ভৌগোলিক স্বীকৃতি বা জি আই টেগ কি?

ভৌগোলিক স্বীকৃতি বা জি আই টেগ কি?


ভৌগোলিক স্বীকৃতি বা geographical indication  হৈছে এনে এটি টেগ যাৰ দ্বাৰা কোনো এক স্থানত উৎপাদিত সামগ্ৰীৰ একাকিত্ব, বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰদান কৰা এক ভৌগোলিক পৰিচয়।  এই নাম বা টেগ নিৰ্দিষ্ট সামগ্ৰীবিধৰ ভৌগোলিক অৱস্থিতি বা মূল (যেনে: এখন দেশ, একোটা অঞ্চল বা চহৰ) অনুসাৰে নিৰ্ধাৰণ কৰা হয়। ভৌগোলিক স্বীকৃতিয়ে সামগ্ৰীবিধৰ নিৰ্দিষ্ট গুণগত মানদণ্ড বা নিৰ্দিষ্ট প্ৰস্তুত প্ৰণালী নাইবা বিশেষত্ব নিশ্চিত কৰে ৷ ভৌগোলিক স্বীকৃতিয়ে কোনো এবিধ সামগ্ৰী নিৰ্দিষ্ট অঞ্চলটোতহে বাণিজ্যিকভাৱে উৎপাদন কৰাৰ অধিকাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰে। ভাৰতত GI Tag প্ৰদান কৰে দেশৰ Intellectual Property India (IPI) bodyএ।

অসমৰ ভৌগোলিক স্বীকৃতি প্ৰাপ্ত সামগ্ৰীসমূহ হৈছে:  

(1) অসমৰ চাহ


পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ উৎপাদিত অঞ্চল হৈছে অসম ৷ অসমত উৎপাদিত চাহৰ এক বিশেষ বৈশিষ্ট্য আছে বিশেষকৈ ইয়াৰ সুগন্ধ আৰু উজ্জ্বল ৰঙ ৷ অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা  কলা চাহে ভৌগোলিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷


(2) অসমৰ মুগা


অসমৰ মুগা আৰু ইয়াৰ পৰা উৎপাদিত কোপোৰে ভৌগোলিক স্বীকৃতি লাভ কৰে ৷ পৃথিৱীৰ ভিতৰত কেৱল অসমতে এই মুগা পোৱা যাই ৷

(3) তেজপুৰৰ লিচু

তেজপুৰত উৎপাদিত এক প্ৰকাৰৰ লিচুৱে ভৌগোলিক স্বীকৃতি লাভ কৰে ৷ অসমৰ প্ৰায় প্ৰতিখন জিলাতেই লিচু হয়, যদিও শোণিতপুৰ জিলাতেই সৰ্বাধিক লিচু উৎপাদন কৰা হয়। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। ইলাছি, বিলাতি, বম্বাই, পিয়াজী, হালধীয়া আদি হৈছে স্থানীয়ভাৱে উৎপাদন কৰা তেজপুৰ লিচুৰ কিছুমান প্ৰকাৰ ৷ তেজপুৰত উৎপাদিত লিচু ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ ৰপ্তানী কৰা হয়। ২০১৫ চনৰ ৩১ মাৰ্চত চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি প্ৰদানকাৰী মূখ্য কাৰ্যালয়ৰ পৰা উত্তৰ-পূৱৰ অন্য আঠ বিধ উৎপাদৰ সৈতে তেজপুৰ লিচুয়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।


(4) কাৰ্বি-আংলংৰ আদা



অসমৰ কাৰ্বি আংলংত উৎপাদিত আদাই ভৌগোলিক স্বীকৃতি লাভ কৰে ৷ অসম কাৰ্বি আংলং আদাৰ কেইবাটাও প্ৰকাৰভেদ আছে। ইয়াৰ ভিতৰত নদীয়া আৰু ভোলা অতি জনপ্ৰিয় প্ৰকাৰ ৷ ২০১৫ চনৰ ৩১ মাৰ্চত চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি প্ৰদানকাৰী মূখ্য কাৰ্যালয়ৰ পৰা উত্তৰ-পূৱৰ অন্য আঠ বিধ উৎপাদৰ সৈতে অসম কাৰ্বি আংলং আদায়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।


(5) জহা চাউল


অসমত উৎপাদিত সুগন্ধিযুক্ত জহা চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷

(6) বোকা চাউল ( একপ্ৰকাৰৰ কোমল চাউল)

বোকা চাউল হৈছে এক প্ৰকাৰৰ কোমল চাউল ৷  বোকা চাউলৰ বৈজ্ঞানিক নাম Oryza sativa ৷ ইয়াৰ খেতি নলবাৰী, বৰপেটা, কামৰূপ, দৰং, বাক্সা আদি জিলাত বেছিকৈ কৰা হয়। নামনি অসমৰ কৃষক সকলৰ মাজত অতিশয় জনপ্ৰিয়  বোকা চাউলে ভৌগোলিক  স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ ২০১৬ চনত নলবাৰীৰ লটাছ প্ৰগ্ৰেচীভ চেণ্টাৰ আৰু গুৱাহাটীৰ চেণ্টাৰ ফৰ এনভাৰমেণ্ট এডুকেচনে বোকা চাউলৰ ভৌগোলিক স্বীকৃতিৰ বাবে আবেদন কৰিছিল। ২০১৮ চনৰ আগষ্ট মাহত বোকা চাউলে ভৌগোলিক স্বীকৃতি লাভ কৰিলে।




(7) কাজী নেমু
(8) চকোৱা চাউল
(9) গামোচা

Post a Comment

Previous Post Next Post