  মানুহৰ দেহত ইয়াৰ অৱস্থিত পোৱা যাই আৰু ই প্ৰথমতে চীনত তাৰ পাছত তৎক্ষণাত গোটেই পৃথিৱীত ভয়ানক ভাবে বিয়পি পৰে ৷ বৰ্তমান সময়ত বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক" বিশ্ব মহামাৰী" বুলি অভিহিত কৰিছে ৷ বৰ্তমানলৈকে ইয়াৰ কোনো ভেকচিন উলোৱা নাই ৷এই ভাইৰাছ বিধৰ আকাৰ অন্যকিছূমান বেমাৰৰ অণুজীৱ ৰ কৰাতকৈ ডাঙৰ হয়।২৫ ডিগ্ৰী চেলচিয়াছতকৈ অধিক উষ্ণতাত ই বাচি থাকিব নোৱাৰে।যিহেতু ইয়াৰ আকাৰ ডাঙৰ সেয়েহে বতাহত ই বেছি দূৰ বিয়পিব নোৱাৰে। ক'ৰোণা ভাইৰাছ এনে এবিধ ভাইৰাছ যিয়ে আমাৰ শৰীৰৰ শ্বাস নলী আৰু হাওঁফাওঁক আক্ৰান্ত কৰে। সেইবাবে  এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা অধিকাংশ হৈছে বয়োজ্যেষ্ঠ ব্যক্তি ৷

কৰ’ণা ভাইৰাছ কেনেকৈ বিয়পে

কৰ'ণা ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিভিন্ন কাৰকৰ দ্বাৰা বিয়পিব পাৰে। এজন সুস্থ মানুহে যদি বেলেগ এজন অসুস্থ মানুহৰ সংস্পৰ্শলৈ আহে তেন্তে এইৰোগ বিয়পাৰ সম্ভাৱনীয়তা অধিক হৈ পাৰে। এজন কৰুণা ভাইৰাছ আক্ৰান্ত ব্যক্তিয়ে কাঁহলে হাচি মাৰিলে  বা থুৱালে  লগতে এইবিধ ভাইৰাছ নিৰ্গত হয়। নিৰ্গত ভাইৰাছ বিভিন্ন বস্তুত লাগি থাকে বা বতাহৰ যোগে ই আক্ৰান্ত নোহোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে বিভিন্ন কাৰকৰ যোগেদি দেহত সোমায়।


ইয়াৰ লক্ষণ সমুহ 

এই ভাইৰাছৰ ইনকুবেচন পিৰিয়ড 14 দিন। এই 14 দিনৰ ভিতৰতেই ই নিজৰ বংশ বৃদ্ধি কৰে আৰু মৰেও। কিন্তু লক্ষ্যনীয় কথাটো হ'ল এই 14 দিনতেই ই মানুহ এজনৰ ইমিউনিটি চিস্টেমটো একেবাৰে বেয়া কৰি দিয়ে যাৰ বাবে মানুহ দুৰ্বল হৈ পৰে আৰু কোনো ক্ষেত্ৰত পাকস্থলী, কিডনী আদিতো প্ৰভাৱ পেলায় আৰু ইয়ে মৃত্যুৰ কাৰক হৈ পৰে।

(1) মধ্যম চৰ্দি জ্বৰ, সাধাৰণ  চৰ্দি জ্বৰত বেমাৰীৰ জ্বৰ, চৰদি , কফৰ লগত খেকাৰ আৰু নাকেদি পানী ওলাই থাকে ৷
কিন্তু কৰ'ণা আক্ৰান্ত হলে নাকেৰে পানী নবয় , শুকান কাহঁ, খেকাৰ নাথাকে, ডিঙিতো চেৰ চেৰায়,

(2) শ্বাস প্ৰশ্বাসৰ কষ্ট

(3) মূৰৰ বিষ,বুকুৰ বিষ


(4) কাঁহ

Stage 1, Stage 2 কি? 


Stage 1

য'ত পোনপ্ৰথম বাৰৰ বাবে ভাইৰাছটো ধৰা পৰে আৰু ই সেই ঠাই খনত বিয়পি পৰে। যেনে - চীনৰ নিদিষ্ট Wuhan নামৰ সেই চহৰখন।

Stage 2

বিভিন্ন কাৰকৰ মাধ্যমৰে সেই ভাইৰাছ বিভিন্ন ঠাইলৈ সংক্ৰমিত হয় আৰু তাৰ স্থানীয় লোক সকল সংক্ৰমিত হ'বলৈ ধৰে। যেনে এতিয়া ভাৰত, ইটালী আদিত স্থানীয় লোক সকলৰ মাজটো এই ৰোগে দেখা দিছে যি মূলতে চীন দেশতহে উৎপন্ন হৈছিল।

Stage 3

অত্যাধিক মাত্ৰাত একোখন চহৰ বা ঠাইত বিয়পি পৰা।

Stage 4 


এই সময়ত ৰোগবিধে মহামাৰীৰ ৰূপ লৈ লয় আৰু হাজাৰ হাজাৰ লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হবলৈ ধৰে। যাক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে লগতে মৃত্যুৰ হাৰ বাঢ়ি যায়।

সাবধানতা

(1) হাতদুখন সঘনাই ভালদৰে চাবোনেৰে বা চেনিটাইজাৰ  ধুই থাকিব।
(3) অপৰিস্কাৰ হাত চকু, মুখ, নাকলৈ নিনিব ।
(3) মুখত মাস্ক ব্যৱহাৰ কৰিব
(4) এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব।
(5) নিজকে সদায় পৰিস্কাৰ কৰি ৰাখিব।
(6) হাচি মাৰোঁতে ৰুমাল ব্যৱহাৰ কৰা।

(7) জ্বৰ, কাঁহ, পানীলগা আদি হ'লে অতি সোনকালে ডাক্তৰক দেখোৱাওক। কৰ'ণা হওঁক বা নহওঁক তেনেলোকে ঘৰতে 14 দিন বিশ্ৰাম কৰিব। কাৰণ ইমিউনিটি কম থকা লোক যেনে ৰোগী, শিশু আৰু বয়সীয়াল লোকক এই ভাইৰাছে সহজেই আক্ৰমণ কৰে।



Post a Comment

Previous Post Next Post