আন্তৰ্জাতিক নাৰী দিৱস

আন্তৰ্জাতিক নাৰী দিৱস


আজি হৈছে আন্তৰ্জাতিক নাৰী দিৱস ৷ আগবঢ়োৱা হৈছে নাৰী দিৱস এটি চমু লেখা ৷




    প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয়  আন্তৰ্জাতিক নাৰী দিৱস । ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কত প্ৰথম বাৰৰ বাবে নাৰী দিৱস  উৎযাপন কৰা হৈছিল । সমাজৰ ক্ৰমবিকাশত নাৰী- পুৰুষ উভয়েৰেই অবদান আছে ৷ কিন্তু নাৰীয়ে ইয়াৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ যুগে যুগে নাৰী হৈ আহিছে শোষিত ৷ নাৰীয়ে সমঅধিকাৰৰ পাবলৈ সক্ষম হোৱা নাই৷ এনে এক প্ৰেক্ষাপটত নাৰীয়ে নিজৰ অধিকাৰ বাবে সংগ্ৰাম কৰিব লগীয়া হৈছে ৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰী সকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷   ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কত প্ৰথম বাৰৰ বাবে নাৰী দিৱস  উৎযাপন কৰা হয় ৷ তাৰ ভিত্তিতে ১৯১৪ চনত ৮ মাৰ্চত বহুতো ইউৰোপীয়ান দেশত নাৰী দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰসংঘই নাৰী অধিকাৰৰ স্বীকৃতি হিচাপে ১৯৭৫ চনত ৮ মাৰ্চক আন্তৰ্জাতিক স্বীকৃতি প্ৰদান কৰে। এই দিৱস পালন কৰিবলৈ  ৰাষ্ট্ৰসংঘই বিভিন্ন দেশক আহ্বান জনায়৷ তাৰ পিছৰ পৰা গোটেই পৃথিৱী জুৰি এই দিৱস পালন কৰা হয় ৷

   পৃথিৱীৰ ভিন্ন ভিন্ন দেশত নাৰী অধিকাৰ সংগ্ৰামৰ ইতিহাস আৰু উদ্দেশ্য ভিন্ন ভিন্ন হলেওঁ কিন্তু সকলোৰে উদ্দেশ্য আছিল নাৰীৰ ওপৰত চলি অহা বৈষম্য নিৰ্যাতন, ইত্যাদি৷ এই দিৱস উদযাপনৰ লগত নাৰী শ্ৰমিকৰ অধিকাৰ আদায়ৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰত 1857 চনত সুতা কাৰখানাৰ নিয়োজিত মহিলা শ্ৰমিক সকলে মজুৰিবৈষম্য, কৰ্মঘণ্টা 16 ঘন্টাৰ পৰা 10 ঘন্টা কৰা , অস্বাস্থ্যকৰ পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল ৷ ফ্ৰান্সত শ্ৰমজীৱী নাৰীসকলে ওঠৰ শতিকাতে নাৰীৰ বাবে জীৱিকা অৰ্জনৰ সুবিধা আৰু সমঅধিকাৰৰ দাবী তুলিছিল। ১৯০৫ চনৰ পৰা ১৯০৭ চনত ৰাছিয়াৰ স্বেচ্ছাচাৰী জাৰ নিক’লাছৰ নিষ্ঠুৰ শাসনৰ পৰা মুক্তি বিচাৰি নাৰীসকলে বিদ্ৰোহত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ৰাছিয়াত ১৯১৭ চনৰ ৭ মাৰ্চত প্ৰথম বিশ্বযুদ্ধৰ মৃত্যুবৰণ কৰা হাজাৰ হাজাৰ সৈনিকৰ পৰিয়ালৰ মাতৃ, পত্নী, ভগ্নীসকল দলে দলে ওলাই আহি পেট্ৰগ্ৰাদ (বৰ্তমান লেনিনগ্ৰাদত) শোভাযাত্ৰাত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাছিয়াৰ বস্ত্ৰশিল্পৰ লগত জড়িত মহিলা শ্ৰমিকসকলে নিষেধাজ্ঞা অমান্য কৰি এই প্ৰতিবাদ কাৰ্যসূচীত অংশ লৈছিল। অৱশেষত জাৰৰ পতনৰ চাৰিদিনৰ পাছত নাৰীক ভোটাধিকাৰ দিয়া হৈছিল। এই বিপ্লৱ জুলিয়ান কেলেণ্ডাৰৰ মতে ২৩ ফেব্ৰুৱাৰীত হৈছিল যদিও সেই দিনটো গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ মতে ৮ মাৰ্চ আছিল। ভাৰততো বিভিন্ন ঠাইত নাৰী অধিকাৰৰ দাবীত আন্দোলনৰ চলিচিল ৷ এনেদৰেই নাৰীৰ নাৰ্য্য প্ৰাপ্তিৰ দাবিৰে পৃথিৱীৰ বিভিন্ন ঠাইত আন্দোলন চলি আহিছিল ৷ নাৰীৰ অধিকাৰসমূহৰ সজাগতাৰ বাবে ৰাষ্ট্ৰসংঘই কেইবাখনো বিশ্ব সন্মিলন আয়োজন কৰিছিল। ১৯৭৫ চনৰ ১৯ জুনৰ পৰা ২ জুলাইলৈ মেক্সিকোত প্ৰথমখন সন্মিলন, ১৯৮০ চনৰ ২৪-৩০ জুলাইলৈ ডেনমাৰ্কৰ কোপেনহেগেনত দ্বিতীয়খন বিশ্ব নাৰী সন্মিলন, ১৯৮৫ চনৰ ১৫-২৬ জুলাইলৈ কেনিয়াৰ নাইৰোবিত তৃতীয়খন বিশ্ব সন্মিলন আৰু ১৯৯৫ চনৰ ৪-১৫ ছেপ্টেম্বৰত চীনৰ বেইজিঙত চতুৰ্থখন আন্তঃৰাষ্ট্ৰীয় নাৰী সন্মিলন অনুষ্ঠিত কৰে।

লগতে পঢ়ক ———







Post a Comment

Previous Post Next Post