শিৱসাগৰ জিলাৰ প্ৰত্নতাত্ত্বিক স্থান সমুহ Archaeological site

(1) ন-পুখুৰী শিৱ দৌল, ৰুদ্ৰেশ্বৰ, শিৱসাগৰ জিলা:           

ন-পুখুৰী শিৱ মন্দিৰৰ কাষতে ন-পুখুৰীটো অৱস্থিত। স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত (১৭৬৯-১৭৮০ খৃঃ) এই পুখুৰীটো খন্দা হয় আৰু গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৪ খৃঃ) ৰাজত্ব কালত ইয়াক উৎসৰ্গা কৰা হয়।



গুগল মেপত চাবলৈ ইয়াত ক্লিক কৰক

(2) বিষ্ণু দৌল, নামতি, শিৱসাগৰ জিলা:

স্বৰ্গদেউ গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৪ খৃঃ) ৰাজত্ব কালত নামতিয়াল ভাগতী বৰবৰুৱাই ১৭৭৫ খৃঃত ইটাৰে সজা মন্দিৰটো এই ঠাইতে আছে। মন্দিৰৰ শিখৰটো সমভূমিক আৰু উলম্ব ৰেখাৰে কাৰুকাৰ্য খচিত। এই ৰেখাবিলাকে বিভিন্ন কোণত ছেদ কৰি অলংকাৰিক দৃশ্য সৃষ্টি কৰিছে। মন্দিৰৰ দেৱালবিলাকত স্থানীয় অসমীয়া শৈলীৰ নক্সা আছে। এখন ইটাৰ দেৱালে মন্দিৰটো আগুৰি আছে।

(3) দেৱী দৌল, নামতি , শিৱসাগৰ 

স্বৰ্গদেউ গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৪ খৃঃ) ৰাজত্ব কালত নামতিয়াল ভাগতী বৰৰবৰুৱাই ১৭৭৫ খৃঃত ইটাৰে সজা মন্দিৰটো এই ঠাইত আছে। এই মন্দিৰৰ শিখৰটো উলম্ভ ৰেখাৰে কাৰ্যকাৰ্য্য খচিত আৰু মন্দিৰৰ দেৱালবিলাক অসমীয়া ঘৰৰ আৰ্হিৰে কাঠৰ ফলক লগোৱা। মন্দিৰৰ দেৱালত পদুম ফুলৰ মৃন্ময় ভাস্কৰ্য্য লগোৱা।



গুগল মেপত চাবলৈ ইয়াত ক্লিক কৰক

(4) ফাকুৱা দৌল, জয়সাগৰ, শিৱসাগৰ জিলা:           

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ (১৬৯৬-১৭১৪ খৃঃ) ৰাজত্ব কালত সজা এই ইটাৰ মন্দিৰটো ইয়াতে আছে। এইটো এটা অষ্টভুজী নক্সাৰ আৰু ইয়াৰ কেন্দ্ৰীয় উচ্চতালৈ খটখটি বনোৱা আছে আৰু আঠোটা কোণাতে ভেটি সমানত আঠোটা অঙ্গশেখৰ আছে। ওপৰলৈ গৈ থকা খটখটিবিলাক ক্ৰমাত্ ওপৰলৈ জোঙা হৈ গৈছে আৰু একেবাৰে ওপৰত এখন চেপেটা মজিয়াত লাগিছেগৈ। এই গাঁঠনিটোত চাৰিওদিশত চাৰিটা প্ৰধান খটখটি ভূমিৰ পৰা গাঁঠনিৰ শীৰ্ষলৈ গৈছে, যত এটা মন্দিৰ সজা আছে। মেক্সিকোৰ য়ুকাটান উপ-দ্বীপত ৬০০ খৃঃত থকা মায়া সভ্যতাৰ চিচেন ইটজাৰ খলপা খলপে থকা গাঁঠনি শৈলীৰ দৰেকৈ এই মন্দিৰটোও পিৰামিডৰ আৰ্হিৰে তেনেকৈ সজা গৈছে। ইয়াৰ দেখনিয়াৰ গাঁঠনিটো দক্ষিণ-পূৱ এছিয়াৰ পূব জাভাৰ বৰবুডুৰ মন্দিৰৰ লগত সাদৃশ্য আছে।




(5) হৰ-গৌৰী মন্দিৰ, জয়সাগৰ, শিৱসাগৰ জিলা:

আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ (১৭৫১-১৭৬৯ খৃঃ) ৰাজত্ব কালত এই ইটাৰ মন্দিৰটো সজা হয়। এইটো এটা সৰু দুছলীয়া মন্দিৰ। এই মন্দিৰটোৰ জাক-জমকতা উভৈনদী বাহিৰৰ দেৱালখনৰ ওপৰৰ অংশটোত ফুল-পাতৰ নক্সা আছে।

দেৱালবিলাকৰ নক্সা অসমীয়া ঘৰৰ কাঠৰ ফলকৰ দৰে। স্থাপত্যশৈলীৰ বাহিৰফালে থকা খুঁটাবিলাক অসমীয়া ঘৰৰ খুটাৰ আৰ্হিৰ। ইয়াৰ কাৰণ এইটোৱে হব পাৰে যে এই মন্দিৰটো প্ৰথমতে কাঠ-বাঁহেৰে সজা আছিল আৰু পিছত ইটাৰে সজা হয়।


(6) গৰখীয়া দৌল, নাজিৰা, শিৱসাগৰ জিলা:

আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহৰ (১৬০৩-১৬৪৮ খৃঃ) ৰাজত্ব কালত গৰখীয়া দৌলটো ইটাৰে সজা হৈছিল। আহোমসকলে সজা প্ৰথম ভাগৰ মন্দিৰৰ ভিতৰত এইটোও এটা আছিল। মন্দিৰটো সৰু আৰু অষ্টভূজ আকৃতিৰ আৰু শিখৰটো মুজুৰা আছিল। মাই দৌল বা মহেশ্বৰ ঘৰ বা পূজা শিল বুলিও জনাজাত এই গৰখীয়া দৌলটো আহোমসকলে দৌল সজা কলা-কৌশলৰ উন্নয়নৰ প্ৰথম ভাগৰ আছিল। এই স্থাপত্যটোৰ বাহিৰৰ ফালৰ দেৱাল বাহিৰ ফালে দুশাৰী দেৱকোষ্ঠ লগোৱা আছে। মন্দিৰটোৰ গঠনশৈলী সাধাৰণ ধৰণৰ।



গুগল মেপত চাবলৈ ইয়াত ক্লিক কৰক


(7) থাওৰা দৌল, ৰাজমাই, শিৱসাগৰ জিলা:

ইটাৰ কাৰুকাৰ্য্য খচিত এই মন্দিৰটো আহোম ৰজা গদাধৰ সিংহৰ (১৬৮১-১৬৯৬ খৃঃ) ৰাজত্ব কালত আতন বুঢ়া দিহিঙীয়া বৰবৰুৱাই সজায়। ইয়াত থাওৰা মন্দিৰৰ লগতে আহোমৰ ৰাজত্ব কালৰ প্ৰথম ভাগত খন্দা পুখুৰী এটা আছে।

গুগল মেপত চাবলৈ ইয়াত ক্লিক কৰক

(8) বৰপাত্ৰ গোঁহাই দৌল পুখুৰী পূৰাতাত্ত্বিক স্থান, বেতবাৰী, শিৱসাগৰ জিলা: 

আহোম ৰজা ৰুদ্ৰ সিংহৰ (আনুমানিক ১৬৯৬-১৭১৪ খৃঃ) ৰাজত্ব কালত, ৰাজমন্ত্ৰী কেন্দুগুৰীয়া বৰপাত্ৰ গোঁহাইৰ বংশধৰ চেংকেং বৰপাত্ৰ গোঁহায়ে কেন্দুগুৰিত পুখুৰী এটা খন্দায়। তেওঁ আকৌ আগবাঢ়ি গৈ পুখুৰীৰ উত্তৰ পাৰে শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌল সজায়। এইকেইটাই ঐতিহাসিক বৰপাত্ৰ গোঁহাই দৌল।

(9) পিয়লি ফুকনৰ দৌল, গেলেকী, শিৱসাগৰ জিলা:

এই ঠাইত ইটাৰে সজোৱা শিৱ আৰু বিষ্ণু মন্দিৰ দুটা এই ঠাইৰ বাসিন্দা ঐতিহাসিক ৰঙাচিলা দুৱৰাৰ বংশই সজা, যিটো বংশত শ্বহীদ পিয়লি ফুকনৰ জন্ম হৈছিল। এই মন্দিৰটো ইটাৰে সজা দেৱাল এখনে আগুৰি আছিল আৰু সম্ভৱতঃ ইয়াত এখন তোৰণো আছিল। যিয়ে হওক, বৰ্তমানে তাত এটা মন্দিৰহে আছে। মন্দিৰটোত পুৰণি কালৰ ভালেখিনিও শিলৰ ভাস্কৰ্য্য আছে।



(10) বিষ্ণু দৌল, কালুগাঁও, শিৱসাগৰ জিলা:

শিৱ সিংহৰ ৰাজত্ব কালত (১৭১৪-১৭৪৪ খৃঃ) ৰাণী ফুলেশ্বৰীৰ এজন ভায়েক হৰিনাথ বৰপাত্ৰই এই ইটাৰ মন্দিৰটো সজায়। দশাৱতাৰ মূৰ্ত্তি খোদিত শিলৰ ভাস্কৰ্য্যসমূহ এই মন্দিৰৰ দেৱকোষ্ঠত সজোৱা আছে।



(11) জগদ্ধাত্ৰী দৌল, কালুগাঁও, শিৱসাগৰ জিলা:         

শিৱ সিংহৰ ৰাজত্ব কালত (১৭১৪-১৭৪৪ খৃঃ) ৰাণী ফুলেশ্বৰীৰ এজন ভায়েক হৰিনাথ বৰপাত্ৰই ইটাৰে জগদ্ধাত্ৰী দৌলটো সজায়। আহোম যুগৰ এইটো এটা শাক্ত মন্দিৰ আৰু ইয়াৰ দেৱকোষ্ঠ বহুবিলাক ভাস্কৰ্য্য সোমাই থোৱা আছে।



(12) বৰপাত্ৰ পুখুৰী, কালুগাঁও, শিৱসাগৰ জিলা:

আহোমৰ যুগত আহোম ৰাণী অম্বিকা দেৱীয়ে এই ৰাজকীয় পুখুৰীটো খন্দাইছিল। জগদ্ধাত্ৰী মন্দিৰৰ স্থানত এই পুখুৰীটো আছে।

গুগল মেপত চাবলৈ ইয়াত ক্লিক কৰক


(13) বগী দৌল, মেটেকা, শিৱসাগৰ জিলা:
এই ঠাইত স্বৰ্গদেউ লক্ষ্মী সিংহই (আনুমানিক ১৭৪৪-৫১ খৃঃ) সজোৱা ইটাৰ মন্দিৰৰ ভেটিৰ ভগ্নাৱশেষ পোৱা গৈছে। মন্দিৰটো ইটাৰে সজা শিৱ মন্দিৰ আছিল। ১৮৯৭ খৃঃৰ ভূঁইকপত মন্দিৰটো ভাগি পৰিছিল আৰু শিখৰৰ কিছু অংশ এই মন্দিৰৰ লগতে থকা ঐতিহাসিক পুখুৰী এটাৰ পাৰত পৰি আছে।

(14) গোলাঘৰ, গড়গাঁও, শিৱসাগৰ জিলা
এইটো আহোম যুগৰ এটা খাৰ-বাৰুদৰ ঘৰ। এসয়ত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও আছিল আৰু আহোম শাসকসকলে এই সৌধটোকে অস্ত্ৰ-শস্ত্ৰৰ ভঁড়াল হিচাপে ব্যৱহাৰ কৰিছিল।



(15) দৰিকা শিলৰ সাঁকো, শিমলুগুৰি, শিৱসাগৰ জিলা:

দৰিকা নদীৰ ওপৰত দৰিকা শিলৰ সাঁকোখন সজা হৈছিল। দলংখন চাৰিটা খুঁটাৰ ওপৰত আছে। খুঁটাবিলাকৰ গাঁঠনিটো মিহি কৰা। দলংখনৰ ওপৰৰ পিঠিখন সামান্য ভাঁজ থকা আৰু তাতে ৫টা ধেনুভিৰীয়া চাপ থকা। দলঙৰ নিম্ন অংশত থকা খুঁটাৰ ওচৰৰ অংশটো পাতল লাকৰি ইটা আৰু চূণ-চুৰ্কীৰে সজা। দলংখন বহলে ১২ ফুট ১৩ ইঞ্চি, দীঘলে ১০৯ ফুট, ২ ইঞ্চি আৰু ওখ ১৮ ফুট ৫ ইঞ্চি। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত (আনুমানিক ১৬০৩-৪১ খৃঃ) এই দলংখন সজা হৈছিল।


(16) কেন্দুগুৰি শিল সাঁকো, কেন্দুগুৰি, শিৱসাগৰ জিলা:
কেন্দুগুৰি শিল সাঁকোখন কেন্দুগুৰিত দিজৈকোণা নদীৰ ওপৰত সজা। দলংখন দুটা খুঁটাৰ ওপৰত থিয় হৈ আছে। দলঙৰ খুঁটাবিলাক মিহি শিলাখণ্ডৰে বনোৱা। দলঙৰ ওপৰ ফালটো সামান্য ভাঁজ লগা আৰু তাতে তিনিটা ধেনুভিৰীয়া চাপ পাতল লাকৰি ইটা আৰু চুন-চুৰ্কীৰে খুঁটাৰ ওচৰত স্থাপন কৰা হৈছে। দলংখন ১৩ ফুট ইঞ্চি বহল, দীঘলে ৭৮ ফুট ৫ ইঞ্চি আৰু ওখই ১৫ ফুট ৫ ইঞ্চি।




(17) গড়গাঁও গড়, নাজিৰা, শিৱসাগৰ জিলা: 

আহোম ৰজা চুক্লেংমুং (আনুমানিক ১৫৩৯-১৫৫১ খৃঃ) বা গড়গঞা ৰজাই আনুমানিক ১৫৪০ খৃঃত গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল। তেওঁ নগৰখনক চাৰিওফালৰ পৰা শক্তিশালী কৰি তুলিবলৈ চাৰিওফালে মাটিৰে গড় বান্ধিছিল আৰু বিদেশী আক্ৰমণকাৰীক বাধা দিব পৰাকৈ নৰ্দমা খান্দিছিল। গড়গাঁও চহৰত সোমাবলৈ চাৰিখন দুৱাৰ আছিল। চহৰখনৰ আকৃতি প্ৰায় আয়তাকাৰ।

(18) লাইথেপেনা মৈদাম, শিৱসাগৰ জিলা:







তথ্য সংগ্ৰহ : -

Protection Declaration of the Archaeological Sites/Monuments, অসম চৰকাৰ ৷

Post a Comment

Previous Post Next Post