ইতিহাসত আজিৰ দিনটো ৯ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৯ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ৷
(২) নাগাছাকি দিৱস ৷
(৩) ভাৰত ত্যাগ দিৱস  ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৮৩  চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাজতন্ত্ৰই এক আদেশৰ যোগে ইষ্ট ইণ্ডিয়া কোম্পানীক এছিয়াত যুদ্ধ অথবা শান্তি ঘোষণাৰ অধিকাৰ প্ৰদান কৰে। 
(২) ১৮৩০ চনৰ আজিৰ দিনটোতে লুই ফিলিপছ ফ্ৰান্সৰ ৰজা ৰূপে অধিষ্ঠিত হয় ।
(৩) ১৮৩১ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম স্টিম ইঞ্জিনচালিত ৰেল চলাচল কৰে। 
(৪) ১৮৯২ চনৰ আজিৰ দিনটোতে টমাছ আলভা এডিচনে দ্বিমুখী টেলিগ্রাফৰ পেটেন্ট লাভ কৰিছিল ৷
(৫) ১৯৪৫ চনৰ আজিৰ দিনতোতে আমেৰিকাই জাপানৰ নাগাছাকিত পাৰমানৱিক বোমা নিক্ষেপ কৰে। 
(৬) ১৯৪৫ চনৰ আজিৰ দিনটোতে মংগোলীয়াই জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। 
(৭) ১৯৭৩ চনৰ আজিৰ দিনটোতে চোভিয়েত সংঘই মাৰ্চ ০৭ পৰীক্ষণ চলাই ।
(৮) ২০০৫ চনৰ আজিৰ দিনটোতে নাছাৰ মানৱবাহী মহাকাশ যান ডিচকভাৰী ১৪ দিনীয়া কাৰ্য্যসূচীৰ অন্তত কেলিফৰ্ণিয়াস্থিত বন্দৰত অৱতৰণ কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰে গেপ্তাৰ কৰে৷
(২) ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুয়ে মালায়ত( বৰ্তমান মালয়েছিয়া) জাপানৰ সহায়ত ইণ্ডিয়ান নেচনেল আৰ্মি গঠন কৰে ।
(৩) ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানীৰ  মাজত মৈত্ৰী চুক্তি স্বাক্ষৰিত হয়।
(৪) ১৯৯৬ চনৰ আজিৰ দিনটোত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰূপে ঘোষণা কৰা হয় ।
(৫) ২০১২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাই পৰমাণু শক্তিসম্পন্ন অগ্নি - ২ বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষা চলাই।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫০ চনৰ এই দিনটোতে বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।

জন্ম : ----

(১) ১৬৩১ চনৰ আজিৰ দিনটোতে ইংৰাজী সাহিত্যৰ কবি, নাট্যকাৰ আৰু সমালোচক জন ড্রাইডেনৰ জন্ম হয়।
(২) ১৮৯২ চনৰ আজিৰ দিনটোৰ শিক্ষাবিদ এস আৰ ৰংগনাথনৰ জন্ম হয়।
(৩) ১৯৩৩ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ গদ্যলেখক, ঔপন্যাসিক, সাংবাদিক মনোহৰ শ্যম যোশিৰ জন্ম হয়।
(৪) ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় এগৰাকী অভিনেতা মহেশ বাবুৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী তিলোকনাথ চক্ৰৱৰ্তীৰ মৃত্যু হয় ৷
(২) ১৯৯১ চনৰ এই দিনটোতে অসমৰ প্ৰবীণ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু হয়।
(৩) ২০১৬ চনৰ আজিৰ দিনটোতে অৰুণাচল ভূতপূৰ্ব মুখ্যমন্ত্ৰী কালিখো পুলৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post