ইতিহাসত আজিৰ দিনটো ৪ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
3 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৪ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৬৬ চনৰ আজিৰ দিনতোতে নেডাৰলেণ্ডে আৰু ইংলেণ্ডৰ মাজত সামুদ্ৰিক যুদ্ধ আৰম্ভ ৷
(২) ১৮৮৬ কলম্বিয়াই নিজৰ সংবিধান গ্ৰহণ কৰে ৷
(৩) ১৮৭০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰেড কৰ্ছ চচাইটিৰ গঠন কৰা হয় ৷
(৪) ১৯১৪ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে বেলজিয়ামৰ বিৰুদ্ধে আৰু ব্ৰিটেইনে জাৰ্মানী বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(৫) ১৯৩০ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ বেলজিয়ামে শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে ৷
(৬) ১৯৪৭ চনৰ আজিৰ দিনটোতে জাপানত চুপ্ৰিমকৰ্ট স্থাপন কৰা হয় ।
(৭) ২০০২ চনৰ আজিৰ দিনটোতে মানচেষ্টাৰত ১৭তম কমলৱেলথ খেল আৰম্ভ হয় ৷
(৮) ২০০৭ চনৰ আজিৰ দিনটোতে আমেৰিকাই মংগল গ্ৰহলৈ মহাকাশ যান পেৰণ কৰে ৷
(৯) ২০০৭ চনৰ আজিৰ দিনটোতে নাছাই Phoenix মহাকাশযান প্ৰেৰণ কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩৫ চনৰ আজিৰ দিনটোতে গবৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ব্ৰিটিছ ৰাজতন্ত্ৰৰ পৰা অনুমোদন লাভ কৰে ৷
(২) ১৯৫৬ আজিৰ  দিনটোতে ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ আৰম্ভ কৰা হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৯৩৯ আজিৰ দিনটোতে  দিনটোত  ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন  ডিব্ৰুগড়ৰপৰা সাপ্তাহিক ৰূপে প্ৰকাশিত হয়।

জন্ম : ----

(১) ১৯২৯ চনৰ আজিৰ দিনটোতে গায়ক, অভিনেতা আৰু পৰিচালক কিশোৰ কুমাৰৰ জন্ম হয় ।
(২) ১৯৬১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ জন্ম হয় ।
(৩) ১৯৭৫ চনৰ আজিৰ দিনটোতে   অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা তৰালী শৰ্মাৰ জন্ম হয়।


মৃত্যু : ----


(১) ১৯৩৭ আজিৰ দিনটোতে  ভাৰতৰ প্ৰখ্যাত ইতিহাসবিধ তথা আন্তৰাষ্ট্ৰীয় খ্যাতিসন্মত কাশী প্ৰসাদ জয়ছোৱালৰ মৃত্যু হয়। 


Post a Comment

Previous Post Next Post