ইতিহাসত আজিৰ দিনটো ৮ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৮ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব বয়োজ্যেষ্ঠ নাগৰিক দিৱস ৷
(২) আন্তৰ্জাতিক মেকুৰি দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৪৯ চনৰ আজিৰ দিনটোতে ফ্ৰান্স ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৮৬৬ চনৰ আজিৰ দিনটোতে জেনেভাত ৰেড কৰ্ছৰ স্থাপন কৰা হয় ।
(৩) ১৮৯৯ চনৰ আজিৰ দিনটোতে এ টি মাৰ্চালে ৰেফ্ৰিজাৰেটৰৰ পেটেন্ট লাভ কৰে ৷
(৪) ১৯০০ চনৰ আজিৰ দিনটোতে বস্টন নগৰীত প্ৰথম  ডেভিছ কাপ আৰম্ভ হয় ৷
(৫) ১৯৪৭ চনৰ আজিৰ দিনটোতে পাকিস্তানে নিজৰ জাতীয় পতাকাত অনুমোদন জনাই।
(৬) ১৯৫৯ চনৰ আজিৰ দিনটোতে টাইৱানত অহা এক বানপানীত ২০০০ লোকৰ মৃত্যু ৷
(৭) ১৯৮৮ চনৰ আজিৰ দিনটোতে ৯ বছৰৰ যুদ্ধৰ পাছত ৰাছিয়াৰ সেনাই আফগানিস্থান ত্যাগ কৰে ।
(৮) ১৯৮৮ চনৰ আজিৰ দিনটোতে ইৰাণ আৰু ইৰাকৰ মাজত চলি অহা ৮ বছৰীয়া  যুদ্ধ যুদ্ধবিৰতি ঘোষণা কৰা হয়
(৯) ১৯৯১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই উত্তৰ আৰু দক্ষিণ কোৰিয়াক ৰাষ্ট্ৰসংঘৰ সদস্য ৰূপে অন্তভুৰ্ক্ত কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৫০৯ চনৰ আজিৰ দিনটোতে বিজয় নগৰৰ সম্ৰাট হিচাপে মহাৰাজ কৃষ্ণদেৱ ৰয়ৰ ৰাজঅভিশেষ ৷
(২) ১৯৪২ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভ কৰে ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯০৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ত্ৰিভুবন নাৰায়ণ সিংৰ জন্ম হয়।
(২) ১৯০৮ চনৰ আজিৰ দিনটোতে শাস্ত্ৰীয় সংগীতৰ গায়িকা সিদ্ধেশ্বৰী দেৱৰ জন্ম হয়।
(৩) ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ দিলীপ ছাৰদেশাইৰ জন্ম হৈছিল ৷
(৪) ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ কপিল ছিব্বালৰ জন্ম হয় ।

মৃত্যু : ----

(১) ২০০৬ বৰ্ষৰ এই দিনটোতে অসমীয়া সাহিত্য জগতৰ  এগৰাকী মহাৰথী  চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ মৃত্যু হয়।
(২) ২০০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবদিদ এস নিজলিংগপ্পাৰ মৃত্যু হয়।



Post a Comment

Previous Post Next Post