আন্তৰ্জাতিক মেকুৰী দিৱস/ International Cat Day

আন্তৰ্জাতিক মেকুৰী দিৱস/ International Cat Day


    আজি আন্তৰ্জাতিক মেকুৰী দিৱস ৷ প্ৰতিবছৰে আগষ্ট মাহৰ ৮ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক মেকুৰী দিৱস ৷ এই দিৱস পালন প্ৰথম আৰম্ভ হয় ২০০২ চনত ৷ International Fund for Animal Welfare উদ্যোগত ৮ আগষ্ট মেকুৰী দিৱস পালন কৰা হয়। আন্তৰ্জাতিক মেকুৰী দিৱস ৮ আগষ্ট পালন কৰা হয় যদিও ৰাছিয়াত ১ মাৰ্চত পালন কৰা হয় , আমেৰিকাত ২৯ অক্টোবৰ পালন কৰা হয় । জাপানত ২২ ফ্ৰেব্ৰুৱাৰীৰত এই দিৱস পালন কৰা হয়। এই দিৱসৰ পালনৰ প্ৰধান উদ্দেশ্য হৈছে মেকুৰী মেকুৰীৰ সংৰক্ষণ আৰু সহায় প্ৰদান কৰা লগতে মেকুৰী সম্পৰ্কত জনসজাগতাৰ সৃষ্টি কৰা ৷ অঘৰী মেকুৰী বিলাকক ৰক্ষা আৰু সহায় কৰা । এই দিৱসত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা ৷ কিছু লোকে ঘৰত পালন কৰা মেকুৰীৰ লগত ফটো আৰু ভিদিঅ শ্বেয়াৰ কৰে ৷ 

    মেকুৰী ইতিহাস চাবলৈ গলে ইয়াৰ ইতিহাস বহু পুৰণি ৷ যোৱা ১২০০০ বছৰৰ পৰা মেকুৰী মানুহৰ আশেপাশে বসবাস কৰি আছে ৷ প্ৰায়ে ৪০০০ বছৰেৰে আগতে ইজিপ্তত লোক সকলে মেকুৰী পালনৰ তথ্য পোৱা যায় ৷ Ecology Global Network বিশ্বত প্ৰায় ৬০০ মিলিয়ন সৰু মেকুৰী আৰু প্ৰায়ে ১০০ মিলিয়ন জংঘলী মেকুৰি থকাৰ অনুমান কৰে ৷


সম্পৰ্কীয় লেখাসমূহৰ :---



Post a Comment

Previous Post Next Post