2020 টকিও অলিম্পিকলৈ যোগ্যতা অৰ্জন বক্সাৰ লাভলিনা বৰগোহাঁই ৷

2020 টকিও অলিম্পিকলৈ যোগ্যতা অৰ্জন বক্সাৰ লাভলিনা বৰগোহাঁই ৷





অসমবাসীলৈ সুখবৰ ৷ টকিও অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে অসমৰ বক্সাৰ লাভলিনা  বৰগোহাঁইয়ে ৷ লাভলিনাই 2020 চনৰ টকিও অলিম্পিকত অংশগ্ৰহণ কৰিব ৷  উল্লেখযোগ্য যে অলিম্পিকলৈ যোগ্যতা  কৰা গোলাঘাটৰ  লাভলিনা হৈছে অসমৰ প্ৰথম মহিলা ৷ যোৱা ৮ মাৰ্চত জৰ্ডানত অনুষ্ঠিত যোগ্যতা নিৰ্ণয় খেলত লাভলিনাই উজবেকিস্তানৰ মেলিভাক ৫-০ পৰাস্ত কৰে ৷ জৰ্ডালৰ আম্মানত অনুষ্ঠিত বক্সিঙৰ এছিয়ান কোৱালিফায়িঙ খেলত চেমিফাইলেত প্ৰবেশৰ লগে লগে টকিঅ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ৷ ইয়াত আগতে লাভলিনাই ২০১৮ আৰু ২০১৯ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক  লাভ কৰিছিল৷ ইয়াৰ উপৰিও  ২০১৭ চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হৈছিল । লাভলিনা ঘৰ  হৈছে গোলাঘাটৰ বৰপথাৰত ৷ পিতৃৰ নাম  টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই ৷ লাভলিনা বৰ্তমান গুৱাহাটী বি বৰুৱা কলেজত অধ্যয়নৰত ৷ আনহাতে লাভলিনা হৈছে অলিম্পিকলৈ যোগ্যতা কৰা পঞ্চমগৰাকী অসমীয়া ৷

Post a Comment

Previous Post Next Post