ইতিহাসত আজিৰ দিনটো ৬ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৬ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) হিৰোচিমা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮২৫ আজিৰ দিনটোতে বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে ৷
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে অষ্টিয়াই ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
(৩) ১৯৪৫ চনৰ আজিৰ দিনটোত আমেৰিকাই জাপানৰ হিৰোচিমা চহৰত  পৰমাণু বোমা নিক্ষেপ কৰিছিল।
(৪) ১৯৬২ চনৰ আজিৰ দিনটোতে জামাইকা স্বাধীনতা লাভ কৰে।
(৫) ১৯৯৬ চনৰ আজিৰ দিনটোতে নাছাই মংগল গ্ৰহত জীৱ থকাৰ সম্ভাৱনা ব্যক্ত কৰে ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৬২ চনৰ আজিৰ দিনটোতে মাদ্ৰাছা উচ্চ ন্যায়ালয় স্থাপন কৰা হয়।
(২) ১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাস আৰু অন্য কংগ্ৰেছ নেতাসকলে লগলাগি বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে ৷
(৩) ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমটো টেষ্ট টিউব শিশুৰ জন্ম হয়।
(৪) ২০১০ চনৰ আজিৰ দিনটোতে জন্মু আৰু কাশ্মীৰত অহা বানত ২৫৫জন লোক নিহত হয়। 

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯১৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলানৰ জন্ম হয় ।
(২) ১৯২১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী মধ্যপ্ৰদেশ ভূতপূৰ্ব ৰাজ্যপাল কে এম চান্দীৰ জন্ম হয়।


মৃত্যু : ----

(১) ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয় ।
(২) ১৯৯৭ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক,ঔপন্যাসিক ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু হৈছিল।
(৩) ২০০৩ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ ৰবীন বেনাৰ্জীৰ মৃত্যু হৈছিল।
(৪)২০১৬ চনৰ আজিৰ দিনটোতে অসমৰ এজন গল্পকাৰ, কবি আৰু সাহিত্যিক  মহিম বৰাৰ মৃত্যু হৈছিল ৷
(৫) ২০১৯ চনৰ আজিৰ দিনটোতে বিজেপিৰ শীৰ্ষ নেতা কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মুখ্যমন্ত্ৰী সুষমা চৰাজৰ মৃত্যু হয়। 




Post a Comment

Previous Post Next Post